জিএছটিঃ ৬৬ বিধ সামগ্ৰীৰ দাম কমিব

জিএছটিঃ ৬৬ বিধ সামগ্ৰীৰ দাম কমিব

Monday June 19, 2017,

2 min Read

জিএছটিৰ প্ৰস্তাৱিত ১৩৩ বিধ সামগ্ৰীৰ ওপৰত আৰোপ কৰা কৰ পুনৰ বিবেচনা কৰি ৬৬ বিধ সামগ্ৰীৰ ওপৰত কৰ হ্ৰাস কৰা হ'ল । ধূপকাঠি, ইনছুলিন, স্কুল বেগ, বহী আৰু ১০০ টকাৰ তলৰ ছবিগৃহৰ টিকটৰ ওপৰত কৰ পুনৰ বিবেচনা কৰি হ্ৰাস কৰা হৈছে । 

বাচন-বৰ্তনৰ ওপৰত কৰ ১৮ৰপৰা ১২ শতাংশলৈ আৰু প্ৰিন্টাৰৰ ওপৰত কৰ ২৮ৰপৰা ১৮ শতাংশলৈ হ্ৰাস কৰা হৈছে । শেহতীয়া কৃষক বিদ্ৰোহলৈ দৃষ্টি ৰাখি ট্ৰেক্টৰৰ যন্ত্ৰ-পাতিৰ ওপৰত কৰ ২৮ৰপৰা ১৮ শতাংশলৈ হ্ৰাস কৰা হৈছে । 

image


আচাৰ, কাজু আৰু ১০০ টকাৰ তলৰ ছবিগৃহৰ টিকটৰ মূল্যও এতিয়া সস্তা হ'ব ।

খাদ্য আৰু শাক-পাচলিজাত সামগ্ৰীৰ ওপৰত কৰ ১৮ শতাংশৰ পৰা ১২ শতাংশলৈ হ্ৰাস কৰা হৈছে । 

হীৰা, চামৰা, কাপোৰ, অলংকাৰৰ ক্ষেত্ৰত ৫ শতাংশ কৰ হ্ৰাস কৰা হৈছে । 

এক ভাৰত এক কৰ ব্যৱস্থাৰ অধীনত সকলো সামগ্ৰীৰ ওপৰত কৰ চাৰিটা খলপাত ভাগ কৰা হৈছে- ৫, ১২, ১৮ আৰু ২৮ শতাংশ । ইয়াৰ উপৰি অন্যান্য কিছুমান সামগ্ৰীৰ ওপৰত ০ শতাংশ কৰ আৰোপ কৰা হৈছে ।

জুলাই মাহৰ ১ তাৰিখৰপৰা জিএছটি প্ৰৱৰ্তন কৰা হ'ব । এতিয়ালৈকে ২৪ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে ৰাজ্যিক জিএছটি বিধেয়ক গ্ৰহণ কৰিছে । সাতখন ৰাজ্যই এই বিধেয়ক ১৫ ছেপ্টেম্বৰৰ ভিতৰত গ্ৰহণ কৰিব ।

জিএছটিৰ অধীনত কেৱল পেট্ৰল, হাই-স্পীড ডিজেল, বিমান ইন্ধন, খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ ওপৰত ৰাজ্যসমূহে কৰ আৰোপ কৰিব ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

১ টকা মূলধনেৰে আৰম্ভ হৈছিল অগৰৱাল পেকাৰ্ছ এণ্ড মুভাৰ্ছৰ ৪৫০ কোটি টকীয়া ব্যৱসায় 

ৰিক্সাচালক বাবলুৱে যিটো কৰ্মফল কল্পনাও কৰা নাছিল

পঢ়া-শুনা আৰু মডেলিঙত সমানে আগ ৰণুৱা মিছ ইণ্ডিয়া ৰাণাৰ্ছ আপ পঙ্খূৰি গিডৱানি