ভি চি আৰু ষ্টাৰ্টআপৰ সম্পৰ্কৰ ভেটি কি?

ভি চি আৰু ষ্টাৰ্টআপৰ সম্পৰ্কৰ ভেটি কি?

Monday November 21, 2016,

3 min Read

ভেলুৱেশ্যন, ফাণ্ডিঙৰ দৰে বিষয়সমূহক লৈ নতুন যুগৰ উদ্যোগসমূহ ইমান বেছি ব্যস্ত হৈ পৰিছে যে ব্যৱসায়ৰ ৰোমাঞ্চেই নাইকীয়া হৈ গৈছে । অৱশ্যে citurs pay ৰ কাহিনীটো নতুন যুগৰ উদ্যোগীসকলক উদ্বুদ্ধ কৰিবলৈ যথেষ্ট ।

ম'বাইল স্পাৰ্কছ ২০১৬ ত citrus payৰ অন্যতম প্ৰতিস্থাতা জিতেন্দ্ৰ গুপ্তা আৰু Sequoia capital advisers India ৰ মেনেজিং ডাইৰেক্টৰ মোহিত ভাটনাগৰে বিভিন্ন প্ৰসঙ্গত নিজৰ মত বিনিময় কৰে । এই আলোচনাৰ আঁত ধৰে য়'ৰ ষ্ট'ৰীৰ প্ৰধান সম্পাদক শ্ৰদ্ধা শৰ্মাই ।

image


জিতেন্দ্ৰ আৰু মোহিতে গুৰুত্ব দিয়া এটা কথা হ'ল যে ভেলুৱেশ্যনেই আপোনাৰ ব্যৱসায়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হ'ব নোৱাৰে ।

মোহিতে কয়, ভি চি বা ভেঞ্চাৰ কেপিটেল সহজ কথা । টান কথা হৈছে উদ্যোগপতিৰ কঠোৰ পৰিশ্ৰম । অৱশ্যে ভি চি বা ভেঞ্চাৰ কেপিটেলিষ্টৰ সংখ্যা আঙুলিৰ মূৰত লেখিব পৰা ।

ব্যৱসায়ী আৰু ভি চিৰ মাজত এক সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্কৰ গুৰুত্ব সম্পৰ্কে জিতেন্দ্ৰই এটা ঘটনাৰ উল্লেখ কৰে,

২০১৫ চনত যেতিয়া সমগ্ৰ দেশখন উপভোক্তা ব্যৱসায়ৰ দিশে আগবাঢ়িছিল তেতিয়া আমি আমাৰ ডি এন এত বিশ্বাস ৰাখিছিলো আৰু ব্যৱসায়ীসকলৰ ওপৰত গুৰুত্ব দিছিলো । ২০১৫ চনৰ ছেপ্টেম্বৰত যেতিয়া আমাৰ এটা চুক্তি বিফল হ'ল তেতিয়া মই মোহিতক শুধিলো তেওঁ এতি কমেও ১ কোটি মাৰ্কিন ডলাৰ বিনিয়োগ কৰিব পাৰিব নেকি । পিছদিনা সেইখিনি ধন আমাৰ একাউন্টত জমা হৈ গৈছিল । 

এয়া এক বিৰল সম্পৰ্ক । মোহিতে এই সম্পৰ্কে অধিক ব্যাখ্যা কৰে, 

"এটা কোম্পানী প্ৰতিষ্ঠা কৰাটোত কেইবাটাও বিকল্প জড়িত থাকে । আপুনি বিপুল পৰিমাণৰ পুঁজি বিনিয়োগৰ প্ৰতি লক্ষ্য ৰাখিব নে আপোনাৰ কোম্পানীৰ ডি এন এৰ প্ৰতি সজাগ হৈ থাকিব । ইয়াক আপুনি আন কোনো কোম্পানীৰ সৈতে সংযুক্ত কৰিব নে নিজৰ স্বাধীনতা বজায় ৰাখিব । এই প্ৰশ্নবোৰ গভীৰভাৱে চিন্তা কৰিব লাগে ।"

