ললিত বৰাঃ অসমৰ গাঁৱে- ভূঞে, চহৰে -নগৰে গ্ৰন্থৰ সুবাস বিলাই ফুৰা মানুহজন

1

অসমৰ যিকোনো প্ৰান্তত, বছৰৰ যিকোনো সময়তে গ্ৰন্থৰ মেট মৰা এটা টোপোলা লৈ গ্ৰন্থৰ সুবাস বিলাই ফুৰা এটা অনুষ্ঠান ‘সতীৰ্থ, জ্ঞান যাত্ৰা’। সতীৰ্থই প্ৰতি বছৰে অসমৰ শতাধিক স্থানত ৩দিনৰ পৰা ১৫ দিন পৰ্যন্ত গ্ৰন্থমেলা পাতি অঞ্চলটোৰ লোক সকলক নতুন কিতাপৰ যোগান ধৰি আহিছে। বৰ্তমান অসমৰ প্ৰায় ৩৫ টাতকৈয়ো অধিক প্ৰকাশন গোষ্ঠীৰ দ্বাৰা প্ৰকাশিত অসমীয়া কিতাপৰ লগতে এনবিটি আৰু অক্সফৰ্ড, পেংগুইন, হাৰ্পাৰ কলিন্স, অৰিয়েন্ট লংমেন আদিৰ দৰে নামী দামী দেশী- বিদেশী বহু প্ৰকাশন গোষ্ঠীৰ বিভিন্ন কিতাপ উপলব্ধ সতীৰ্থৰ পুস্তকালয়ত। ২০০৮ চনত অসম প্ৰকাশন পৰিষদৰ সোণালী জয়ন্তী বৰ্ষত প্ৰকাশন পৰিষদৰ হৈ সতীৰ্থই বৰ্ষটোত অসমৰ ১১১টা স্থানত গ্ৰন্থ প্ৰদৰ্শনীৰ আয়োজন কৰিছিল, যাৰ বাবে সতীৰ্থই বছৰটোত কৰ্মদিনৰ সংখ্যা বৃদ্ধি কৰি লৈছিল ৫০০ দিনলৈ। অৰ্থাৎ একে সময়তে দুই তিনিখন স্থানত গ্ৰন্থৰ প্ৰদৰ্শনী পাতিছিল সতীৰ্থই। এতিয়া অসমৰ চুকে কোণে কিতাপ পঢ়ি ভাল পোৱা লোক সকলৰ বাবে চিনাকী নাম সতীৰ্থ। একে দৰেই চিনাকী সতীৰ্থৰ আঁৰৰ ললিত বৰা নামৰ ব্যক্তিজনো।

২০০৭ চনৰ পহিলা জানুৱাৰীত আৰম্ভ হয় সতীৰ্থৰ। কিন্তু কেনেদৰে জন্ম হ’ল সতীৰ্থৰ? কেনেদৰে সতীৰ্থৰ দৰে বহু প্ৰতিষ্ঠানে বিভিন্ন স্থানলৈ গ্ৰন্থৰ টোপোলা লৈ ফুৰাৰ সাহস গোটালে ? তাৰ পূৰ্বেই ললিত বৰা নামৰ মানুহ জন কেনেদৰে চিনাকী হৈ পৰিল অসমৰ চুকে কোণে বহু গ্ৰন্থপ্ৰেমীৰ মাজত? এই প্ৰশ্নবোৰৰ মাজতে লুকাই আছে অসমৰ ভিতৰুৱা অঞ্চল সমুহত গ্ৰন্থৰ বজাৰ খনৰ আজিৰ পৰ্যায় পোৱা বহু বোৰ প্ৰশ্নৰ উত্তৰ।

