ব্যৱসায় মানে লাভ নহয়, ব্যৱসায় মানে প্ৰডাক্ট

ব্যৱসায় মানে লাভ নহয়, ব্যৱসায় মানে প্ৰডাক্ট

Friday November 27, 2015,

6 min Read

“মই যেতিয়া মানুহৰ চকুলৈ চাওঁ, অধিকাংশৰ ক্ষেত্ৰত মই তেওঁলোকৰ আত্মা দেখা পাওঁ । কিন্তু তোমাৰ চকুলৈ চালে মই দেখোঁ এক অটল গহ্বৰ, এটা শূন্য ছিদ্ৰ, এটা মৃত উপত্যকা।” কোনে কাৰ বিষয়ে এই কথাষাৰ কৈছিল অনুমান কৰিব পাৰে নে ? আন্দাজ কৰিবলৈ চেষ্টা কৰকচোন ! মই ন দি কব পাৰোঁ আপুনি নোৱাৰিব ।এই কথাষাৰ কৈছিল এপলৰ এসময়ৰ মূখ্য কাৰ্যবাহী বিষয়া জন স্কালীৰ পত্নীয়ে । এইজন জন স্কালীকেই ষ্টীভ জবছে এসময়ত মহা আড়ম্বৰেৰে এপল কম্পেনীলৈ লৈ আহিছিল । পিছে স্কালীৰ মনত প্ৰত্যয় জন্মিছিল যে ষ্টীভ জবছৰ উপস্থিতি কম্পেনীটোৰ কাৰণে মঙ্গলময় নহয় আৰু তেওঁ জবছক আতঁৰাব লাগে বুলি ব’ৰ্ড অৱ ডাইৰেক্টৰছক পতিয়ন নিয়াবলৈ সক্ষম হৈছিল ।

এই কথোপকথনৰ পাছত স্কালী আৰু জবছ দুয়ো মৰ্ম্মাহত হৈ পৰিছিল আৰু দুয়ো কান্দোনত ভাগি পৰিছিল । নিজৰ বিজয় স্বত্তেও স্কালীয়ে পদত্যাগৰ সিদ্ধান্ত লৈছিল । স্কালীক আতঁৰাবৰ বাবে জবছে সকলো চেষ্টা চলাইছিল আৰু এই কথাটোক স্কালীৰ পত্নীয়ে বিশ্বাসঘাটকতা বুলি গণ্য কৰিছিল । সেয়ে তেওঁ সিদ্ধান্ত লৈছিল তেওঁ জবছক এই সম্পৰ্কত প্ৰশ্ন কৰিব । অৱশেষত তেওঁ জবছক লগ পালে পাৰ্কিং অঞ্চলত । জবছে তেওঁৰ দৃষ্টি এৰাই চলা দেখি তেওঁ জবছক কলে তেওঁৰ চকুলৈ চাবলৈ - “মই তোমাক কথা কৈ থাকোঁতে তুমি চকুলৈ চাব নোৱাৰা নেকি?” আৰু যেতিয়া জবছে চালে তেতিয়া তেওঁ নিক্ষেপ কৰিলে সেই নিৰ্ম্মম বাক্যবাণ ।

