প্ৰাইভেট বেংকাৰ হ'লগৈ গাড়ী নিৰ্মাতা: হ্ৰদ্যেশ কুমাৰ নামদেৱে সৃষ্টি কৰিছে এটা অনন্য ব্ৰেণ্ড

প্ৰাইভেট বেংকাৰ হ'লগৈ গাড়ী নিৰ্মাতা: হ্ৰদ্যেশ কুমাৰ নামদেৱে সৃষ্টি কৰিছে এটা অনন্য ব্ৰেণ্ড

Wednesday February 17, 2016,

5 min Read

এতিয়া আপুনি বেণ্টলী এজ’ৰ, মার্চিডিজ বেঞ্জ মেইবাখ, ৰ’লচ ৰয়চ ফেণ্টম আৰু ডি.চি অৱণ্টি আদিক বিদায় দি নিশ্চিন্তমনে আদৰি ল’ব পাৰে HI Pvt Ltd নামৰ ভাৰতীয় কম্পেনী এটাই আপোনাৰ ফর্মাচ অনুসৰি নির্মাণ কৰা বিলাসী গাড়ীক৷

এয়া নিজৰ পচণ্ড আৰু ফর্মাচ অনুসৰি কাপোৰ-কানি, জোতা, অলংকাৰ আদি পিন্ধাৰ যুগ৷ এই যুগতে হ্ৰদ্যেশ কুমাৰ নামদেৱে বিলাসী গাড়ী নির্মাণৰ এক উৎপাদন গোট আৰম্ভ কৰিলে৷ সমগ্ৰ বিশ্বজুৰি উপভোক্তাৰ ৰুচি অনুযায়ী গাড়ী নির্মাণৰ পৰিকল্পনাৰেই এই ব্ৰেণ্ডৰ জন্ম দিয়া হৈছে৷ প্ৰথমাবস্থাত এই ব্ৰেণ্ড কেৱল আমন্ত্ৰিত সকলৰ কাৰণেহে হস্তশিল্পৰ প্ৰয়োগেৰে বিশ্বজুৰি যিকোনো লোকৰ দৃষ্টি আকর্ষণ কৰিব পৰাকৈ বিলাসী গাড়ী নির্মাণত ব্ৰতী হৈছে৷

৩৬ বছৰ বয়সীয়া HI Pvt Ltd ৰ প্ৰতিষ্ঠাপক সঞ্চালক হ্ৰদ্যেশ কুমাৰ নামদেৱে কয়, “আপুনি বিচৰা ধৰণেই আমি আপোনাৰ কাৰণে এখন অনুপম গাড়ী সাজি উলিয়াম৷ হস্তনির্মিত অপোনাৰ এই গাড়ীখন সমগ্ৰ পৃথিৱীৰ ভিতৰতে একক আৰু অনন্য হ’ব। ”

image


‘মৰিচ ষ্ট্ৰিট’ হৈছে HI Pvt Ltd ৰ প্ৰথমখন হস্তনির্মিত বিলাসী গাড়ী৷

ব্যক্তিগত বেংকাৰৰ পৰা গাড়ী নির্মাতালৈ...

গাড়ী নির্মাণত হাত দিয়াৰ পূর্বে হ্ৰদ্যেশ কুমাৰ নামদেউ পেচাগতভাৱে এজন বেংকাৰ আছিল৷ বেংকাৰৰ বৃত্তিত জড়িত হৈ থাকোতেই তেওঁ বিভিন্ন ৰাজপৰিয়াল আৰু ধনৱন্ত লোকৰ ধন-সম্পত্তিৰ তদাৰকী আৰু পৰিচালনাৰ কামত জড়িত হৈ পৰিছিল৷ সেই সময়তে তেওঁ ৰাজসিক জীৱনত অভ্যস্ত লোকৰ শিল্পকর্ম বা আন কিছুমান একক আৰু অনন্য সামগ্ৰী সংগ্ৰহৰ প্ৰবৃত্তি সম্পর্কে ভালদৰে জানিব পাৰিছিল৷ তেনেবোৰ লোকৰ সাধাৰণতে পৃথিৱীতে বিৰল সীমিত সংস্কৰণৰ গাড়ী কিনাৰ চখ প্ৰবল৷ ধনবান লোকৰ সেই বাসনালৈ লক্ষ্য ৰাখি হ্ৰদ্যেশ কুমাৰ নামদেৱে এই HI Pvt Ltd নামৰ গাড়ী নির্মাণৰ এক্সক্লুচিভ কম্পেনীটোৰ জন্ম দিলে৷

দীর্ঘদিনৰ গৱেষণাৰ অন্তত হ্ৰদ্যেশ কুমাৰ নামদেৱে গাড়ীনির্মাণৰ পৰিকল্পনাটোৰ সৈতে BHEL ত ৩৪ বছৰকাল বিভিন্ন অভিযান্ত্ৰিক শাখাত কর্মৰত তেওঁৰ দেউতাক এম.লালৰ কাষ চাপিল৷ এইদৰেই ২০১৫ চনত HI Pvt Ltd ৰ জন্ম হ’ল৷ এই একক আৰু অনন্য গাড়ীসমূহ হস্তনির্মিত আৰু কিছুমান লাংখা-লিংখি বস্তুৰ পৰাই এইবোৰ সাজি উলিউৱা হয়৷

