ৰ'লছ ৰয়ছ থকা এজন নাপিত

0

এলা পেচা মানুহে কিনিব নোৱৰা এখন গাড়ী ৰ'লছ ৰয়ছ । এজন নাপিতৰ হাতত এনে এখন গাড়ী থকাৰ কথা হয়তো বহুতে ভাবিবও নোৱাৰে । কিন্তু তেনে ধৰণৰ ভাবিব নোৱৰা কথা এটাৰ প্ৰমাণ তেনে এজন নাপিত, ৰমেশ বাবুৰ মূখেৰে শুনক তেওঁৰ কাহিনী ।

কঠিন আৰম্ভণি

মোৰ জন্ম এটা দৰিদ্ৰ পৰিয়ালত হৈছিল। জীৱিকাসূত্ৰে মোৰ দেউতা এজন নাপিত আছিল।মোৰ মাত্ৰ সাত বছৰ বয়সতে তেওঁৰ দেহাৱসান ঘটিছিল।১৯৭৯চনত মোৰ দেউতাৰ মৃত্যুৰ আগলৈকে সকলো ঠিকেই আছিল যদিও তেওঁৰ আকস্মিক মৃত্যুৱে আমাৰ পৰিয়ালটোক বেয়াকৈ জোকাৰি থৈ গৈছিল।হঠাৎ যেন আমাৰ ঘৰত বিনামেঘে বজ্ৰপাতহে হৈছিল।

আমাৰ পেট পুহিবলৈ মায়ে উপায়হীন হৈ আনৰ ঘৰত কাম কৰিবলৈ লয়।সম্পত্তিৰ ফালৰ পৰা দেউতাই আমাৰ বাবে কেৱল এখন দোকান এৰি গৈছিল।বাংগালুৰুৰ ব্ৰিগেড ৰোডত এই দোকানখন আছিল আৰু ইয়াতে মানুহে তেওঁৰ ওচৰত চুলি কটাবলৈ আহিছিল।

দেউতাৰ মৃত্যুৰ পিছত খুৰাই সেই দোকানখন চলাবলৈ লয়।ভাৰা হিচাপে খুৰাই আমাক প্ৰতিদিনে ৫টাকৈ দি গৈছিল।সেই সময়তো ৫টকাৰ মূল্য সামান্যই আছিল।মাত্ৰ ৫টকাত ঘৰ চলোৱাটো এক অসাধ্য কাম আছিল।ভাইটি-ভণ্টী আৰু মোৰ পঢ়া-শুনাৰ খৰছৰ লগতে খোৱা-বোৱা আৰু আন প্ৰয়োজনসমূহ এই ৫টকাৰে মিলাবলৈ অত্যন্ত অসুবিধা হৈছিল। অনাটনৰ বাবে আমি তিনিওটা ভাতৃ-ভগ্নীয়ে দিনটোত মাত্ৰ এসাজ খাবলৈ লৈছিলো।আনৰ ঘৰত কাম কৰিলগীয়া হোৱা মাক সহায় কৰিবলৈ মইও সৰু-সুৰা কাম কৰিবলৈ লৈছিলো।মজলীয়া বিদ্যালয়ত পঢ়ি থাকোতেই মই বাতৰি কাকত আৰু গাখীৰৰ বটল বিক্ৰী কৰিছিলো।সেই সময়বোৰ আছিল অত্যন্ত কষ্টকৰ।আমি ইজনে-সিজনক সহায় কৰি যেনে-তেনে দিনবোৰ পাৰ কৰিছিলো।জীৱনৰ এই উত্থান-পতনৰ মাজতে মই দশম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীৰ পঢ়া সমাপ্ত কৰিছিলো।

