৫টকা প্ৰতি লিটাৰ পানীৰ ৱাটাৰ এটিএম: পি লক্ষ্মী ৰাওৰ মনোৰম কাহিনী

0

অসফলতাৰ বহুতো কাৰণ থাকে কিন্তু সফলতাৰ বাট কেৱল এটাই আৰু সেয়া হৈছে কঠোৰ পৰিশ্ৰম। প্ৰায়ে মানুহে সফল ব্যক্তিসকলক দেখি ৰাতিটোৰ ভিতৰতে তেনেকুৱা হোৱাৰ সপোন দেখে। যিকোনো প্ৰকাৰে তেওঁৰ দৰে সফল হ’বলৈ বিচাৰে আৰু কম সময়ত সফল হোৱাৰ খৰখেদাত চমু বাট বিচাৰিবলৈ লয়। পৰিণতিত তেওঁলোকে কেৱল বিফলতাকহে আকোঁৱালি ল’বলগীয়া হয়।

সফলতা এৰাতিতে অহা বস্তু নহয়, যিকোনো এজন সফল ব্যক্তিৰ আঁৰত এটা কাহিনী লুকাই থাকে। এনেকুৱা কাহিনী য’ত থাকে তেওঁৰ পৰিশ্ৰম, তেওঁৰ সংকল্প আৰু মনৰ প্ৰচণ্ড ইচ্ছাশক্তি। চল্বিকছ ফ’কাছ ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ সংস্থাপক পি লক্ষ্মী ৰাৱৰ কাহিনীও এনেধৰণৰে আৰু ইয়াত প্ৰকাশ পাইছে তেওঁৰ কঠোৰ পৰিশ্ৰম আৰু দৃঢ় সংকল্পৰ কথা।

লক্ষ্মীৰ জন্ম বিজয়ৱাড়াত হৈছিল কিন্তু তেওঁ প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে উত্তৰ প্ৰদেশত। সৰুৰে পৰা তেওঁৰ সপোন আছিল চিকিৎসক হোৱাৰ কিন্তু পৰিয়ালৰ আৰ্থিক অৱস্থা ভাল নোহোৱাৰ বাবে তেওঁ এমবিবিএছৰ ব্যয়বহুল কোচিং গ্ৰহণ কৰিবলৈ অসমৰ্থ হয়। তদুপৰি ‘পেইড ছীট’ গ্ৰহণ কৰিও এডমিশ্যন যথেষ্ট মহঙা আছিল আৰু সেইবাবে তেওঁ এমবিবিএছত নামভৰ্তিৰ পৰা বঞ্চিত হৈ ৰয়। এলাহাবাদ ইউনিভাৰ্ছিটিৰ পৰা তেওঁ বিএছচি সম্পূৰ্ণ কৰে।

পৰিয়ালৰ জ্যেষ্ঠ কন্যা হোৱাৰ বাবে তেওঁ ওপৰত বিয়াৰ হেঁচাও যথেষ্ট পৰিবলৈ লয় কিন্তু সেই সময়ত তেওঁ বিয়াৰ পৰিৱৰ্তে আগলৈ পঢ়িবলৈহে ইচ্ছুক আছিল। অনিচ্ছাস্বত্তেও পিতৃৰ আগ্ৰহক নেওচা দিব নোৱাৰি তেওঁ বিয়াৰ বাবে সন্মত হয় আৰু ১৯৯৪ চনত তেওঁ বিয়াত বহে। বিয়াৰ পিছতো লক্ষ্মী যথেষ্ট সমস্যাৰ সন্মুখীন হয়।স্বামীৰ পৰিয়াল দক্ষিণ ভাৰতীয় হোৱাৰ বাবে তেওঁলোকৰ সংস্কৃতি আৰু ভাষাৰ জ্ঞান নথকাত লক্ষ্মী মহা সংকটত পৰিছিল। শহুৰৰ পৰিয়ালৰ ফালৰ পৰাও লক্ষ্মীয়ে সহযোগিতা পোৱা নাছিল। এনেসময়তে লক্ষ্মীয়ে চাকৰি কৰাৰ সিদ্ধান্ত লয় আৰু ইয়াতো তেওঁ পৰিয়ালৰ পৰা বিভিন্ন বাধাৰ সন্মুখীন হয়। কিন্তু মনতে দৃঢ় সংকল্প লোৱা লক্ষ্মীয়ে এইবোৰলৈ কাণ নিদি ছাত্ৰসকলক পঢ়ুৱাবলৈ লয়। তেওঁৰ প্ৰথম দৰমহা আছিল মাত্ৰ ১৫০০টকা।

