একাংশ ৰাজ্যক ৰাষ্ট্ৰীয় ক্ষুদ্ৰ সঞ্চয় পুঁজি বিনিয়োগৰ আওঁতাৰ পৰা আঁতৰোৱাত কেবিনেটৰ অনুমোদন

একাংশ ৰাজ্যক ৰাষ্ট্ৰীয় ক্ষুদ্ৰ সঞ্চয় পুঁজি বিনিয়োগৰ আওঁতাৰ পৰা আঁতৰোৱাত কেবিনেটৰ অনুমোদন

Friday January 27, 2017,

2 min Read

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত অৰুণাচল প্রদেশ, দিল্লী, কেৰালা আৰু মধ্যপ্রদেশক বাদ দি দেশৰ বাকী ৰাজ্য তথা কেন্দ্রীয় শাসিত অঞ্চলসমূহক ১ এপ্ৰিল, ২০১৬ৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাষ্ট্ৰীয় ক্ষুদ্ৰ সঞ্চয় পুঁজি বিনিয়োগৰ আওঁতাৰ পৰা আঁতৰ কৰাত অনুমোদন জনায়। বৈঠকত দেশত খাদ্য-সামগ্ৰীৰ ৰাজসাহায্য মোকাবিলা কৰিব পৰাকৈ ৰাষ্ট্ৰীয় ক্ষুদ্ৰ সঞ্চয় পুঁজিৰ পৰা ভাৰতীয় খাদ্য নিগমক ৪৫,০০০ কোটি টকা এককালীন ঋণ প্ৰদানটো অনুমোদন জনোৱা হয়।

কেবিনেটৰ এই সিদ্ধান্তৰ ফলত ৰাষ্ট্ৰীয় ক্ষুদ্র সঞ্চয় পুঁজিৰ বিনিয়োগযোগ্য ধনৰ মাত্রা আৰু অধিক বৃদ্ধি পাব। এনে পৰিপেক্ষিতত বিনিয়োগৰ আওতাৰ বাহিৰত হোৱা ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে বজাৰৰ পৰা অধিক পৰিমাণে ঋণ গ্রহণৰ সুযোগ লাভ কৰিব। অৰুণাচল প্রদেশ, দিল্লী, কেৰালা আৰু মধ্যপ্রদেশক ৰাষ্ট্ৰীয় ক্ষুদ্র সঞ্চয় পুঁজিৰ পৰা ঋণ সাহায্য প্ৰদানৰ ব্যৱস্থা বাহাল থকাৰ সমান্তৰালভাৱে বাকী ২৬খন ৰাজ্য আৰু পুডুচেৰীক এই পুঁজিৰ ঋণ সংগ্ৰহ কৰাৰ পৰা বিৰত থকাৰ পক্ষতে মত প্ৰকাশ কৰিছে।

image


ইফালে, ৰাষ্ট্ৰীয় ক্ষুদ্ৰ সঞ্চয় পুঁজিৰ পৰা অৰুণাচলপ্ৰদেশে ১০০শতাংশ ঋণ লাভ কৰাৰ বিপৰীতে দিল্লী, কেৰালা আৰু মধ্যপ্রদেশে ৫০শতাংশকৈ ঋণ লাভ কৰিব।

ভৱিষ্যতে ৰাষ্ট্ৰীয় ক্ষুদ্ৰ সঞ্চয় পুঁজিৰ বিনিয়োগ তথা ব্যয়ৰ পৰিমাণ বৃদ্ধি কৰিবলৈ হ’লে বিত্ত মন্ত্ৰালয়ৰ অনুমোদন ল’ব লাগিব। ৰাষ্ট্ৰীয় ক্ষুদ্ৰ সঞ্চয় পুঁজিৰ সুদৰ হাৰ পৰিশোধ নীতি আৰু ইয়াৰ ঋণৰ ব্যৱস্থাৰ পুনৰ গঠন ইত্যাদি দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভাৰতীয় খাদ্য নিগম, খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগ আৰু বিত্ত মন্ত্ৰালয়ৰ মাজত এখনি চুক্তিও স্বাক্ষৰ কৰা হ’ব। ভাৰত চৰকাৰে প্ৰয়োজন সাপেক্ষে এই ঋণৰ পৰিমাণ হ্ৰাস-বৃদ্ধি কৰিব পাৰিব।

নতুনকৈ গ্ৰহণ কৰা এই সিদ্ধান্তৰ বাবে ৰাষ্ট্ৰীয় ক্ষুদ্ৰ সঞ্চয় পুঁজিৰ কোনো অতিৰিক্ত ব্যয় নহয়। এই সিদ্ধান্তৰ ফলত বৰ্তমান অৰুণাচল প্রদেশ, দিল্লী, কেৰালা আৰু মধ্যপ্রদেশক ৰাষ্ট্ৰীয় ক্ষুদ্র সঞ্চয় পুঁজিৰ পৰা ধাৰাবাহিকভাৱে ঋণ ল’ব পাৰিব আৰু বাকী ২৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে প্ৰয়োজনমতে বজাৰৰ পৰা ঋণ সংগ্ৰহ কৰিব পাৰিব।

পটভূমিঃ

চতুৰ্দশ বিত্ত আয়োগে দিয়া পৰামৰ্শমতে ৰাজ্য চৰকাৰসমূহক ৰাষ্ট্ৰীয় ক্ষুদ্ৰ সঞ্চয় পুঁজিৰ বিনিয়োগৰ আওঁতাৰ পৰা বাদ দিব লাগে। কাৰণ ৰাষ্ট্ৰীয় ক্ষুদ্ৰ সঞ্চয় পুঁজিৰ ঋণ ৰাজ্য চৰকাৰসমূহৰ বাবে এক অতিৰিক্ত ব্যয়, যাৰ বজাৰ মুল্য স্বাভাৱিকতে কম। ২০১৫ৰ ২২ ফেব্ৰুৱাৰীত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে বিভিন্ন অংশীদাৰৰ সৈতে আলাপ আলোচনা কৰি এই পৰামৰ্শৱলীক গ্ৰহণ কৰে। ইয়াৰ পৰিপেক্ষিততে ৰাষ্ট্ৰীয় ক্ষুদ্ৰ সঞ্চয় পুঁজিৰ ঋণৰ পৰা অৰুণাচল প্রদেশ, দিল্লী, কেৰালা আৰু মধ্যপ্রদেশক বাদ দি বাকী ২৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক ইয়াৰ আওঁতাৰ পৰা মুক্ত কৰাৰ সিদ্ধান্ত লয়।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

উত্তৰ পূবৰ বিভিন্ন ষ্টাৰ্টআপৰ যোগদানেৰে আপষ্টাৰ্ট -২০১৭ৰ সফল সামৰণি

নাৰিকল লাড়ুৰে ব্যৱসায় আৰম্ভ কৰি 'মেঘাজ ফুড প্ৰডাক্ট'ৰ জন্ম দিলে মেঘালী বৰাই

বিশ্বৰ আটাইতকৈ বেছি বয়সীয় মহিলা শৰীৰচৰ্চাবিদগৰাকী

অনলাইন শ্বপিঙক এক নতুন মাত্ৰা দিবলৈ নতুন ফেচন ডিস্কোভাৰী প্লেটফৰ্ম ৰেড প’ল্কা