হোটেল-ৰেষ্টোৰাঁত সেৱা কৰ দিবলৈ বাধ্য নহয় গ্ৰাহক

হোটেল-ৰেষ্টোৰাঁত সেৱা কৰ দিবলৈ বাধ্য নহয় গ্ৰাহক

Wednesday January 04, 2017,

1 min Read

সেৱা কৰৰ নামত হোটেল ৰেষ্টোৰাঁসমূহত ৫ ৰপৰা ২০ ২০ শতাংশলৈকে অতিৰিক্ত ধন আদায় দিব লগীয়া হয় গ্ৰাহকে । সেৱাৰ মান যেনেকুৱাই নহওক কিয় এই ওপৰঞ্চি ধন দিবলৈ বধ্য কৰা হয় ক্ৰেতাক । এই সম্পৰ্কে বিভিন্ন পক্ষৰপৰা বহুদিন ধৰি অভিযোগ উত্থাপন হৈ আহিছিল । ১৯৮৬ চনৰ গ্ৰাহক সুৰক্ষা আইনত স্পষ্টভাৱে উল্লেখ আছে যে যিকোনো ধৰণৰ সা-সামগ্ৰী বা সেৱাৰ ক্ষেত্ৰত অসাধুতাক অপৰাধ হিচাপে গণ্য কৰা হ'ব আৰু এই সম্পৰ্কে সংশ্লিষ্ট গ্ৰাহকে গোচৰ তৰিব পাৰিব ।

image


এই ক্ষেত্ৰত চৰকাৰৰ তৰফৰপৰা হোটেল এছোচিয়েছন অৱ ইণ্ডিয়াৰপৰা ব্যখ্যা বিচৰা হয় । এছোচিয়েছনে জনায় যে এয়া হোটেল বা ৰোষ্টোৰাঁসমূহৰ নিজস্ব বিষয় সেয়েহে গ্ৰাহকে ইয়াৰ প্ৰতিবাদ কৰাৰ থল আছে । অৰ্থাৎ সেৱা কৰ দিয়া নিদিয়াটো গ্ৰাহকৰ নিজা ইচ্ছা অনিচ্ছাৰ বিষয় ।

কেন্দ্ৰ চৰকাৰে ৰাজ্যসমূহক এইক্ষেত্ৰত সজাগ কৰি দি কৈছে যে সেৱা কৰ দিয়া নিদিয়া বিষয়টো যাতে গ্ৰাহকৰ ওপৰত এৰি দিয়াৰ ব্যৱস্থা কৰা হয় । এই ক্ষেত্ৰত গ্ৰাহকক সজাগ কৰিবলৈ কোৱা হৈছে ৰাজ্য চৰকাৰসমূহক ।

মান্দায়াৰ ঋণগ্ৰস্ত খেতিয়কসকলক নতুন জীৱন দিছে এজন ছফটৱেৰ ইঞ্জিনিয়াৰে

কেৱল অসমৰ জাতি জনগোষ্ঠীৰ বাবে প্ৰথমটো মেট্ৰিমনিয়েল ছাইট subhabibah.com

২৩ বছৰীয়া বধিৰ সঙ্গীত শিল্পী জেইমছ হল্ট

পদপথত ডাঙৰ হোৱা বিকাশ চৌধুৰী কৰ্পৰেট জগতৰ শীৰ্ষ পদবীত