ললিত বৰা
ললিত বৰা

গ্ৰন্থৰ জগতখনে হাত বাউলি দি মাতে

১৯৬৭ চনত লখিমপুৰ জিলাৰ বিহপুৰীয়া নগৰৰ গাতে লাগি থকা গোঁসাই পথাৰ নামৰ এখন গাঁৱত জন্ম ললিত বৰাৰ। অসম আন্দোলনৰ সময়ত স্কুলীয়া ছাত্ৰ ললিত বৰা। ললিত বৰাক কিন্তু আন্দোলনৰ সময়ত ৰাজপথেৰে পাৰ হৈ যোৱা দীঘলীয়া সমদলে আকৰ্ষণ কৰিব পৰা নাছিল। আকৰ্ষণ কৰিছিল পঢ়ি থকা লোহিত ডিক্ৰং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পুঠিভৰালটোৱে। আকৰ্ষণ কৰিছিল অঞ্চলটোৰে দুই চাৰিজন বিদ্বান লোকৰে সৈতে কিতাপৰ বিষয়ে হোৱা আলোচনাই। তেনেদৰেই গ্ৰন্থপ্ৰেম প্ৰোথিত হ’ল ললিত বৰাৰ মনৰ মাজত।

১৯৯০ চন। জীৱিকাৰ সন্ধানত গুৱাহাটীলৈ আহি ললিত বৰা জড়িত হৈ পৰিল গ্ৰন্থৰেই এটা প্ৰকাশন তথা বিক্ৰেটা সংস্থা বনলতাৰ সৈতে। বনলতাত প্ৰায় এবছৰ কাম কৰাৰ পাছত সেই সময়ৰ জনপ্ৰিয় শিশু আলোচনী সঁফুৰাৰ কাৰ্যালয় সম্পাদক হিচাপে যোগ দিলে ললিত বৰাই। ১৯৯৩ চনত সৰ্বক্ষণৰ কৰ্মী হিচাপে যোগ দিয়ে এটা স্বেচ্ছাসেৱী সংগঠন অন্বেষাত। প্ৰথম অৱস্থাত অন্ধবিশ্বাস আৰু কু সংস্কাৰ ৰোধৰ ক্ষেত্ৰত কাম কৰা অন্বেষা লাহে লাহে জড়িত হৈ পৰিছিল গ্ৰন্থ ব্যৱসায়ৰ সৈতে। ১৯৯৬ চনত গুৱাহাটীৰ তীৰ্থনাথ সভাগৃহত নেচনেল বুক ষ্ট্ৰাষ্ট চমুকৈ এনবিটিৰ তিনিখনকৈ গ্ৰন্থ উন্মোচনৰ বাবে গুৱাহাটীলৈ আহিছিল সেই সময়ৰ এনবিটিৰ অধ্যক্ষ অৰবিন্দ কুমাৰ। অনুষ্ঠানটো আয়োজন কৰাৰ দ্বায়িত্বত আছিল অন্বেষা। তেখেতে এটা গ্ৰন্থ উন্মোচনী অনুষ্ঠান ইমান সুন্দৰকৈ আযোজন কৰা কৰ্মকতা সকলৰ সৈতে চা –চিনাকী হৈ সেই বৰ্ষত দিল্লীত আয়োজিত ৱৰ্ল্ড বুক ফেয়াৰ অৰ্থাৎ বিশ্ব গ্ৰন্থমেলালৈ অন্বেষাক আমন্ত্ৰণ কৰি থৈ গ’ল। লক্ষণীয় ভাবে, সেই বৰ্ষত ‘আঞ্চলিক ভাষাৰ গ্ৰন্থ’ৰ থিম পেভিলিয়নত ভাগ ল’বলৈ অসম প্ৰকাশন পৰিষদকে ধৰি অন্যান্য অসমীয়া প্ৰকাশন গোষ্ঠীক আমন্ত্ৰণ জনোৱা হৈছিল যদিও কোনেও সঁহাৰি দিয়া নাছিল। অন্বেষাৰ হৈ দিল্লীৰ বিশ্ব গ্ৰন্থমেলাত ভাগ ল’বলৈ গৈছিল ললিত বৰাও। দিল্লীৰ বিশ্ব গ্ৰন্থমেলাত ভাগ লোৱা অভিজ্ঞতা অন্বেষা বা ললিত বৰাৰ বাবে আছিল এক টাৰ্নি পইন্ট।

