ভাৰতীয় 'চায়ৱালী' উপমা অষ্ট্ৰেলিয়াৰ বিজনেছ ৱমেন অব দা ইয়েৰ

ভাৰতীয় 'চায়ৱালী' উপমা অষ্ট্ৰেলিয়াৰ বিজনেছ ৱমেন অব দা ইয়েৰ

Tuesday November 08, 2016,

2 min Read

২৬ বছৰীয়া উপমা ৱিৰ্ডি হৈছে এগৰাকী ভাৰতীয় মূলৰ অধিবক্তা । ভাৰতীয় চাহ বিক্ৰী কৰিবলৈ তেওঁ চায়ৱালী নামৰ এটা ষ্টাৰ্টআপ আৰম্ভ কৰিছিল । দুবছৰতে যথেষ্ট জনপ্ৰিয়তা লাভ কৰা এই প্ৰতিষ্ঠানটোৰ বহু অনুৰাগী আছে অষ্ট্ৰেলিয়াত । চিডনীত অনুস্থিত ইণ্ডিয়ান অষ্ট্ৰেলিয়ান বিজনেছ কমিউনিটি এৱাৰ্ডছ অনুস্থানত ২০১৬ চনৰ বিজনেছ ৱমেন অব দা ইয়েৰ বঁটাৰেও বিভূষিত হৈছে উপমা। 

Images : Instagram

Images : Instagram


উপমাৰ ককাক আছিল এজন আয়ুৰ্বেদিক চিকিৎসক আৰু তেওঁ উপমাক শিকাইছিল কিদৰে উৎকৃষ্ট ভেষজ চাহ প্ৰস্তুত কৰিব পাৰি । আইনী উপদেষ্টা হিচাপে চাকৰি কৰি থকাৰ সময়তে আৰম্ভ কৰা চায়ৱালী অতি সোনকালে জনপ্ৰিয় হৈ পৰে । তেওঁ কয়-

"মই যলৈকে যাওঁ ততেই চাহ বনাও । মোৰ মা দেউতাৰ প্ৰথম অনুৰোধ হৈছে - উপমা, অলপ চাহ বনোৱা। মোৰ দাদাৰ বিয়াত হয়তো মই প্ৰায় এহেজাৰ কাপমান চাহ বনাইছিলো । আনকি এটা বৃত্তি লৈ অষ্ট্ৰিয়ালৈ যাওঁতেও মই সকলোকে চাহ কৰি খুৱাইছিলো । মই চাহেৰে মানুহক কাষ চপাওঁ ।"

আজি উপমাৰ অনলাইন টী-ষ্ট'ৰৰপৰা বিভিন্ন প্ৰকাৰৰ চাহ বিক্ৰী হয় । ইয়াৰ উপৰিও আনুষঙ্গিক বস্তু যেনে মমবাতি, পাত্ৰ, আনকি চাহৰপৰা বনোৱা চকলেটো বিক্ৰী হয় আৰু এইবোৰ যথেষ্ট জনপ্ৰিয় । উপমাই ভেষজ চাহ বনোৱাৰ পদ্ধতি সম্পৰ্কে বিভিন্ন কৰ্ণশালাৰো আয়োজন কৰে । 

উপমা মেলবৰ্ণ চাহ মহোৎসৱলৈ আমন্ত্ৰিত হৈছিল । ইয়াত তেওঁ বিশ্বজুৰি ভাৰতীয় চাহ জনপ্ৰিয় কৰাৰ তেওঁৰ ইচ্চাৰ বিষয়ে কৈছিল। 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

পথত বাতৰি কাকত বেচাৰপৰা আই আই টিলৈ শিৱাঙ্গীৰ প্ৰেৰণাদায়ী যাত্ৰা

উত্তৰ-পূবৰ বাবে অইল ইণ্ডিয়া লিমিটেডৰ ৫০ কোটি টকীয়া 'অইল ষ্টাৰ্টআপ পুঁজি'

ৱিনিজ ফুডৰ বিনিতা জৈনৰ বাবে জীৱন হৈছে সাধাৰণ শৈলী আৰু উচ্চ চিন্তা

সমস্যা সমাধান আৰু জীৱন ৰক্ষাত ব্ৰতী অভিজিতা কুলশ্ৰেষ্ঠৰ আকৰ্ষণীয় অতিন্দ্ৰীয়বাদৰ আহ্বান