গুজৰাটৰ এইখন চহৰত কোটিপতিয়ে কাৰখানাৰ শ্ৰমিক আৰু পিয়নৰ কাম কৰে

গুজৰাটৰ এইখন চহৰত কোটিপতিয়ে কাৰখানাৰ শ্ৰমিক আৰু পিয়নৰ কাম কৰে

Friday January 01, 2016,

2 min Read

আহমেদাবাদৰ ওচৰত সানন্দৰ কাৰখানাসমূহত এটা অভিনৱ সমস্যাই দেখা দিছে- কোটিপতি শ্ৰমিকক চম্ভালা। গুজৰাট চৰকাৰে যোৱা সাত বছৰত সানন্দ আৰু ইয়াৰ আশে-পাশে ৪০০০ হেক্টৰ মাটি অধিগ্ৰহণ কৰিছে। ইয়াৰ বাবে মাটিৰ মালিক সকলক ২০০০ কোটি টকা ক্ষতিপূৰণ দিয়া হৈছে যাৰ ফলত বহু মাটিৰ মালিকেই কোটিপতিত পৰিণত হ’ল। বিশাল ধনৰ গৰাকী হোৱা এই মানুহবোৰে যিহকে পাই তিহকে কিনিবলৈ আৰম্ভ কৰিলে। গাড়ী, ইলেক্ট্ৰনিক সামগ্ৰী আৰু পইচাৰে কিনিব পৰা সম্ভাৱ্য সকলো বস্তু কিনাৰ পিছত তেওঁলোকে উপলব্ধি কৰিলে যে খালী মূৰত ভূতে বাঁহ লয়, আৰু তেওঁলোকে পুনৰ কাম কৰিবলৈ আৰম্ভ কৰিলে।

জগত সিং ৱায়েলা তেনে এজন কোটিপতি। টাইমছ অৱ্ ইণ্ডিয়াক প্ৰদান কৰা সাক্ষাৎকাৰত ৱায়েলাই কৈছিল, “পইচাখিনি পোৱাৰ পিছত মই ২০১১-ৰ ক্ৰিকেট বিশ্বকাপ চাবলৈ কাম বাদ দিলো। ভাৰতে বিশ্বকাপ জয় কৰিলে আৰু টুৰ্ণামেণ্ট শেষ হ’ল। মোৰ হাতত বহুত পইচা থাকি গ’ল কিন্ত মোৰ কোনো কাম নাছিল। কাম নথকা এজন মানুহ এটা জীৱন্ত বোমাৰ দৰে।” তাৰ কিছুদিন পিছতেই জগত সিঙে আগতে চাকৰি বাদ দিয়া ঠাইতেই পাম্প মেনেজাৰ ৰূপে পুনৰ কাম কৰিবলৈ আৰম্ভ কৰিলে আৰু বৰ্তমানে তেওঁ মাহিলী ১৮,০০০ টকা দৰমহা পায়।

image


আমোদজনক কথাটো হ’ল সানন্দৰ ৰবিৰাজ ফইলছ লিমিটেডৰ আধাসংখ্যক শ্ৰমিকৰে বেংক একাউণ্টত এক কোটিতকৈ বেছি টকা জমা আছে। এই মানুবোৰৰ কোনোৱে মেছিন অপাৰেটৰ, কোনোৱে ফ্ল’ৰ ছুপাৰভাইজৰ, কোনোবাই নিৰাপত্তাকৰ্মী আৰু কোনোৱে পিয়নৰ চাকৰি কৰি আছে। তেওঁলোকৰ দৰমহা মাহিলী ৯০০০ টকাৰ পৰা ২০,০০০ টকা। যোৱা কেইবছৰ মানত টাটা (নেন’), হিটাচী, ফ’ৰ্ড, পি.এছ.এ পিউজিঅ’ট চাইট্ৰ’ন আদি কোম্পানীয়ে সানন্দত কাৰখানা স্থাপন কৰিছে, চহৰখনত বেংকৰ শাখা দুটাৰ পৰা ৫৬ টালৈ বৃদ্ধি পাইছে, এই শাখাবোৰত ৩০০০ কোটি টকা জমা আছে। সানন্দক ভাৰত আটাইতকৈ দ্ৰুত গতিত বিকশিত অৰ্থনৈতিক কেন্দ্ৰ বুলি অভিহিত কৰিব পাৰি।

মূলঃ থিংক চেইঞ্জ ইণ্ডিয়া

অনুবাদঃ লুইত পাঠক।