অগতানুগতিক ৰুচিৰ নিদানৰ বাবে গুৱাহাটীৰ 'নিদানা'

অগতানুগতিক ৰুচিৰ নিদানৰ বাবে গুৱাহাটীৰ 'নিদানা'

Monday May 09, 2016,

3 min Read

শাৰী শাৰীকৈ সজাই থোৱা ৰং বিৰঙৰ বিভিন্ন ৰঙৰ টুপি আৰু বেগ। তাৰে এটা টুপি হাতত তুলি ল'লে মানুহজনে । পিন্ধি চাবলৈ লওতেই কাষত থিয় হৈ থকা চেলছমেন গৰাকীয়ে কৈ উঠিল – দাদা, এইটো টুপি নহয়, সৰু প্ৰেচাৰ কুকাৰৰ ঢাকনিহে।এইবাৰ মানুহজন আগবাঢ়ি গ'ল আন এপদ সামগ্ৰীৰ ওচৰলৈ। চেলছমেনজনক সুধিলে, 'ফ্ৰেমত বন্ধাই থোৱা এই প্ৰেইণ্টিং খনৰ দাম কিমান?' চেলছমেনজনে মৃদু হাঁহি মাৰি ক’লে – এইখন প্ৰেইণ্টিং নহয়, এখন থাপনাহে।

নৱনীতা হাজৰিকা

নৱনীতা হাজৰিকা


এই দৃশ্য কোনো যাদুঘৰৰ নহয়। এয়া গুৱাহাটীৰ বেলতলাৰ ভেটাপাৰাত থকা এখন বুটিকৰ দৃশ্য । নিদানা নামৰ এই বুটিকখনত আছে বিভিন্ন ধৰণৰ অগতানুগতিক সামগ্ৰী। এখন ঘৰত প্ৰয়োজন হ'ব পৰা প্ৰায় সকলো সামগ্ৰীয়েই উপলব্ধ নিদানাত। আনকি শিশুক শিক্ষা দিবলৈ উপযুক্ত পুতলাও উপলব্ধ ইয়াত । যদিহে অগতানুগতিকতা আপোনাৰ ৰুচি তেনেহলে আপুনি নিশ্চিতভাৱে যোৱা উচিত নিদানালৈ ।

এই বুটিকখনৰ গৰাকী হ’ল নৱনীতা হাজৰিকা । তেখেতৰ সৃষ্টিশীলতাৰ পৰিচালিত হৈ আছে নিদানা নামৰ বুটিকখন। তেখেতে নিজ হাতে অঁকা, ডিজাইন কৰা সকলো বস্তু নিদানা বুটিকত উপলব্ধ। 

image


নিদানা বুটিকৰ প্ৰতিটো বস্তুৱে অগতানুগতিক জীৱন অতিবাহিত কৰিব বিচৰাজনক একান্ত সংগী হ’ব। নৱনীতা হাজৰিকাই য়'ৰ ষ্ট'ৰী অসমীয়াক নিদানা বুটিকৰ আৰম্ভণী সম্পৰ্কে কয়, 'মই সৰুৰে পৰা প্ৰেইণ্টিং আঁকিবলৈ শিকিছিলো। মোৰ গুৰু আছিল নগাঁৱৰ চিত্ৰশিল্পী প্ৰণৱ বৰুৱা ছাৰ । প্ৰেইণ্টিং কেৱল অঁকাতেই সীমাবদ্ধ নাছিলো। যিহেতু একো নজনা বয়সৰ ছবি বা প্ৰেইণ্টিং আঁকিছিলো নজনাকৈয়ে এদিন ছবি অঁকাটো হবি হৈ পৰিছিল । এই যে ছবি আঁকিব শিকিছিলো, এয়াই মোৰ জীৱনৰ টাৰ্নিং পইণ্ট বুলি ভাবোঁ। কিয়নো আজি “নিদানাৰ” গুৰিতে মোৰ ডিজাইনৰ আৰ্হিয়ে প্ৰস্তুত কৰা সা-সামগ্ৰী। মই সদায় স্বাৱলম্বী হ’ব বিচাৰিছিলো। নিদানাৰ আগতে নগাঁৱত মোৰ সহকৰ্মী বিকাশ কলিতাৰ লগত একত্ৰিত হৈ এখন শাক-পাচলিৰ ফৰাৰ্ম খুলিছিলো। গ্ৰীন হাব (Green Hub) নামৰ ফাৰ্মখনে গ্ৰাহকৰ পৰা বিশেষ সহাঁৰি নোপোৱাত বন্ধ হৈ পৰে। কিছু বছৰ বিৰতিৰ পিছত মোৰ নিজৰে সৰুৰে পৰা ভাল লগা কাম এটা পেছা হিচাপে লৈ আগবাঢ়িবলৈ চেষ্টা কৰিলো। আৰু সেইমতে আজিও সুকলমে চলি আছো।'

image


২০১৩ চনৰ মে’ মাহৰ কথা, নিজৰ ঘৰতে নৱনীতা হাজৰিকাই নিদানা বুটিক আৰম্ভ কৰে। কোনো প্ৰচাৰ বা প্ৰকাশ নকৰাকৈয়ে বুটিকত উপলব্ধ সমূহ আহিলাই সকলোৰে মাজত জনপ্ৰিয়তা লাভ কৰে। যিমানেই দিনৰ পিছত দিন বাগৰিল “নিদানাই” গ্ৰাহকৰ পৰা সিমানেই সহাঁৰি লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে নিদানাৰ পৰা বৰ্ত্তমান প্ৰতিমাহে লক্ষাধিক টকা উপাৰ্জন হয়। আৰু তাত কৰ্মৰত প্ৰতিটো পৰিয়ালে আৰ্থিক স্বচ্চলভাৱে চলি আছে।

নিদানা বুটিকত কি কি আছে বুলি প্ৰশ্ন কৰিলে একষাৰে কোৱটো টান। কিয়নো নিদানা বুটিকত বহু বস্তু আছে তাৰ ভিতৰত ডিজাইনাৰৰ চাদৰ মেখেলা, শাৰী, লেহেঙ্গা, চুৰিদাৰ পিচ, কুৰ্ত্তি, কুৰ্ত্তা, পাট, মুগাৰ, কটন, চিল্ক সকলোবোৰ কাপোৰৰ লগতে শিশুৰ নানা ধৰণৰ অত্যধুনিক পুতলা, পাকঘৰৰ সামগ্ৰীৰপৰা আৰম্ভ কৰি লেম্প চেট আদিলৈকে সকলো আছে।

image


উল্লেখযোগ্য যে নৱনীতা হাজৰিকা Assam Kart আৰু Life Skill Training Institute লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। নিদানাই বৰ্ত্তমান সময়ত সকলোৰে মাজত নিদান হৈ পৰিছে। আৰু দুৰ আগুৱাই যাওক। Yourstory ফালৰ যাঁচিলো বহু শুভকামনা।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

ভাৰতীয় মহিলাৰ সবলীকৰণৰ বাবে লোভনীয় চাকৰি ত্যাগ কৰা মহিলাগৰাকী

গাৰো পাহাৰৰ দুগৰাকী ডিজাইনাৰ, তিনিটা মেচিন আৰু তিনিগৰাকী শিপিনীৰ কাহিনী

গৃহিণীৰ পৰা জাহাজৰ নিৰ্মাতা আৰু ৰেষ্টুৰাঁ ব্যৱসায়ী : অঞ্জলী বৰাৰ কাহিনী