৯৯ বছৰীয়া এগৰাকী যুৱতী: গুৱাহাটীৰ অৰুণা মুখাৰ্জী
Sunday February 07, 2016,
3 min Read
ধৈৰ্য্য, একাগ্ৰতা, কৰ্তব্য নিষ্ঠা থাকিলে অসম্ভৱকো সম্ভৱ কৰি তুলিব পাৰি। বয়সৰ ওচৰত হাৰ মানিব নোখোজা, অক্লান্ত সমাজসেৱী, অৰুণা মুখাৰ্জীৰ কৰ্মৰ নিদৰ্শন বিশেষ চৰ্চিত প্ৰসংগ হৈ উঠিছে। কিয়নো, শুনিলে হয়তো আপুনিও আচৰিত হ’ব যে এই ৯৯ বছৰীয়া আইতা গৰাকীয়ে, জীৱনৰ অপৰাহ্ন ক্ষণটো সমাজ সেৱাত আত্মনিয়োগ কৰি আছে আৰু মুকলি কৰি দিছে বহু পৰিয়ালৰ জীৱন আৰু জীৱিকাৰ পথ। এই দেখি হয়তো আপোনাৰো ক’ব মন যাব বাহ! আইতা বাহ! আপোনাক জনাইছো প্ৰণাম।
সমাজসেৱী অৰুণা মুখাৰ্জীৰ জীৱনত এভূমুকি
মহানগৰীৰ পল্টনবজাৰৰ প্ৰফেচাৰ পাৰাৰ বাসিন্দা অৰুণা মুখাৰ্জী কটন কলেজৰ ৰসায়ন বিভাগৰ প্ৰাক্তন মুৰব্বী যদুলাল মুখাৰ্জীৰ পত্নী। সৰুৰে পৰাই দেশপ্ৰেমিক দেউতাক ৰাধিকালাল বেনাৰ্জী আৰু আৰক্ষী বিভাগত কৰ্মৰত ককায়েকৰ জীৱনাদৰ্শই উদ্বুদ্ধ কৰি তুলিছিল। যাৰ ফলত সমাজৰ বাবে কিবা এটা কৰা মানসিকতা গঢ় লৈ উঠিছিল। সাংসাৰিক সমস্যা তথা বিভিন্ন কাৰণৰ বাবে যদিও সঠিক সময়ত আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত আছিল জীৱনৰ অপৰাহ্ন সময়ত গ্ৰহণ কৰা অনানুষ্ঠানিক শিক্ষাই অৰুণা মুখাৰ্জীৰ জীৱন জ্যোতি আলোকিত কৰি তুলিছিল। উল্লেখযোগ্য যে ৫/৬ বছৰ বয়স নহয়৬০ বছৰ বয়সত সঙ্গীত শিক্ষা গ্ৰহণ কৰিছিল তেখেতে। মনৰ ইচ্ছা থাকিলে, বয়সকো পৰাজিত কৰিব পাৰি। লাগে মাথো প্ৰবল ইচ্ছা।
বৰ্ণিল ব্যক্তিত্বৰ অধিকাৰী অৰুণা মুখাৰ্জীক লগ পাই এনে লাগিল যেন তেখেত প্ৰচাৰ বিমুখ। ৬০ বছৰত গ্ৰহণ কৰা সঙ্গীত শিক্ষাৰে ১৯৮৭ চনত প্ৰথম স্থানসহ সংগীত বিশাৰদ , ১৯৯৭ চনত প্ৰথম স্থানসহ সংগীত নিপুণ উত্তীৰ্ণ হয় আৰু নিখিল ভাৰত সংগীত পৰিষদে কলাবিদ উপাধি প্ৰদান কৰে। সঙ্গীত শিক্ষা গ্ৰহণ কৰিয়েই ক্ষান্ত নাথাকি যাতে সঙ্গীত জ্যোতি সমাজক বিলাই দিব পাৰে তাৰ বাবে তেখেতে চেষ্টা আৰম্ভ কৰে। দৰিদ্ৰ শ্ৰেণীৰ লোকসকলৰ বাবে অতি কম খৰচত গীত, নৃত্য, তবলা, গীটাৰ, চেতাৰ, কুকিং পেইণ্টিংৰ লগতে চিলাই প্ৰশিক্ষণ ঘৰতে আৰম্ভ কৰে। উল্লেখযোগ্য যে অৰুণা মুখাৰ্জীয়ে প্ৰশিক্ষণ দিয়া প্ৰায় ৪০,০০০ প্ৰশিক্ষাৰ্থী বৰ্তমান বিভিন্ন ঠাইত কৰ্মৰত হৈ আছে। সন্ধান লভিছে জীৱনৰ এক নৱ আলোকৰ।
অৰুণা মুখাৰ্জীৰ ব্যক্তিত্ব আৰু সামাজিক ক্ষেত্ৰ
অৰুণা মুখাৰ্জীৰ মতে কৰ্মই ধৰ্ম। অৰ্থাৎ কৰ্ম কৰি যোৱা ফলাফল ভগৱানে দিবই। ভাল কামৰ ফল সদায়ে ভাল হয়। সমাজৰ ক্ষুধাতুৰ জনে যাতে এসাজ ভাত আনন্দ তৃপ্তিৰে খাব পাৰে তাৰে মূলমন্ত্ৰ সৰোগত কৰি আজি ৪০ বছৰে দিনৰ ভাগত সামান্য চাহ-বিস্কুট খাইয়ে জীৱন যাপন কৰি আছে। অৰ্থাৎ তেখেতে খোৱা আহাৰ সাজো সমাজৰ বাবে উৎসৰ্গিত। এই বয়সতো ১৬ বছৰীয়া তজবজীয়া গাভৰুৰ দৰে শাক-পাচলিৰ খেতি কৰে আৰু ৰন্ধা-বঢ়াও কৰে। সমাজসেৱী আইতা গৰাকীয়ে ইতিমধ্যে ঘৰৰ কাষৰে মাটি বৃদ্ধাশ্ৰমৰ বাবে দান কৰিছে। বৃদ্ধাশ্ৰমখনৰ নিৰ্মাণ কাৰ্য্যৰ প্ৰস্তুতি চলি আছে। সামাজিক ক্ষেত্ৰত বিশেষ তৎপৰতা দেখুওৱাৰ বাবে অসম চৰকাৰ, ৰটাৰী ক্লাব আৰু বিভিন্ন সংস্থাৰ পৰা বিশেষ বঁটা লাভ কৰিছে। নিস্বাৰ্থৰূপে সামাজিক ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানেৰে অৰুণা মুখাৰ্জী সকলোৰে পথ প্ৰদৰ্শক হওক। আমাৰ ফালৰ পৰাও যাচিলো অফুৰন্ত ওলগ।
এনেকুৱা কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক
অন্যান্য কিছুমান কাহিনী
‘আটাইতকৈ কুৎসিত মহিলা’ৰ চিনাকি ভেদি আনৰ বাবে আজি প্ৰেৰণাৰ উৎস লিজ্জী
গ্ৰাহকেহে প্ৰতিষ্ঠা কৰে এটা ব্ৰেণ্ড, ব্যৱসায়ীয়ে নহয়: JB'sৰ প্ৰতিষ্ঠাতা গোপাল জালান
নৱজাতকৰ বাবে জীৱনদায়িনী এক অভূতপূৰ্ব মাতৃদূগ্ধৰ বেংক
ঠেলাৰে মমবাতি বিক্ৰী কৰি ফুৰা দৃষ্টিহীন ভৱেশ ভাটিয়া এতিয়া কোটিপতি