নিজৰ প্ৰাণ দি আইছিছ বোমাৰুক বাধা দিয়া ব্যক্তিজন

নিজৰ প্ৰাণ দি আইছিছ বোমাৰুক বাধা দিয়া ব্যক্তিজন

Tuesday July 12, 2016,

2 min Read

ইৰাকৰ বালাদ চহৰৰ নাজিহ শ্বাকেৰ অল-বলডাৱি নামৰ লোকজনে সম্প্ৰতি আইছিছৰ আত্মঘাতী বোমাৰুৰ হাতৰ পৰা চহৰখনক নিজৰ প্ৰাণ দি ৰক্ষা কৰাৰ বাতৰিয়ে সংবাদ শিৰোনামলৈ আহিছে । বালাদৰ ছৈয়দ মহম্মদ নামৰ দৰগাহটোত আত্মঘাতী আক্ৰমণ সংঘটিত কৰিবলৈ অহা আইছিছ বোমাৰু এজনক বাধা দি বহু লোকৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় তেওঁ। বিস্ফাৰণটো ঘটাৰ ঠিক আগ মূহুৰ্তত তেওঁ দৰগাহটোত প্ৰৱেশ কৰে আৰু বোমাৰুজনক আঁকোৱালি ধৰে । ইয়াৰ ফলত নাজিহ আৰু বোমাৰু দুয়োৰে মৃত্যু ঘটে যদিও শ-শ লোক এই আক্ৰমণৰপৰা ৰক্ষা পৰে । 

Image: India Times

Image: India Times


ইণ্ডিয়া টাইমছৰ বাতৰিত প্ৰকাশ যে এই বিষ্ফোৰণত ৭০ জন লোক আহত হয় । উল্লেখযোগ্য যে এই ঘটনাৰ কেইদিনমানৰ আগতে ইৰাকৰ কাৰাডা অঞ্চলত এক আক্ৰমণত ৩০০ লোকৰ মৃত্যু ঘটিছিল । ছাদ্দাম হুছেইনৰ পতনৰ পাছত এইটোৱেই বৃহত্তম এনে ঘটনা হিচাপে পৰিগণিত হৈছে । 

ইৰাকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ছিয়া দৰগাহটোত আক্ৰমণ কৰিবলৈ অহা সন্ত্ৰাসবাদীকেইটা নিৰাপত্তাৰক্ষাৰ বেশত আহিছিল । ইয়াৰ আগতে এনে এক আক্ৰমণৰ ফলত ইৰাকৰ গৃহযুদ্ধ সংঘটিত হৈছিল । 

হিজবুল্লা সংগঠনে এই ঘটনাক তীব্ৰ গৰিহণা দি কয় যে এই সন্ত্ৰাসবাদীসকল সকলো সম্প্ৰদায় আৰু সকলো ধৰ্মৰে শত্ৰু । আনকি তেওঁলোকে ইছলামৰ পৱিত্ৰ স্থানৰো সন্মান নাৰাখে । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

উত্তৰ পূৰ্বাঞ্চলৰ ষ্টাৰ্টআপ সমূহৰ সহায়ৰ বাবে এক নতুন সংগঠন 'এন ই এইট ষ্টাৰ্টআপছ'

অসমলৈ ৰাষ্ট্ৰীয় সন্মান অনা ৰঞ্জিমা দাসে অসুস্থতাৰ বাবে আৰম্ভ কৰিছিল শৰীৰ চৰ্চা

মাজুলীৰ ভীমকলেৰে ইন্দুকল্পৰ শিশুখাদ্যৰ ব্ৰেণ্ড ‘ভীম ভিটা’