ঘৰৰ আনন্দ ওভতাই আনিবলৈ হাউছজয়

ঘৰৰ আনন্দ ওভতাই আনিবলৈ হাউছজয়

Tuesday November 17, 2015,

4 min Read

ঘৰৰ ফ্ৰিজ বেয়া হৈছে, লেপটপৰ মনিটৰ নষ্ট হৈছে, টিভিৰ ছবি অস্পষ্ট হৈ আহিছে। ঘৰত বস্তু থাকিলে বেয়া হ’বই। আৰু বস্তু বেয়া হোৱা মানেই মিস্ত্ৰি মাতি ভাল কৰা নাইবা মেকানিকৰ ওচৰলৈ যোৱা। অথবা ধৰক ঘৰ-দুৱাৰ পৰিষ্কাৰ কৰা। বহুদিন ভালদৰে চাফ-চিকুন কৰা হোৱাই নাই। ক’ৰবাত ৰং এৰাই হৈছে, ক’ৰবাত ঘৰৰ চালত ধূলিৰ আস্তৰণ। পৰিস্কাৰ কৰিলেই হ’ল। কিন্তু অফিচ চম্ভালি সময় ক’ত? প্ৰকৃততে বহুতেই উৎসৱৰ সময় আহিলে ঘৰ-দুৱাৰ পৰিস্কাৰ কৰাৰ কথা ভাবে। কিন্তু তেতিয়াই মূৰত হাত দিবলগীয়া পৰিস্থিতি। সপ্তাহত মাত্ৰ একেটাই ছুটীৰ দিন। অলপ আৰাম নকৰাকৈ কেনেকৈ থাকে! প্ৰতিটো পৰিয়ালৰ এনেধৰণৰ সমস্যা সমাধান ‘হাউছজয়’ (Housejoy)। ঘৰ-দুৱাৰ পৰিষ্কাৰ, ইলেক্ট্ৰনিক গেজেট মেৰামতিসহ গ্ৰাহকলৈ বিভিন্ন সেৱা প্ৰদান কৰিবলৈ চলিত বছৰৰ জানুৱাৰী মাহত আৰম্ভ কৰা হয় এই প্ৰতিষ্ঠান। হাউছজয় গঢ়ি তোলা মূল উদ্যোগী দুজন। সুনীল গোৱেল আৰু অৰ্জুন কুমাৰ।

দুটা দশকৰো অধিক সময় টেছক’ত তথ্য-প্ৰযুক্তিৰ কাম কৰিছে সুনীলে। ইয়াৰ পিছত সুনীলে যোগ দিছিল টিউটৰভিষ্টা সংস্থাত। তাত ষ্টাৰ্টআপ প্ৰতিষ্ঠানে কিদৰে কাম কৰে, তাৰ অ’পাৰেচন আৰু লাৰ্নিং বিভাগটো চম্ভালিছিল তেওঁ। টিউটৰভিষ্টাৰ পৰৱৰ্তী পৰ্যায়ত সুনীলে আৰম্ভ কৰিছিল ভিইউফাৰ্ষ্ট, যি হৈছে এটা ভিডিঅ’ প্লেটফৰ্ম। কোনো সংস্থাত কৰ্মী নিয়োগৰ পূৰ্বে প্ৰাৰ্থী নিৰ্বাচনৰ দিশটোত চকু দিছিল ভিইউফাৰ্ষ্টে। টিউটৰভিষ্টাত কাম কৰাৰ সময়ত অৰ্জুনৰ সৈতে পৰিচয় হৈছিল সুনীলৰ। এটা সময়ত বুকআড্ডা নামৰ এটা সংস্থা চলাইছিল অৰ্জুনে। আনকি ৫০ লাখ মাৰ্কিন ডলাৰৰ ফাণ্ডিঙো তুলিছিল। পৰৱৰ্তী সময়ত বুকআড্ডা অধিগ্ৰহণ কৰে স্বপ্না গ্ৰুপে। প্ৰ’ডাক্ট ডেভেলপমেণ্টৰপৰা পেমেণ্ট ছিষ্টেম, বিভিন্ন কোম্পানীত এটা দশকৰো বেছি সময় কাম কৰাৰ অভিজ্ঞতা আছে অৰ্জুনৰ। সেই দুয়োজনে মিলি আৰম্ভ কৰিছে হাউছজয়।

