নতুন আলোকৰ সন্ধানত ঊৰ্মি বসুৰ নিউ লাইট

নতুন আলোকৰ সন্ধানত ঊৰ্মি বসুৰ নিউ লাইট

Wednesday December 16, 2015,

5 min Read

১১ বছৰ বয়সতে কলকাতাৰ কালীঘাটৰ পৰা মীনা(নাম সলনি কৰি দিয়া হৈছে)ক উদ্ধাৰ কৰা হৈছিল।পশ্চিমবংগৰ উত্তৰ ২৪ পৰগণাৰ এখন গাঁওৰ ছোৱালী মীনাক নিচেই সৰুতেই গাৱঁৰ চিনাকি মহিলা এগৰাকীয়ে ফুচুলাই লৈ গৈ বিহাৰত কিছু লোকৰ হাতত তুলি দিছিল।কণমানি মীনাৰ ওপৰত বিভিন্ন যৌন আতিশয্য চলোৱাৰ পাছত বিবাহ অনুষ্ঠান আদিত যুৱতী নাৰীৰ দৰে উত্তেজক নৃত্য কৰিবলৈ বাধ্য কৰোৱা হৈছিল।দ্ৰুত শাৰীৰিক বৃদ্ধিৰ বাবে নিয়মিত হ’ৰম’ন ইঞ্জেকশ্যন দিয়া হৈছিল ।বহু অকথ্য নিৰ্যাতন সহি সেই নৰকৰ পৰা কোনোমতে পলাই আহি মীনা কালীঘাট পাইছিলহি আৰু তাৰ পৰা নিউলাইটৰ আশ্ৰয়গৃ্হলৈ তেওঁক অনা হৈছিল।সেই ঘটনাৰ অনেক বছৰ অতিবাহিত হৈ গৈছে আৰু এইবেলি মীনা উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাতো উত্তীৰ্ণ হৈছে।কিন্ত্ত পুৰণি সেই ক্ষতৰ দাগ মীনাৰ বুকু্ত ইমানেই গভীৰ যে আজিও তেওঁ তাৰ পৰা উপশম পোৱা নাই।মীনাক মানসিক ভাৱে শক্তি যোগোৱাৰ বাবে নিউ লাইটৰ কৰ্মীসকলে দীৰ্ঘদিন ধৰি কাউন্সেলিঙৰ ব্যৱস্থা কৰি আহিছে। সম্প্ৰতি নিউ লাইটৰ সহায়তেই মীনাই বৃত্তিমুখী প্ৰশিক্ষণো লৈছে।

আশাৰ এফেৰি পোহৰ-নিউ লাইট

আশাৰ এফেৰি পোহৰ-নিউ লাইট


হেমা(নাম পৰিৱৰ্তিত),নিউ লাইটৰ সোণাৰ তৰী নামৰ ঘৰৰ আন এগৰাকী বাসিন্দা।১০ বছৰ বয়সত হেমাক কলকাতাৰ কুখ্যাত নিষিদ্ধ গলি সোণাগাছিৰ পৰা উদ্ধাৰ কৰা হৈছিল।হেমাৰ পালিকা মাতৃ্য়ে তেওঁক যৌন ব্যৱসায়ত জড়িত হবলৈ বাধ্য কৰিছিল।১৮ বছৰ বয়সত চৰকাৰৰ ঘৰৰ পৰা আদালতৰ নিৰ্দেশত মুক্তি লাভ কৰি হেমা সোণাৰ তৰীলৈ আহিছিল।এতিয়া তেওঁ উচ্চ মাধ্যমিক পৰীক্ষাৰ বাবে নিজক সাজু কৰাৰ লগতে ভৱিষ্যতে নৃত্যক পেছা হিচাবে লোৱাৰ হেঁপাহেৰে গুৰুৰ ওচৰত নৃত্যও শিকি আছে।

