নিজৰ লাইফষ্টাইল ব্ৰেণ্ডক আগুৱাই নিয়াৰ দৌৰত ভাৰতীয় ফেশ্বন জগতৰ ৪গৰাকী 'দেৱী'

নিজৰ লাইফষ্টাইল ব্ৰেণ্ডক আগুৱাই নিয়াৰ দৌৰত ভাৰতীয় ফেশ্বন জগতৰ ৪গৰাকী 'দেৱী'

Sunday December 13, 2015,

6 min Read

সেয়া ১৯৯৪চনৰ কথা। Miss Universeৰ মঞ্চত থিয় হৈ সুস্মিতা সেনে চুডান্ত প্ৰতিযোগিতাৰ প্ৰশ্ন সমুহৰ উত্তৰ দি গৈছে। সেই সময়তে অনুপ্ৰেৰণাৰ ৰেঙণিয়ে চুই যোৱা ১৬বছৰীয়া প্ৰীতা সুখটানকাৰে এটা এটা উত্তৰ অতি মনোযোগেৰেই শুনি গৈছে। ' তোমাৰ মতে নাৰীত্বৰ মূল কথাটো কি?'


The Label Lifeৰ  সৈতে জৰিত তাৰকাসকল (বাওঁফালৰ পৰা ক্ৰমে) বিপাশা বসু, প্ৰীতা সুখটানকাৰ ,মালাইকা আৰোৰা খান আৰু ছুজেন খান

The Label Lifeৰ সৈতে জৰিত তাৰকাসকল (বাওঁফালৰ পৰা ক্ৰমে) বিপাশা বসু, প্ৰীতা সুখটানকাৰ ,মালাইকা আৰোৰা খান আৰু ছুজেন খান


“প্ৰথম সত্যটো হ'ল,নাৰী হৈছে ঈশ্বৰৰ উপহাৰ আৰু এই কথা সকলোৱে মানি লবই লাগিব। নাৰীয়েই হৈছে স্নেহশীলতা,মমতা আৰু প্ৰেমৰ আকৰ…,” সুস্মিতাৰ এই উত্তৰ সমূহে পোনপটীয়া সম্পচাৰযোগে অনুস্থানটো উপভোগ কৰি থকা প্ৰতিঘৰ মানুহৰে মনবোৰ ভৰাই গৈছিল। “ মই সুস্মিতা সেন Miss Universe খিতাপ দখল কৰা সন্দৰ্ভত ‘Sunday Observer’ত লিখিছিলো,” সৌন্দৰ্য আৰু ফেশ্বন উদ্যোগটোৰ প্ৰতি আগ্ৰহী হোৱা সময়ছোৱাৰ কথা সুঁৱৰি এইদৰে কয় প্ৰীতাই । আজি ৩৮বছৰীয়া প্ৰীতা হৈছে মুম্বাইৰ পৰা সম্পাদিত The Label Life নামৰ editorial e-commerce lifestyle brandৰ প্ৰতিস্থাতা।১৯৬৬চনত ৰীতা ফাৰিয়াই Miss World খিতাপ দখলৰ পিছত আন্ত:ৰাষ্ট্ৰীয় মঞ্চত খিতাপ দখল কৰা সন্দৰ্ভত প্ৰীতাই কয়, “ এইটো আছিল দেশৰ সৌন্দৰ্য্য আৰু ফেশ্বন উদ্যোগৰ ক্ষেত্ৰত উল্লেখনীয় মাইলৰ খুটি, যিটোৱে দেশৰ সামাজিক আৰু অৰ্থনৈতিক দিশত বিভিন্ন ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ সূচনা কৰিছিল। ”

নিজৰ পেছাদাৰী যাত্ৰাত প্ৰীতাই সুস্মিতা সেনে প্ৰতিনিধিত্ব কৰা ‘আধুনিক’ ভাৰতীয় মহিলাৰ প্ৰতি গুৰুত্ব দি আহিছে। এইটোৱেই হৈছে তেওঁৰ গ্ৰাহক বৃহত্তম অংশ ।

