বাস্তবিকতে ষ্টাৰ্টআপ ফাণ্ডিং অৱনমিত হৈছেনে?

বাস্তবিকতে ষ্টাৰ্টআপ ফাণ্ডিং অৱনমিত হৈছেনে?

Saturday December 12, 2015,

4 min Read

ভাৰতৰ যিকোনো এজন বিনিয়োগকাৰী বা উদ্যোগপতিৰ সৈতে কথা পাতক, তেওঁলোকে উদ্যোগৰ ক্ষেত্ৰত বিনিয়োগৰ পৰিমাণ কমি অহা বুলি কোৱাৰ পুৰা মাত্ৰাই সম্ভাৱনা আছে। কিন্তু বিনিয়োগকাৰীয়ে ভাৰতীয় উদ্যোগসমূহত বিনিয়োগ কৰাৰ বাতৰিবোৰ পালে এনে লাগে- প্ৰকৃততে ক’ত হৈছে এই অৱনমন?

শেহতীয়া ভাবে বিনিয়োগ বন্ধ কৰা এখন ৰিস্ক কেপিটেল ফাৰ্ম হ’ল নেক্সাছ ভেনচাৰ পাৰ্টনাৰ্ছ। ৪৫০ নিযুত মাৰ্কিন ডলাৰ বিনিয়োগ কৰিব লগীয়া মুলধনেৰে সৈতে নতুন বিনিয়োগ বন্ধ কৰাৰ ঘোষণা কৰিছে নেক্সাছে। নেক্সাছৰ ১শকোটি মাৰ্কিন ডলাৰতকৈও বেছি মুলধন বৰ্তমান বিনিয়োগ হৈ আছে।

নেক্সাছ দেশৰ ভেনচাৰ কেপিটেল বিনিয়োগকাৰীৰ ভিতৰত এটা আগশাৰীৰ প্ৰতিষ্ঠান। বিভিন্ন ক্ষেত্ৰৰ প্ৰায় ৬০টা কোম্পানীত বিনিয়োগ আছে নেক্সাছৰ। ২০০৬ চনত নেক্সাছ আৰম্ভ কৰিছিল নৰেণ গুপ্তা, সন্দীপ সিংহল আৰু সুৱীৰ ছুজানে। ভাৰত আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰত বিনিয়োগৰ আকৰ্ষণীয় পৰিকল্পনাৰে আৰম্ভ হৈছিল নেক্সাছ। অন্যান্য ভাৰতীয় প্ৰতিষ্ঠান- কালাৰী কেপিটেল বা হেলিয়ন ভেনচাৰ কেপিটেলতকৈ পৃথক নেক্সাছে জানুৱাৰীৰ পৰা জুনৰ ভিতৰত ভাৰত আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰত মুঠ ২৯ টা নতুন উদ্যোগত বিনিয়োগ কৰিছিল।

image


পিছলৈ ভাৰতীয় ব্যৱসায়িক জগতখনত উজলি উঠা বহু কেইটা ষ্টাৰ্টআপ- স্নেপডীল, শ্বপক্লুজ, দেলহিভেৰী, ক্ৰাফ্টভিলা, ইকা ছফটৱেৰ আৰু দ্ৰুভাৰ প্ৰথম বিনিয়োগকাৰী আছিল নেক্সাছ। শেহতীয়া ভাবে ফ্লিপকাৰ্টৰ বিনিয়োগেৰে নেক্সাছ উল্লাসিত মেপমাইইণ্ডিয়াকলৈ।

নেক্সাছে এতিয়া প্ৰাৰম্ভিক পৰ্যায়ৰ কোম্পানী সমূহত বিনিয়োগতহে গুৰুত্ব দিব আৰু টেকনলজি, ডাটা-লে়ড বিজনেছত বিনিয়োগ কৰিব। কনজুমাৰ ৰিটেইল, বিত্তীয় সেৱা, স্বাস্হ্যসেৱা আৰু শিক্ষাৰ ক্ষেত্ৰখনতকৈ টেকনলজিৰ ক্ষেত্ৰত সদায়ে উন্নতি ঘটি থাকে আৰু প্ৰতিটো প্ৰডাক্টৰ বজাৰত থকা সময়ো কম হয়।

