মাত্ৰ এটকাত পেছাদাৰী সহায়েৰে শিশু শিক্ষা আৰু কেৰিয়াৰৰ ক্ষেত্ৰত অভিনৱ পদক্ষেপ

মাত্ৰ এটকাত পেছাদাৰী সহায়েৰে শিশু শিক্ষা আৰু কেৰিয়াৰৰ ক্ষেত্ৰত অভিনৱ পদক্ষেপ

Friday March 11, 2016,

6 min Read

এমবিএৰ ডিগ্ৰী লাভ কৰাৰ পিছত ভানুপ্ৰিয়াই ইচ্ছা কৰিলে কোনো ভাল এটা কোম্পানীত চাকৰি কৰি আৰামৰ জীৱন এটা কটাব পাৰিলেহেতেন। কিন্তু আনসকলৰ দৰে ভানুপ্ৰিয়াই সেই সপোন দেখা নাছিল। তেওঁৰ সপোন আছিল দেশৰ ভৱিষ্যত আৰু অধিক উজ্জ্বল কৰাৰ আৰু ঘৰে ঘৰে শিক্ষাৰ জ্যোতি জ্বলোৱা। কিন্তু এটা সাধাৰণ পৰিয়ালত জন্মা ভানুপ্ৰিয়াৰ হাতত ইমান টকা নাছিল যে তেওঁ নিজাকৈ এখন স্কুল খুলিবলৈ সক্ষম হব আৰু শিশুসকলক বিনামূলীয়াকৈ শিক্ষা দান কৰিব। কিন্তু কোৱা হয় যে মন কৰিলেই চন, বকৰা মাটিতো ধন। ইমান সমস্যাৰ পিছতো তেওঁ হাৰ মনা নাছিল আৰু ২০০১চনত 'ভাৰতী সংগ্ৰহিতা'ৰ জন্ম দিলে। প্ৰথমে তেওঁ বিশগৰাকী পেছাদাৰী লোকৰ এটা দল গঠন কৰি শিশুসকলক শিক্ষা প্ৰদান কৰা আৰম্ভ কৰি দিলে। ভিন্ন কৰ্মক্ষেত্ৰৰ পৰা অহা এইসকল পেছাদাৰী লোকে সময় উলিয়াই শিশুসকলক দিগদৰ্শন কৰে আৰু ভানুপ্ৰিয়াক সহায় কৰে।

শৈশৱৰে পৰা কিবা এটা বেলেগ কৰাৰ চিন্তা


image


যোধপুৰৰ ব্ৰক্ষ্মপুৰীত বাস কৰা ভানুপ্ৰিয়া সৰুৰে পৰা পঢ়া-শুনাত অতি উত্তম আছিল। স্কুলত সদায় ৮৫ৰ পৰা ৯০ শতাংশ নম্বৰ লাভ কৰি শীৰ্ষস্থান অধিকাৰ কৰিছিল। যোধপুৰৰ সকলোতকৈ বিখ্যাত কলেজ লাছু কলেজ অৱ চাইন্স এণ্ড টেকনলজিৰ পৰা বিএছচি কৰাৰ পিছত তেওঁ মাল্টিমি়ডিয়াত এবছৰীয়া ডিপ্লমা কৰে। তাৰ পিছত তেওঁ এমবিএ আৰু যোধপুৰৰ ইনষ্টিটিউট অৱ এক্সপোৰ্ট এণ্ড ছিপিং মেনেজমেন্টৰ পৰা ডিপ্লমা ইন এক্সপৰ্ট এণ্ড ইম্পৰ্ট কৰিলে। পঢ়া-শুনাত ৰাপ থকা ভানুপ্ৰিয়াই শৈশৱৰে পৰা মহান লোকসকলৰ সংঘৰ্ষৰ কথাবোৰ পঢ়ি ভাল পাইছিল। লাহে লাহে তেওঁৰ এই চখটো তেওঁৰ প্ৰেৰণাৰ উৎস হৈ পৰিল। শৈশৱৰে পৰা ভিন্নধৰণে চিন্তা কৰা ভানুপ্ৰিয়াই এদিন তেওঁৰ শিক্ষয়িত্ৰী এগৰাকীৰ সৈতে এইবোৰ বিষয়ত আলোচনা কৰি আছিল। সেই আলোচনাতে তেওঁ এক আঁচনি গ্ৰহণ কৰিলে, যিটো শিশুসকলৰ শিক্ষা আৰু বিকাশৰ বাবে সমৰ্পিত হব আৰু সেইদৰেই ভাৰতী সংগ্ৰহিতাৰ জন্ম হ'ল।