ইয়াৰ মাজতে লক্ষ্মীয়ে নিজেও পঢ়িবলৈ লয়। তেওঁ অধ্যয়নৰ প্ৰতি সদায়ে আগ্ৰহী আছিল। উচ্চ শিক্ষালৈ মন মেলি তেওঁ ভৱিষ্যতে এমবিএ কৰাৰ মন বান্ধি লয়। কম্পিউটাৰৰ উচ্চ শিক্ষা গ্ৰহণ কৰি আৰ্থিক স্থিতি সৱল কৰিবলৈ তেওঁ এপটেকত শিশুসকলক পঢ়ুৱাবলৈ লয়। ইয়াৰ পিছত লক্ষ্মীয়ে অট’ম’বাইল উদ্যোগতো চাকৰি কৰিছিল। তেওঁ মাৰুতীত যোগদান কৰি নিজৰ উন্নত প্ৰদৰ্শনৰ বাবে শ্ৰেষ্ঠ চেলছ পাৰ্চনৰ বঁটাও পাবলৈ সক্ষম হয়। স্বাভাৱিকতে পুৰুষ প্ৰধান এটা উদ্যোগত নিজৰ প্ৰতিভা আৰু দক্ষতাৰে বঁটা আজুৰি অনাটো সাধাৰণ কথা নহয়। কিন্তু মনৰ জোৰত লক্ষ্মীয়ে এই অসাধ্য সাধন কৰি দেখুৱায়।মাৰুতীত কাম কৰাৰ অভিজ্ঞতাই লক্ষ্মীক যথেষ্ট পুষ্ট কৰে আৰু ইয়াত পোৱা প্ৰশংসাই তেওঁৰ আত্মবিশ্বাস বঢ়াই তোলে।

লক্ষ্মীৰ মতে এই কামত তেওঁ যথেষ্ট সুখী আছিল। তেওঁৰ স্বামীও একে ক্ষেত্ৰতে কৰ্মৰত আছিল। কিন্তু ঘৰ-সংসাৰ চম্ভালি অট’ম’বাইল ক্ষেত্ৰত চাকৰি কৰাটো সহজসাধ্য নাছিল কাৰণ উৎসৱ-পাৰ্বনৰ সময়ত গাড়ীৰ বিক্ৰী বাঢ়ে আৰু এইসময়ত ছুটী পোৱা নাযায়। গতিকে ইয়াৰ বাবে তেওঁ সংসাৰত বিভিন্ন অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল। বহু ভাবি-গুণি তেওঁ এদিন হঠাৎ চাকৰি এৰি দিয়ে আৰু পুনেৰ চিম্বায়ছিছৰ পৰা এমবিএ কৰিবলৈ লয়। লগতে তেওঁ এইচআৰৰ চাকৰিও কৰিবলৈ লয়।সৰ্বপ্ৰথম তেওঁ এইচআৰ এগজিকিউটিভৰ চাকৰিত মকৰল হয় আৰু প্ৰতিভাৰ বলত চিনিয়ৰ এইচআৰ হেড আৰু পৰৱৰ্তী সময়ত ব্ৰাঞ্চ হেড আৰু শেষত ডাইৰেক্টৰৰ পদ লাভ কৰে।

