এলিজাবেথৰপৰা ৰেম্ব'লৈকে যিকোনো ৰূপ ধাৰণ কৰিব পৰা এগৰাকী মেক আপ শিল্পী

0

লুচিয়া পিট্টালিছ এগৰাকী মেক আপ শিল্পী । তেওঁৰ বিশেষত্ব হৈছে তেওঁ নিজকে যিকোনো ৰূপ দিব পাৰে । ৰেম্ব', জেক স্পেৰ', ৰাণী এলিজাবেথ, ৰকি আদি যিকোনো চৰিত্ৰৰ ৰূপ ধাৰণ কৰিব পাৰে তেওঁ । মাত্ৰ মেক আপ ব্যৱহাৰ কৰি তেওঁ মুখাৱয়ব আচৰিত ধৰণে সলনি কৰিব পাৰে ।

Image : India Times
Image : India Times

লুচিয়াই কয়, "মই এগৰাকী চিত্ৰশিল্পী আৰু মেক আপ শিল্পী । লগতে মই চিনেমা, নাটক আৰু সঙ্গীতৰ ভক্ত । মোৰ চিত্ৰকলা আৰু মেক আপৰ কলাক একেলগ কৰি মই এটা নতুন শিল্প সৃষ্টি কৰিছো যাৰ দ্বাৰা মই নজকে যিকোনো ৰূপ দিব পাৰোঁ । মই কোনো প্ৰস্থেতিক পদ্ধতি ব্যৱহাৰ নকৰাকৈ এই কাম কৰোঁ ।"

Image : India Times
Image : India Times

"এই কামটো আমোদজনক । মই উইগ আদি পুৰণা সামগ্ৰী কিনি আনো আৰু ছবি, ভিডিঅ' আদি ভালকৈ পৰ্যবেক্ষণ কৰোঁ । তাৰ পাছত মই সেই বিষয়টোৰ লগত সম্পৰ্ক থকা গান শুনো যাতে মই সেই মুডটোত সোমাই যাব পাৰোঁ ।" তেওঁ কয় ।

লুচিয়াৰ কলাকৌশল চাওক এই ভিডিঅ'ত ।