ভাৰতক লক্ষ্য কৰি ফাণ্ডৰেইজ কৰা, নেক্সাছ শেহতীয়া ভেনচাৰ কেপিটেল ফাৰ্ম। ভাৰতত বিনিয়োগ কৰা ফাৰ্মৰ ভিতৰত ছেইফ পাৰ্টনাৰ্ছে মাৰ্চত ফাণ্ডৰেইজ কৰিছিল ৩৫০ নিযুত মাৰ্কিন ডলাৰ, এক্সেল পাৰ্টনাৰ্ছৰ একেটা মাহতে ফাণ্ডৰেইজৰ পৰিমাণ ৩০৫ নিযুত মাৰ্কিন ডলাৰ। আগষ্ট মাহত লাইটস্পীড ভেনচাৰ পাৰ্টনাৰ্ছে ভাৰতৰ বাবে বিষেশভাবে ১৩৫ নিযুত মাৰ্কিন ডলাৰৰ কথা ঘোষণা কৰিছিল। ইয়াৰ বিপৰীতে ছেপ্তেম্বৰ মাহত কালাৰী কেপিটেলে ঘোষণা কৰিছিল ২৯০ নিযুত মাৰ্কিন ডলাৰ। সেয়াই সম্পূৰ্ণ নহয়। ২০১৪ চনত দেশৰ বৃহৎ ভেনচাৰ কেপিটেল ছিকুইয়া কেপিটেলে ভাৰতৰ বাবে ৫৩০ নিযুত মাৰ্কিন ডলাৰ মোকলাই দিছিল। কোম্পানীটোৱে এইবৰ্ষত যোগদিয়ে ২১০ নিযুত মাৰ্কিন ডলাৰ। ইণ্ডিয়া ফাণ্ড এডভাইজৰছে জুলাই মাহত ৭০০ নিযুত মাৰ্কিন ডলাৰ, আৰু এভাৰষ্ট’ন কেপিটেলে ছেপ্তেম্বৰ মাহত ৭৩০ নিযুত মাৰ্কিন ডলাৰ বিনিয়োগৰ বাবে মোকলাই দিয়ে।

এনে পৰিস্থিতিত ফাণ্ডিঙৰ অৱনমনৰ কথা ক’ৰ পৰা আহিল? প্ৰকৃততে পৰিস্থিতিটোৱেই জটিল। ফাণ্ডিঙৰ অৱনমনৰ কথা সুধিলে উত্তৰ ‘হা’ বা ‘না’ উভয়েই।

“বিনিয়োগৰ অৱনমন বিষয়টো প্ৰাসংগিক কাৰণ- যোৱা কেইটামান বছৰত বিনিয়োগৰ পৰিমাণ যথেষ্ট বেছি আছিল।” নেক্সাছৰ সহপ্ৰতিষ্ঠাপক আৰু পৰিচলন সঞ্চালক সন্দীপে ক’লে এনেদৰে।

যোৱা কেইবছৰ মানত বহু সংখ্যক ভাৰতীয় ষ্টাৰ্টআপত ফাণ্ডিং হৈছে। য়ৰষ্ট’ৰীৰ এক অধ্যয়ন মতে ২০১৫ চনত ভাৰতীয় ষ্টাৰ্টআপত বিনিয়োগ হৈছে ৮.৭ শকোটি নিযুত মাৰ্কিন ডলাৰ। ২০১৪ বৰ্ষত এই পৰিমাণ আছিল ৫ শকোটি নিযুত মাৰ্কিন ডলাৰ। শেহতীয়াভাবে যিসকল উদ্যোগীয়ে ফাণ্ডিঙৰ বাবে লাগি আছে, তেওঁলোক সন্দীপৰ কথাত একমত।

“গোটেই বিত্তীয়বজাৰ খনতেই পৰস্পৰ বিপৰীত মেৰুত অৱস্থান কৰাৰ দৰে এক প্ৰৱণতা গঢ়ি উঠিছে। যোৱা ১২-১৮ মাহত এই প্ৰৱণতা অধিক বৃদ্ধি পাইছে। অৱশ্যে শুধৰণিও হ’ল শীঘ্ৰেই”- আৰ্বানকেপৰ সহপ্ৰতিষ্ঠাপক অভিৰাজ সিং ভালেও একে মন্তব্যই কৰিলে। নবেম্বৰত স্থানীয়বজাৰখন হঠাতে বাঢ়িগৈ ২৫ নিযুত মাৰ্কিন ডলাৰৰ ঘৰ চুলেগৈ। মাত্ৰ এমাহতে বৃদ্ধি পালে ১০ নিযুত মাৰ্কিন ডলাৰ। অভিৰাজৰ মতে এয়া কেৱল ভাৰতীয় বজাৰখনতেই হোৱা নাই। মাৰ্কিন মূলীয় প্ৰতিষ্ঠান ইউনিকৰ্ন স্কোৱেৰৰ মূল্য ৰাজহুৱা হোৱাৰ পিছতে প্ৰায় আধালৈ হ্ৰাস পালে। স্কোৱেৰৰ শেহতীয়া ব্যক্তিগত খণ্ডৰ ফাণ্ডিঙৰ মূল্য আছিল ৬ শকোটি মাৰ্কিন ডলাৰ, কিন্তু নবেম্বৰ মাহত কোম্পানীটোৰ শ্বেয়াৰ সাধাৰণ লোকৰ বাবে বজাৰত এৰি দিয়াৰ লগে লগে শ্বেয়াৰৰ (IPO) মূল্য হ্ৰাস পালে ২.৯ শকোটি মাৰ্কিন ডলাৰলৈ। শ্নেপচাটৰো মূল্য হ্ৰাস পালে প্ৰায় ২৫ শতাংশ।