image


ভাৰতী সংগ্ৰহিতাৰ স্থাপন

জ্ঞানৰ দেৱী সৰস্বতীৰ পৰা জ্ঞান আৰু বুদ্ধি সংগ্ৰহ কৰাৰ উদ্দেশ্যেৰে এই য়োজনাটোৰ নাম ভাৰতী সংগ্ৰহিতা ৰখা হৈছিল। কিন্তু এই আঁচনিখন ফলৱতী কৰিবৰ বাবে বহু পৰিমানে সাহস আৰু দিগদৰ্শনৰ প্ৰয়োজন আছিল আৰু সেই কামৰ ক্ষেত্ৰত ভানুপ্ৰিয়াই লাভ কৰিছিল তেওঁৰ শিক্ষয়িত্ৰী চাৰিকা ওঝাৰ সমৰ্থন। তেওঁ ভানুপ্ৰিয়াৰ কেৱল গুৰুৱেই নহয়, প্ৰেৰণা আৰু মাৰ্গদৰ্শকো আছিল। চাৰিকা ওঝাই সংস্কৃত আৰু সংগীতত এমএ কৰাৰ উপৰিও বিএডো কৰিছিল। চৰকাৰী বিদ্যালয়ত শিক্ষাদান কৰাৰ পিছত তেওঁ কোনো ভাগৰ অনুভৱ নকৰাকৈয়ে বিনা বেতনে ভাৰতী সংগ্ৰহিতাত শিক্ষা প্ৰদান কৰিছিল। চাৰিকা ওঝালৈ ইতিমধ্যে কৃতি শিক্ষকৰ সন্মানো প্ৰদান কৰা হৈছে। ভানুপ্ৰিয়াই অষ্টম শ্ৰেণীৰে পৰা চাৰিকা ওঝাৰ পৰা সংগীতৰ শিক্ষা লৈ আছিল। তেওঁৰ ভজনৰ চিডি বিক্ৰী কৰি যি পইচা লাভ কৰিছিল সেইখিনি সংস্থাটোৰ কামত খৰচ কৰা হৈছিল। ভানুপ্ৰিয়াৰ দৰে চিন্তা কৰা বিভিন্ন লোক তেওঁৰ দলত আছে। তাৰে ভিতৰত চিএ,ডাক্টৰ,ইঞ্জিনিয়াৰ আৰু বিজ্ঞানীও আছে, যিয়ে নিজ নিজ কৰ্মক্ষেত্ৰৰ অভিজ্ঞতা শিশুসকলৰ মাজত বিতৰণ কৰে আৰু তেওঁলোকক দিগদৰ্শন কৰে।


image


য়'ৰ ষ্ট'ৰীৰ সৈতে হোৱা বাৰ্তালাপত ভানুপ্ৰিয়াই কয়

সৰ্ব প্ৰথমে ১১জন ছাত্ৰই ইয়াত নামভৰ্তি কৰিছিল। আজি ইয়াত মুঠ ১০১জন ছাত্ৰ আছে। ২০১২চনত আমি নতুন এটা কেন্দ্ৰ স্থাপন কৰিছো। ইয়াত ছাত্ৰসকলক শৈশৱৰে পৰা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশিক্ষণ দিয়াৰ লগতে বিভিন্ন বিষয়ৰ জ্ঞান দিয়া হয়। ইয়াৰ উপৰিও স্পোকেন ইংলিছ,পাৰ্চনেলিটি ডেভেলপমেন্ট, বিজ্ঞান,কলা আৰু কম্পিউটাৰ শিক্ষা প্ৰদান কৰা হয়। কৰ্মৰত পেছাদাৰী লোক,যেনে ডাক্টৰ, ইঞ্জিনিয়াৰ, বৈজ্ঞানিক আদিয়ে ইয়াত শিশুসকলক শিক্ষা প্ৰদান কৰে। শিশুসকলক শিক্ষামূলক ভ্ৰমণতো লৈ যোৱা হয় আৰু দুখীয়া ছাত্ৰক আৰ্থিক সকাহো প্ৰদান কৰা হয়। 

