প্ৰতিষ্ঠাতাজনেই সকলো সফলতা-বিফলতাৰ মূল: ছিকুইয়া কেপিটেলৰ পৰিচালন সঞ্চালক শৈলেন্দ্ৰ সিং

মূল- তৰুষ ভাল্লা

প্ৰতিষ্ঠাতাজনেই  সকলো সফলতা-বিফলতাৰ মূল: ছিকুইয়া কেপিটেলৰ পৰিচালন সঞ্চালক শৈলেন্দ্ৰ সিং

Thursday October 20, 2016,

4 min Read

ছিকুইয়া কেপিটেলৰ পৰিচালন সঞ্চালক শৈলেন্দ্ৰ সিঙৰ বাবে বিনিয়োগৰ বাবে কোনো ভাল বা বেয়া সময় নাথাকে, ইয়াৰ বাবে মাথো প্ৰয়োজন বিশেষ ব্যৱসায়িক ফৰ্মুলাৰে এগৰাকী আগ্ৰহী-কৰ্মঠ প্ৰতিষ্ঠাতা আৰু সমভাৱাপন্ন এটা কৰ্মঠ দল।

image


টেকস্পাৰ্ক ২০১৫ত অংশ লোৱা শৈলেন্দ্ৰ সিঙক সোধা হৈছিল খাদ্য-প্ৰযুক্তি তথা হাইপাৰ লোকেলত কি কাৰণত বিনিয়োগৰ হাৰ কম হোৱা দেখা গৈছে। 

কিছু ক'লা ডাৱৰ দেখিবলৈ পোৱা গৈছে কিন্তু কোনেও নাজানে এয়া সাধাৰণ বৰষুণ নে ধুমুহাৰ আগজাননী। গতিকে এতিয়া হাতত এটা ছাতি ৰখাটোৱে চতুৰতাৰ কাম।

তাৰ পৰাই শৈলেন্দ্ৰৰ সৈতে কথোপকথন আগবাঢ়িছিল ।তেওঁক সোধা হৈছিল যে বিনিয়োগকাৰীক আকৰ্ষিত কৰিবলৈ উদ্যেগশীল ব্যৱসায়ীসকলৰ কৰণীয় কি ? ইয়াৰ উত্তৰত শৈলেন্দ্ৰৰ মন্তব্য আছিল যে এটা মুহুৰ্তৰ বজাৰ তথা ক্ৰেতাৰ মন চাই ব্যৱসাযিক ক্ষেত্ৰত বিনিয়োগকাৰীক আকৰ্ষিত কৰাতকৈ পৰীক্ষামূলকভাৱে বজাৰ অধ্যয়ন কৰি বিনিয়োগৰ ওপৰত গুৰুত্ব দিব লাগে।

গতিকে কোনবোৰ কাৰকে শৈলেন্দ্ৰক নতুন ষ্টাৰ্ট-আপত বিনিয়োগ কৰিবলৈ উৎসাহিত কৰিছে বুলি সোধাত তেওঁ কৈছিল যে, মই যেতিয়া যুৱক অৱস্থাত আৰম্ভ কৰিছিলো তেতিয়া সদায় মনত এটা পৰীক্ষাকেন্দ্ৰ আছিল আৰু সেয়া আছিল অইনে কিদৰে এয়া গ্ৰহণ কৰিব, এয়া সকলোৰে মনত থাকে। কিন্তু আচল কথাটো হ’ল বিশ্বাস, যাৰ কোনো মাপকাঠী নাই। সেইদৰেই এটা নতুন ব্যৱসায়ক কিছুমান মাপকাঠীৰে জোখাটো সম্ভৱ নহয়। আৰু সেয়ে এটা ষ্টাৰ্ট-আপৰ সফলতাৰ ওপৰত আস্থা ৰাখিবলৈ প্ৰয়োজন মাথো বিশ্বাসৰ।