অন্বেষা আৰু গ্ৰন্থ প্ৰদৰ্শনী

১৯৮৪ চনত অসম প্ৰকাশন পৰিষদে গুৱাহাটীৰ জজ খেল পথাৰত প্ৰথম বাৰৰ বাবে আয়োজন কৰিছিল গ্ৰন্থ মেলাৰ। অসম সাহিত্য সভাৰ অধিবেশনৰ দৰে বৃহৎ অনুষ্ঠানৰ লগত সংগতি ৰাখি গ্ৰন্থ মেলাৰ পৰম্পৰা আৰম্ভ হৈছিল অসমত। কিন্তু অসমৰ অন্যান্য ভিতৰুৱা অঞ্চল সমুহে ততিয়াও গ্ৰন্থমেলাৰ মুখ দেখা নাছিল।

১৯৯৬ চনৰ ফেব্ৰুৱাৰী মাহ। অসম সাহিত্য সভাৰ বোকাখাট অধিবেশন। বিশ্ব গ্ৰন্থ মেলাত ভাগ লোৱাৰ পিছত অন্বেষাই পোনে পোনে ভাগ ল’লে অসম সাহিত্য সভাৰ অধিবেশনৰ গ্ৰন্থ মেলাৰ বিপণীত। অন্বেষাই চৰ্ত সাপেক্ষে লৈ আহিছে নেচনেল বুক ট্ৰাষ্টৰ বহু কিতাপ। সেইবাৰ অন্বেষাৰ যাত্ৰা সাহিত্য সভাৰ গ্ৰন্থ মেলাতে সামৰণি নপৰিল, গ্ৰন্থ প্ৰদৰ্শনী পাতিলে ৰাজ্যৰ অন্যান্য আঠটা স্থানত। সেয়াই আৰম্ভণি। অন্বেষাৰ সেই যাত্ৰা আৰু থমকি নৰ’ল বৰঞ্চ প্ৰতি বছৰে বাঢ়ি গৈ থাকিল গ্ৰন্থ প্ৰদৰ্শনৰ স্থানৰ সংখ্যা। ১৯৯৭ চনত ১৮ খন, ১৯৯৮ চনত ৪২ খন, ১৯৯৯ চনত অসমৰ বিভিন্ন প্ৰান্তত ১০০ খন গ্ৰন্থ প্ৰদৰ্শনীৰ আয়োজন কৰিলে অন্বেষাই। অন্বেষাই গ্ৰন্থমেলা বুলি নকৈ গ্ৰন্থ প্ৰদৰ্শনী বুলি উল্লেখ কৰিছিল, কাৰণ তেওঁলোকে কিছুমান নিৰ্বাচিত গ্ৰন্থৰ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিছিল, য’ত গ্ৰন্থ ক্ৰয়ৰো সুবিধা আছে। আৰু এনে গ্ৰন্থ প্ৰদশৰ্নীৰ বাবে অন্বেষাই অসমৰ প্ৰায় প্ৰতিটো প্ৰকাশন গোষ্ঠীৰ নিৰ্বাচিত গ্ৰন্থ ব্যৱসায়িক চৰ্ত সাপেক্ষে সংগ্ৰহ কৰিছিল। অন্বেষাৰ অন্যান্য বিষয় ববীয়াৰ সিদ্ধান্ত মৰ্মেই অন্বেষাই আৰম্ভ কৰা এই গ্ৰন্থ আন্দোলনৰ সেনাপতি আছিল ললিত বৰা। অৰ্থাৎ কোনো এখন স্থানত গ্ৰন্থ প্ৰদৰ্শনী পাতিবলৈ যি খিনি আয়োজন লাগে, সেই অঞ্চলৰ লোকৰ সৈতে কৰিব লগীয়া আলোচনা, স্থান নিৰ্বাচন আদিৰ ক্ষেত্ৰত আগভাগ লৈছিল ললিত বৰাই। এনে দৰেই প্ৰথমে ৰাজহুৱা স্থানত আয়োজন কৰা গ্ৰন্থ প্ৰদৰ্শনী পাছলৈ বিদ্যালয় মহাবিদ্যালয় চৌহদতো আয়োজিত হ’বলৈ ধৰিলে। সমান্তৰাল ভাবে ৰাজ্য খনত গ্ৰন্থৰ বজাৰ খনৰ এক বৃহৎ পৰিবৰ্তন আহিল। আজিৰ পৰা দুটা দশক পূৰ্বে ৰাজ্যৰ ভিতৰুৱা গাঁও বা চহৰ এখনত নতুন কিতাপ এখন পঢ়াৰ বাবে আপুনি নিৰ্ভৰ কৰিব লগীয়া হৈছিল ওচৰৰ কিতাপ দোকানী জনৰ ওপৰত। তেওঁ প্ৰকাশকৰ পৰা যি কেইখন কিতাপ বিক্ৰীৰ বাবে নিব, তাতে আপুনি সন্তুষ্ট থাকিব লগীয়া হৈছিল। কিন্তু অন্বেষাই কিতাপক সৰ্বসাধাৰণৰ ওচৰ চপাই নিলে। হাতত পোৱা কিতাপ খন কিনি পঢ়াৰ এক পৰিবেশ গঢ়ি উঠিল অসমৰ চহৰে নগৰে। আৰু বিশেষকৈ অসমীয়া কিতাপৰ বজাৰ খন আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত ৰাজ্যত অন্বেষাৰ এনে ক্ষুদ্ৰ গ্ৰন্থ প্ৰদৰ্শনী তথা বিক্ৰীৰ বিপণীয়ে প্ৰভুত অৰিহণা যোগালে। মাৰফৎ অন্বেষাৰ জড়িয়তে এই সমগ্ৰ প্ৰক্ৰিয়াটো আগবঢ়াই নিয়াৰ অন্যতম ব্যক্তি আছিল ললিত বৰা। নিশ্চয়কৈ এইক্ষেত্ৰত অন্বেষাৰ কাৰ্যবাহী বিষয়া পৰেশ মালাকৰ বা পাছলৈ দুলুমণি শৰ্মাৰ অৱদানো অনস্বীকাৰ্য। অন্বেষাৰ এই সফল পদক্ষেপৰ পিছত লাহে লাহে ব্যাৱসায়িক ভাবে গ্ৰন্থ প্ৰদৰ্শন তথা বিক্ৰীৰ বাবে ওলাই আহিল অন্যান্য বহু কেইটা পেছাদাৰী প্ৰতিষ্ঠান। আৰু আগুৱাই গ'ল অসমীয়া গ্ৰন্থৰ বজাৰখন।

