অতিৰিক্ত খাদ্য পেলাব নোৱাৰিব ফ্ৰান্সৰ ছুপাৰমাৰ্কেটে

অতিৰিক্ত খাদ্য পেলাব নোৱাৰিব ফ্ৰান্সৰ ছুপাৰমাৰ্কেটে

Wednesday December 28, 2016,

1 min Read

শেহতীয়াকৈ বলৱৎ হোৱা এক নতুন আইন অনুসৰি ফ্ৰান্সৰ ছুপাৰমাৰ্কেট সমূহে এতিয়াৰেপৰা বিক্ৰী নোহোৱা খাদ্য পেলাই দিব পৰা নাযাব । বিক্ৰী নোহোৱা অতিৰিক্ত খাদ্য তেওঁলোকে দাতব্য সংস্থাক দান দিব লাগিব । এনেধৰণৰ সিদ্ধান্ত লোৱা প্ৰথমখন দেশ হৈছে ফ্ৰান্স ।

Representational Image; Source - The Good Shopping Guide

Representational Image; Source - The Good Shopping Guide


এই নতুন আইনখন ফ্ৰান্সৰ সংসদত সৰ্বসন্মতিক্ৰমে গৃহীত হয় । এই আইন অনুসৰি ছুপাৰমাৰ্কেট সমূহে এই খাদ্য সমূহ ধ্বংস কৰিব নোৱাৰিব । সাধাৰণতে এই খাদ্য সমূহ অঘৰী আৰু দুখীয়া লোকে ডাষ্টবিনৰপৰা সংগ্ৰহ কৰাত বাধা দিবলৈ এইবোৰ পেলোৱাৰ আগতে ৰাসায়নিকভাৱে ধ্বংস কৰা হয় । 

ইউৰোপৰ বাবে বিগত দশকটোত গৃহহীনৰ বাবে খাদ্যৰ যোগান আৰু খাদ্যবস্তুৰ অপচয় এই দুয়োটা ডাঙৰ সমস্যা হৈ দেখা দিছে । ইউৰোপৰ দেশসমূহে এই সমস্যাৰ সৈতে যঁজিবলৈ নতুন নতুন পদ্ধতি আৱিষ্কাৰ কৰাত উঠি পৰি লাগিছে । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

বিৰাটৰ দল শ্ৰেষ্ঠ ভাৰতীয় দল নেকি?

গাৱঁৰ মহিলাক লৈ অৰ্থনৈতিক বিপ্লৱ কৰিছে এইগৰাকী মহিলাই

দহ হাজাৰ প্ৰতিবন্ধী লোকে একেলগে কৰিলে তিনিটা বিশ্ব ৰেকৰ্ড

কাশ্মীৰৰ ক্ৰিকেট প্ৰশিক্ষক ছাকিনা আখটাৰে যুঁজ দিছে সামাজিক বাধাৰ বিৰুদ্ধে