ষ্টাৰ্ট-আপ ছ’চিয়েল মিডিয়া মাৰ্কেটিঙৰ ৭ টা বেয়া লক্ষণ

ষ্টাৰ্ট-আপ ছ’চিয়েল মিডিয়া মাৰ্কেটিঙৰ ৭ টা বেয়া লক্ষণ

Tuesday December 15, 2015,

4 min Read

“হয়, মই ভুল কৰোঁ কিয়নো জীৱনত সকলো সময়তে পৰামৰ্শ পোৱা নাযায় ।”

এয়া সঁচা কথা, কিন্তু আমি এইটোও মনত ৰখা উচিত যে ভুলবোৰৰ পৰা আমি শিকিব লাগে। বিশেষকৈ ছ’চিয়েল মিডিয়াৰ ক্ষেত্ৰত ভুল হোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ থাকিব নোৱাৰে।

image


গতিকে কোম্পানী বা বিশেষত ষ্টাৰ্ট-আপবোৰে ছ’চিয়েল মিডিয়াত নিজৰ কোম্পানীৰ ব্যৱসায়িক দিশবোৰ পৰ্যালোচনা কৰাৰ ক্ষেত্ৰত কোনবোৰ ভুল কৰে সেই সম্পৰ্কত মই কেইটামান দিশৰ বিষয়ে কব বিচাৰিছোঃ

(১) ভুল প্লেটফৰ্ম

এটা কথা সকলোৱে মনি ল'ব যে ২০১৫ ৰ ৩১ মাৰ্চলৈ হোৱা পৰিসংখ্যাই কয় যে ফেচবুকৰ মাহেকীয়া সক্ৰিয় ব্যৱহাৰকাৰীৰ সংখ্যা ১ দশমিক ৪৪ বিলিয়ন। কিন্তু সমগ্ৰ পৃথিৱীৰ লোক একে সময়তে আপোনাৰ কোম্পানীৰ গ্ৰাহক হ’ব নোৱাৰে। বৰ্তমান যুগত, যিসময়ত প্ৰতিগৰাকী লোকে নিজৰ পছন্দ মতে কাম কৰিব পাৰে তেনে সময়ত এটা ষ্টাৰ্ট-আপে বুজি পাব লাগিব নিজৰ নিৰ্দ্ধাৰিত গ্ৰাহকৰ কথা। এই টাৰ্গেট অডিয়েন্স নিৰ্দ্ধাৰণ কৰাতোৱেই হ’ল এটা কোম্পানীৰ মূল কথা। আৰু এই কথাটো ঠিক কৰাৰ পাছত কোম্পানীটোৱে বিছাৰি উলিয়াব লাগিব যে তেওঁলোকৰ গ্ৰাহকসকল কোনটো মিডিয়া প্লেটফৰ্মত সক্ৰিয়। এটা কথা বুজি লোৱা ভাল যে ফেচবুকত কোনেও চাকৰিৰ সন্ধান নকৰে বা লিংকড্-ইনত কোনেও হোটেল কিম্বা কোনো প্ৰডাক্তৰ পৰ্যালোচনা নপঢ়ে। নিজৰ গ্ৰাহক সক্ৰিয় হৈ নথকা মিডিয়া প্লেটফৰ্ম এটাত কোম্পানীটো সক্ৰিয় হৈ থাকিলে কোনো ফল নধৰে।

ফেচবুক-এইটো এটা ভাল প্লেটফৰ্ম যদিহে

আপোনাৰ হাতত উচ্চ মানযুক্ত দৃশ্যমান তথ্য আছে

আৰু আপুনি এটা কমিউনিটীৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব বিচাৰিছে।

আপুনি কমিউনিটীটোৰ জৰিয়তে নিজৰ গ্ৰাহক আৰু তেওঁলোকৰ বন্ধুবৰ্গৰ মাজত প্ৰভাৱ পেলাব বিচাৰিছে।

