ভ্ৰমণলৈ গৈ অতৃপ্তি লৈ উভতি নাহিব, এক্সপ্ল’ৰ ল'ড কৰক

ভ্ৰমণলৈ গৈ অতৃপ্তি লৈ উভতি নাহিব, এক্সপ্ল’ৰ ল'ড কৰক

Tuesday November 17, 2015,

4 min Read

ভীষণ ব্যস্ত! কেইদিনমান ফুৰি আহিব বিচাৰিছে। চহৰৰপৰা দূৰণিৰ কোনো অৰণ্যই আপোনাক হাতবাউলি মাতিছে নেকি? দূৰণিলৈ গৈ ঘূৰি আহিব পাৰিলে ভাল। কিন্তু তালৈ গৈ কি চাব? সেই পেকেজড ট্যুৰ। সেই হোটেল। গৰম পানী। শীতল পানীয়। ভ্ৰমণলৈ গৈ চৰ্তৰ চাৰিবেৰত বন্দী হৈ থকাটোকেইতো ভ্ৰমণ নোবোলে। স্থানীয় লোকৰ সৈতে কথা পতাৰ ইচ্ছা থাকে। আঞ্চলিক লোককথা শুনাৰ দুৰন্ত হেঁপাহ থাকে। স্থানীয় সংস্কৃতিৰ সৈতে একান্ত হোৱাৰ বাসনা। যথাস্থানত থকা হ’ল। জিভাৰ পানী পেলোৱা স্থানীয় খাদ্যৰ জুটিয়েই লোৱা নহ’ল। অতৃপ্তি লৈয়েই উভতি আহিব লগা হ’ল। পকেট খালী কৰি কেৱল যোৱাহে হ’ল। মানুহে ঠাট্টা কৰি কয় ফাল্টু টুৰিষ্ট। এব্ৰিভিয়েচন কৰি ক’ব পাৰি ফাটু। কিন্তু এক্সপ্ল’ৰে দেখুৱাইছে আন এটা বিকল্প। যিয়ে আকাংক্ষা স্পৰ্শ কৰিব পাৰে। আৰু 'ফাটু' হ’ব নালাগে। যদিহে তেওঁলোকৰ এই এপ ডাউনলোড কৰি লয়। আহক তাৰ আগতে এই এপটো সন্দৰ্ভৰ অলপ আলোচনা কৰোঁ।


image


নতুন এপ্লিকেচন ‘এক্সপ্ল’ৰ’ আৰম্ভ হোৱাৰ কেইমাহমান হ’ল। আপোনাৰ আঙুলিৰ এটা স্পৰ্শতে যি আপোনাক সপোনৰ গন্তৱ্যস্থলত উপস্থিত কৰাই দিব পাৰে। সমান্তৰালভাৱে মাটিৰ সংস্পৰ্শ লাভ কৰাৰ সুযোগ। পৰ্যটন উদ্যোগৰ সৈতে ষ্টাৰ্টআপৰ আত্মীয়তা বহুদিনীয়া। আপোনাৰ চাহিদা অনুসৰি থকা, খোৱা আৰু যোগাযোগৰ ব্যৱস্থা কৰি দিয়াই তেওঁলোকৰ কাম। কিন্তু বিক্ৰম পি কুমাৰৰ মতে, ‘সকলো ঠাইতে হোটেলৰপৰাই প্ৰায়বোৰ নিৰ্দিষ্ট সুবিধা পোৱাটো সম্ভৱ। কিন্তু অঞ্চলটোৰ মানুহৰ সৈতে মিলি টিএলচি, ল’নলী প্লেনেটৰ কায়দাত ছুটি উপভোগ কৰিলে অঞ্চলটোৰ সৈতে আত্মীয়তা চাৰিগুণ বৃদ্ধি হয়।’ এই চিন্তাৰেই বিক্ৰমৰ এক্সপ্ল’ৰৰ সৃষ্টি। এই কামত বিক্ৰমৰ সংগী কেলিফৰ্নিয়াৰ বাসিন্দা ছফটৱেৰ ইঞ্জিনিয়াৰ ৰোহিত সুৰী।


image


পুনৰ ভাৰতলৈ

সম্পূৰ্ণ এটা দশক পঢ়াশুনা আৰু চাকৰিসূত্ৰে মাৰ্কিন যুক্তৰাষ্ট্ৰত কটাই বিক্ৰম এই বছৰ উভতি আহিছে দেশলৈ। টেক্সাছ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ। পেছাত ছফটৱেৰ আৰ্কিটেক্ট। বিক্ৰমে ছিছক’, ম’বাইলআইৰণৰ দৰে ষ্টাৰ্টআপত কাম কৰিছিল বহুদিন। কিন্তু তেওঁ অনুভৱ কৰে যে ভাৰতত পৰ্যটন উদ্যোগৰ বজাৰ থাকিলেও, তৰুণসকলৰ বাবে বিশেষকৈ মহিলাসকলৰ বাবে আশাপ্ৰদ ব্যৱস্থা নথকা বাবেই উদ্যোগটো কিঞ্চিত থমকি ৰৈছে। আৰু ঠিক এই কাৰণতে লাডাখ বা মেডিকেৰিৰ দৰে সুন্দৰ ঠাইবোৰ বাদ পৰি ৰৈছে ভ্ৰমণৰ তালিকাৰপৰা।