গাড়ী নির্মাণৰ এই গোটেই প্ৰক্ৰিয়াটোত ডিজাইন, গাড়ীখনৰ গঠন, যন্ত্ৰ-পাতি স্থাপন, কার্যকুশলতা, অৱয়বক আকর্ষণীয়কৈ ৰূপ দিয়া আৰু ক্ৰমে গঢ়লৈ উঠা গাড়ীখনক নিখুঁত কৰি তোলা আদি কেইবাটাও স্তৰ আছে৷ এই সকলোবোৰ স্তৰকে এজন শিল্পীৰ দৰেকৈ গৰাকীজনৰ মনোমত ৰূপ দিবলৈ চেষ্টা কৰা হয়৷

গাড়ী এখনক কেনেকৈ গৰাকীৰ মনোমত ৰূপ দিয়া হয়?

HI Pvt Ltd ৰ কর্মীৰ দলে এখন গাড়ীৰ প্ৰতিকৃতিৰ কেতিয়াও পুনৰাবৃত্তি নঘটায় আৰু এই গাড়ীবোৰ স্বাভাবিক কোনো দোকানত বিক্ৰী কৰা নহয় বৰঞ্চ গ্ৰাহকৰ নির্দেশ অনুযায়ী কেৱল তেখেতৰ কাৰণে বিশেষভাৱে তৈয়াৰ কৰা হয়৷

গ্ৰাহকসকলে অনলাইন আৱেদন কৰাৰ পিছত HI Pvt Ltd ৰ কর্মীৰ দলে গ্ৰাহকজনৰ ৰুচি, পচণ্ড আৰু তেখেতে মনেপ্ৰাণে বিচৰা গাড়ীখনৰ বিষয়ে কাগজেপত্ৰই এটা ৰূপ দিবলৈ চেষ্টা কৰে৷

হ্ৰদ্যেশ কুমাৰ নামদেউৰ মতে এজন গ্ৰাহকে কেতিয়াবা অনলাইন পখিলা এটাৰ আকৃতিৰ দৰে গাড়ী এখন সাজিবলৈ অর্ডাৰ দিয়ে৷ এনেক্ষেত্ৰত আমি সেই অর্ডাৰটোৰ কার্যকৰিতা সম্পর্কে যথেষ্ট বিচাৰ বিবেচনা কৰি গ্ৰাহকজনক বুজাবলৈ চেষ্টা কৰোঁ যে এনে এখন গাড়ী মিউজিয়ামত থ’বৰ বাবে নিশ্চয়কৈ খুব ভাল হ’ব কিন্তু ৰাস্তাত চলোৱাৰ বাবে কেতিয়াও উপযুক্ত নহ’ব৷

HI Pvt Ltd এ নির্মাণ কৰা বেছি সংখ্যক গাড়ীয়েই মুম্বাইস্থিত তেওঁলোকৰ ঔদ্যোগিক উৎপাদন গোটতে সঁজা হয়৷ পৃথিৱীৰ যিকোনো প্ৰান্তৰৰ লোকেই অর্ডাৰ কৰা গাড়ীবোৰ সঁজা হয় কিন্তু ভাৰতত । পিছত সেইবোৰ বিভিন্ন উপায়েৰে গ্ৰাহক সকলৰ ওচৰলৈ পঠোৱা হয়৷

বিশ্বত সমাদৃত এক ভাৰতীয় ব্ৰেণ্ড তৈয়াৰীৰ চেষ্টা...

এই ব্যৱসায়ত HI Pvt Ltd এতিয়াও এটা শিশু হৈয়ে আছে৷ কিন্তু গাড়ী নির্মাণৰ কাৰিকৰী বিদ্যা, প্ৰতিভাসম্পন্ন কলাকূশলী, ডিজাইনাৰ আৰু সর্বতোপৰি অর্থনৈতিক সহযোগিতাৰ বাবে সমগ্ৰ বিশ্বজুৰি HI Pvt Ltd এ অন্বেষন চলাই আছে৷

হ্ৰদ্যেশ কুমাৰ নামদেৱে জনোৱা মতে তেখেতসকলে বর্তমানলৈ ৩০০ জন গ্ৰাহকৰ পৰা অর্ডাৰ পাইছে আৰু তাৰে কিছুমান গাড়ী সুকলমে নির্মাণ কৰি গ্ৰাহক সকলক ডেলিভাৰিও দিয়া হৈছে৷ লগতে তেখেতে ক’লে যে HI Pvt Ltd এ নির্মাণ কৰা এখন গাড়ীৰ মূল্য সাধাৰণতে ১ মিলিয়ন ডলাৰৰ ওচৰে-পাজৰে হয়৷

হ্ৰদ্যেশ কুমাৰ নামদেউৰ মতে তেওঁলোকে সদায়ে নতুন নতুন ধাৰণালৈ গাড়ী নির্মাণ কৰি যাব আৰু এইদৰে কাম কৰাৰ ফলতে তেওঁলোকে আন কোম্পানীৰ পোনপটীয়া প্ৰতিযোগিতাৰ পৰা সদায়ে আঁতৰত থাকিব৷

য়’ৰ ষ্টৰীৰ সংযোজন...