ইলেক্ট্ৰনিক্ছ গেজেটছ মেৰামতি, ঘৰৰ সৌন্দৰ্যবৰ্ধনৰ ক্ষেত্ৰত যি ব্যৱসায়ৰ বহুল সম্ভাৱনা আছে সেয়া বুজিছে সুনীল আৰু অৰ্জুনে। ব্যৱসায়টো আৰু ভালদৰে বুজিবলৈ বহু গৃহস্থ (এওঁলোকেই মূলতঃ গ্ৰাহক বা কাষ্টমাৰ) আৰু সেৱা প্ৰদানকাৰী সংস্থা বা ভেণ্ডৰসকলৰ সৈতে কথা পাতিছে তেওঁলোকে। গ্ৰাহকক প্ৰকৃততে কি প্ৰয়োজন, কিয় প্ৰয়োজন, ক’ত তেওঁলোকৰ সমস্যা ইত্যাদি বিষয়বোৰ বুজি লয় তেওঁলোকে। কথা পাতে ভেণ্ডৰৰ সৈতেও। তেওঁলোকে কি বিচাৰে, কিয় বিচাৰে, পেমেণ্ট লৈ তেওঁলোকৰ অভাৱ-অভিযোগ লৈও আলোচনা হয়। গ্ৰাহক আৰু সেৱা প্ৰদানকাৰী ভেণ্ডৰৰ মূল সমস্যাস্থলী চিহ্নিত কৰে সুনীল-অৰ্জুনে। এটা পক্ষৰ পৰা সেৱা গ্ৰহণ কৰি আনটো পক্ষক সেৱা প্ৰদান কৰে। এটা পক্ষক লাগে ভাল সেৱা, আনটো পক্ষই বিচাৰে পৰিশ্ৰমৰ বিপৰীতে উপযুক্ত পাৰিশ্ৰমিক। সুনীলে কয়, ‘সেৱা গ্ৰহণ কৰিব বিচৰা কোনো গ্ৰাহকে তেওঁৰ যোগাযোগৰ নম্বৰ তুলি দিয়ে সেৱা প্ৰদানকাৰীক। সেই কামৰ বাবে বিভিন্ন ভেণ্ডৰে গ্ৰাহকসকলক ফোন কৰে। প্ৰথম কথা হৈছে অসংখ্য ফোন ধৰিবলগীয়া হয় গ্ৰাহকসকলে। তদুপৰি একেটা কামৰ বাবে বিভিন্ন ভেণ্ডৰৰ বিভিন্ন দৰ। যি অতি বিভ্ৰান্তিকৰ। ভেণ্ডৰে কি সেৱা প্ৰদান কৰিব সেয়াও পৰিস্কাৰ নহয়। সকলো মিলি গ্ৰাহকে বুজিব নোৱাৰে প্ৰকৃততে কাক কামটো দিয়াটো উচিত হ’ব।’

সেৱা প্ৰদানকাৰীৰ ক্ষেত্ৰত কি অসুবিধা আছে সেয়াও বুজাৰ চেষ্টা কৰে সুনীল-অৰ্জুনে। সুনীলৰ কথাৰে, ‘সেৱা প্ৰদানকাৰীৰ সৈতে কথা পাতি বুজিব পাৰিছো যে, তেওঁলোকৰ উদ্বেগৰ কাৰণ আছে। ভেণ্ডৰসকলক কামটো দিলেই ধন প্ৰদান কৰিবলগীয়া হয়। পৰৱৰ্তী সময়ত সেই কামটোৰপৰা তেওঁলোক লাভান্বিত হ’বনে নাই সেয়াও নিশ্চিত নহয়। ইয়াৰ উপৰি আছে গ্ৰাহকৰ অৱস্থিতি। বাংগালুৰুৰ বিভিন্ন স্থানত থাকে গ্ৰাহকসকল। সেইবোৰ ঠিকনা উদ্ধাৰ কৰি পোৱালৈকে বহুত সময়ৰ প্ৰয়োজন হয়। এনেকুৱাও হয়, নিৰ্দিষ্ট ঘৰটোত উপস্থিত হোৱাৰ পিছতে দেখা গ’ল সমস্যা সমাধান হৈ গৈছে।’

