বিমুদ্ৰীকৰণৰ সাংবিধানিক বৈধতা সম্পৰ্কে ২ ডিচেম্বৰত উচ্চতম ন্যায়ালয়ত শুনানী

বিমুদ্ৰীকৰণৰ সাংবিধানিক বৈধতা সম্পৰ্কে ২ ডিচেম্বৰত উচ্চতম ন্যায়ালয়ত শুনানী

Saturday November 26, 2016,

2 min Read

উচ্চতম ন্যায়ালয়ে বিমূদ্ৰীকৰণক আসাংবিধানিক বুলি বিভিন্ন পক্ষই প্ৰত্যাহ্বান জনোৱা আবেদনসমূহৰ শুনানী ২ ডিচেম্বৰতেই অনুস্থিত কৰিব । ইয়াৰ ভিতৰত উচ্চ ন্যায়ালয় সমূহত জনোৱা আবোদনো আছে । মূখ্য ন্যায়াধীশ টি এছ ঠাকুৰ নেতৃত্বাধীন বিচাৰপীঠে কপিল ছিবালকে ধৰি একাংশ অধিবক্তাই ২ ডিচেম্বৰৰ সলনি ২৯ নৱেম্বৰৰপৰা এই শুনানী আৰম্ভ কৰাৰ বাবে জনোৱা আবেদন নাকচ কৰে ।

image


"এই বিষয় সমূহ উচ্চ ন্যায়াসয়ৰ আবেদন সমূহৰ বিষয়বোৰতকৈ একেবাৰে পৃথক ।" ছিবালে কয় । তেওঁ লগতে কয় যে সাধাৰণ মানুহে সন্মূখিন হোৱা সমস্যাৰ লগতে এই পদক্ষেপৰ সাংবিধানিক বৈধতাৰ প্ৰসঙ্গটোও উত্থাপন কৰা হৈছে । 

চৰকাৰৰ হৈ এটৰ্ণী জেনেৰেল মুকুল ৰোহতগীয়ে এই সন্দৰ্ভত থকা প্ৰায় ২৪ খন আবেদনৰ সকলোবোৰৰ শুনানী একেলগে কৰাৰ সপক্ষে যুক্তি দৰ্শায় । 

এই সন্দৰ্ভত যুক্তি প্ৰদৰ্শন আৰম্ভ হোৱাৰ লগে লগে বিভিন্ন অধিবক্তাই একেলগে যুক্তি প্ৰদৰ্শন কৰাত বিৰক্ত হৈ ন্যায়াধীশে তেওঁলোকক নিজৰ মাজত সিদ্ধান্ত লৈ এজনক যুক্তি প্ৰদৰ্শন কৰিবলৈ কয় । অৱশেষত সকলোৰে হৈ কপিল ছিবালে যুক্তি প্ৰদৰ্শন কৰাৰ লগতে জ্যেষ্ঠ অধিবক্তা সঞ্জয় হেগড়েই তেওঁক সহযোগ কৰে ।

ইফালে দিল্লী উচ্চ ন্যায়ালয়ে বিমুদ্ৰীকৰণৰ সাংবিধানিক বৈধতা সম্পৰ্কে কোনো ৰায় নিদিয়ে বুলি স্পষ্ট কৰি দিছে ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

কহিমা আৰু ইম্ফল যুদ্ধৰ স্মৃতিত “মেম’ৰিজ অৱ এ ফৰগটেন ৱাৰ”

মণিপুৰৰ ইম্ফলত পঞ্চম আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলাৰ উদ্বোধন

নগা যুৱতী লুলু ফাইগাই বেলজিয়াম তোলপাৰ লগাইছে নগা ব্যঞ্জনেৰে

ডনাল্ড ট্ৰাম্পে হৰুৱাব নোৱৰা মুম্বাইৰ মহিলাগৰাকী