সতীৰ্থ, জ্ঞান যাত্ৰাৰ জন্ম

১৯৯৬ চনৰ পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তত গ্ৰন্থ প্ৰদৰ্শনীৰ আয়োজনৰ অভিজ্ঞতাৰে ২০০৭ চনৰ ১ জানুৱাৰীৰ দিনা ললিত বৰাই আৰম্ভ কৰিলে গ্ৰন্থ প্ৰদৰ্শন আৰু বিক্ৰীৰ ভ্ৰাম্যমান অনুষ্ঠান সতীৰ্থ, জ্ঞান যাত্ৰা। মূলধন ৰাজ্যৰ লগতে দেশী বিদেশী গ্ৰন্থ প্ৰকাশন গোষ্ঠীৰ ললিত বৰাৰ প্ৰতি থকা বিশ্বাস। আৰম্ভ হ’ল বিভিন্ন ধৰণৰ কিতাপৰ মেট মৰা বোজা লৈ ৰাজ্যৰ দিহিঙে দিপাঙে গ্ৰন্থ প্ৰদৰ্শন তথা বিক্ৰীৰ আন এক যাত্ৰা। সতীৰ্থৰ এই নতুন যাত্ৰাত ললিত বৰাক বিশ্বস্ত সংগ দিলে ভাতৃ কেশৱ বৰাই। দুই তিনিজন সংগীৰ সৈতে কিতাপৰ টোপোলা লৈ ইঠাইৰ পৰা সিঠাইলৈ কঢ়িয়াই লৈ ফুৰি সতীৰ্থক জনপ্ৰিয় কৰাৰ আৰঁত ললিত বৰাৰ লগতে প্ৰভুত অৰিহণা আছে কেশৱ বৰাৰো।