এটা ষ্টাৰ্ট-আপৰ ওপৰত আস্থা ৰাখি বিনিয়োগ কৰিবলৈ প্ৰতিষ্ঠাতা দলটোৰ তেন্তে কি কি উপাদানৰ প্ৰয়োজন, এই সম্পৰ্কত মন্তব্য কৰিবলৈ গৈ শৈলেন্দ্ৰই কয় যে তাৰ বাবে প্ৰতিষ্ঠাতা দলটোৰ লাগিব অনুধাৱন কৰিব পৰা শক্তি। দলটোৱে নিজক প্ৰশ্ন কৰিব লাগিব যে এই উদ্যোগত আমি পৰৱৰ্তী ৫ৰ পৰা ১০ বছৰলৈ বিনিয়োগ কৰিম নে?

তেওঁ মতে এটা নতুন প্ৰচেষ্টাত বিনিয়োগ কৰা গোটেই কাৰবাৰটো আপাত দৃষ্টিত আকৰ্ষণীয় লাগিব পাৰে কিন্তু এয়া এক যথেষ্ট কষ্টসাধ্য প্ৰচেষ্টা।

ছিকুইয়া কেপিটেলৰ সৈতে ১০ বছৰ কাম কৰা শৈলেন্দ্ৰৰ বাবে এতিয়া এটা নতুন ষ্টাৰ্ট-আপৰ আইডিয়া কিমান সফল বা বিফল হ’ব সেয়া এক মুহুৰ্তত কৈ দিয়াটো তেনেই সম্ভৱ। সেয়া হৈছে অভিজ্ঞতা। শৈলেন্দ্ৰই কব বিচাৰে যে এজন বিনিয়োগকাৰী হিচাপে এগৰাকী প্ৰতিষ্ঠাতাৰ কামৰ ওপৰত থকা বিশ্বাসেই হৈছে তেওঁৰ সফলতাৰ মন্ত্ৰ।

আইআইটি বা আইআইএম উত্তীৰ্ণসকল বিনিয়োগকাৰীৰ পছন্দৰ হয় নে নহয়ঃ

ষ্টাৰ্ট-আপবোৰ সাধাৰণতে আইআইটি বা আইআইএমৰ পৰা উত্তীৰ্ণ সকলেহে কৰিব পাৰে বুলি থকা ধাৰণা সম্পৰ্কত প্ৰশ্ন কৰাত এয়া একআষাৰতে নস্যাত কৰি শৈলেন্দ্ৰ সিঙে কয় যে সেয়া তেওঁ কেতিয়াও মানি নলয় আৰু এয়া এক অমূলক ধাৰণা।তেওঁ উদাহৰণ দি কয় যে, ফ্ৰীচাৰ্জৰ কুনাল শ্বাহ হৈছে দৰ্শনৰ স্নাতক, প্ৰেক্টোৰ শশাংক হৈছে এনআইআইটি-কেৰ স্নাতক, হেল্পচাটৰ অংকুৰ সিংগলা হৈছে এজন অধিবক্তা আৰু অ’য়’ ৰোমচৰ ৰীতেশ আগৰৱালাই কলেজৰ শিক্ষাই লোৱা নাই।গতিকে শৈলেন্দ্ৰই কব খোজে যে যদি তোমাৰ ইচ্ছা থাকে তেন্তে একো অসম্ভৱ নহয়।

ষ্টাৰ্ট-আপৰ গোটেই খেলটো একো একোজন দৌৰবিদৰ লগত তুলনা কৰিব পাৰি। ৰেচ-ট্ৰেকত যিদৰে প্ৰতিজন দৌৰবিদে নিজৰ লক্ষ্যৰ প্ৰতি ধাৱমান হয় ঠিক তেনেদৰে ষ্টাৰ্ট-আপটো প্ৰতিদৰাকী প্ৰতিষ্ঠাতাই নিজৰ পৰৱৰ্তী লক্ষ্যৰ বাবে উদগ্ৰীৱ হৈ থাকে। শৈলেন্দ্ৰ সিঙৰ কল্পনাতীত মনটোৱে এই কথা কয়।