অভিৰাজৰ মতে বহু বিজনেছ লীডাৰে ভাৰতীয় বজাৰখনত কাম কৰি দেখুৱাই থৈ গৈছে। ইয়াত ব্যৱসায় এটা গঢ়ি তুলিবলৈ যি মুলধনৰ প্ৰয়োজন সেয়া গোটোৱাটো ইমান কঠিন নহয়, একেসময়তে কিন্তু বৰ সহজো নহয়। ইয়াৰ কাৰণটো হ’ল তুমি যদি বজাৰত এক বা দুই নম্বৰ হ’ব নোৱাৰা তেনেহলে তোমাৰ যাত্ৰা কঠিন হ’ব। আৰু এই কথা ব্যাপক হাৰত থকা গেলামালৰ দোকান অথবা কমদামী হোটেলৰ ক্ষেত্ৰতো খাটে। বিনিয়োগকাৰী আৰু বিত্তীয় উপদেষ্টা সকলেও কয়- ভাৰতত ভাল উদ্যোগ শংকিত হোৱাৰ প্ৰয়োজন নাই।

“পৰিস্থিতি শীঘ্ৰেই শাম কাটিব, কিন্তু ই ভাৰতীয় উদ্যোগৰ জেনুইন কেপিটেল ইন্টাৰেষ্ট ক্ষেত্ৰত বিশেষ প্ৰভাৱ নেপেলায়। ভাৰতীয় উদ্যোগৰ ক্ষেত্ৰত নেক্সাছৰ ফাণ্ডৰেইজেই ইয়াৰ উদাহৰণ।”-ফাইনেনঞ্চিয়েল এডভাইজেৰী ছাৰ্ভিছ ফাৰ্ম গ্ৰান্ট থৰ্নটন ইণ্ডিয়াৰ পাৰ্টনাৰ ৰাজা লাহিৰীয়ে ক’লে এনেদৰে।

“আমি আশা কৰোঁ ভাৰতৰ উদ্যোগীক ক্ষেত্ৰখন আৰু আগবাঢ়ি যাওক, আৰু উদ্যমী উদ্যোগীয়ে ফাণ্ড পাওক। সুস্থিৰ আৰু দীৰ্ঘকালীনভাবে লাভজনক ব্যৱসায়িক মডেলত উদ্যোগীয়ে গুৰুত্ব বিয়া উচিত। লগতে নতুন উদ্যোগীয়ে বিনিয়োগকাৰীসকলযে যথেষ্ট সাৱধান হৈছে, সেইটোও মনত ৰাখিব লাগিব।”-সন্দীপৰ ভাষ্য এয়া। এতিয়া প্ৰাৰম্ভিক পৰ্যায়তে থকা বহু সংখ্যক উদ্যোগ ফাণ্ডৰেইজৰ ক্ষেত্ৰত Pre-Series A অথবা Series A পৰ্যায়তে আছে। নবেম্বৰত Pre-Series A ৰ সংখ্যা ৭৭ আৰু Series Aৰ সংখ্যা ১৬। অক্টোবৰত এই পৰিসংখ্যা ক্ৰমে ৫৭ আৰু ১৭। ইয়াৰ বিপৰীতে নবেম্বৰ আৰু অক্টোবৰত লেনদেন সামৰা উদ্যোগৰ সংখ্যা ক্ৰমে ১০৬ আৰু ১০৭।

“Pre- Series A অথবা Series A পৰ্যায়ত ফাণ্ডৰেইজ কৰা বহু বহু কোম্পানীয়ে পৰবৰ্তী ফাণ্ড নাপায়গৈ, সদায় কেইটামানৰ এনেকুৱা হয়েই। কিন্তু গোটেইবোৰৰ ক্ষেত্ৰত চালে, প্ৰাৰম্ভিক পৰ্যায়ত ফাণ্ডৰেইজ কৰা প্ৰায়বোৰ কোম্পানীয়েই পৰবৰ্তী সময়ত ফাণ্ডিং বৃদ্ধি হয়।” - গ্ৰান্ট থৰ্নটনৰ ভাষ্য এয়া।

ভাৰতৰ ক্ষেত্ৰ খনত মন দিয়া প্ৰায়বোৰ কোম্পানীয়েই বিনিয়োগৰ ক্ষেত্ৰত হাত নধৰে, সেইবাবে ভাৰতীয় উদ্যোগে যথেষ্ট মূলধন লাভ কৰে, কিন্তু প্ৰশ্নটো হ’ল, কোনবোৰ কোম্পানীয়ে এই মূলধন পাব? এই সন্দৰ্ভত অভিৰাজে কয়-“ব্যৱসায়িক তন্ত্ৰটোৰ বাবেই হ্ৰস্বম্যাদী শুধৰণী প্ৰয়োজনীয়। ই হঠাতে অন্তৰ্ধান হোৱা ধৰণৰ ব্যৱসায়ীবোৰক ক্ষেত্ৰখনৰ পৰা আঁতৰাই পেলাব, আৰু ইয়াৰ ফলত ইটোৰ লগত সিটোৰ যুঁজ- বাগৰ নোহোৱাকৈ পৰ্যায় অনুসৰি মুলধন সঠিক স্থানত ব্যয় হ’ব।”

মুলঃ ৰাধিকা পি. নায়াৰ

অনুবাদঃ মুকুন্দ মাধৱ নেওগ