দুখীয়া ল’ৰা- ছোৱালীক পঢ়ুৱাবৰ বাবে নিজৰ স্বচ্ছল জীৱন ত্যাগ কৰিলে কৰিলে এগৰাকী CA ই

0

দিল্লী বিশ্ববিদ্যালয়ৰ পৰা বি কম কৰাৰ পিছত চি.এ. কৰিছিল কুঞ্জল সেহগলে....

এটা ভাল চাকৰি এৰি আগম্ভ কৰিলে বেচৰকাৰী সংস্থা অধিযজ্ঞ....

সৰিতা বিহাৰত দৰিদ্ৰ ল’ৰা ছোৱালীক পঢ়ুৱায় কুঞ্জল সেহগলে....

প্ৰতিযোগীতাৰ দৌৰত আনক পিছ পেলাই নিজে বহুদূৰ আগবাঢ়ি যাবলৈ সকলোৱে বিচাৰে। সকলোৱে বিচাৰে নিজৰ সফলতা আনৰ বাবে উদাহৰণ হোৱাটো। এখন সুন্দৰ ঘৰ হওক, এটা সুন্দৰ কেৰিয়াৰ হওক, সকলো সা-সুবিধাৰে ভৰপুৰ হওক জীৱন। ইয়াৰ বিপৰীতে এনে এচাম লোকো আছে, যিসকলে জীৱনটো অন্য দৃষ্টিকোণেৰে চায়। যেতিয়া নিজৰ আৰু আনৰ কেৰিয়াৰৰ তুলনা কৰাৰ সক্ষমতা আহে, এটা ডাঙৰ পদক্ষেপ লবলৈও কুন্ঠাবোধ নকৰে এইসকল লোকে। আৰু এটা ভাল পদবী, সা-সুবিধা সকলো এৰি নিজকে সমৰ্পণ কৰে দুখীয়া লোকৰ জীৱন সলনি কৰাত।

এনে এগৰাকী মহিলা কুঞ্জল সেহগল। সেহগল পেছাত আছিল এগৰাকী চাৰ্টাৰ্ড একাউনটেন্ট। কিন্তু নিজৰ ভাল চাকৰিটো এৰি কুঞ্জলে ভৰি দিলে সমাজ সেৱাৰ ক্ষেত্ৰ খনত। আৰু দুখীয়া ল’ৰা ছোৱালীক ইংৰাজী পঢ়ুৱাবলৈ আৰম্ভ কৰিলে। কাম আৰম্ভ কৰাৰ কেইমাহমানৰ পিছতে কুঞ্জলৰ চেষ্টাৰ ফল দেখা গ’ল। ১০-১২ জনী ছোৱালীৰে আৰম্ভ কৰা কুঞ্জল এতিয়া বহু দূৰ আগবাঢ়ি গৈছে।

কুঞ্জলে দিল্লী বিশ্ববিদ্যালয়ৰ হংসৰাজ কলেজৰ পৰা বি. কম অনাৰ্চ পাছ কৰি চি. এ সম্পূৰ্ণ কৰিলে। তাৰ পিছত মুম্বাইত কোটাক মহিন্দ্ৰা বেংকত চাকৰি কৰিলে। কিন্তু কুঞ্জল সদায় সামাজিক কামৰ প্ৰতি আকৰ্ষিত আছিল। সদায় সমাজখনৰ বাবে ভাল কিবা এটা কৰিব বিছাৰিছিল। পঢ়াৰ দিনতো কুঞ্জলে মাক দেউতাকক প্ৰায়ে কৈছিল যে- তাই চাকৰি নকৰে, বৰঞ্চ দুখীয়া লোকক সহায় কৰিব পৰা কিবা এটা কৰিব।