চৰকাৰী পৰিসংখ্যা মতে ভাৰতত প্ৰতি ৮ মিনিটত একোটাকৈ শিশু নিৰুদ্দেশ হয় ।২০১১ চনত ৩৫,০০০ শিশু নিৰুদ্দেশ হৈছিল আৰু ইয়াৰে ১১,০০০ টা ঘটনাই পশ্চিমবংগৰ। মন কৰিবলগীয়া কথাটো হ’ল এনেধৰণৰ যিমান ঘটনা ঘটে তাৰ ৭০ শতাংশই কেতিয়াও নথিভুক্ত নহয় আৰু সেয়েহে এনে ঘটনাৰ প্ৰকৃত পৰিসংখ্যা উলিওৱাটো অতি দুৰুহ।সৰবৰাহকাৰীৰ কবলত পৰা মহিলা আৰু শিশুসকলৰ ৮০ শতাংশকে যৌন ব্যৱসায়ত জড়িত কৰোৱা হয় বা অন্য শাৰীৰিক ,মানসিক নিৰ্যাতনৰ তেওঁলোক বলি হয়। তেনে অৱস্থাৰ পৰা উদ্ধাৰ কৰাৰ পাছতো বহুতেই সুস্থ জীৱন ঘূৰাই পাবলৈ সক্ষম নহয়।তেনে অৱস্থাত তেওঁলোকক অতিকৈ প্ৰয়োজন কিছু আন্তৰিক সাহায্য,সহযোগিতা,ভালপোৱা আৰু যত্নৰ।বিশ্বৰ আটাইতকৈ বেছিসংখ্যক আৰু দ্ৰুতগতিত বৃদ্ধি পোৱা অপৰাধেই হ’ল নাৰী আৰু শিশু সৰবৰাহ।

আৰ্তজনৰ জীৱনলৈ নতুন আলোক

মীনা, হেমা আৰু তেনে অনেকৰ বাবে আক্ষৰিক অৰ্থতেই নতুন আলোকৰ সন্ধান দিছে নিউ লাইটে।২০০০ চনত ঊৰ্মি বসুৱে নিউ লাইট নামৰ এই সংস্থাটোৰ জন্ম দিছিল।টাটা ইনষ্টিটিউট অৱ চ’ছিয়েল চায়েন্সৰ পৰা অপৰাধতত্ত্ব আৰু প্ৰশাসনীয় সংস্কাৰ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰা ঊৰ্মি বসুৱে ১৯৮৪ চনতেই ভূপালত সংঘটিত গেছ দূৰ্ঘটনাত দুৰ্গতসকলৰ সহায়ৰ বাবে আগবাঢ়ি গৈছিল,মুম্বাইৰ পীড়িত মহিলাৰ সহায়ৰ বাবেও তেওঁ দীৰ্ঘদিন কাম কৰিছিল।সেই সময়ৰ অবিশ্বাস্য অথচ বাস্তব অভিজ্ঞতাবোৰে উৰ্মিক বাৰুকৈয়ে ভৱাই তুলিছিল।১৫ বছৰ ধৰি সামাজিক উন্নয়নৰ সৈতে জড়িত বহু সৰু বৰ সংগঠনৰ সৈতে কাম কৰাৰ অভিজ্ঞতা বুটলিছে ঊৰ্মি বসুৱে।


ঊৰ্মি বসু

ঊৰ্মি বসু


সৰুৰেপৰাই ঊৰ্মিৰ মনত সমাজৰ হিতৰ বাবে কিবা কৰাৰ তাগিদাৰ জন্ম হৈছিল।তেওঁৰ ককাদেউতাকে নিজ গৃ্হতেই দলিত শ্ৰেণীৰ শিশুসকলৰ বাবে এখন বিদ্যালয় চলাইছিল ।ঊৰ্মিৰ মতে তেওঁৰ পৰিয়ালটোৱে সকলো সময়তে সমাজৰ অশুভ পৰম্পৰাক প্ৰত্যাহ্বান জনাই আহিছে।