“MTVৰ এগৰাকী টেলিভিশ্বন প্ৰযোজক হিচাপেই হওক অথবা এগৰাকী আলোচনী প্ৰকাশক হিচাপেই হওক, সৌন্দৰ্য্য আৰু বিলাসৰ ৰূচি-অভিৰূচিক গভীৰভাবে অনুধাৱন কৰি যেতিয়া মই কোনো ইভেন্ট প্ৰযোজনা কৰোঁ অথবা তাৰকাসকল ব্যৱস্থাপনা বা ষ্টাইলিঙৰ কাম কৰোঁ, মই এটা কথাতেই গুৰুত্ব প্ৰদান কৰোঁ, সেয়া হৈছে মই মোৰ ভাৰতীয় মহিলা গ্ৰাহকসকলৰ মনটোক বুজিবলৈ যত্ন কৰাটো। মোৰ প্ৰায় একেধৰণৰ পটভূমিতে জীৱন আৰম্ভ কৰা সৰহসংখ্যক মহিলাৰে গঠিত অতি দক্ষ দলটোৰ ওপৰত আস্থা আছে আৰু তেওঁলোকক বিভিন্ন দৃষ্টিকোণৰ পৰা পৰ্যবেক্ষণ কৰোঁ। ,” প্ৰীতাৰ ভাষ্য।


ছুজেন খানৰ গৃহসজ্জা সামগ্ৰী

ছুজেন খানৰ গৃহসজ্জা সামগ্ৰী


২০১২চনত LabelCorp নামেৰে আৰম্ভ কৰা ষ্টাৰ্ট আপটো ২০১৩চনত Kalaari Capital (ঘোষণা:Kalaari Capital হৈছে YourStoryৰো এটা বিনিয়োগকাৰী সংস্থা )ৰ পৰা লাভ কৰা ১মিলিয়ন বিনিয়োগেৰে The LabelLife হিচাপে পুনৰ ব্ৰেণ্ডিং কৰা হয়। এইকেইবছৰত ভাৰতৰ পৰা এটা আন্ত:ৰাষ্ট্ৰীয় ব্ৰেণ্ড প্ৰতিষ্ঠা কৰাৰ প্ৰীতাৰ যি সপোন,সেয়া অক্ষত আৰু অক্ষুন্ন আছে। One King’s Lane আৰু The Honest Company আদিৰ দৰে আন্তৰাষ্ট্ৰীয় ব্ৰেণ্ডৰ পৰা পোৱা সঁহাৰিৰে প্ৰীতাই নিৰ্ধাৰিত গ্ৰাহকক বজাৰ কৰাৰ আনন্দ প্ৰদানৰ বাবে সামগ্ৰী তথ্য আৰু বাণিজ্যৰ মাজত অতি সুন্দৰভাবে সমন্বয় ঘটাব পাৰিছে।

তাৰকাৰ মোহনীয়তাৰ ক্ষমতা আৰু মুকলি তথ্য

প্ৰশ্ন হ'ল, কিহৰ বাবে প্ৰীতাৰ টাৰ্গেট গ্ৰাহকে তেওঁৰ কথা বিশ্বাসত ল'ব ? তাৰ বাবে তেওঁ তাৰকা সম্পাদক বা 'ৰূচি সৃষ্টিকৰ্তাসকল'ৰ দ্বাৰা পেছাদাৰী অথচ ব্যক্তিগত গুৰুত্বৰে বজাৰৰ তথ্য দিয়ে। ছুজেন খান,মালাইকা আৰোৰা খান আৰু বিপাশা বসুৱে এইক্ষেত্ৰত সামগ্ৰীসমুহৰ কেৱল বিজ্ঞাপন কৰায়ে নহয় গৃহসজ্জা,বস্ত্ৰ বা অন্যান্য আ-অলংকাৰ আদিৰ ব্যৱহাৰৰ ক্ষেত্ৰত এক নতুনত্ব মাত্ৰা প্ৰদান কৰে গ্ৰাহকৰ বাবে। নিজেই ব্যৱসায় কৰা এই তিনিগৰাকী বলিউড তাৰকাই শ্বেয়াৰৰ ভিত্তিত The LabelLifeৰ ব্যৱসায়ৰ লগত নিজকে নিয়োজিত কৰি ৰাখিছে।