২০০৮ চনতো সতীৰ্থৰ বাবে বিশেষ উল্লেখযোগ্য বৰ্ষ। ১৯৫৮ চনত জন্ম হোৱা অসম প্ৰকাশন পৰিষদৰ ২০০৮ চনটো সোণালী জয়ন্তী বৰ্ষ। ৰূপালী জয়ন্তী বৰ্ষ অৰ্থাৎ ১৯৮৪ চনত গুৱাহাটীত প্ৰথম গ্ৰন্থমেলাৰ আৰম্ভ কৰা অসম প্ৰকাশন পৰিষদে ২০০৮ চনত ৰাজ্যৰ বিভিন্ন স্থানত গ্ৰন্থ প্ৰদৰ্শনৰ আচনি কৰিলে। আৰু প্ৰকাশন পৰিষদৰ হৈ সেই কামৰ দ্বায়্ত্বি পালে সতীৰ্থই। আৰম্ভণিতে ৫০ খন স্থানত গ্ৰন্থ প্ৰদৰ্শনৰ আচনি লৈ আগবাঢ়ি বছৰটোৰ অন্তত সেই সংখ্যা বাঢ়ি বাঢ়ি গৈ হ’লগৈ ১১১ খন। সেই ধাৰা পৰবৰ্তী বছৰ সমূহতো অব্যাহত ৰাখিছে সতীৰ্থই। আৰু এনে ব্যস্ত সূচী সুচাৰুৰূপে চলাই নিবলৈ সময় অনুসৰি ন্যুনতম ৩ জনৰ পৰা ৩৫ জনলৈ কৰ্মচাৰীয়ে কাম কৰে সতীৰ্থ অধীনত।

বৰ্তমান ৰাজ্যখনত গ্ৰন্থমেলাৰ পৰিবেশ গঢ়ি উঠিছে। ৰাজ্যৰ বিভিন্ন স্থানত প্ৰতি বছৰে বা দুই তিনি বছৰৰ অন্তৰত গ্ৰন্থমেলা অনুষ্ঠিত হয়। এয়া নিশ্চয় অসমৰ গ্ৰন্থৰ বজাৰ খনৰ বাবে এক সুখবৰ।

অসমত গ্ৰন্থৰ ব্যৱসায় আগবঢ়াই নিবলৈ কৰা সংগ্ৰামত, আজিৰ দৰে যোগাযোগ ব্যৱস্থাৰ সুবিধা নথকা আৰম্ভণিৰ সেই দিনবোৰৰ কথা আজিও সোঁৱৰে ললিত বৰাই। মাজুলী বা শদিয়াত গ্ৰন্থমেলা পাতিবৰ বাবে নাৱেৰে কিতাপ কঢ়িয়াই নিয়া সেই দিন বোৰে আজিও আমনি কৰে। আমনি কৰে ৰাজ্যখনৰ বিভিন্ন অঞ্চলত গ্ৰন্থৰ প্ৰদৰ্শনী পাতিবলৈ যাওঁতে অচিনাকী লোক এঘৰেও আশ্ৰয় দি কৰা মৰম চেনেহবোৰে। জীৱনৰ এটা দীৰ্ঘ কাল কিতাপৰ সৈতেই কটোৱা ললিত বৰাই ক’য়-“কিতাপৰ টোপোলাটো লৈয়ে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বহু মানুহৰ লগত চা-চিনাকী হ’ল, বহু মানুহৰ লগত সম্পৰ্ক হ’ল, এই সুদীৰ্ঘ সময় চোৱাত কাৰোবাৰ উপকাৰ কৰিব নোৱাৰিব পাৰোঁ, কিন্তু আজিলৈ কোনেও ক’ব নোৱাৰিব কাৰোবাৰ অপকাৰ কৰিছো বুলি।”