কালীঘাটৰ নিষিদ্ধ গ’লিত বিচৰণে যেন ঊৰ্মিৰ জীৱনৰ সংজ্ঞাই সলাই পেলালে।কালীঘাটৰ কৃষ্ণা মণ্ডল আৰু শিৱ নাৰায়ন ভট্টাচাৰ্যক সংগী কৰি মাত্ৰ ১০,০০০ টকা মূলধন হিচাবে লৈ কোনো ব্লু প্ৰিন্ট অবিহনেই তেওঁ নিউ লাইটৰ জন্ম দিলে।চহৰ আৰু গাঁওৰ আৰ্থিক উন্নয়ন,সৰবৰাহৰ বলি হোৱা শিশু,মহিলা,শিশু শ্ৰমিক,যৌনকৰ্মী, হিংসাৰ বলি হোৱা নাৰীসকলৰ লগতে সমাজৰ বিভিন্ন স্তৰৰ বঞ্চিত লোকৰ কল্যাণৰ বাবে নিউ লাইটে কাম কৰি গৈছে।

নিৰাপদ আৰু সুৰক্ষিত জীৱন শিশুৰ মৌলিক অধিকাৰ কিন্ত্ত সৰবৰাহকে ধৰি বিভিন্ন অপৰাধৰ মূল চিকাৰ হয় শিশুসকল।সেয়ে প্ৰথম অৱস্থাতেই ঊৰ্মিয়ে শিশুৰ বাবে নিৰাপদ আশ্ৰয়ৰ প্রয়োজনীয়তা অনুভব কৰিছিল।নিষিদ্ধ এলেকাৰ মাতৃসকলে সন্ধ্যাৰ ভাগত আৰু কেতিয়াবা ৰাতি দুপৰলৈকে পেছাৰ তাড়ণাত ব্যস্ত হবলগীয়া হয় আৰু এই সময়ছোৱাত তেওঁলোকৰ শিশুসকল কোনো ধৰণৰ আদৰ যত্ন অবিহনেই থাকে।এইসকল অনাদৃত শিশুৰ বাবে নিৰাপদ আশ্ৰয়ৰ ব্যৱস্থা কৰিবলৈ নিউ লাইটে প্ৰথমে সান্ধ্য শিশুগৃ্হ বা ক্ৰেশ্বৰ ব্যৱস্থা কৰিছিল যদিও সম্প্ৰতি নিউ লাইটৰ অন্য প্ৰকল্পসমূহৰ শিশুসকলকো এই সুবিধা আগবঢ়োৱা হয় যাতে তেওঁলোকেও নিৰাপদ আশ্ৰয় লাভ কৰে।

বৰ্তমান নিউ লাইটৰ দ্বাৰা পৰিচালিত এটি শিশুগৃহ আৰু দুটা মহিলাগৃ্হ আছে।


সমর্থন নহয় যৌন ব্যবসায়ক আইনসংগত কৰাৰ দাবী

সমর্থন নহয় যৌন ব্যবসায়ক আইনসংগত কৰাৰ দাবী



ঊর্মিয়ে কয়, “আমাৰ চহৰবোৰত প্রতি বছৰে প্রায় ৪০,০০০ গৰাকী মহিলা নতুনকৈ সৰবৰাহৰ বলি হৈ যৌনকর্মীৰ জীৱন যাপন কৰিবলগীয়া হয়। শিশু,মহিলা,সৰবৰাহৰ বলি অন্য দুখী মানুহ,এই সকলোৰে বাবে আশ্ৰয়ৰ ব্যৱস্থা কৰাটো মুখৰ কথা নহয়।নিউ লাইটৰ সদস্য সকলে অতি সীমিত সুবিধাৰ মাজেৰেই এই কাম কৰি আহিছে।”

যৌন আতিশয্য আৰু হিংসাই সৃষ্টি কৰা ক্ষতত মৰম আৰু সহানুভূতিৰ প্ৰলেপ সানি জীৱনযাপনৰ বাবে প্ৰয়োজনীয় শিক্ষা আৰু জীৱ্নশৈলীৰে তেওঁলোকক দক্ষ কৰি তোলা আৰু লিংগবৈষম্য দূৰ কৰাই নিউ লাইটৰ প্ৰধান উদ্দেশ্য। “আমি কেৱল যৌন ব্যৱসায়ক আইনসংগত কৰিবলৈ দাবী তোলাসকলৰ পক্ষ লোৱা নাই। অভিজ্ঞতাৰ পৰা উপলব্ধি হৈছে যে যৌনকৰ্মীসকলৰ অধিকাংশই পৰিস্থিতিৰ চিকাৰ হৈ এই পথ নিৰ্বাচন কৰে,সুযোগ পালেই তেওঁলোকে অন্য জীৱনৰ সন্ধান কৰিব পাৰে।” ঊর্মিয়ে কয়।

