অনন্ত অম্বানিৰ ফিটনেছ ট্ৰেইনাৰ বিনোদ চান্নাই এদিন দৈনিক এসাজহে খাবলৈ পাইছিল

অনন্ত অম্বানিৰ ফিটনেছ ট্ৰেইনাৰ বিনোদ চান্নাই এদিন দৈনিক এসাজহে খাবলৈ পাইছিল

Monday August 08, 2016,

2 min Read

মুকেশ অম্বানিৰ পুত্ৰ অনন্ত অম্বানিৰ পুত্ৰই ১৮ দিনত ১০৮ কিলো ওজন হ্ৰাস কৰাৰ বিষয়টোৱে যথেষ্ট চৰ্চিত এটা বিষয় । নিশ্চিতভাৱে ই এক আকৰ্ষণীয় তথ্য কিন্তু তাতোকৈ আকৰ্ষণীয় তথ্য হ'ল তেওঁল ফিটনেছ প্ৰশিক্ষক আৰু শৰীৰচৰ্চাবিদ বিনোদ চান্নাৰ কাহিনী । মুম্বাইৰ এটা সধাৰণ পৰিয়ালৰ বিনোদৰ জীৱন সংগ্ৰাম আৰু কঠোৰ পৰিশ্ৰমৰ জীৱন । এটা সময় আছিল যেতিয়া তেওঁলোকৰ দুবেলা দুমুঠি খোৱাটো অসম্ভৱ হৈ পৰিছিল । তেওঁ ইমানেই ক্ষীণ আছিল যে তেওঁৰ নামেই হৈ পৰিছিল 'শুকড়া' (মাৰাঠী ভাষাত শুকান আৰু ক্ষীণ )।

Image : (L/R) - JWF; (C) - Youtube

Image : (L/R) - JWF; (C) - Youtube


কলেজীয়া দিনত ইটো সিটো কাম কৰি নিজৰ খৰচ উলিয়াইছিল । যিহেতু শৰীৰচৰ্চৰ প্ৰতি তেওঁৰ আগ্ৰহ আছিল সেয়ে মাহে ৫০ টকা মাচুল দি তেওঁ এটা ব্যায়ামাগাৰত নামভৰ্তি কৰে । সেই সময়তে তেওঁ এজন পেছাদাৰী প্ৰশিক্ষক হোৱাৰ প্ৰশিক্ষণো গ্ৰহণ কৰে । বৰ্তমান তেওঁ মুম্বাইৰ খাৰ অঞ্চলত ভিচি ফিচনেছ নামৰ এটা ফিটনেছ চেন্টাৰ চলায় । 

Image: Just For Women

Image: Just For Women


বিনোদে জন আব্ৰাহাম, শিল্পা শেট্টিকে ধৰি বহু চেলিব্ৰিটিক প্ৰশিক্ষণ দিছে । তেওঁৰ অন্যতম সফলতা হ'ল অনন্ত অম্বানি । তেওঁৰ তত্বাৱধানতে অনন্তে ১৮ দিনত ১০৮ কেজি ওজন কমাবলৈ সক্ষম হয় । অনন্তৰ দৈনন্দিন জীৱনৰ অংশ হ'ল ২১ কিলোমিটাৰ খোজকঢ়া, যোগাসন, ভাৰোত্তোলন আৰু অন্নান্য ব্যায়াম । আনহাতে অনন্তৰ খাদ্য তালিকাখনো সম্পূৰ্ণৰূপে শৰ্কৰা বিহীন, চৰ্বি আৰু প্ৰ'টিন নিয়ন্ত্ৰিত খাদ্য নিৰ্ভৰশীল । 

এনেকুৱা কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কিছুমান কাহিনী

জিএছটিয়ে ষ্টাৰ্টআপক কিদৰে লাভাম্বিত কৰিব

কাশ্মীৰী পণ্ডিত পৰিয়ালক সহায়ৰ বাবে নিজৰ জীৱন বিপন্ন কৰা এক কাশ্মীৰী মুছলমান দম্পতি

আনে নোযোৱা পথেৰে ভ্ৰমণ কৰা ড° সঞ্জয় অগ্ৰৱাল