২০১১ চনত কুঞ্জলে চি. এ কৰাৰ পাছত মুম্বাইত আঢ়ৈ বছৰ চাকৰিও কৰিলে । কিন্তু কুঞ্জলৰ চাকৰিত মন নাছিল। মন সামাজিক কাম কৰাৰ প্ৰতিহে আকৰ্ষিত। এদিন কুঞ্জলে উপলব্ধি কৰিলে এনেদৰে কেৱল ভাবি গুণি থাকিলেই নহব। সদায় সপোন দেখি থকা কামটো এতিয়াই আৰম্ভ কৰাৰ সময়। কুঞ্জলে চাকৰি এৰি ‘অধিযজ্ঞ’ নামৰ এটা বেচৰকাৰী সংস্থা আৰম্ভ কৰিলে।

কুঞ্জলৰ এই সিদ্ধান্তত পৰিয়ালৰ লগতে বন্ধুবৰ্গয়ো সম্পূৰ্ণ সহযোগিতা কৰিলে আৰু কুঞ্জলৰ প্ৰতিটো পদক্ষেপতে সহায় সহযোগিতা আগবঢ়ালে।

২০১৫ চনৰ জানুৱাৰী মাহত কুঞ্জলে নিজৰ এনজিঅ’টো পঞ্জীয়ন কৰিলে আৰু বহু গৱেষণাৰ অন্তত এপ্ৰিল মাহত ৰাজস্থানী কেম্প, সৰিতা বিহাৰত দৰিদ্ৰ ল’ৰা ছোৱালীক ইংৰাজী পঢ়ুৱাবলৈ আৰম্ভ কৰিলে। গৱেষণাৰ সময় চোৱাত কুঞ্জলে দেখিলে দুখীয়া ল’ৰা ছোৱালীহঁত চৰকাৰী বিদ্যালয়লৈ যায় ঠিকেই, পিছে ইংৰাজীত বৰ দুৰ্বল হয়। সেইবাবেই ব্যক্তিগত বিদ্যালয়ৰ ল’ৰা ছোৱালীৰ সৈতে প্ৰতিযোগিতাত পিছ পৰি ৰয় তেওঁলোক। ইংৰাজীৰ সাধাৰণ জ্ঞান খিনিও নাথাকে এনে ল’ৰা ছোৱালীৰ। কুঞ্জলে ল’ৰা ছোৱালী খিনিক ইংৰাজী পঢ়ুৱাবলৈ আৰম্ভ কৰিলে। এই কামটোত স্থানীয় লোকৰো বহু সহযোগিতা লাভ কৰিলে কুঞ্জলে। প্ৰথমে দুই এটা উৎপতীয়া ল’ৰাই নিজেও ক্লাচলৈ নাহে, আনক পঢ়ুৱাই থাকোতেও দিগদাৰ দি থাকিছিল। স্থানীয় লোকে তেনে ল’ৰাক নিয়ন্ত্ৰণ কৰি ক্লাচ কৰাত সুবিধা কৰি দিছিল। ১২ জনী ছোৱালীৰে ক্লাচ আৰম্ভ কৰা কুঞ্জলৰ শ্ৰেণীকোঠাত ছমাহৰ ভিতৰত এতিয়া ৯০তকৈও অধিক ল’ৰা ছোৱালী।

আগষ্ট মাহত সৰিতা বিহাৰ অঞ্চলত কুঞ্জলে এটা অনুষ্ঠানৰ আয়োজন কৰিলে। অঞ্চলটোৰ লোক সকলে অনুষ্ঠানটোত সহযোগিতা আগবঢ়োৱাৰ লগতে এনজিঅ’টোতো বহুলোক সাঙোৰ খাই পৰিল। তেওঁলোকেও এতিয়া ল’ৰা ছোৱালী পঢ়ুৱায়।

কুঞ্জলে ভাবে শিক্ষাৰ ওপৰতে সকলোৰে অধিকাৰ আছে আৰু দেশৰ সকলো ল’ৰা ছোৱালীকে বিনামূলীয়াকৈ ভাল শিক্ষা দিয়াটো চৰকাৰৰ কৰ্তব্য। কুঞ্জলে কয়- কেৱল শিক্ষাইহে মানুহৰ জীৱনৰ ধাৰণৰ মান সলনি কৰিব পাৰে, শিক্ষাই এজন ব্যক্তিক স্বনিৰ্ভৰশীল কৰি তোলে, সদায় আগবাঢ়িয়াবলৈ প্ৰেৰণা দিয়ে আৰু ইয়াৰ দ্বাৰা ব্যক্তিজনৰ সৈতে জড়িত সকলো লোকেই উপকৃত হয়। সেই বাবেই চৰকাৰ আৰু শিক্ষিত নাগৰিক সকল শিক্ষাৰ বিস্তাৰৰ বাবে আগবাঢ়ি আহি সহযোগিতা আগবঢ়োৱা উচিত।