পৰিৱৰ্তনৰ ক্ষণ

৯০ৰ দশকৰ কথা।হয়তো মই সেই সময়ত একাদশ শ্ৰেণীত পঢ়ি আছিলো।এদিন মোৰ মা আৰু খুৰাৰ মাজত খুব কাজিয়া হ’ল। খুৰাই দোকানৰ ভাৰা দিয়া বন্ধ কৰি দিয়াক লৈয়ে কাজিয়াৰ সূত্ৰপাত হৈছিল।সেইদিনাই মই মাক কৈছিলো যে দেউতাৰ দোকান এতিয়াৰে পৰা মই চলাম।কিন্তু মায়ে এই কথা মানি লোৱা নাছিল।মই পঢ়া-শুনা কৰাটোহে তেওঁ বিচাৰিছিল।মইও নেৰা-নেপেৰাকৈ লাগি ইয়াৰ বাবে মাক সৈমান কৰি লৈছিলো।তেতিয়াৰ পৰা মই দোকান চলাবলৈ লওঁ।পুৱাই মই দোকানত উপস্থিত হওঁ।চুলি কটাৰ কৌশল মই শিকিবলৈ ল'লো।কিন্তু মই পঢ়া-শুনা এৰা নাছিলো।পুৱা দোকান,আবেলি পঢ়া-শুনা আৰু ৰাতি আকৌ দোকান।এয়াই মোৰ দৈনন্দিন জীৱনলিপি হৈ পৰিছিল। ৰাতি এক বজালৈও মই দোকান খোলা ৰাখি চুলি কটাৰ কৌশল মনপুতি শিকিছিলো।সেই সময়তে মানুহেও মোক নাপিত মাতিবলৈ লয়।দোকানখনেই মোৰ পৰিচয় হৈ পৰিছিল আৰু মইও এজন নাপিত হৈ পৰিছিলো।

জীৱনৰ পৰিৱৰ্তন ঘটোৱা এটা চিন্তা

১৯৯৩চনত খুৰাই এখন গাড়ী কিনিছিল।নাজানো কিয় এয়া দেখি মোৰ মনতো এক অভিমানে গা কৰি উঠিছিল যে মইও এখন গাড়ী কিনিব লাগে।সৰু-সুৰাকৈ যিমান জমা ধন আছিল সকলোবোৰ মিলাইও গাড়ী কিনিবলৈ প্ৰয়োজনীয় ধন গোট খোৱা নাছিল।কিন্তু মই ঠিক কৰিছিলো যে গাড়ী কিনিব লাগে যেতিয়া কিনিমেই।তাৰ কাৰণে লাগিলে যিয়ে নহওক মই কৰিম।মই টকা ধাৰলৈ লোৱাৰ সিদ্ধান্ত লৈ পেলাইছিলো।এই ধাৰ ল’বলৈ ককাৰ সম্পত্তি বন্ধকত দিব লগীয়া হৈছিল।জেদত লাগিয়ে মই গাড়ীখন কিনিছিলো। মই এখন মাৰুতি ভান কিনিছিলো আৰু খুৰাতকৈ মোৰ গাড়ীখন ভাল হোৱাটো মোৰ গৌৰৱৰ বিষয় আছিল।

গাড়ীখন কিনিলো যদিও ইয়াৰ বাবদ প্ৰতি মাহে মই ছহেজাৰ আঠশ টকা ঋণ আদায় দিবলগীয়া হৈছিল।এই ধন গোটোৱাতো মোৰ বাবে কঠিন হৈ পৰিছিল।এই অসুবিধাৰ বিষয়ে জানিব পাৰি মায়ে কাম কৰা নন্দিনী এক্কা নামৰ মহিলাগৰাকীয়ে এক প্ৰস্তাৱ দিয়ে।এই প্ৰস্তাৱ আছিল ঋণৰ টকা উঠাবলৈ গাড়ীখন ভাড়াত দিয়াৰ।এই প্ৰস্তাৱ মোৰ পচন্দ হৈছিল আৰু মই এই কথাত সন্মত হৈছিলো।ব্যৱসায়ৰ আদিপাঠ মই নন্দিনী অক্কাৰ পৰাই পাইছিলো আৰু তেওঁ মোৰ গুৰুস্বৰূপ।তেওঁ মোৰ বাবে ভগ্নীসম।আজি মই যি পৰ্যায় পাইছোহি তাৰ আঁৰত নন্দিনী অক্কাৰ বৃহৎ অৱদান আছে।মোৰ জীৱনলৈ অহা পৰিৱৰ্তনৰ বাবে তেওঁৰ ওচৰত মই কৃতজ্ঞ।তেওঁ নিজৰ কন্যাৰ বিবাহলৈও মোক মাতিছিল আৰু মানুহবোৰৰ সৈতে মোক পৰিচয় কৰাই দিছিল।

