কৰিমূলৰ বাইক,ডুৱাৰ্সবাসীৰ বাবে 'এম্বুলেন্স'

কৰিমূলৰ বাইক,ডুৱাৰ্সবাসীৰ বাবে 'এম্বুলেন্স'

Wednesday December 16, 2015,

4 min Read

ৰাতি প্ৰায় ডেৰটা।বুকুৰ বাওঁফালে হঠাৎ তীব্ৰ যন্ত্ৰণা অনুভৱ কৰিলে অমিত সৰকাৰে।জলপাইগুড়িৰ ৰাজডাঙা পঞ্চায়তৰ অধীনত ধলবাড়ি গাঁৱত বাস কৰা সৰকাৰৰ পৰিয়ালবৰ্গ চিন্তিত হৈ পৰিল। এই ৰাতিখন বাইশ কিলমিটাৰ পথ অতিক্ৰমী অমিত সৰকাৰক সদৰ চিকিৎসালয়লৈ নিয়াটো অসম্ভৱ কথা।সেই সময়তে নিজা বাইক লৈ সৰকাৰৰ ঘৰত হাজিৰ হ'ল কৰিমূল হক।যেন সাক্ষাৎ দেৱদূত! কিন্তু সত্তৰোৰ্ধৰ ব্যক্তিজনক বাইকত চিকিৎসালয়লৈ কেনেকৈ নিব পাৰি? মুহূৰ্ততেই সমাধান।কৰিমূল হকে বাইকৰ পিছত সংযোগ কৰিলে দুচকীয়া ট্ৰলীৰ দৰে এক অংশ।এই ট্ৰলীতে অমিত সৰকাৰক নি চিকিৎসালয়ল পোৱালেগৈ।কেৱল অমিত সৰকাৰকে নহয় ৰাজডাঙা অঞ্চলৰ সত্তৰ হাজাৰ লোকক নিজৰ বাইকৰ দ্বাৰা চিকিৎসালয়লৈ অনা-নিয়া কৰিছে কৰিমূল হকে।কিন্তু বিনিময়ত কাৰো পৰা এটা টকাও নলয় কৰিমূল হকে। চাহ বাগিচাত অস্থায়ী চাকৰি কৰি ৰাজডাঙাৰ লোকসকলৰ স্থায়ী সমাধানৰ চেষ্টাত ব্ৰতী কৰিমূল হক।

কিয় বাচি ল'লে এই পথ

image


১৯৯৫ ৰ মাৰ্চ মাহ। বসন্তৰ আগমনত উৎফুল্লিত প্ৰকৃতি।আনন্দৰ মাজতেই বিনা মেঘে বজ্ৰপাত।হঠাৎ ৰাতি হৃদৰোগত আক্ৰান্ত হল জহৰুন্নেসা বিবি।শিশু কৰিমূল হকে বুজি পোৱা নাছিল সেই সময়ত মাকক ক'লৈ লৈ যাব।অৱশেষত চিকিৎসাৰ অভাৱত ঘৰতেই শেষ নিশ্বাস ত্যাগ কৰিলে মাতৃয়ে।সেই অঞ্চললৈ এম্বুলেন্স দূৰৰ কথা,ভাড়াতো গাড়ী যাবলৈ নিবিচাৰে।অসহায় কৰিমূলৰ সন্মুখত মাতৃয়ে এনেদৰে প্ৰাণ ত্যাগ কৰিবলগীয়া হোৱা ঘটনাই কৰিমূলৰ শিশুমনত গভীৰ চাপ বহুৱালে।তেওঁ ঠিক কৰিলে এনে মুমূৰ্ষু ৰোগীক চিকিৎসালয়লৈ নিয়াৰ দায়িত্ব তেওঁ ল'ব। কিয়নো চিকিৎসকে ঘোষণা নকৰাকৈ ৰোগী এজন মৃত্যু হোৱা কথাটো চিনাক্ত কৰাটো সহজ নহয়।প্ৰথম অৱস্থাত নিজৰ চাইকেলেৰে ৰোগীক চিকিৎসালয়লৈ নিয়াৰ দায়িত্ব ল'লে কৰিমূলে। দিন হওক, ৰাতি হওক; অসুস্থ ৰোগীক নিজৰ চাইকেল বা ৰিক্সাৰে জলপাইগুড়ি জিলা হস্পিতাল বা কাষৰীয়া উপ-স্বাস্থ্যকেন্দ্ৰলৈ লৈ যায় কৰিমূলে।সহায়ৰ বিনিময়ত কোনোবাই তেওঁক পইচা দিব খুজিলে তেওঁ কেতিয়াও গ্ৰহণ নকৰে।কিয়নো কাৰোবাক জীৱন ঘূৰাই দিয়াটো তেওঁৰ বাবে জীৱনৰ ব্ৰত। ইয়াক অৰ্থৰ সৈতে তুলনা কৰিব নোৱাৰি।