image


যিকোনো লোকেই ক’ব যে ষ্টীভ জবছ আছিল খ্যাতিৰ শিখৰ বগোৱা এজন কঠুৱা, অভদ্ৰ, হৃদয়হীন, সহানুভুতিহীন আৰু নিৰ্দয় লোক । হয়তো এই সকলোবোৰ কথাই আছিল সত্য । তেওঁ লগত কাম কৰাটো আছিল অত্যন্ত কঠিন । এপলৰ উৎপাদসমূহৰ পৰ্যালোচনাৰ সময়ত তেওঁ ব্যক্তিগতভাৱে আনকি ৰাজহুৱাভাৱেও যিবোৰ শব্দ ব্যৱহাৰ কৰিছিল সেইবোৰ ছপাৰ অনুপযোগী । সহকৰ্মীৰ সৈতে তেওঁৰ ব্যৱহাৰ আছিল নিকৃষ্ট । টিনা ৰীডছ আছিল জবছৰ প্ৰথম প্ৰেম । এই কথা জবছে নিজে স্বীকাৰ কৰি গৈছে । অথচ টিনাই জবছৰ বিবাহৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল । টীনাৰ ভাষাত, ‘মই ষ্টীভ জবছ নামৰ আইকন জনৰ উপযুক্ত পত্নী নহ’লোহেতেন । মই সকলোফালৰ পৰাই চুড়ান্তভাৱে ব্যৰ্থ হ’লোহেতেন । আমাৰ ব্যক্তিগত ভাৱ বিনিময়ৰ সময়ত তেওঁৰ নিৰ্দয় স্বভাৱ মোৰ বাবে অসহ্যকৰ আছিল । মই তেওঁক আহত কৰিবলৈ বিচৰা নাছিলো কিন্তু তেওঁ সকলোকে আঘাট দি ফুৰা কথাটো তেওঁৰ কাষত থিয় দি চাই থকাটো মোৰ বাবে অসম্ভৱ হ’লহেতেন ।” টিনা নিশ্চিত আছিল যে ষ্টীভ একধৰণৰ ‘নাৰ্ছিছিষ্টিক পাৰ্চনেলিটি’ ৰোগৰ চিকাৰ আছিল ।

image


তথাপিও জবছ আছিল এজন জিনিয়াছ আৰু জিনিয়াছ এজন সাধাৰণ নৰ-নাৰীৰ জীৱন প্ৰণালী অনুসৰি নচলে । জবছৰ বাহিৰে আন কোনোৱাই শুদা ভৰিৰে বাটে পথে ঘুৰি ফুৰিলেহেতেননে অথবা মৃত্যৰ সময়লৈকে নিজৰ খোৱা বোৱাৰ প্ৰতি একেবাৰে উদাসীন হৈ থাকিলেহেতেননে ? গোটেই জীৱন একমাত্ৰ শাক-পাচলি আৰু ফল-মূল খাই থকা জবছ প্ৰায়েই কেইবাসপ্তাহ পৰ্যন্ত উপবাসে থাকিছিল । সদায় নিজৰ গাড়ী বিকলাংগসকলৰ বাবে সংৰক্ষিত স্থানত ৰাখিছিল । দিনৰ পাছত দিন গ নোধোৱাকৈ থকা জবছ ডিঅডৰেণ্ট ব্যৱহাৰৰ বিৰোধী আছিল আৰু শৰীৰৰ দুৰ্গন্ধৰ বাবেই প্ৰথম চাকৰিটোত তেওঁক দিনৰ সলনি ৰাতিৰ খেপলৈ পঠাই দিয়া হৈছিল । শান্তি আৰু পৱিত্ৰতা বিচাৰি তেওঁ ভাৰতৰ গলিয়ে গলিয়ে মাহৰ পাছত মাহ ধৰি ঘুৰি ফুৰিছিল ।তেওঁৰ জীৱনীকাৰ ৱল্টাৰ আইজাকছনৰ ভাষাত, তেওঁ সিদ্ধান্ত লৈছিল যে “এনে ধৰণৰ ঈশ্বৰৰ উপাসনাৰ সৈতে তেওঁ কোনো সম্পৰ্ক ৰাখিব নোখোজে আৰু তেওঁ গীৰ্জাঘৰলৈ যোৱা বাদ দিছিল।” মৃত্যু শয্যাত তেওঁ আইজাকছনক কৈছিল, “ঈশ্বৰ বিশ্বাসৰ ক্ষেত্ৰত এতিয়া মই ৫০-৫০ত অৱস্থান কৰিছো ।”

