এছ টি ডি বুথৰপৰা ১৪০ কোটি টকীয়া এটা ভ্ৰমণ কোম্পানীলৈ

এছ টি ডি বুথৰপৰা ১৪০ কোটি টকীয়া এটা ভ্ৰমণ কোম্পানীলৈ

Tuesday October 11, 2016,

2 min Read

৪৯ বছৰীয়া অৰুম খাৰট এসময়ত পুণেৰ বস্তি অঞ্চলৰ এটা সৰু ঘৰত বাস কৰিছিল । তেওঁ এটা পিচিঅ' চলাই জীৱিকা নিৰ্বাহ কৰিছিল । আজি তেওঁ পুণেৰ এটা অন্যতম নামী অঞ্চলত বাস কৰে । উইংছ ট্ৰভেলছ নামৰ এটা কাৰ ৰেণ্টেল, ৰেডিঅ' কেব ষ্টাফ ট্ৰেন্সপৰ্ট মেনেজমেণ্ট প্ৰতিষ্ঠান চলাই তেওঁ ৬০০ মানুহক সংস্থাপন দিয়াৰ উপৰিও ১৪০ কোটি টকাৰ ব্যৱসায় কৰি আছে । 

Image : (L) - The Hindu Business Line; (R) - Click India

Image : (L) - The Hindu Business Line; (R) - Click India


জীৱনৰ আগছোৱাত অৰুণে পঢ়া-শুনা ভাল নাপাইছিল । দশম শ্ৰেণীৰ পৰীক্ষাৰ পাছত অৰুণে খুড়াকৰ জোতাৰ দোকানত সময়বোৰ পাৰ কৰিবলৈ ধৰে । এই সময়ছোৱাত নিজা ব্যৱসায় কৰাৰ সপোন তেওঁৰ মনত থিতাপি লয় আৰু ফলত তেওঁ চৰকাৰী পলিটেকনিক কলেজত নামভৰ্তি কৰি মেকানিকেল ইঞ্জিনীয়াৰিঙৰ ডিপ্লমা সম্পূৰ্ণ কৰে । 

ইয়াৰ পাছৰ কেইটামান বছৰত তেওঁ কেইবাটাও চাকৰি কৰে আৰু নিজা ব্যৱসায় আৰম্ভ কৰাৰ সিদ্ধান্ত লয় । এটা সৰু এছ টি ডি বুথেৰে আৰম্ভ কৰি তেওঁ এটা ব্যক্তিগত বাছ সেৱা প্ৰতিষ্ঠানৰ বাবে টিকট বুকিঙৰ ব্যৱসায় কৰিবলৈ আৰম্ভ কৰে । ১৯৯৩-৯৪ চনত তেওঁ গাড়ী ভাড়ালৈ দিবলৈ আৰম্ভ কৰে আৰু ১৯৯৬ চনত তেওঁ নিজাকৈ গাড়ী কিনিবলৈ আৰম্ভ কৰে ।

আজি উইংছ ট্ৰেভেলছে নখন মহানগৰত কেব সেৱা চলায় । তেওঁ নিজৰ সেৱা থাইলেণ্ডলৈও প্ৰসাৰিত কৰিছে । বৰ্তমান কোম্পানীটোৰ নিজাকৈ ৪৭৫ খন গাড়ীৰ উপৰিও মালিক-চালক আচনিৰ অধীনত ৮০০ গাড়ী চলি আছে । ইয়াৰ উপৰিও ঠিকা ভিত্তিত আন ৫,৫০০ খন গাড়ী চলি আছে । 

অৰুণৰ উইংগছ ট্ৰেভেলছৰ সফলতাৰ আঁৰত আছে উদ্ভাৱনৰ ওপৰত তেওঁলোকৰ গুৰুত্ব । এই বছৰৰ আৰম্ভণীতে উইংছে মুম্বাইৰ LGBT সম্প্ৰদায়ৰ ৩০০ লোকক কেব চালনাৰ প্ৰশিক্ষণ দিছিল । সেইদৰে বাংগালুৰুত বিপদ অনুভৱ কৰিলে গ্ৰাহকে ব্যৱহাৰ কৰিব পৰাকৈ এটা এছ অ' এছ এলাৰ্টৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে। 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

ভৰি নোহোৱাকৈয়ে ফুটবল খেলে আব্দুল্লাই

মদ আৰু ড্ৰাগছৰ কৱলৰপৰা ওলাই অহা নিলপৰ্ণা আজি সফল বডি বিল্ডাৰ

ভাৰতত 'অযোগ্য' মালৱিকা ৰায় আজি এমআইটিত অধ্যয়নৰত

দৈনিক ৮ কি:মি: পাহাৰ বগাই এখন স্কুল জীয়াই ৰাখিছে এজন শিক্ষকে