বিপাশাই প্ৰতিটো  সামগ্ৰীকে অন্য মাত্ৰা প্ৰদান কৰে

বিপাশাই প্ৰতিটো সামগ্ৰীকে অন্য মাত্ৰা প্ৰদান কৰে


“তিনিটা লেবেল ক্ৰমে thehomelabel, theclosetlabel, আৰু thetrucklabelৰ একত্ৰিকৰণে cross-sell আৰু up-sellদুয়োক্ষেত্ৰতে সুবিধা আৰু মুনাফা আনি দিছে। বিগত বছৰৰ তুলনাত গ্ৰাহকৰ ভীৰো ৪০শতাংশ বৃদ্ধি হৈছে। আমাৰ ৪৫শতাংশ repeat rateএ প্ৰমান কৰিছে যে গ্ৰাহকে আমাক পছন্দ কৰিছে”প্ৰীতাই কয়।

ষ্টাৰ্ট আপটোৰ পুনৰ ব্ৰেণ্ডিঙে Myntraৰ দৰে কোম্পানীৰ পৰা সহাৰি লাভ কৰাত সহায় কৰিছে। আনকি Voonik, Roposo আৰু অন্যান্য ব্ৰেণ্ডেও যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে।


আপোনাৰ উত্সুকতা দুৰ কৰাৰ বাবে সাজু মালাইকা

আপোনাৰ উত্সুকতা দুৰ কৰাৰ বাবে সাজু মালাইকা


“এইক্ষেত্ৰত একেবাৰে শেহতীয়া সংযোজন হৈছে CraftsVilla.com । যাৰ দ্বাৰা ডিচেম্বৰৰ দৰে কেৱল বন্ধৰ মাহত TheLabelLifeৰ home collectionসমুহৰ এক আছুতীয়া প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। শীৰ্ষস্থানৰ বিক্ৰেতাসকলক আকৰ্ষিত কৰা আৰু তেওঁলোকৰ সৈতে কাম কৰাটোৱে আমাক সম্পূৰ্ণ অনলাইন ক্ষুদ্ৰ বিক্ৰেতাসকলতকৈ অধিক মুনাফা প্ৰদান কৰিব। বিভিন্ন চেনেলৰ মাধ্যমেৰে কৰা প্ৰচাৰে আশাৰ ৰেঙণি দেখুৱাইছে। আমি এইটো বছৰতে চেনেলৰ পৰা ৫০শতাংশ অৰ্ডাৰ লাভ কৰিম বুলি আশাবাদী। ,” প্ৰীতাই জানিবলৈ দিয়ে।

যদিও Jaypore আৰু FabIndia আদি ভাৰতীয় ব্ৰেণ্ডে উচিত মূল্যত বিলাসী আৰু আন্ত:ৰাষ্ট্ৰীয় আবেদন থকা সামগ্ৰী প্ৰদান কৰি আহিছে, সেই সময়ত TheLabelLifeএ এক অন্য পন্থাৰে গ্ৰাহকৰ কাষ চাপি ‘ব্যক্তিগত গুৰুত্ব’ৰে গ্ৰাহকক সন্তুষ্ট কৰাৰ প্ৰয়াস কৰিছে।