ডুৱাৰ্সৰ ৰাজডাঙা পঞ্চায়তৰ অধীনত ধলবাড়ি গাঁৱৰ বাসিন্দা কৰিমূল হক।ৰাজডাঙা অঞ্চলত মূলত: আদিবাসী লোকসকলে বসবাস কৰে।যাৰ অধিকাংশই চাহ বাগিচাত কাম কৰে। আৰু কিছু লোকে কৰে ব্যৱসায় ।তিনি হাজাৰ টকা মাহিলী বেতনেৰে কৰিমূল হক সুৱৰ্ণপুৰ টি ইষ্টেটৰ অস্থায়ী কৰ্মী।স্ত্ৰী,দুই পুত্ৰ,পুত্ৰবধু আৰু দুই নাতিৰে কৰিমূল হকৰ এক বৃহৎ পৰিয়াল।দুই কন্যাৰ বিয়া হৈ গৈছে।এই বৃহৎ পৰিয়ালেৰে সদা হাস্যমুখী কৰিমূল হক।প্ৰথম অৱস্থাত তেওঁ চাইকেল বা ৰিক্সাত ৰোগী নিয়াৰ দায়িত্ব লৈছিল।কিন্তু এই প্ৰক্ৰিয়া কিছু লেহেমীয়া হোৱাৰ বাবে কেতিয়াবা ৰোগীয়ে চিকিৎসালয় পোৱাৰ আগতেই প্ৰাণ ত্যাগ কৰিছিল। সেয়ে কৰিমূলে এখন বাইক কিনাৰ কথা চিন্তা কৰিলে।কিন্তু ইমান টকা যোগাৰ কৰাটো সহজ কাম নাছিল।যেতিয়াই সমাজ সেৱাৰ কথা আহে কৰিমূলৰ বাবে যেন সকলো সমস্যাই সমাধানৰ পথ বিচাৰি লয়।মাহেকীয়া কিস্তিত এখন বাইক কিনিলে কৰিমূলে।এই বাইকখন ৰাজডাঙাৰ বিস্তীৰ্ণ অঞ্চলৰ লোকৰ বাবে হৈ পৰিল 'এম্বুলেঞ্চ'। ২০০২ চনৰ পৰা এই দুচকীয়া বাহন খন অনেকৰ বাবে হৈ পৰিছে জীৱনদূত।এই সুদীৰ্ঘ সময়ত প্ৰায় পাঁচ হাজাৰ মুমূৰ্ষ ৰোগীৰ জীৱন বচাইছে কৰিমূলে।কিন্তু নিজৰ পিতৃক বচাব নোৱাৰিলে কৰিমূলে।চিকিৎসালয়ললৈ নিয়াৰ পথত আধা ৰাস্তাতে প্ৰাণ এৰিলে পিতৃয়ে।মৃত্যু যে এনেকুৱাই।কোনেও জোৰ কৰি অৱৰোধ কৰিব নোৱাৰে মৃত্যুক।

২০১৩ চন।দুপৰীয়া ঘৰত ভাত খাই আছিল কৰিমূল হকে।'কোনোবাই ফ'ন কৰি জনালে সন্তোষ মণ্ডল নামৰ ব্যক্তিজনৰ শিশুটোৰ অৱস্থা সংকটজনক।ভাত তাতেই এৰি দ্ৰুত গতিৰে বাইক লৈ ওলাই গ'লো।শিশু আৰু পৰিয়ালৰ এজন লোকক লৈ তীব্ৰ গতিৰে জলপাইগুড়ি জিলা হস্পিতাললৈ গলো। কিন্তু চিকিৎসালয়ল পোৱাৰ পাছত চিকিৎসকে পৰীক্ষা কৰি জনালে যে শিশুটোৰ ৰাস্তাতে মৃত্যু হৈছে।চিকিৎসকে মৰণোত্তৰ পৰীক্ষা কৰাৰ কথা ক'লে। কিন্তু শিশুটিক ঘৰলৈ নিবলৈ গাড়ী ভাড়া কৰাৰ পইচাও নাছিল পৰিয়ালৰ লোকৰ হাতত।বাধ্য হৈ মৰণোত্তৰ পৰীক্ষাৰ পিছত মৃতদেহ তাতেই সৎকাৰ কৰা হয়।শিশুটিক শেষ বাৰলৈ দেখা নোপোৱাৰ বাবে পৰিয়ালৰ লোকসকল কান্দোনত ভাঙি পৰিছিল।সেই কান্দোনে মোৰ মনলৈ এক নতুন চিন্তা আনিছিল।' পৰৱৰ্তী সময়ত কৰিমূলে বাইকৰ পিছত এখন দুচকীয়া ট্ৰলী সংযোগ কৰি লৈছিল।এখন এম্বুলেন্স কিনাৰ ইচ্ছা পুহি ৰাখিছে কৰিমূলে।কিন্তু সেয়া সম্ভৱ নোহোৱালৈকে তেওঁৰ বাইকখনেই হৈ পৰিছে সমাধানসূত্ৰ।