ভাৰতৰ ষ্টাৰ্টআপৰ ক্ষেত্ৰখন এতিয়াও প্ৰাৰম্ভিক স্তৰতে আছে । কিন্তু বহু লোকে এই কথা উপলব্ধি কৰিবলৈ বাকী । 

সফলতাৰ বাবে কোনো ধৰা বন্ধা ফৰ্মূলা নাই । ইয়াৰ লগত জড়িত থাকে বহু উত্থান-পতন । মোহিতে কয়,

"আপুনি বুজিব লাগিব আপোনাৰ শত্ৰু কোন আৰু বন্ধু কোন । এটা কোম্পানীয়ে কোন সময়ত এগ্জিত কৰিব বা নকৰিব সেই কথাটোৰো কোনো ধৰা বন্ধা সময় নাই । আপোনাৰ কোম্পানীৰ অৱস্থা সম্পৰ্কে আপুনি নিজে সিদ্ধান্ত ল'ব লাগিব । "

আজিৰ দিনত ষ্টাৰ্টআপ জগতখনৰ মনোযোগ পুঁজি আৰু ভেলুৱেশ্যনৰ ওপৰতে কেন্দ্ৰীভূত আৰু ব্যৱসায় এটা গঢ়ি তোলাৰ আনন্দ ইয়াত গৌণ । এই কথা বাৰে বাৰে প্ৰমাণিত হৈছে যে অতিমাত্ৰা পুঁজিয়ে আপোনাৰ লোভ বঢ়াই তুলি আপোনাৰ ব্যৱসায় ধ্বংস কৰি দিব পাৰে ।

বিনিয়োগৰ খেলটো আচলতে সম্পৰ্ক সৃষ্টিৰ দৰে । এজন বিনিয়োগকাৰীৰ সৈতে কিদৰে আপুনি ভাল সম্পৰ্ক স্থাপিত কৰিব পাৰে ই তাৰ ওপৰত নিৰ্ভৰ কৰে । কেতিয়াবা এই সম্পৰ্ক সোনকালে স্থাপিত হয় আৰু কেতিয়াবা নহয় ।

এজন সঠিক সহ প্ৰতিষ্ঠাপক বিচাৰি লোৱাৰ দৰেই প্ৰয়োজনীয় কথা হ'ল সঠিক বিনিয়োগকাৰী বিচাৰি উলিওৱা । সেইদৰে সঠিক গোট এটা গঠন কৰাটো যথেষ্ট গুৰুত্বপূৰ্ণ । তেওঁ কয় যে যদি তেওঁলোকে যদি এসময়ত সঠিক গোট গঠনৰ ওপৰত আৰম্ভণীৰ সময়তে গুৰুত্ব দিয়া হলে কামবোৰ সহজ হ'লহেতেন । তেওঁ কয়,

"আৰম্ভণীৰ সময়ত এনে এটা গোট থকাটো দৰকাৰী যিটো দলৰ সদস্যসকলে আপোনাৰ দৰেই কষ্ট কৰিবলৈ প্ৰস্তুত থাকিব ।"

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

অনলাইনৰ লগতে অফলাইন ক্ষেত্ৰখনতো গুৰুত্ব দিয়ক

ম'বাইল ভিত্তিক ষ্টাৰ্টআপৰ বাবে মেক মাই ট্ৰিপৰ দীপ কালৰাৰ পৰামৰ্শ

য়'ৰ ষ্ট'ৰী #msparks 2016 ৰ দহটা উজ্জল নক্ষত্ৰ

ভাৰতত ব্যৱসায় কৰিবলৈ হলে ভাৰতৰ গ্ৰাহকক বুজিব লাগিব: ভিমেক্সৰ সহ-প্ৰতিষ্ঠাপক দীপক খুৰাণা