এতিয়া লক্ষ্মীয়ে নিজাকৈ কিবা কৰিব বিচাৰিছিল কাৰণ ইতিমধ্যে এইচআৰ ক্ষেত্ৰৰ পুংখানুপুংখ তেওঁ নখ দৰ্পণত আয়ত্ব কৰি লৈছিল। সেইমতে ২০০৯ চনৰ ২ ছেপ্তেম্বৰত তেওঁ ‘দ্য ফ’কাছ ইণ্ডিয়া’ৰ ভেঁটি প্ৰতিষ্ঠা কৰে আৰু এয়া আছিল এক সম্পূৰ্ণ নিজাববীয়া মালিকীস্বত্ত থকা ফাৰ্ম। প্ৰথমৰ পৰাই ফাৰ্মখনে উন্নত প্ৰদৰ্শন দিবলৈ লয় আৰু কম সময়তে কোম্পানীটোৰ ভাল কামৰ বাবে তেওঁৰ নাম চাৰিওফালে বিয়পি পৰে। এইখিনি সময়লৈকে লক্ষ্মীৰ ওচৰত চাৰিজন কৰ্মচাৰীৰ এটা সৰু টীম আছিল। কিন্তু সন্মুখলৈ কিদৰে আগুৱাব লাগে সেয়া লক্ষ্মীয়ে জানিছিল আৰু কম কৰ্মচাৰীৰেও তেওঁ ধুনীয়াকৈ কাম আদায় কৰি গৈছিল। সকলো কাম সু-শৃংখলাৱদ্ধভাৱে চলিবলৈ লয়। লক্ষ্মীয়ে ভালদৰে জানিছিল যে এই ক্ষেত্ৰত পূৰ্বৰে পৰা অনুৰুপ বহুকেইটা কোম্পানী আছে তেওঁ সিঁহতৰ সৈতে প্ৰতিদ্বন্দিতাত নামিবই লাগিব। এই কোম্পানীসমূহৰ দুৰ্বলতা তেওঁ বিচাৰি লৈছিল সেইমতে সুনিপুণভাৱে আগুৱাই যাবলৈ ধৰে।সংখ্যাত কম হ’লেও তেওঁৰ ষ্টাফৰ পেছাদাৰী মনোভাৱ থকাৰ বাবে সহজেই তেওঁলোকে এক বৃহৎ কৰ্পৰেট হাউছৰ দৰে কোম্পানী পৰিচালনা কৰিছিল।

২০১২চনলৈকে ফ’কাছ ইণ্ডিয়াৰ যথেষ্ট নাম হোৱাৰ ওপৰিউ বহুকেইটা কোম্পানী ইয়াৰ সৈতে সন্মিলিত হয়। তেতিয়াই লক্ষ্মীয়ে কামৰ পৰিসৰ বৃদ্ধি কৰিবলৈ ফাৰ্মৰ পৰা এটা কোম্পানী প্ৰতিষ্ঠা কৰাৰ চিন্তা কৰে। এই কামেৰে তেওঁ বিশ্বৰ বজাৰ দখলৰ লক্ষ্যও বান্ধি লৈছিল।বহু বিচাৰ-বিবেচনা কৰি তেওঁ ২০১২ চনত চল্বিকছ ফ’কাছ ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ ভেঁটি প্ৰতিষ্ঠা কৰে।এই কামত বহু ধনৰ প্ৰয়োজন হোৱাত তেওঁ ঋণো ল’বলগীয়া হয়।