ভাৰতী সংগ্ৰহিতাত শিশুসকলৰ সৰ্বাংগীন বিকাশত গুৰুত্ব প্ৰদান কৰা হয়। প্ৰতি মাহতে বিভিন্ন ক্ষেত্ৰৰ সৈতে সম্পৰ্কিত প্ৰতিযোগিতামূলক পৰীক্ষা পতা হয়। বিশগৰাকী পেছাদাৰী লোকে নিস্বাৰ্থভাবে শিশুসকলক দিগদৰ্শন কৰায় আৰু পঢ়া শুনাত সহায় কৰে। শিশুসকলক বিজ্ঞানৰ বিভিন্ন প্ৰজেক্ট আৰু মডেল বনাবলৈ শিকোৱা হয়। ২০১১চনৰ পৰা এই সংস্থাটো নিৰন্তৰে শিশুৰ বিকাশৰ সৈতে নিয়োজিত হৈ আছে। প্ৰথমতে যোধপুৰৰ চান্দপালত এই অভিযান আৰম্ভ হৈছিল আৰু এতিয়া চৰদাৰপুৰাত ইয়াৰ দ্বিতীয়টো শাখা মুকলি হৈছে।


image


ভানুপ্ৰিয়াই কয়

"এগৰাকী এমবিএই সদায়েই লাভৰ কথায়ে চিন্তা কৰে। ময়ো তাকেই চিন্তা কৰিছো যে এই শিশুসকলৰ লাভ কিদৰে হব। দেশৰ লাভ কেনেকৈ হব। মোৰ অভিযান হৈছে দেশৰ প্ৰতিগৰাকী শিশু শিক্ষিত কৰি তোলা। সকলো চহৰতেই ভৰতী সংগ্ৰহিতা হওঁক যাতে কোনো যোগ্য শিশুৱে আৰ্থিক অভাৱত পিছ পৰি নাথাকে। সংস্কাৰী আৰু শিক্ষিত শিশুৱে এখন ভাল সমাজ গঢ়িব আৰু দেশৰ হিতত সহযোগ কৰিবৰ বাবে আমি পদবী আৰু পইচাতকৈ উৰ্ধত চিন্তা কৰিব লাগিব। "

ভাৰতী সংগ্ৰহিতাৰ বাবে ধনৰ যোগাৰ

‘ৰেইজ হেণ্ড টু হেল্প’ পদক্ষেপৰ জৰিয়তে সংস্থাটোৰ বাবে ধনৰ যোগাৰ কৰা হয়। ভাৰতী সংগ্ৰহিতাৰ দ্বাৰা প্ৰকাশিত কিতাপ আৰু ছাত্ৰ-ছাত্ৰীৰ আৰ্ট-ৱৰ্কসমুহ বিক্ৰী কৰিও ধন আহৰণ কৰা হয়। ভানুপ্ৰিয়া নিজেও এগৰাকী গায়িকা আৰু তেওঁ গোৱা ভজন আৰু গীতৰ চিডি বিক্ৰী কৰিও যি টকা আহে সেই টকাও সংস্থাৰ বাবেই খৰচ কৰা হয়। এই কামত স্কুলখনৰ শিশুসকলেও তেওঁক সহায় কৰে। ‘ৰাণ ফৰ আন’ক নিজৰ সংস্থাটোৰ উদ্দেশ্য কৰি তোলা ভানুপ্ৰিয়াই বিশ্বাস কৰে যে জীৱনত সদায়েই এক নম্বৰ হোৱাৰ ইচ্ছা থাকিব লাগে আৰু সেই শিক্ষা শিশুসকলক দিয়াৰ বাবেই তেওঁ ছাত্ৰ-ছাত্ৰীসকলৰ মাচুল এক টকা ৰাখিছে আৰু সেই এটকাতো তেওঁলোকে নিজৰ পকেটমানিৰ পৰা দিয়ে আজি এইসকল ছাত্ৰ-ছাত্ৰী নিজৰ এইগৰাকী শিক্ষয়িত্ৰীৰ ওপৰত গৌৰৱবোধ কৰে।


image


আৰম্ভণীৰ সমস্যাসমুহ

যেতিয়া ভানুপ্ৰিয়াই এই অভিনৱ বিদ্যালয়খন স্থাপন কৰিছিল, সেই সময়ত স্থানীয় লোকসকলে কিছুমান ভিন্ন দৃষ্টিভংগীহে পোষণ কৰিছিল। ভানুপ্ৰিয়াৰ মতে ,

"আৰম্ভণীতে লোকসকলে কৈছিল যে মোৰ দৰে ছোৱালী এজনীয়ে এনেকুৱা ভুল কিদৰে কৰিব পাৰে। এইজনীয়ে নিজৰ কেৰিয়াৰটো ধ্বংস কৰিলে। আমি আমাৰ ল'ৰা-ছোৱালীক কেতিয়াও এই কাম কৰিব নিদিও। মানুহে ভাবে যে এনেকুৱা কিবা এটা কৰিব লাগে যত পদবী থাকে,পইচা থাকে। আজি তেওঁলোকৰ লৰা-ছোৱালীয়েই মোৰ স্কুলত পঢ়ে আৰু ইয়াতকৈ আনন্দৰ কথা কি হব পাৰে যেতিয়া ছাত্ৰ-ছাত্ৰীসকলে আপোনাক কব ...’ৱি আৰ প্ৰাউড অৱ ইউ মেম’"

