বাংগালুৰুত আৰম্ভ প্ৰযুক্তি ষ্টাৰ্টআপৰ মহাকুম্ভ টেকস্পাৰ্কছ ২০১৬

বাংগালুৰুত আৰম্ভ প্ৰযুক্তি ষ্টাৰ্টআপৰ মহাকুম্ভ টেকস্পাৰ্কছ ২০১৬

Friday September 30, 2016,

2 min Read

য়'ৰ ষ্ট'ৰী মিডিয়াই আয়োজন কৰা ভাৰতৰ বৃহত্তম প্ৰযুক্তি ষ্টাৰ্টআপ সমাৰোহ টেকস্পাৰ্কছ ২০১৬ শুকুৰবাৰে আৰম্ভ হ'ল বাঙ্গালুৰুত । সপ্তম বছৰৰ বাবে আয়োজিত এই দুদিনীয়া সমাৰোহত দেশ বিদেশৰ বিভিন্ন ষ্টাৰ্টআপ প্ৰতিষ্ঠাতা, প্ৰযুক্তিবিদ, বিনিয়োগকাৰী আদিৰ সমাহাৰ ঘটিছে । টেকস্পাৰ্কছৰ উদ্বোধনী ভাষণ প্ৰদান কৰি য়'ৰ ষ্ট'ৰীৰ মূখ্য সম্পাদক তথা মূখ্য কাৰ্যবাহী বিষয়া শ্ৰদ্ধা সৰ্মাই উদ্যোগশীলতাৰ ক্ষেত্ৰত নিজৰ দিঘলীয়া সংগ্ৰাম আৰু সফলতাৰ বিষয়ে মন্তব্য কৰি কয় যে উদ্যোগশীলতাৰ পথ ওখোৰা মোখোৰা আৰু এই যাত্ৰাপথত উদ্যমীজন তেনেই অকলশৰীয়া । কিন্তু এই যাত্ৰাৰ সুখ অনন্য । "এক বিশাল প্ৰতিষ্ঠান গঢ়ি তোলা আৰু পুঁজি গঠন তেতিয়াহে সম্ভৱ যেতিয়া আমি পুঁজিৰ চিন্তাতে সীমাবদ্ধ হৈ নাথাকোঁ ।" তেওঁ কয় । ৩০০০ লোকেৰে ঠাহ খাই থকা এটা প্ৰেক্ষাগৃহত বিপুল হাতচাপৰিৰ মাজত তেওঁ সকলোকে নিজৰ মাজত এটা ফিৰিঙতি বিচাৰি উলিয়াবলৈ আহ্বান জনায় । 

image


অনুস্থান উদ্বোধন কৰি কৰ্ণাটকৰ তথ্য প্ৰযুক্তি মন্ত্ৰী প্ৰিয়াংক খৰ্গেই কৰ্ণাটক চৰকাৰে ষ্টাৰ্টআপক উদগনি যোগাবৰ বাবে লোৱা আঁচনিসমূহৰ কথা কয় । তেওঁ কয় যে কৰ্ণাটক চৰকাৰে দেশৰ ষ্টাৰ্টআপ ৰাজধানী বাঙ্গালুৰুক দেশৰ সকলো ব্যৱসায়ীৰ বাবে এক জনপ্ৰিয় লক্ষ্যস্থান হিচাপে প্ৰস্তুত কৰি তুলিছে । বাংগালুৰুত ইতিমধ্যে ৪০০০ সক্ৰিয় ষ্টাৰ্টআপে ব্যৱসায় চলাই আহিছে বুলি তেওঁ কয় ।

টেকস্পাৰ্কছ ২০১৬ৰ পোনপটীয়া সম্প্ৰচাৰ চাওক

image


বাংগালুৰুৰ তাজ ভিভান্টাত অনুস্থিত এই সমাৰোহত দেশ বিদেশৰ বিভিন্ন উদ্যোগী, বিনিয়োগকাৰী, প্ৰযুক্তিবিদ, ছাত্ৰ-ছাত্ৰী আৰু অন্যান্য ইচ্ছুক ব্যক্তিসকলে বিনিময় কৰাৰ লগতে বিভিন্ন কৰ্মশালাতো যোগদান কৰিব পাৰিব । ইয়াৰ উপৰিও বহুকেইটা প্ৰডাক্ট লন্স অনুস্থানো আয়োজিত হ'ব ।

এইবাৰৰ টেকস্পাৰ্কছৰ আপ্তবাক্য (theme) হৈছে গঢ়া, বৃদ্ধি কৰা আৰু আৰ্থিকভাৱে সবল কৰি তোলা (build, grow and monetize) । দুদিনীয়া এই সমাৰোহৰ বিশিষ্ট বক্তাসকলৰ অন্যতম হৈছে কৰ্ণাটকৰ তথ্য প্ৰযুক্তি মন্ত্ৰী প্ৰিয়াংক খাৰ্গে, কৰ্ণাটকৰ অতিৰিক্ত মূখ্য সচিব ৰত্না প্ৰভা, ফিউচাৰ গ্ৰুপৰ কিশোৰ বিয়ানী, টাটা চনছৰ ড° মুকুণ্ড ৰাজন, মেপ মাই জেনমৰ অনু আচাৰ্য, জেনডেস্কৰ জুলি নাইট, বুক মাই শ্বৰ আশীষ হেমৰাজানী, চিকুইয়া কেপিটেলৰ শৈলেন্দ্ৰ সিং, জেনডেস্কৰ মৰ্টেন প্ৰিমডাল, শ্বপিফাইৰ ব্ৰাম ছুগাৰমেন, জেষ্টমানীৰ লিজ্জী চেপমেন, কুনাল শ্বাহ, বেবী চক্ৰৰ নাইয়া ছাগ্গী, ভিষ্টা ব্পুমৰ আংকিতা শেঠ আৰু টেন টেন টেন প্ৰডাক্টছৰ ৰমেশ শ্ৰীৱৎস ।

image


টেকস্পাৰ্কছ ২০১৬ ৰ স্পনছৰসকল হ'ল জেনডেস্ক, এক্সিছ বেংক, চিকুইয়া, ডিজিটেল অছেন, মাইক্ৰছফ্ট, এমাজন ৱেব ছাৰ্ভিচ, টাৰ্গেট, আকামাই, ডট কম ডট নেট, কেৰেলা ষ্টাৰ্টআপ মিছন আৰু ব্ৰেণ্ড লন্স চেন্টাৰ ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

শিতলকাৰী পোছাক: অতীত হ'ব বাতানূকুলক

ব্যক্তিগত শাখাত অলিম্পিক পদক অৰ্জন কৰা প্ৰথম ভাৰতীয় কে ডি যাধৱ

বাইকত সমাজসেৱা এঞ্জেলছ ৰাইডাৰ্ছ গ্ৰুপৰ

মদ আৰু ড্ৰাগছৰ কৱলৰপৰা ওলাই অহা নিলপৰ্ণা আজি সফল বডি বিল্ডাৰ