লক্ষ্মীয়ে জনোৱা মতে সেই সময়ত তেওঁৰ স্বামীয়ে পৰামৰ্শ দিছিল এটা ভাল চাকৰি কৰি শান্তিৰে কাম কৰি যোৱাৰ।কিন্তু লক্ষ্মীয়ে তেওঁক বুজনি দিয়ে যে পূৰ্বে যিদৰে তেওঁ সকলো জঞ্জাল সামৰি পৰিয়ালৰ কাম কৰি গৈছিল সেইদৰে তেওঁ এই কামো আৰামত সম্পন্ন কৰিব পাৰিব। ইয়াৰ পিছত লাহে লাহে তেওঁৰ কোম্পানীয়ে সকলো ক্ষেত্ৰত কৰ্মচাৰী নিয়োগ কৰিবলৈ লয়। বিপিঅ’ই হওক অথবা বায়’টেকন’লজিয়েই হওক, অথবা ৰিয়েল ইষ্টেটৰ পৰা মেডিকেল, উৎপাদন আদি সকলো ক্ষেত্ৰত বৰ্তমান চল্বিকছে কাম কৰি আছে আৰু ছাত্ৰসকলক চাকৰি প্ৰদান কৰি আছে।

লক্ষ্মীয়ে জনোৱা মতে ছাত্ৰসকলক চাকৰি দিয়াৰ লগতে তেওঁলোকক চাকৰি পাবলৈ প্ৰশিক্ষণো প্ৰদান কৰা হয়।এই সমগ্ৰ প্ৰক্ৰিয়া তেওঁ নিজে চোৱা-চিতা কৰে আৰু ছাত্ৰসকলৰ ক্ষমতাৰ হিচাপত তেওঁলোকক উপযুক্ত কোম্পানীত মকৰল কৰে।

২০১৪ চনত লক্ষ্মীয়ে মন কৰিছিল যে কৰ্পৰেট কৰ্মচাৰীসকলে যথেষ্ট যাত্ৰা কৰিবলগীয়া হয় আৰু তেওঁলোকৰ সুবিধাৰ বাবে তেওঁ ট্ৰেভেলৰ কাম হাতত লয়। টিকেট বুকিং, হোটেল বুকিং অথবা টুৰ অপাৰেশ্যন আদি যাত্ৰাৰ সৈতে জড়িত সকলো দিশ কোম্পানীটোৱে চোৱা-চিতা কৰে।

লক্ষ্মীয়ে য়’ৰ ষ্টৰীৰ আগত কয়,

“আজি মই যি ঠাইত আছো সকলো মোৰ পিতৃৰ বাবে সম্ভৱ হৈছে। পিতৃৰ সৈতে মোৰ সম্পৰ্ক যথেষ্ট ঘনিষ্ঠ আছিল। ২০০৯ চনত কৰ্কট ৰোগত আক্ৰান্ত হৈ তেওঁৰ দেহাৱসান ঘটে। তেতিয়াৰ পৰাই মই হেল্থকেয়াৰ ক্ষেত্ৰতো কাম কৰাৰ কথা চিন্তা কৰিছিলো।”

তেওঁ কয় যে পানী বহুতো ৰোগৰ কাৰণ আৰু সমগ্ৰ দেশতে পৰিষ্কাৰ পানীৰ অভাৱ। পৰিষ্কাৰ পানীৰ ওপৰত প্ৰতিজন দেশবাসীৰ অধিকাৰ আছে আৰু ইয়াৰ পৰা তেওঁলোক সদায় বঞ্চিত হৈ ৰৈছে। এইবোৰলৈ দৃষ্টি ৰাখি তেওঁ ২০১৫চনৰ নৱেম্বৰ মাহত ৱাটাৰ এটিএমৰ প্ৰৱৰ্তন কৰে। ৱাটাৰ এটিএমৰ জৰিয়তে লক্ষ্মীয়ে কম দামত দেশবাসীক পৰিষ্কাৰ পানী প্ৰদান কৰিবলৈ বিচাৰে। ইয়াৰ মূল্যও যথেষ্ট কম ৰখা হৈছে যাতে এজন সাধাৰণ উপাৰ্জনৰ ব্যক্তিয়েও ইয়াক ক্ৰয় কৰিব পাৰে। এক লিটাৰ পৰিষ্কাৰ পানীৰ দাম মাত্ৰ ৫টকা। ৱাটাৰ এটিএম অফিচ, বিদ্যালয়, হাস্পতাল, ৰেলৱে ষ্টেশ্যনৰ ওপৰিউ আন বিভিন্ন ঠাইত সংস্থাপন কৰা হৈছে।বজাৰলৈ অহাৰ পিছতে বাংগালুৰুৰ এটা কোম্পানীয়ে তেওঁলোকক ১০০০টা ৱাটাৰ এটিএমৰ অৰ্ডাৰ প্ৰদান কৰিছে।