কুঞ্জলে পঢ়োৱাৰ লগতে শিশু সকলৰ সামগ্ৰীক উন্নতি কৰিব বিচাৰিছিল। সেয়ে বিভিন্ন প্ৰতিযোগিতা পাতি ল’ৰা ছোৱালী বোৰৰ আত্মবিশ্বাস বঢ়োৱাৰ চেষ্টা কৰিছিল। যাতে তেওঁলোকে কোনো এটা বিষয় নিজৰ ধৰণৰে চিন্তা কৰিব পাৰে।

এতিয়া কুঞ্জলৰ ওচৰলৈ নতুন নতুন ল’ৰা ছোৱালী আহিয়েই থাকে। ল’ৰা ছোৱালী বোৰৰ মাজতো ইংৰাজী শিকাৰ আগ্ৰহ বৃদ্ধি পাবলৈ ধৰিছে। প্ৰতিমাহেই কুঞ্জলৰ ওচৰলৈ অহা ল’ৰা ছোৱালীৰ সংখ্যা বাঢ়ি গৈ আছে। কুঞ্জলে কোৱা মতে এতিয়া অভিভাবকেও আহি ঘৰত ল’ৰা ছোৱালীয়ে ইংৰাজীত কথা পতাৰ চেষ্টা কৰাৰ কথা কয়হি। এই পৰিবৰ্তনক খুবেই ইতিবাচক বুলি ক’লে কুঞ্জলে।

কুঞ্জলে ল’ৰা ছোৱালীৰ ইংৰাজী গ্ৰামাৰ, পঠন আৰু লিখন দক্ষতাৰ ওপৰত জোৰ দিয়ে। ইয়াৰ ভাল ফলাফল দেখা গৈছে বিদ্যালয়ৰ পৰীক্ষাত। বিদ্যালয়ৰ পৰীক্ষাত ইংৰাজীত ভাল নম্বৰ পোৱাৰ বাবে ল’ৰা ছোৱালীবোৰৰ আত্মবিশ্বাসো বাঢ়িছে আৰু নতুন নতুন কথা জানিবলৈ আগ্ৰহী হৈ পৰিছে। বুজি পাইছে শিক্ষাৰ গুৰুত্ব।

কুঞ্জল আৰু অন্যান্য স্বেচ্ছাসেৱী সকলে ল’ৰা ছোৱালীৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তোলে। ৰাজস্থানী কেম্পত প্ৰায় প্ৰতি দিনেই পাঠদান হয়। য’ত দ্বিতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ল’ৰা ছোৱালী উপস্থিত থাকে।

কুঞ্জলৰ এনে পদক্ষেপ দেখি বহু কেইজন লোকে আৰ্থিক সাহাৰ্য দিব বিচাৰিছিল। কিন্তু বৰ্তমান কুঞ্জলে কোনো ধৰণৰ সাহাৰ্য লব বিচৰা নাই, বৰঞ্চ নিজৰ সঞ্চয়ৰ পৰাই খৰচ বহন কৰি আহিছে। নিজৰ কামকলৈ কুঞ্জল খুবেই সুখী। কুঞ্জলে কয় প্ৰতিটো দিনেই তেওঁলৈ নতুন প্ৰেৰণা কঢ়িযাই আনে। অনাগত দিন বোৰত কুঞ্জলৰ লক্ষ্য- যিমানে পাৰে সিমানে ল’ৰা ছোৱালীক শিক্ষিত কৰি তোলা।

মূলঃ আশুতোস খান্তৱাল

অনুবাদঃ মুকুন্দ মাধৱ নেওগ