গৃহসজ্জাৰ ব্যৱসায়ত ক্ৰমাত সফলতা লাভ কৰিছে ছুজেনে

গৃহসজ্জাৰ ব্যৱসায়ত ক্ৰমাত সফলতা লাভ কৰিছে ছুজেনে


তাৰকাসকলৰ মোহনীয় আবেদন আৰু বিভিন্ন সামগ্ৰীৰ তথ্যৰ সমাহাৰ ঘটোৱাৰ সমান্তৰালভাবে প্ৰীতাই প্ৰতিমাহতে একোগৰাকী শীৰ্ষ ডিজাইনাৰৰ দ্বাৰা আছুতীয়াভাবে বিভিন্ন সামগ্ৰী ডিজাইন কৰি গ্ৰাহকক আকৰ্ষিত কৰে। মালিনী ৰামানি আৰু ৰকী এছ. আদি ডিজাইনাৰে ইতিমধ্যে TheLabelLifeৰ কাষ চাপিবলৈ গ্ৰাহকক আনুপ্ৰাণিত কৰিছে।

“আমাৰ তিনিওগৰাকী tastemakerএ অভূতপূৰ্বভাবে একেলগেও কাম কৰে। উদাহৰণকল্পে শেহতীয়াভাবে মালাইকাই ছুজানৰ এক ফটোশ্বুটত ষ্টাইলিঙৰ কাম কৰিছে আৰু সেই ফটো বিভিন্ন চ'ছিয়েল মিডিয়াত পোষ্ট কৰাৰ লগতে তেওঁলোকৰ অনুৰাগীসকলৰ মাজত শ্বেয়াৰো কৰিছে। ”

এই ডিচেম্বৰ মাহৰ সম্পাদক হৈছে ৰকী এছ. আৰু বিপাশাই তেওঁৰ সহায় হোৱাকৈ বিভিন্ন ‘cushions’ৰ ষ্টাইল নিৰ্ধাৰণ আৰু নিৰ্বাচন কৰি এইহেন পাৰ্টীৰ বতৰত এক উৎকৃষ্ট যুঁটি হিচাপে বিবেচিত হৈছে। তেওঁলোকৰ ষ্টাইলিঙক আৰু গভীৰলৈ লৈ যোৱাৰ বাবে সম্পাদকমণ্ডলীয়ে তিনিওৰে বাবে পৃথক টুইটাৰ একাউন্টৰ ব্যৱস্থা কৰিছে,যত গ্ৰাহকে টুইটৰ জৰিয়তে বিভিন্ন ষ্টাইল সম্পৰ্কত তেওঁলোকৰ উৎসুকতা ব্যক্ত কৰিব পাৰিব।

সেই উদ্দেশ্যে @askmalaika এইসপ্তাহত প্ৰথম গ্ৰাহকৰ বাবে উপলব্ধ হ'ব। প্ৰীতাই তদুপৰি কয় “আমাৰ ব্লগ ‘The Label Report’ ক নতুনকৈ সজাই তোলা হৈছে আৰু এতিয়া আৰু অধিক শক্তিশালী সম্পাদকীয়ৰে গ্ৰাহকৰ মাজলৈ আহিব। ”

YourStoryৰ মন্তব্য

সামগ্ৰী তথ্য আৰু বাণিজ্যৰ এইধৰণৰ যুটীয়া সমন্বয় পশ্চিমৰ দেশ সমুহত নতুন কথা নহয়। ভাৰততো ই দ্ৰুতগতিত প্ৰসাৰতা লাভ কৰিছে। কোনেও কাকো কিবা এটা সামগ্ৰী ক্ৰয় কৰিবলৈ শিকাই দিয়াটো পচণ্ড নকৰে। কিন্তু আপুনি যদি চলিত চিজনটোৰ শীৰ্ষৰ ৫টা ফেশ্বন ট্ৰেণ্ড দেখুৱাই দিয়ে,তেতিয়া আপুনি গ্ৰাহকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব।

