অসামৰিক, প্ৰতিৰক্ষা খণ্ডৰ অধীনত ৫০খন নতুন কেন্দ্ৰীয় বিদ্যালয় স্থাপনত কেবিনেটৰ অনুমোদন

অসামৰিক, প্ৰতিৰক্ষা খণ্ডৰ অধীনত ৫০খন নতুন কেন্দ্ৰীয় বিদ্যালয় স্থাপনত কেবিনেটৰ অনুমোদন

Friday March 31, 2017,

1 min Read

অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটীয়ে দেশত কেন্দ্ৰীয় বিদ্যালয়সমূহৰ গুণগত শিক্ষা আৰু উন্নত ফলাফলৰ পৰিপ্ৰেক্ষিতত দেখা দিয়া ব্যাপক চাহিদাৰ ভিত্তিত অসামৰিক/প্ৰতিৰক্ষা খণ্ডৰ অধীনত ৫০খন নতুন কেন্দ্ৰীয় বিদ্যালয় স্থাপনত অনুমোদন জনাইছে।

image


কেন্দ্ৰীয় বিদ্যালয় সংস্থানৰ আৰ্হিত নতুনকৈ স্থাপন হ’বলগীয়া ৫০খন বিদ্যালয়ৰ প্ৰকল্পৰ বাবে ১১৬০ কোটি টকা ব্যয় হ’ব।

নতুনকৈ স্থাপন হ’বলগীয়া ৫০খন কেন্দ্ৰীয় বিদ্যালয়ত প্ৰথমৰ পৰা পঞ্চম শ্ৰেণীলৈ পঢ়াৰ সুবিধা থাকিব, য’ত ৬৫০টা নতুন পদো সৃষ্টি কৰিব। এই বিদ্যালয়সমূহত প্ৰতি বছৰে এটাকৈ শ্ৰেণী সংযোজন কৰা হ’ব, যেতিয়াই দ্বাদশ শ্ৰেণীলৈকে সংযোজন হ’ব, তেতিয়াই বিদ্যালয়সমূহে পূৰ্ণতালাভ কৰিব। ইয়াৰ ফলত ২৯০০টা শিক্ষক আৰু ১১০০ কৰ্মচাৰীকে ধৰি মুঠ ৪,০০০ নিয়মীয়া পদ সৃষ্টি হ’ব। এই বিদ্যালয় কেইখন সম্পূৰ্ণৰূপে কাৰ্যক্ষম হ’লে ৫০,০০০ শিক্ষাৰ্থীয়ে গুণগত শিক্ষা লাভ কৰিব। উল্লেখ্য যে দেশত বৰ্তমানলৈকে প্ৰায় ১২লাখ শিক্ষাৰ্থীয়ে অধ্যয়ন কৰি আছে।

এই প্ৰতিষ্ঠানসমূহে দেশৰ মেধাৱী শিক্ষাৰ্থীসকলৰ গুণগত শিক্ষাৰ অভাৱ পুৰণ কৰাৰ লগতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

উল্লেখ্য যে মস্কো, কাঠমাণ্ডু আৰু তেহৰানৰ তিনিখন কেন্দ্ৰীয় বিদ্যালয়সহ দেশত ১১৪২ বিদ্যালয় আছে। 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

আৱৰ্জনা বোটলা শিশুসকলক শিক্ষাদানত ব্ৰতী বাৰাণসীৰ এজন ব্যক্তি

স্বপ্নভঙ্গই জন্ম দিছিল বিশ্ব অভিলেখৰ স্বপ্নৰ: অভিজিৎ বৰুৱা

এসময়ৰ টমবয় ছোৱালীজনী আজি জনপ্ৰিয় ফেশ্যন ব্লগাৰ