image


বছৰৰ পিছত বছৰ ধৰি হাজাৰ হাজাৰ মুমূৰ্ষু ৰোগীক বিনা খৰচত চিকিৎসালয়ললৈ নিয়াৰ দায়িত্ব লৈছে কৰিমূলে।কৰিমূল হকৰ এই কাৰ্য জলপাইগুড়ি জিলাৰ লোকসকলৰ বাবে আদৰ্শনীয় হৈ পৰিছে।এই কাৰ্যত কৰিমূলক সহায় কৰিবলৈ আগবাঢ়ি আহিছে কিছু লোক।স্থানীয় পঞ্চায়তে তেওঁৰ বাইকৰ তেলৰ খৰচ বহন কৰাৰ দায়িত্ব লোৱাৰ লগতে কোতোৱালি থানাৰ আৰক্ষীয়ে আন খৰচৰ বাবে মাহে এহেজাৰ টকাকৈ দি আহিছে।আনহাতে স্থানীয় ব্যৱসায়ী বা ঔষধৰ দোকানীয়ে বিনামূলীয়া ঔষধ যোগান ধৰি কৰিমূল হকৰ সমাজ সেৱা কাৰ্যত জড়িত হৈছে।কৰ্মক্ষেত্ৰৰ তৰফৰ পৰাও সকলোধৰণৰ সহযোগিতা লাভ কৰিছে কৰিমূলে।তেওঁৰ দুই পুত্ৰই ম'বাইল ৰিপেয়াৰিঙৰ কাম কৰাৰ মাজতে পিতৃকো সহায় কৰে।কৰিমূলৰ ঘৰখনো এতিয়া সৰু-সুৰা চিকিৎসাকেন্দ্ৰ।দৰিদ্ৰসীমাৰ তলৰ লোকসকলক বিনামূলীয়া প্ৰাথমিক চিকিৎসা আগবঢ়োৱা হয় কৰিমূলৰ ঘৰতে।কৰিমূলৰ স্ত্ৰী আৰু বোৱাৰীয়ে এই চিকিৎসা সেৱা কৰে।কাৰোবাৰ ঔষধ কিনিবলৈ টকা নাথাকিলে কৰিমূলে ঔষধো যোগান ধৰে।এই সেৱা কাৰ্যৰ পৰা যাতে কোনো লোক বঞ্চিত নহয় তাৰবাবে বাইকত নিজৰ ম'বাইল নম্বৰ লিখি থৈছে কৰিমূলে।

অভাৱৰ বাবে শৈশৱত আনৰ ঘৰত কাম কৰিছিল কৰিমূলে।ৰুটি বা কচুৰ ঠাৰি খাইয়ো দিন পাৰ কৰিবলগীয়া হৈছিল।প্ৰথমিক শিক্ষাৰ লাভৰ পিছত আৰু পঢ়িব নোৱাৰিলে।৫২ টা বসন্ত পাৰ কৰিলেও অভাৱী শৈশৱৰ স্মৃতিয়ে বাৰে বাৰে তেওঁক আমনি কৰে।সেয়ে এবাৰ এটা সংস্থাৰ ফালৰ পৰা তেওঁক দান কৰা সমগ্ৰ চাউল বাৰ জন প্ৰতিবন্ধী শিশুৰ মাজত বিতৰণ কৰিছিল।আনকি তেওঁৰ ঘৰৰ পৰা যাতে কোনো শুদা হাতে ঘূৰি যাবলগীয়া নহয়,এই বিষয়ে পৰিয়ালৰ লোকসকলকো সকীয়াই থৈছে কৰিমূলে।এই মূল্যবোধ আৰু শৃংখলাই কৰিমূলৰ জীৱনৰ পাথেয়।


মূল: তন্ময় মুখাৰ্জী

অনুবাদ: পূবালী ভাগৱতী

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

হেপীনেছ বক্সড : এগৰাকী যুৱ উদ্যোগীৰ উদ্যম আৰু লাভৰ এক সৃষ্টিশীল উদ্যোগ

এলৰাইন’ : নিশা বৰাৰ বাবে মাৰ্কেট এনালাইছিছতকৈ আকৰ্ষণীয় গঁড়ৰ গোবৰ‌

নতুন বস্তু সৃষ্টিৰ প্ৰতি থকা আগ্ৰহেই শ্ৰীবিদ্যা শ্ৰীনিবাসনৰ সফলতাৰ মূল

    Share on
    close