যৌনকৰ্মীসকলে বাস কৰা প্ৰান্তীয় এলেকাসমূহ প্ৰায়েই চৰকাৰী স্বাস্থ্যসেৱাই ঢুকি নাপায়।যোৱা ১৪ বছৰে এই লোকসকলৰ প্ৰতি নিউ লাইটে সেৱা আগবঢ়াই আহিছে। ইয়াৰ ভিতৰত জৰুৰীকালীণ চিকিৎসা, টীকাকৰণ,জীৱনধাৰণৰ ভুল পদ্ধতিৰ ফলস্বৰুপে উদ্ভৱ হোৱা ৰোগৰ চিকিৎসা ইত্যাদি অন্যতম। যৌনকৰ্মীসকলৰ লগতে তেওঁলোকৰ সন্তান আৰু নিষিদ্ধ এলেকাৰ আশে পাশে থকা লোকৰ বাবেও নিউ লাইটে সেৱা আগবঢ়ায়। চহৰৰ দুখন ঠাইৰ ক্লিনিকত সপ্তাহত ৫ দিন বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা কৰোৱা হয়। যৌনকৰ্মী আৰু তেওঁলোকৰ শিশুসকলৰ জৰুৰীকালীন স্বাস্থ্যসেৱাৰ বাবে ২৪ ঘণ্টাই ৬ জন স্বাস্থ্যকৰ্মী ,এগৰাকী নাৰ্ছ আৰু আন এগৰাকী সহযোগী নাৰ্ছে কাম কৰি থাকে।

বিকল্প জীবিকাৰ সংস্থান

বিঘিনি নেওঁচি কৰ্মব্যস্ততালৈ

বিঘিনি নেওঁচি কৰ্মব্যস্ততালৈ



ঊর্মিৰ মতে, জীবনৰ কোনো উদ্দেশ্য নাথাকিলে সুস্বাস্থ্যইও কোনো সুফল দিব নোৱাৰে।সেয়ে উদ্ধাৰ হোৱা মহিলাসকলক জীয়াই থকাৰ বাবে উদ্দেশ্যৰ সন্ধান কৰিবলৈ নিউ লাইটে সহায় কৰি আহিছে।এনে এটা প্ৰকল্পৰ নাম আঁচল।এই প্ৰকল্পৰ অধীনত যৌন ব্যৱসায় বাদ দিয়া বা বাদ দিবলৈ সাজু হোৱা মহিলা আৰু দলিত শ্ৰেণীৰ মহিলাসকলক চিলাই কামৰ প্ৰশিক্ষণ দিয়া হয়।পুৰণি শাড়ি,ধুতি,সূতাৰ কাপোৰ আদিৰ পৰা নানান আটকধুনীয়া আৰু প্ৰয়োজনীয় বস্ত্ত তৈয়াৰ কৰা হয়।এইদৰেই এইসকল লোকৰ জীৱিকাৰো ব্যৱস্থা হয়।

এতিয়ালৈ কমেও ৪০ গৰাকী সৰবৰাহ আৰু যৌন অত্যাচাৰৰ বলি মহিলা শিশুক ঊৰ্মি বসুৰ নিউ লাইটে উদ্ধাৰ কৰি পুনৰ্জীৱন দিছে। ঊৰ্মিৰ সাহসৰ ঊৰ্মিমালাই সমাজত পৰিৱৰ্তনৰ জোৱাৰ আনক।

মূলঃসানন্দা দাসগুপ্তা

অনুবাদঃঅৰুণিমা গোস্বামী