কিন্তু এটা বিষয়ত তেওঁ সুস্থিৰ আছিল আৰু সেইটো আছিল যে তেওঁ পৃথিৱী সলনি কৰিব, আৰু তেওঁ কৰিছিলো । তেওঁ এনে এজন চিইঅ আছিল যি বিল গেটছৰ দৰে লাভৰ কথা চিন্তা কৰা নাছিল । বিল গেটছৰ প্ৰতি তেওঁৰ অকণো শ্ৰদ্ধা নাছিল কাৰণ তেওঁ ভাবিছিল যে বিল গেটছে নিজৰ জীৱন ধন আহৰণত ব্যয় কৰিছে । পিছে তেওঁ নিজেও ভিকহু নাছিল । তেৱোঁ সমানেই ধনী আছিল কিন্তু তেওঁৰ ব্যৱসায়ৰ দৰ্শন আছিল বৈপ্লৱিক । তেওঁ প্ৰস্তুত কৰা প্ৰডাক্ট সমূহে পৃথিৱী সলনি কৰি দিছিল । তেওঁৰ প্ৰেৰণাৰ উৎস আছিল বব ডীলান আৰু তেওঁ সম্পুৰ্ণৰুপে বিশ্বাস কৰিছিল- “If you are not busy being born, you are busy dying.” যেতিয়া সহকৰ্মীসকলে তেওঁৰ বিৰুদ্ধাচৰণ কৰিছিল এইবুলি যে তেওঁ নিজৰ ব্ৰেণ্ড ধ্বংস কৰিব পৰা কিছুমান প্ৰডাক্ট প্ৰস্তুত কৰি আছে তেতিয়া তেওঁ উত্তৰ দিছিল, “তুমি যদি নিজকে ভক্ষণ নকৰা আন কোনোবাই নিশ্চয় কৰিব ।” তেওঁৰ ব্যৱসায়ৰ মন্ত্ৰই আছিল- “DON’T BE AFRAID OF CANNIBALIZING YOURSELF.” ( নিজক ভক্ষণ কৰিবলৈ ভয় নকৰিবা )

image


আই-পড সৃষ্টি কৰি সংগীত উদ্যোগ চিৰদিনৰ বাবে সলনি কৰা দিয়াৰ পাছত তেওঁ আই ফোন আৰু আই পেড সৃষ্টি কৰি ইন্টাৰনেট উদ্যেগ সলনি কৰি দিলে । ১৯৯৭ চনত যেতিয়া এপল দেৱলীয়া হোৱাৰ উপক্ৰম হ’ল তেতিয়া তেওঁ পুনৰ ইয়াৰ বাঘজৰী নিজৰ হাতত লয় আৰু ২০১০ চনত দুটা দশকৰ বৃহত্তম আয়েৰে তেওঁ মাইক্ৰছফটৰ প্ৰতিদ্বন্দীত পৰিণত হয় । আজিৰ তাৰিখত এপল হৈছে সৰ্বকালৰ মূল্যৱান ব্ৰেণ্ড । আইজাকছনৰ মতে আজিৰ পৰা এশ বছৰৰ পাছত যেতিয়া এই শতিকাৰ কথা আলোচনা হ’ব তেতিয়া জবছক এডিচন আৰু ফৰ্ডৰ সৈতে একে শাৰীত ৰখা হ’ব ।নতুন প্ৰডাক্ট উদ্ভাৱন কৰা আৰু সকলোৰে আগত চিন্তা কৰা- এয়া আছিল তেওঁৰ ৰহস্য । সকলো সময়তে আৱিস্কাৰ, আৱিস্কাৰ আৰু আৱিস্কাৰ – এয়াই আছিল তেওঁৰ মন্ত্ৰ ।

যিসময়ত সমগ্ৰ উদ্যোগটোত আলোচনা হৈ আছিল এটা মুকলি পদ্ধতিৰ কথা আৰু বিল গেটছে তেওঁৰ অপাৰেটিং চিষ্টেম আন প্ৰতিষ্ঠানক লাইচেন্সৰ ভিত্তিত যোগান ধৰি বিপুল লাভ অৰ্জন কৰি আছিল সেই সময়ত জবছৰ মনোযোগ আছিল হাৰ্ডৱেৰ, ছফটৱেৰ আৰু কন্টেন্টৰ মাজত সমন্বয় স্হাপন । জবছ আছিল হাড়ে হিমজুৱে এজন প্ৰডাক্টৰ মানুহ । প্ৰডাক্ট সৃষ্টি তেওঁৰ বাবে আছিল প্ৰথমে এক বিজ্ঞান আৰু কলা আৰু একেবাৰে শেষত ব্যৱসায় । প্ৰডাক্ট সৃষ্টি তেওঁৰ বাবে আছিল পিকাছ’ৰ এখন পেইন্টিং সৃষ্টিৰ দৰে আৰু জটিলতা জয় কৰাটো আছিল তেওঁৰ নিচা । আই-ফোন আৰু আই পেড আছিল ব্যৱহাৰকাৰীৰ দৃষ্টিকোণৰপৰা সৰলতম প্ৰযুক্তি ।কলাত্মকতা আছিল তেওঁৰ প্ৰাণশক্তি আৰু যেতিয়াই এই ক্ষেত্ৰত তেওঁৰ দলটোৱে তেওঁক সন্তুষ্ট কৰিব পৰা নাছিল তেতিয়াই তেওঁ হৈ পৰিছিল অত্যন্ত অসহিষ্ণু আৰু নিৰ্দয় ।