ICRA নামৰ ক্ৰেডিট ৰেটিং এজেঞ্চিটোৰ মতে ২০২০ চনৰ ভিতৰত এতিয়াৰ ৩০০০০ খনৰ পৰা বিলাসী গাড়ীৰ বিক্ৰী ১০০০০০ খনলৈ বৃদ্ধি পোৱাটো নিশ্চিত৷ তাৰোপৰি সেই একেটা সমীক্ষাই কৈছে যে এনেধৰণৰ গাড়ী কিনিব পৰাকৈ বর্তমানে ভাৰতৰ ১.৮ লাখ মানুহ সক্ষম হৈছে আৰু এই সংখ্যাটো নিতৌ দ্ৰুত হাৰত বাঢ়িব ধৰিছে৷

কিন্তু এতিয়া ভাৰতৰ গাড়ী বিক্ৰীৰ মাত্ৰ ১.৫% লোকেহে বিলাসী গাড়ী ক্ৰয় কৰে যিটো গড় হিচাবত পৃথিৱীৰ আন আন দেশৰ তুলনাত তেনেই সামান্য৷

আনহাতে BMW ৰ প্ৰেচিডেণ্ট ফিলিপ ভন চ্যৰৰ মতে ভাৰতৰ মেট্ৰ’ চহৰ কেইখনৰ লগে Tier II আৰু Tier III ৰ চহৰ সমূহতো BMW গাড়ীৰ বিক্ৰী বাঢ়িছে৷

এনে গাড়ীৰ বজাৰৰ যিমানে সম্প্ৰসাৰণ ঘটিব সিমানে কোম্পানীবোৰৰ কাৰণে প্ৰত্যাহ্বানবোৰো তীব্ৰ হৈ আহিব৷ অডি ইণ্ডিয়াৰ মতে তেওঁলোকে ২০১৪-২০১৫ বর্ষত ভাৰতত ১১২৯২ খন গাড়ী বিক্ৰী কৰাৰ বিপৰীতে মার্চিডিজ বেঞ্জএ বিক্ৰী কৰিছে ১১২১৩ খন গাড়ী৷ পূর্বৰ বছৰটোৰ তুলনাত অডি ইণ্ডিয়া আৰু মার্চিডিজ বেঞ্জৰ বিক্ৰীৰ হাৰ ক্ৰমে ১১.৫১% আৰু ১৮% বৃদ্ধি পাইছে৷

য’ত পৃথিৱীৰ শ্ৰেষ্ঠ গাড়ীৰ ব্ৰেণ্ড সমূহেই নিজৰ মাজত এইদৰে প্ৰতিযোগীতা কৰি ভাৰতৰ বজাৰত খোপনী পুতিছে তালৈ লক্ষ্য কৰি HI Pvt Ltd এ ভবিষ্যতে কিমানলৈ আগুৱাব পাৰিব সেই লৈ বহুতেই নিশ্চয় সন্দেহৰ আঙুলি টোৱাব৷ কিন্তু এইক্ষেত্ৰত হ্ৰদ্যেশ কুমাৰ নামদেৱে স্পষ্টভাৱে জনায় যে HI Pvt Ltd ৰ গাড়ী সমূহ BMW বা Audi তকৈ সম্পূর্ণ পৃথক আৰু একক৷ হ্ৰদ্যেশৰ মতে তেওঁলোকে এটা ধৰণৰ কেৱলমাত্ৰ এখনেই গাড়ী সাজিব আনকি তেওঁ লিমিটেড এডিচনৰ ধাৰণাটোৰ পৰাও HI Pvt Ltd দূৰত থাকিব বুলি কয়৷

মূল ৰচনা: সিন্ধু কাশ্যপ

অসমীয়া অনুবাদ: মণি ভট্টাচার্য্য

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

অমৃত প্ৰীতম: শব্দৰে খেলা কৰা যুৱকজন

গৃহিণীৰ পৰা মাষ্টাৰ চেফলৈ: কিটচেন কুইন জুমি আহমেদৰ সুস্বাদু যাত্ৰা

গ্ৰেণেড বিস্ফোৰণত অংগক্ষত হৈয়ো আজি প্ৰেৰণাৰ অন্য নাম মালবিকা আয়াৰ

দৰিদ্ৰ শ্ৰমিকৰ পৰা আমেৰিকান প্ৰযুক্তি কোম্পানীৰ মুখ্য কাৰ্যবাহী হোৱা এগৰাকী অসাধাৰণ নাৰীৰ অদম্য সাহসৰ কাহিনী