কিন্তু আমাৰ কেইজনে জানে যে এইবোৰ ঠাইৰ সুন্দৰ ঘৰুৱা পৰিৱেশৰপৰা আঞ্চলিক জীৱনযাত্ৰাৰ সোৱাদ লোৱাটো অবিস্মৰণীয় অভিজ্ঞতা হ’ব পাৰে। এই কথাই তেওঁক এক্সপ্ল’ৰৰ দৰে এপ্লিকেচন প্ৰস্তুত কৰিবলৈ উত্সাহিত কৰি তুলিছে।


image


‘ইয়ৰ ষ্টৰী’ৰ সৈতে কথা পতাৰ সময়ত তেওঁ কৈছিল, মেক মাই ট্ৰীপ বা ষ্টেজিলাৰ দৰে যিবোৰ অনলাইন এপ্লিকেচন আছে, তেওঁলোকে হোটেল বা ৰিজ’ৰ্টৰ দৰে ঠাইত থকাৰ ব্যৱস্থা কৰি দিয়ে। কিন্তু ভ্ৰমণৰ সম্পূৰ্ণ ব্যৱস্থা কৰি দিয়াটো সম্ভৱ নহয়। বহুতো বিকল্পৰ মাজৰপৰা নিজৰ পচন্দ অনুসৰি নিৰ্বাচন কৰি ল’লেই তেওঁলোকৰ দায়িত্ব শেষ। আপোনাৰ আতিথ্যৰ বিষয়টো তেওঁলোকৰ কামৰ পৰিসৰত নাই। এই ঠাইতেই এক অন্য ধৰণৰ সোৱাদ বা অভিজ্ঞতা আপোনাক প্ৰদান কৰিব পাৰে নতুন এপ্লিকেচন এক্সপ্ল’ৰে।


image


তথ্যপূৰ্ণ এপ্লিকেচন নহৈ এক্সপ্ল’ৰ হৈ পৰিছে এটা সুবিধাজনক পদ্ধতি। আপোনাৰ গন্তব্যস্থান ঠিক কৰিলেই, সেই ঠাইৰ ঘৰৰ মালিকসকলে আপোনাৰ সৈতে নিজে নিজেই যোগাযোগ কৰিবলৈ আৰম্ভ কৰিব। আপোনাৰ চাহিদা অনুসৰি ব্যৱস্থা হ’লে বুকিং সম্পূৰ্ণ হ’বলৈ সময় লাগে প্ৰায় দুঘণ্টাৰো কম। সমান্তৰালভাৱে অতিথিসকলৰ সুৰক্ষা আৰু ভাল সেৱা প্ৰদানৰ বাবে এক্সপ্ল’ৰে প্ৰস্তুত কৰিছে নিজস্ব ৰিচাৰ্ছ টীম। বিক্ৰমে জনাইছে যে, উবেৰ অথবা জীপৰ মাধ্যমেৰে গ্ৰাহকৰ যাতায়াতৰপৰা আৰম্ভ কৰি, তেওঁলোকৰ থকাৰ ব্যৱস্থা, তাৰ আতিথ্য, খোৱাৰ গুণগত মান, সৰ্বোপৰি সকলো সেৱা ঠিকে পাইছে নে নাই সকলো নিখুঁতভাৱে চোৱাচিটাৰ বাবে আছে কমিউনিটী মেনেজাৰ। যিয়ে প্ৰতি সপ্তাহতে এবাৰকৈ বাসস্থানবোৰ একোবাৰকৈ নীৰিক্ষণ কৰি আহে। ইয়াৰ বাহিৰেও আছে আপোনাৰ অভিযোগ বা অন্য কোনো তথ্যৰ বাবে এক্সপ্ল’ৰৰ নিজস্ব কাষ্টমাৰ কেয়াৰ। অনলাইন চাটৰ মাধ্যমেৰেও আপুনি প্ৰতিনিধিসকলক পাব পাৰে।