সফল ব্যৱসায়ী হোৱাৰ আৰম্ভণি

১৯৯4 চনৰ পৰাই মই গাড়ী ভাড়াত দিয়াৰ ব্যৱসায় জোৰদাৰ কৰি তুলিছিলো।নন্দিনী এক্কাই চাকৰি কৰা কোম্পানীটোতে মই প্ৰথম মোৰ গাড়ী ভাড়াত দিছিলো।এনেদৰে মই ভাল ধন ঘটিবলৈ লৈছিলো।ব্যৱসায় লাহে লাহে বাঢ়িবলৈ ধৰিছিল।মই এখনৰ পিছত আন এখন গাড়ী কিনিবলৈ লৈছিলো।২০০৪চনলৈকে মই ৫-৬খন গাড়ীৰ গৰাকী হৈ গৈছিলো।গাড়ীৰ পৰাই মোৰ ভাল আয় হ’বলৈ লোৱাৰ বাবে মই নাপিতৰ বৃত্তি বাদ দিয়াৰ সিদ্ধান্ত লৈছিলো।গাড়ীৰ ব্যৱসায়ত আন আন ব্যৱসায়ীসকলৰ সৈতে প্ৰতিযোগিতা কৰিবলগীয়া হোৱাৰ বাবে মই মোৰ সম্পূৰ্ণ ধ্যান এই ব্যৱসায়তে লগোৱাৰ ঠিৰাং কৰিছিলো।সেই সময়ত ঘৰে-ঘৰে সৰু গাড়ী থকাৰ বাবে মই ডাঙৰ গাড়ী অৰ্থাৎ বিলাসী বাহন কিনা আৰম্ভ কৰিছিলো।

শংকা নেওচি

২০০৪চনত মই প্ৰথমখন বিলাসী বাহন কিনাৰ সময়ত সকলোৱে কৈছিল যে মই বহুত ডাঙৰ ভুল কৰিছো।২০০৪ চনত ৪০ লাখ টকা খৰচ কৰাটো বহুত ডাঙৰ কথা আছিল। বিলাসী বাহন লাগে এখনেই হওক কিন্তু চল্লিশ লাখ টকাৰ অংকটো বৃহৎ । সঁচা কথা ক’বলৈ গ’লে মইও প্ৰথমতে দোধোৰ-মোধোৰত পৰিছিলো আৰু মোৰ মনতো সন্দেহৰ সৃষ্টি হৈছিল।কিন্তু ব্যৱসায় ডাঙৰ কৰিবলৈ হ’লে এইখিনি কৰিবই লাগিব গতিকে মই সকলো দুঃচিন্তা আঁতৰাই নিজৰ সিদ্ধান্তত অটল হৈ ৰও।লগতে মই এয়াও ঠিক কৰিছিলো যে যদিহে বিপদ হয় তেনেহ’লে গাড়ীখন বেচি দিম।কিন্তু সৌভাগ্যক্ৰমে এনে দিন নাহিল।আন কোনো ব্যৱসায়ীৰ ওচৰত বিলাসী বাহন নাছিল আৰু এয়া মোৰ বাবে লাভদায়ক কথা হৈ পৰে।কিছুসংখ্যক লোকৰ ওচৰত ছেকেণ্ড হেণ্ড গাড়ী আছিল কিন্তু মানুহে মোৰ নতুন বিলাসী বাহনখনহে অধিক পচন্দ কৰিছিল।বাংগালুৰুত এখন নতুন বিলাসী বাহন ক্ৰয় কৰা মইয়ে প্ৰথম মানুহ আছিলো।