গুগল বিজ্ঞান মেলাত ভাৰতীয়ৰ দপদপনি

গুগল বিজ্ঞান মেলাত ভাৰতীয়ৰ দপদপনি

Tuesday August 16, 2016,

1 min Read

"আপুনি পৃথিৱীখন সলনি কৰিব পাৰেনে?" এয়া হৈছে গুগল বিজ্ঞান মেলাৰ মূল মন্ত্ৰ । ২০১১ চনৰপৰা এই মেলা প্ৰতি বছৰে পালন কৰা হৈ আহিছে । যুৱ বিজ্ঞানীৰ মাজত অনুস্থিত প্ৰতিযেগিতামূলক মেলাত এই বছৰ হাজাৰ হাজাৰ এন্ট্ৰিৰ মাজৰপৰা ১৬ টা বাছি উলিওৱা হৈছে । 

Image : Google Science Fair

তাৎপৰ্যপূৰ্ণভাৱে এই ১৬ গৰাকীৰ ভিতৰত ৬ জনেই হ'ল ভাৰতীয় মূলৰ । তেওঁলোক হৈছে ভাৰতৰ মনসা ফাটিমা (১৫) আৰু কে শ্ৰিয়াংক (১৬), ভাৰতয় মূলৰ নিশিতা বেলুৰ (১৩), নিখিল গোপাল (১৫), অনিকা চিৰলা (১৪) আৰু অনুষ্কা লাইকনাৱাড়ে (১৩) । 

মনসা ফাটিমা হায়দৰাবাদৰ ৱাছৱানি ইন্টাৰনেছনেল স্কুলৰ ছাত্ৰী আৰু তেওঁৰ প্ৰকল্পটো হৈছে ধাননি পথাৰত স্বয়ংক্ৰিয় পানী যোগান ব্যৱস্থা । কে শ্ৰিয়াংক হৈছে বাঙ্গালুৰুৰ নেচনেল পাব্লিক স্কুলৰ ছাত্ৰ আৰু তেওঁ কীপ টেব নামৰ এবিধ যন্ত্ৰ নিৰ্মাণ কৰিছে যি দৈনন্দিন ব্যৱহাৰৰ বস্তুবোৰ ক'ত ৰখা হৈছে সেই কথা মনত ৰাখিবলৈ মানুহক সহয় কৰে । 

অন্যান্য লেখত ল'বলগীয়া আৱিষ্কাৰ সমূহ হৈছে বাংলাদেশৰ ১৫ বছৰীয়া ছাত্ৰী ছালিহা ৰেহানাজৰ পৰিবেশ অনুকূল 'শ্ৰেষ্ঠ' চেনিটেৰী পেড আৰু দক্ষিণ আফ্ৰিকাৰ কিয়াৰা নিৰ্ঘিনৰ কমলাৰ বাকলিৰ পৰা নিৰ্মিত ছুপাৰ এবজৰবেন্চ পলিমাৰ । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

বিৰক্তিকৰ সহকৰ্মীৰ সৈতে কিদৰে কাম কৰিব

উদ্যোগশীলতাৰ শিক্ষা মণিৰাম দেৱানৰপৰা

পাক সেনাৰ মেজৰ হোৱা ভাৰতীয় চোৰাংচোৱাজন

অসমক গ্ৰাফিক্স, এনিমেচনৰ কেন্দ্ৰৰূপে গঢ় দিয়াৰ সপোন ধ্ৰুৱ ৰাভাৰ