বাংগালুৰুৰ এজন হোমষ্টেৰ মালিকৰ মতে, মেক মাই ট্ৰীপ, গ’আইবিব’ বা বুকিং ডট কমৰ দৰে ৱেবছাইটৰপৰা বেছি সংখ্যক গ্ৰাহক পোৱা গ’লেও টকা পোৱাক লৈ অনিশ্চয়তা এটা থাকিয়েই যায়। কাৰণ কোনে কেতিয়া কাক ক’ত টকা দিব সেই লৈ কোনো চুক্তি নাথাকে। ফলত বহুসময়ত হোমষ্টেৰ মালিকসকলে টকা হেৰুওৱাৰ আশংকা থাকে। কিন্তু এক্সপ্ল’ৰে ইয়ালৈ এক স্বচ্ছতা আনিব পাৰিছে। ইয়াত বুকিং কৰিলেই গ্ৰাহকে সম্পূৰ্ণ ধন পৰিশোধ কৰিবলগীয়া হয় আৰু সমান্তৰালভাৱে অতিথিসকলৰ সুবিধাৰ বিষয়টোতোত চকু দিয়ে তেওঁলোকে। হোমষ্টেৰ মালিক আৰু গ্ৰাহকৰ মাজত এটা পাৰস্পৰিক স্বচ্ছতাৰ সম্পৰ্কও সৃষ্টি কৰিছে এক্সপ্ল’ৰে।

ইয়াৰ বাহিৰেই এই বজাৰলৈ নিত্য নতুন ট্ৰেণ্ড আহিছে। ইয়াৰ সৈতে ছন্দ মিলাবলৈ গৈ বদলি হৈছে ব্যৱসায়ৰ মডেল। তৈয়াৰ হৈছে বিভিন্ন ধৰণৰ পেকেজ। কিন্তু এক্সপ্ল’ৰে আপোনাৰ আকাংক্ষাক সাধ্যানুসাৰে মিলাই আপোনাৰ নিজৰ পচন্দৰ পেকেজ প্ৰস্তুত কৰিছে। সস্তাতে প্ৰত্যাশিত সেৱা পাবলৈ হ’লে মুঠ ভাড়াৰ ১০ শতাংশ দিব লাগিব কমিচন হিচাপে। আৰু ইয়াৰ বাহিৰে হোমষ্টেৰ মালিকসকলে নিজৰ অঞ্চলত অতি কম খৰচত কিছু বিশেষ সেৱা প্ৰদান কৰে এক্সপ্ল’ৰৰ মাধ্যমেৰে।

ব্যৱসায়ৰ পৰিসৰ ক্ৰমাৎ বাঢ়িছে

ইয়াত এটা পৰিসংখ্যা দিয়া যাওক। বেচ কিছুবছৰ ধৰি ভাৰতৰ অৰ্থনীতিত এটা বৃহৎ অংশ আহিছে ভাৰতৰ পৰ্যটন উদ্যোগৰপৰা। ২০১৪ চনৰ এই সংখ্যাটো নিতান্তই চকুত লগা। এই উদ্যোগৰপৰা আহিছে ৭.৬০ লাখ কোটি টকা। ২০১৪ চনত দেশৰ মুঠ জিডিপিৰ বেছি পৰিমাণেই আহিছে এই উদ্যোগৰপৰা (প্ৰায় ৫৫০২.৩ বিলিয়ন)।

হোমষ্টেৰ চাহিদা ক্ৰমাৎ বৃদ্ধি হৈছে ভাৰতত। যাত্ৰা ডট কমৰ দৰে পুৰণি সংস্থাৰ সমান্তৰালভাৱে বহুত নতুন সংস্থা আহিছে এই উদ্যোগটোলৈ। হলিডে আইকিউৰ এক প্ৰতিবেদন অনুসৰি দেশখনৰ দুশৰো অধিক স্থানত ডেৰ হাজাৰৰো অধিক হোমষ্টেৰ ব্যৱস্থা আছে। যাৰ বেছিভাগেই আমাৰ অজানা। এক্সপ্ল’ৰৰ মুখ্য কাৰ্যালয় বাংগালুৰুতে ২৫টামান হোমষ্টে আছে। চহৰৰ কেন্দ্ৰতেই হওঁক বা কিছু দূৰত আপুনি পাব আপোনাৰ পচন্দৰ ঘৰ।

সংগঠনটোৰ কৰ্ণধাৰ বিক্ৰমে জনাইছে বাংগালুৰুৰ পিছত তেওঁলোকৰ পৰৱৰ্তী টাৰ্গেট হৈছে গোৱা। বিচ্ছ ফেষ্টিভেলত ছানবাৰ্ণৰ আনন্দৰ ভাগ তেওঁলোকে দিব বিচাৰে গ্ৰাহকসকলক। মাত্ৰ গোৱাই কিয়? বিক্ৰমহঁতৰ এক্সপ্ল’ৰে অতি সোনকালে হিমাচল, কাশ্মীৰৰপৰা কন্যাকুমাৰীলৈ সকলোতে তেওঁলোকৰ সেৱা ব্যাপ্ত কৰি দিব বিচাৰে।