Euromonitorনামৰ এক সমীক্ষা সংস্থাৰ তথ্য মতে, যদিও সামৰ্থ্যবান ভাৰতীয়সকলে বিলাসী কোনো ব্ৰেণ্ড ক্ৰয় কৰিবলৈ বিদেশৰ বজাৰখনেই পচন্দ কৰে, “তথাপিও সমাগত পাঁচ বছৰৰ ভিতৰত ভাৰতীয় বিলাসী সামগ্ৰীৰ বজাৰখন ১৩২বিলিয়ন টকাৰ পৰা দুগুণ হৈ ২৩৬ বিলিয়ন টকালৈ বৃদ্ধি হ'ব বুলি আশা কৰা হৈছে” । সেইবাবেই The LabelLifeৰ দৰে ষ্টাৰ্ট আপ ব্ৰেণ্ডসমুহৰ ভৱিষ্যত যথেষ্ট উজ্জ্বল। কিন্তু প্ৰশ্ন হ'ল, বিলাসী ব্ৰেণ্ডৰ সামগ্ৰী ক্ৰয় কৰা গ্ৰাহকসকলৰ কিমানে অনলাইন বজাৰখনত গুৰুত্ব প্ৰদান কৰিব? ‘Wall Street Journal’ ৰ এটা তথ্য মতে ভাৰতৰ বিলাসী ব্ৰেণ্ডৰ গ্ৰাহকৰ সৰহসংখ্যকেই অনলাইনতকৈ দোকানলৈ গৈ বজাৰ কৰাত অধিক আগ্ৰহী ।

২০১৪চনত ৯৮.৮০শতাংশ গ্ৰাহকে দোকানলৈ গৈ সামগ্ৰী ক্ৰয় কৰাৰ বিপৰীতে ১.২০শতাংশ গ্ৰাহকেহে অনলাইন বজাৰ কৰিছে। “গ্ৰাহকৰ দোকানলৈ গৈ এইধৰণৰ সামগ্ৰী ক্ৰয় কৰাৰ মানসিকতা অনাগত ৫বছৰলৈ একেই থাকিব। ”শ্ৰেয়ছ কোছেৰি নামৰ Euromonitor তথ্য যোগান ব্যক্তিগৰাকীৰ উদ্ধৃতিত এই কথা প্ৰকাশ।

Myntraৰ দৰে ই-কমাৰ্চ ব্ৰেণ্ডৰ সৈতে সহযোগিতা কৰি প্ৰীতাই যঠেষ্ট আশাবাদী হৈ পৰিছে “ আমি যোৱা বছৰতকৈ এইবছৰ দুগুণ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হ'ম বুলি আশা কৰিছো। কিন্তু এই কথা ইমান সোনকালেই ন দি কোৱাটো কঠিন কাৰণ আমি এই সপ্তাহৰ পৰাহে Myntraৰ লগত সহযোগিতা আৰম্ভ কৰিছে আৰু দিনে ১০০টাকৈহে অৰ্ডাৰ লাভ কৰিবলৈ সক্ষম হৈছো ,” তেওঁ কয়। তেওঁ তেওঁৰ বজাৰৰ লক্ষ্য সম্পৰ্কত যঠেষ্ট অৱগত। যদি সেই লক্ষ্য তেওঁৰ ওচৰলৈ নাহে,তেনহ'লে তেওঁ নিজেই তাৰ কাষলৈ যাব।


বিপাশাৰ দ্বাৰা অনুপ্ৰানিত সামগ্ৰী

বিপাশাৰ দ্বাৰা অনুপ্ৰানিত সামগ্ৰী


মূল লেখা- দিপ্তী নায়াৰ

অনুবাদ- প্ৰাঞ্জল শৰ্মা

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

‘আটাইতকৈ কুৎসিত মহিলা’ৰ চিনাকি ভেদি আনৰ বাবে আজি প্ৰেৰণাৰ উৎস লিজ্জী

হুইল চেয়াৰত বহা এজন সেনা বিষয়াই কান্ধ পাতি লৈছে ৫০০ ল’ৰা-ছোৱালীৰ দায়িত্ব

নিজে কষ্টকৰ জীৱন কটাইও আনৰ বাবে লাখ টকাৰ বিনামূলীয়া ঔষধ গোটোৱা ৭৯ বছৰীয়া ‘মেডিচিন বাবা’

ৰ'লছ ৰয়ছ থকা এজন নাপিত