লক্ষ্মীৰ লক্ষ্য ভাৰতৰ গাঁৱে গাঁৱে এই ৱাটাৰ এটিএমৰ ব্যৱস্থা আৰম্ভ কৰা। প্ৰায় প্ৰতিখন গাঁৱতে পৰিষ্কাৰ পানীৰ অভাৱ আৰু বাধ্য হৈ গাওঁবাসীয়ে লেতেৰা পানী খাই থাকিবলগীয়া হয় আৰু পৰিণতিত ৰোগগ্ৰস্ত হৈ পৰে। এই প্ৰকল্পত লাভ আদায় কৰা নহয় বৰং দেশবাসীক সু-স্বাস্থ্যৱান কৰাটোহে একমাত্ৰ উদ্দেশ্য। দেশবাসী সু-স্বাস্থ্যৱান হ’লেহে দেশৰ উন্নতি সম্ভৱ। লক্ষ্মীৰ বিশ্বাস।

আজি লক্ষ্মীৰ ওচৰত আছে এক নিষ্ঠাৱান দল যাৰ ওপৰত আছে তেওঁৰ সম্পূৰ্ণ বিশ্বাস। তেওঁৰ দলৰ প্ৰতিজন সদস্যই কঠোৰ পৰিশ্ৰমী। নিজৰ সফলতাৰ বাবে নিজৰ কৰ্মচাৰীসকলৰ বৰঙণিক তেওঁ স্বীকৃতি দিয়ে।

ভাৰতৰ ওপৰিউ চল্বিকছ ইণ্ডিয়াই ডুবাইতো কাম কৰি আছে। লক্ষ্মীয়ে কয়, ব্যৱসায় কৰাৰ আঁৰত কেৱল মুনাফা আদায় কৰাই লক্ষ্য নহয় বৰং তেওঁৰ বাবে ডাঙৰ কথা গ্ৰাহকৰ সন্তুষ্টি। ইয়াৰোপৰি ৱাটাৰ এটিএমৰ দৰে প্ৰজেক্টৰ মাধ্যমত তেওঁ সাধাৰণ লোকসকলৰ সৈতেও জড়িত হ’ব বিচাৰে আৰু দেশক সু-স্বাস্থ্যৰ দিশলৈ আগুৱাই নিয়াত লক্ষ্মী আগ্ৰহী।

মূল-আশুতোষ খন্তৱাল

অনুবাদ-তুলিকা দেৱী

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

৪০০ টকীয়া চাকৰিৰ পৰা কুইক হীলৰ প্ৰতিষ্ঠালৈকে কাটকাৰ ভাতৃদ্বয়ৰ চমকপ্ৰদ যাত্ৰা

অসমীয়া খাদ্যক বিশ্ব সভালৈ নিয়া চেফ অতুল লহকৰ

উদ্ভাৱনৰ যাত্ৰাত ৰবীন্দ্ৰ নাথ সৰকাৰ

“আল্পনা অংকন কৰিব পৰা গৃহিণীসকলে গ্ৰাফিক্স ডিজাইনো কৰিব পাৰে”-‘আঔ সাথ মা’

ললিত বৰাঃ অসমৰ গাঁৱে- ভূঞে, চহৰে -নগৰে গ্ৰন্থৰ সুবাস বিলাই ফুৰা মানুহজন