টুইটাৰ- এইটো এটা ভাল প্লেটফৰ্ম

নিজৰ বাৰ্তা সম্প্ৰচাৰ কৰাৰ বাবে

সময়ত চলি থকা এটা প্ৰচলিত বাৰ্তাত মতামত আগবঢ়াবলৈ

মতামত ব্যক্ত কৰা লোকসকল তথা বিষয়সমূহত কথা কোৱা নেতাৰ সৈতে যোগাযোগ সুদৃঢ় কৰিবলৈ

নিজৰ বাবে তথা কোম্পানীৰ বাবে এক স্থান সুনিশ্চিত কৰিবলৈ।

লিংকড-ইনঃ এইটো ব্যৱহাৰ কৰক যদিহে

আপোনাৰ কোম্পানীটো বিটুবি

আৰু আপুনি প্ৰফেছনেলছৰ সৈতে যোগাযোগ সুদৃঢ় কৰি আপোনাৰ কোম্পানীৰ চিন্তাৰ ধৰণ প্ৰতিষ্ঠা কৰিব বিচাৰিছে।

গুগল প্লাচ- এটা ভাল প্লেটফৰ্ম

আপোনাৰ কোম্পানীৰ বিক্ৰীকেন্দ্ৰীক প্ৰচেষ্ঠাক সহায় কৰিব

গুগল কমিউনিটীৰ জড়িয়তে একে ধৰণৰ চিন্তা কৰা ব্যক্তিৰ সৈতে যোগাযোগ সুদৃঢ় কৰাত সহায় কৰিব।

পিন্টাৰেষ্টঃ আপুনি এইটো ব্যৱহাৰ কৰক যদিহে

আপোনাৰ টাৰ্গেট অডিয়েন্সত মহিলা আছে

আৰু আপোনাৰ লগত কোম্পানীৰ বিষয়ে দেখুৱাবলৈ উন্নত দৃশ্যমান তথ্য আছে

ওপৰত উল্লেখ কৰাবোৰ মই ভাৱি উলিওৱা ছ’চিয়েল প্লেটফৰ্মৰ এটা এটা উদাহৰণ। আপুনি আপোনাৰ কোম্পানীৰ বাবে প্ৰয়োজনীয় প্লেটফৰ্মটো বাচি উলিয়াবলৈ আৰু অধিক পৰ্যালোচনাৰ প্ৰয়োজন।

(২) অতি বেছি বা অতি কম

এবাৰ এটা ছ’চিয়ল প্লেটফৰ্ম বাছি উলিওৱাৰ পাছত আপোনাৰ দায়িত্ব হ’ব আপুনি সেই প্লেটফৰ্মটোত সক্ৰিয় হৈ থকাটো। যদিহে ছ’চিয়েল প্লেটফৰ্মটোত থকাৰ পাছত আপোনাৰ উপস্থিতি সক্ৰিয় নহয় তেন্তে যথেষ্ট ঋণাত্মক বাৰ্তা প্ৰেৰণ কৰিব। টুইটাৰত যদি আপোনাৰ শেহতীয়া হেন্দলটো দুই বছৰৰ আগৰবুলি দেখুৱায় তেন্তে সেয়া টুইটাৰ থকা-নথকাৰ সমান। আৰু অৱশ্যে বেছি কৰাটোও শোভনীয় নহয়। যদিহে বেছি লাইকছ পোৱাৰ আশাত আপুনি দিনটোত কোম্পাীৰ দহটা আপডেট দিয়ে তেন্তে সেয়া কেতিয়াও সঠিক হ’ব নোৱাৰে।

(৩) কনটেন্ট মাৰ্কেটিঙক অৱজ্ঞা কৰাটো

ছ’চিয়েল মিডিয়া মাৰ্কেটিঙৰ প্ৰধান আহিলা হৈছে কনটেন্ট মাৰ্কেটিং। আপোনাৰ কোম্পানীৰ গুণাগুণ বাখ্যা কৰি লিখা ভাল ব্লগ থাকিব লাগে। আপোনাৰ অডিয়েন্সৰ সৈতে যোগায়োগ সুদৃঢ় কৰি ৰাখিবলৈ ভাল ইনফ’গ্ৰাফিকৰ প্ৰয়োজন। ই-বুক এটা ভাল উপায় হ'ব পাৰে। আপোনাৰ চিন্তাক গ্ৰাহকৰ মাজলৈ নিবলৈ ভাল কনটেন্ট মাৰ্কেটিঙ হৈছে প্ৰধান আহিলা।