বৰ্তমান চৰ্চাত থকা ক্ষেত্ৰ

ইয়ৰ ষ্ট’ৰীয়ে শৈলেন্দ্ৰ সিঙক প্ৰশ্ন কৰিছিল যে বৰ্তমান কোনবোৰ ব্যৱসায়িক ক্ষেত্ৰ বা শাখাত বিনিয়োগৰ সময়োপযোগী আৰু আকৰ্ষণীয় হৈ আছে। সিঙে কব বিচাৰে যে প্ৰতিষ্ঠাতাৰ মনত যি আকৰ্ষণীয় হৈ আছে এই মুহূৰ্তত সেয়াই সময়োপযোগী।২০০৭ চনত ফেশ্বন জগতখনেই আছিল যথেষ্ট আকৰ্ষণীয় আৰু বৰ্তমান সময়ত তেওঁক যদি বিনিয়োগ কৰিবলৈ এটা ক্ষেত্ৰ বাছি উলিওৱাবলৈ কোৱা তেন্তে সেয়া নিসন্দেহে হ’ব ম’বাইল ফোনৰ সৈতে জড়িত হৈ থকা ক্ষেত্ৰখন।

আৰু দ্বিতীয় ক্ষেত্ৰখন হৈছে ফিনটেক বা অৰ্থনীতিৰ জগতৰ সৈতে হৈ থকা ষ্টাৰ্ট-আপ কোম্পানীবোৰ। শৈলেন্দ্ৰই কয় যে এই ক্ষেত্ৰখনত বহুটো মিউটেণ্ট বা সমগুণসম্পন্ন কোম্পানী দেখিবলৈ পোৱা যায়। ভাৰতৰ দৰে বহুজাতিক বজাৰ এনে একে ধৰণৰ কোম্পানীৰ সমাহাৰ হোৱাতো বিশেষ একো ডাঙৰ কথা নহয়। তেওঁ উদ্যোগশীলসকলক উদ্দেশ্যি কব খোজে যে যিবোৰ ক্ষেত্ৰ দেখাত শেষ হৈ যোৱা যেন অনুভৱ হৈছে কিন্তু প্ৰকৃতাৰ্থত তেনেবোৰ ক্ষেত্ৰতহে যথেষ্ট সম্ভাৱনা থাকে।

বৈঠকত উপস্থিত এজন দৰ্শকে শৈলেন্দ্ৰ সিঙক প্ৰশ্ন কৰিছিল যে ভেন্সাৰ কেপিটেলিষ্টে ষ্টাৰ্ট-আপবোৰক অধিক ধন খৰচ কৰিবলৈ উদগনি দিয়ে নেকি? ইয়াৰ উত্তৰত শৈলেন্দ্ৰই কয় যে এই কথাটো সঁচা কিন্তু বহু ক্ষেত্ৰত কিমান কৰিবলৈ বাকী আছে তাৰ ওপৰতো ধ্যান ৰখা হয়।

বিনিয়োগকাৰী আৰু এটা কোম্পানী বা ষ্টাৰ্ট-আপৰ সম্পৰ্ক ডাৰউইনৰ সূত্ৰত বন্ধা আছে। যিমান বেছি বিনিয়োগ ঠিক সিমানেই কছৰত।প্ৰতিযোগিতাত টিকি থাকিবলৈ অধ্যৱসায়ৰ প্ৰয়োজন আৰু প্ৰয়োজন নিষ্ঠাৰ। এই মত শৈলেন্দ্ৰ সিঙৰ।

ফ্ৰী-চাৰ্জ, হেল্প-চাট, জাষ্ট-ডায়ল, প্ৰেক্ট, মু-ছিগমা, পীপাৰটেপ আৰু জুমকাৰ দৰে কোম্পানীত বিনিয়োগ কৰা ছিকুইয়া কেপিটেলৰ আঁৰৰ ব্যক্তি শৈলেন্দ্ৰ সিঙৰ প্ৰতিটো পৰামৰ্শ নতুন উদ্যোগীৰ বহুমূলীয়া।