এই মহত কৰ্মত ভানুপ্ৰিয়াক তেওঁৰ পৰিয়ালৰ লোকসকলেও সহায় আগবঢ়াইছে আৰু পিতৃ-মাতৃয়ে কেতিয়াও তেওঁৰ আগত নিজৰ সীমাবদ্ধতাকলৈ আপত্তি জনোৱা নাই। বন্ধুমহলেও পূৰ্ণমাত্ৰাত তেওঁক সহযোগিতা কৰে আৰু আজি ভানুপ্ৰিয়া আৰু তেওঁৰ দলটোৱে ১০১জন ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত গঢ়ি আছে।


image


প্ৰয়োজনীয়তা ক'ত

সমীক্ষা সমুহৰ ওপৰত নজৰ দিলে এটা কথা স্পষ্ট হৈ পৰে যে দেশত এতিয়াও ৫০শতাংশ শিশুৱে শিক্ষাৰ পৰা বঞ্চিত হৈয়েই আছে। ৫ৰপৰা ৯বছৰৰ ভিতৰৰ প্ৰায় ৫৩শতাংশ কন্যা অশিক্ষিত। প্ৰায় ৫০শতাশ লৰা আৰু ৫৮শতাংশ ছোৱালী তৃতীয় শ্ৰেনীৰ পৰা ৫ম শ্ৰেনীলৈ উত্তীৰ্ণ হওঁতেই স্কুল ত্যাগ কৰে । চৰকাৰে ২০০১চনত সৰ্বশিক্ষা অভিযান আৰম্ভ কৰিলে যত ৬ৰ পৰা ১৪বছৰৰ লৰা-ছোৱালীসকলৰ বাবে বিনামূলীয়া শিক্ষাৰ ব্যৱস্থা কৰা হৈছে। কিন্তু কাগজে কলমে দাখিল কৰা সংখ্যা আৰু বাস্তৱৰ মাজত এতিয়াও বহুত তফাট আছে। এইক্ষেত্ৰত ভানুপ্ৰিয়াৰ অভিনৱ এই বিদ্যালয়খন এক আদৰ্শ, যাৰ দ্বাৰা তেওঁ নিজৰ অঞ্চলটোৰ শিশুসকলৰ দায়িত্ব নিজে কান্ধ পাতি লৈছে। তেওঁ দেশৰ প্ৰতিটো প্ৰান্ততে এনেকুৱা বিদ্যালয় বিচাৰে যত টকাতকৈ শিক্ষাত বেছি গুৰুত্ব প্ৰদান কৰা হয়। সকলোকে প্ৰেৰণা দিয়াৰ বাবে তেওঁৰ সংস্থাই এটা গীত ৰচনা কৰিছে, যিয়ে আগুৱাই যোৱাৰ বাট দেখুৱায়

আমি আগুৱাই যাও পৃথিৱী নেওচি,বতাহৰ সতে মিলি, আকাশ চুবলৈ...

দুচকুত সপোন,দুওঁঠত হেঁপাহ, লক্ষ্যৰ দিশে আগুৱাও...

ব'লা আগুৱাই যাওঁ,হাতত হাত থওঁ, শ্ৰম কৰি পাওঁ আমাৰ লক্ষ্য...

মূলঃশিখা চৌহান

অনুবাদঃপ্ৰাঞ্জল শৰ্মা

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

শিশুক সাক্ষৰ আৰু মহিলাসকলক আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ আৰামী জীৱন ত্যাগ কৰা এগৰাকী অৰ্থনীতিবিদ

ভোট জলকীয়াৰ সোৱাদ বিশ্বত বিলাই দিয়া উদ্যোগী লীনা শইকীয়া

নাৰিকল লাড়ুৰে ব্যৱসায় আৰম্ভ কৰি 'মেঘাজ ফুড প্ৰডাক্ট'ৰ জন্ম দিলে মেঘালী বৰাই

শিশুৰ সৃষ্টিশীলতাক বিশ্ববাসীৰ আগত ডাঙি ধৰাৰ প্ৰয়াসত ব্ৰতী এজন যুৱক

অসমীয়া ভাষা সংস্কৃতিক ই-বিশ্বলৈ নতুন ৰূপত লৈ যোৱা যুৱকজন-হিমজ্যোতি তালুকদাৰ