(৪) অহেতুক কনটেন্ট বা নিজৰ প্ৰচাৰ

প্ৰতিটো প্লেটফৰ্মৰ নিজা কনটেন্টৰ প্ৰয়োজনীয়তা আছে। আৰু এই কথাটো লক্ষ্য নাৰাখি আপুনি একেচা বিষয়ৰ কনটেন্ট সকলো প্লেটফৰ্মত ব্যৱহাৰ কৰাৰ ভুলটো কেতিয়াও নকৰিব। প্ৰতিটো প্লেটফৰ্মৰ নিজৰ বিষয় আৰু প্ৰয়োজনীয়তা থাকে। আৰু আপোনাৰ গ্ৰাহকসকল একে সময়তেই প্ৰতিটো প্লেটফৰ্মত উপস্থিত নাথাকে। ছ’চিয়েল মিডিয়াৰ কেতবোৰ বিষয়ৰ ওপৰত গুৰুত্ব আৰু সময় দিয়াতো অতীৱ প্ৰয়োজন। নিজৰ বিষয়ে তথা নিজৰ উৎপাদিত সামগ্ৰীৰ অধিক প্ৰচাৰৰ ওপৰত গুৰুত্ব দিয়াতকৈ এক সমানুপাতিক ধাৰাত প্ৰচাৰৰ ওপৰত গুৰুত্ব দিয়াতো প্ৰয়োজন।

(৫) নিজৰ প্ৰচাৰ কেতিয়াও মাত্ৰাধিক নহয়

ষ্টাৰ্ট-আপবোৰৰ প্ৰতিষ্ঠাতাৰ লগত গ্ৰাহকে নিজকে সংযুক্ত কৰিব পাৰে। সেয়েহে কোম্পানীবোৰে নিজৰ বিষয়ে মাত্ৰাধিক প্ৰচাৰ কৰাৰ পৰিবৰ্তে কোম্পানীৰ প্ৰতিষ্ঠাতাৰ লগত গ্ৰাহকৰ সুসম্বন্ধ ৰক্ষা কৰাত গুৰুত্ব দিয়া উচিত।

image


(৬) ঋণাত্মক অভিমতৰ পৰা আঁতৰি নাযাব

বহু কেইটা কোম্পানীয়ে ছ’ছিয়েল মিডিয়াত ঋণাত্মক অভিমত বা বক্তব্যৰ সংশয়ত ভোগা দেখা যায়। কিন্তু সচা অৰ্থত ঋণাত্মক বক্তব্যৰ উচিত খণ্ডনৰ যোগেদি এটা কোম্পানীয়ে নিজৰ গ্ৰাহকৰ পৰা আস্থা বুটলিবলৈ সক্ষম হব। সকলো ঋণাত্মক মন্তব্যৰ উচিতভাৱে উত্তৰ দি তথা ভুলবোৰ স্বীকাৰ কৰি সেই বিষয়ে সমাধান উলিয়াই গ্ৰাহকৰ মাজত আস্থা সৃষ্টি কৰিবলৈ চেষ্টা কৰিব লাগে।

image


(৭) নিজৰ টাৰ্গেট অডিয়েন্সৰ লগত যোগায়োগ ৰক্ষা কৰি চলক

আপুনি সদায় নিজৰ টাৰ্গেট অডিয়েন্সৰ লগত যোগাযোগ অব্যাহত ৰখা উচিত। যদিহে আপোনাৰ টাৰ্গেট অডিয়েন্স যুৱকসকল তেন্তে আপুনি তেওঁলোকৰ বাবে চিন্তা কৰাটো প্ৰয়োজন। আপুনি আপোনাৰ কোম্পানীৰ হৈ মাৰ্কেটিঙ কৰিলে নিজৰ কোম্পানীৰ চৰিত্ৰ প্ৰতিফলিত কৰিব পাৰিব লাগিব। এতিয়াৰ যুগত মাৰ্কেটিঙৰ কাম অকল কোম্পানীৰ মাৰ্কেটিং বিভাগৰেই নহয় এয়া হৈছে কোম্পানীটোৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিৰ দায়িত্ব। আপোনালোকে এই উদাহৰণটো চাব পাৰে,

image


লেখকঃ ৰাধা গিৰি

অনুবাদঃ শোণিত কুমাৰ গোস্বামী