২০১৫ চনৰ জানুৱাৰীত হাউছজয় আৰম্ভ কৰাৰ পিছত অৱশ্যে সুনীল-অৰ্জুনৰ উভতি চাবলগীয়া হোৱা নাই। আৰম্ভণিতে প্ৰতিদিনে গড়ে ৪০ৰপৰা ৫০টা কামৰ অৰ্ডাৰ পাইছিল। এতিয়া বাংগালুৰুকে ধৰি ১০খন চহৰত এয়া বৃদ্ধি দৈনিক প্ৰায় ৪০০০ হৈছে। বাংগালুৰুত আৰম্ভ হ’লেও অলপ দিনৰ ভিতৰতে দিল্লী, আহমেদাবাদ, পুণে, মুম্বাই, হায়দৰাবাদ, জয়পুৰ, ছুৰাট, চণ্ডীগড় আৰু চেন্নাইত ব্যৱসায় সম্প্ৰসাৰ কৰিছে হাউছজয়ে। সম্প্ৰতি হাউছজয়ৰ মুখ্য কাৰ্যবাহী বিষয়াৰ পদত যোগ দিছে ফ্লিপকাৰ্টৰ প্ৰডাক্টছ বিভাগৰ প্ৰাক্তন ভাইচ প্ৰেচিডেণ্ট সাৰন চেটাৰ্জীয়ে। নিজৰ যোগদানৰ কথা ক’বলৈ গৈ সাৰনে ক’লে, ‘মাৰ্কিন যুক্তৰাষ্ট্ৰত বহুদিন ধৰি কাম কৰাৰ পিছত ভাৰতলৈ উভতি আহিব বিচাৰিছিলো। মাৰ্কিন যুক্তৰাষ্ট্ৰত যিদৰে কাম চলে, ইয়াতো তেনেধৰণৰ কোনো সংস্থাত যোগদান কৰিবলৈ বিচাৰিচিলো। সমাজ জীৱনৰ কোনো সমস্যা সমাধান কৰিবলৈ পালে মই ভালপাওঁ। সেই সংস্থা সৰু হ’লেও আপত্তি নাই। মই যিদৰে বিচাৰিছিলো ঠিক তেনেকুৱাই হাউছজয়।’


image


বৰ্তমান ভাৰতৰ ১০খন চহৰত বিভিন্ন ক্ষেত্ৰত কাম কৰি আহিছে হাউছজয়ে। ইয়াৰ মাজত আছে লেপটপ, মোবাইল ফোন মেৰামতি, এয়াৰ কণ্ডিচনাৰছ, ইলেক্ট্ৰনিক্ছ প্লাম্বিং, কাৰ্পেণ্ট্ৰিং আৰু লণ্ড্ৰি। অতি শীঘ্ৰে ঘৰলৈ গৈ দুচকীয়া আৰু চাৰিচকীয়া বাহনৰ মেৰামতিৰ কামো তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ আগবাঢ়িছে। সৌন্দৰ্যবৰ্ধনৰ দৰে সেৱাও দি আহিছে হাউছজয়ে। ইয়াৰ বাবেও কিছু কৰ্মী আছে প্ৰতিষ্ঠানটোৰ। যিসকল পে’ৰ'লত কাম কৰে। সামগ্ৰী মেৰামতি বা পৰিস্কাৰ কৰিবলৈ গ’লে দুৰ্ঘটনাও নঘটা নহয়। ধৰা হওঁক, কোনো দামী বস্তু এটা ভাঙি গ’ল। এনে ক্ষেত্ৰত সৰ্বাধিক ১০ হাজাৰ টকা পৰ্যন্ত ক্ষতিপূৰণ আদায় দিয়ে হাউছজয়ে। যদিহে ভুলটো সেৱা প্ৰদানকাৰীৰ। ফলত দুটা অৰ্থত গ্ৰাহক সন্তুষ্ট। এফালে উন্নত সেৱা, আনফালে ক্ষতিপূৰণৰ আশ্বাস। ইয়াৰ ফলত যথেষ্ট সুনামো অৰ্জন কৰিছে হাউছজয়ে।

দহখন মহানগৰতে আৱদ্ধ থাকিব নিবিচাৰে হাউছজয়। আসন্ন ছমাহত আৰু কেইবাখনো মহানগৰলৈ তেওঁলোক আগুৱাই যাব বিচাৰে। মূল লক্ষ্য প্ৰতিদিনে এক লাখ অৰ্ডাৰ। কামৰ পৰিমাণ ইমানেই বিচাৰে প্ৰতিষ্ঠানটোৱে। এই বছৰতে মেট্ৰিক্স পাৰ্টনাৰ্ছৰপৰা ৪০ লাখ ডলাৰৰ ‘ছিৰিজ এ’ ফাণ্ডিং পাইছে প্ৰতিষ্ঠানটোৱে। ব্যৱসায় সম্প্ৰসাৰ কৰাৰ বাবে এণ্ড্ৰইড ফোনৰ এপ আৰম্ভ কৰা হৈছে। শীঘ্ৰে এপল আৰু উইণ্ড’জতো এপ আৰম্ভ হ’ব। আৰু যদি প্ৰতিযোগিতাৰ কথা কোৱা হয়, প্ৰত্যাহ্বান লৈয়েই আগুৱাই গৈছে হাউছজয়। এই ক্ষেত্ৰত বহুকেইটা প্ৰতিষ্ঠানে কাম কৰি আছে। প্ৰথমতেই নাম ল’ব লাগিব জাষ্টডায়েলৰ। আছে হেল্পচাট, ব্ৰ’ফৰইউ। তথাপি বজাৰ বিশাল। ক’ব পাৰি, লাহে লাহে ভাৰতীয়ই এনে সেৱাই বিচাৰিছে। গতিকে ষ্টাৰ্টআপৰ বাবে আৰু পথ খোলা আছে।