আধুনিক ব্যৱসায়ত চেলছৰ মানুহ হৈছে ৰজা আৰু ৰাণীৰ দৰে । কিন্তু জবছে তেওঁলোকক ঘৃণা কৰিছিল । তেওঁ প্ৰায়েই কৈছিল- “যেতিয়া চেলছৰ মানুহে এটা কম্পেনী চলায় তেতিয়া প্ৰডাক্টৰ মানুহ এলাগী হৈ পৰে আৰু তেওঁলোকৰ বহুতেই নিষ্ক্ৰিয় হৈ যায় ।” আই বি এম বা মাইক্ৰছফটৰ দৰে প্ৰতিষ্ঠানৰ পতনৰ মূলতে চেলছৰ মানুহ বুলিও তেওঁ গণ্য কৰিছিল । তেওঁ স্থিতাৱস্থাৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল আৰু ‘গ্ৰাহকে যি বিচাৰে তাকেই দিয়া’ নীতিৰ দুৰ্ঘোৰ বিৰোধী আছিল । জবছ হেনৰী ফৰ্ডৰ দৰেই ভৱিষৎদ্ৰষ্টা আছিল আৰু কৈছিল- “তুমি নোকোৱালৈকে গ্ৰাহকে নাজানে তেওঁলোকে কি বিচাৰে ।” কিন্তু তেওঁ নিজে আছিল এজন সাংঘাটিক চেলছমেন । মেকিন্টছৰপৰা আই-পেডলৈকে প্ৰতিটো প্ৰডাক্ট তেওঁ যাদুকৰৰ দৰে মুকলি কৰিছিল, নোহোৱা-নোপজা, আগতে কোনেও নেদেখা একোটা বস্তুৰ ৰূপত যি দেখোঁতাক মন্ত্ৰনুগ্ধ কৰি পেলাইছিল । এই প্ৰডাক্টসমূহে বজাৰত ধুমুহাৰ সৃষ্টি কৰিছিল । কিন্তু এই চেলছমেনজন আছিল আনতকৈ বেলেগ । তেওঁৰ নাম আছিল ষ্টীভ জবছ- “অপাংক্তেয়, উন্মাদ।কাৰণ পৃথিৱী সলনি কৰিম বুলি ভৱাৰ দৰে বলিয়ালি কৰিব পৰা মানুহেহে পৃথিৱী সলনি কৰে ।” সেয়ে মই স্কালীৰ পত্নীৰ সৈতে একমত নহওঁ । তেওঁ উল্লেখ কৰা বেছিভাগ মানুহৰ মাজত জবছ নাছিল । তেওঁ আছিল ষ্টীভ, ষ্টীভ জবছ । অদ্বিতীয় ষ্টীভ জবছ যি “পলক নেপেলোৱাকৈ” তেওঁৰ সহকৰ্মীসকলৰ লগতে বিশুদ্ধতাৰ প্ৰতিও চকু দিব পাৰিছিল ।

মূল- আশুতোষ

( এসময়ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰখ্যাত সাংবাদিক আশুতোষ বৰ্তমান এজন ৰাজনৈতিক নেতা । IBN7 নামৰ ৰাষ্ট্ৰীয় টেলিভিছন নিউজ চেনেলটোৰ মেনেজিং এডিটৰ হিচাপে কাৰ্যনিৰ্বাহ কৰা আশুতোষ আম আদমী পাৰ্টিৰ মূখপাত্ৰ ।)

অনুবাদ- ঋদ্ধীশ চক্ৰৱৰ্তী

Image credit- Shutterstock