৬ কোটি গ্রামীণ পৰিয়ালক সামৰি লোৱাকৈ ‘প্রধানমন্ত্রী গ্রামীণ ডিজিটেল সাক্ষৰতা অভিযান’ত কেবিনেটৰ অনুমোদন

৬ কোটি গ্রামীণ পৰিয়ালক সামৰি লোৱাকৈ ‘প্রধানমন্ত্রী গ্রামীণ ডিজিটেল সাক্ষৰতা অভিযান’ত কেবিনেটৰ অনুমোদন

Tuesday February 28, 2017,

2 min Read

প্রধানমন্ত্রী মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত দেশৰ ৬ কোটি গ্রামীণ পৰিয়ালক ডিজিটেল শিক্ষাৰে শিক্ষিত কৰি তোলাৰ বাবে গ্ৰহণ কৰা প্রধানমন্ত্রী গ্রামীণ ডিজিটেল সাক্ষৰতা অভিযান আঁচনিত অনুমোদন জনোৱা হয়। ২০১৯ৰ মাৰ্চৰ ভিতৰত ৰূপায়ণ হ’ব লগীয়া এই আঁচনিৰ বাবে ২৩৫১.৩৮ কোটি টকা ধাৰ্য কৰা হৈছে। ২০১৬-১৭ বৰ্ষৰ বাজেটত এই ঘোষণা কৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰীয়ে।

image


ডিজিটেল পদ্ধতিৰ লেনদেন সম্পর্কে গ্রামীণ লোকসকলক শিক্ষিত কৰি তোলাৰ বাবে ‘প্রধানমন্ত্রী গ্রামীণ ডিজিটেল সাক্ষৰতা অভিযান’ হ’ল বিশ্বৰ সৰ্ববৃহৎ কাৰ্যসূচী। ইয়াৰ অধীনত ২০১৬-১৭ বিত্তীয় বৰ্ষত ২৫ লাখ লোকক প্রশিক্ষণ প্ৰদানৰ লক্ষ্য ধাৰ্য কৰা হৈছে। আনহাতে, ২০১৭-১৮ বিত্তীয় বৰ্ষত ২৭৫ লাখ গঞাক এই লেনদেন সম্পর্কীয় প্রশিক্ষণ প্ৰদান কৰা হ’ব। ২০১৮-১৯ বিত্তীয় বৰ্ষত এই সংখ্যা ৩ কোটিলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ভৌগোলিক দিশত বৈচিত্ৰপূৰ্ণ ভাৰতৰ প্ৰতি প্ৰান্ততে এই সূযোগ উপলব্ধ কৰোঁৱাৰ উদ্দেশ্যে দেশৰ ২,৫০,০০০ গাওঁ পঞ্চায়তৰ প্ৰত্যেকৰ পৰা ২০০ৰ পৰা ৩০০ জনকৈ প্ৰাৰ্থীৰ নাম এই আঁচনিৰ অধীনত অন্তৰ্ভূক্ত কৰোৱাৰ আশা কৰা হৈছে।

ডিজিটেল পদ্ধতিৰ লেনদেন সম্পর্কীয় প্রশিক্ষণত কম্পিউটাৰ/ডিজিটেল ডিভাইচ যেনে-টেবলেট, স্মার্ট ফোন ইত্যাদিৰ মাধ্যমত গাওঁবাসীৰ প্রয়োজনীয় কাম-কাজ সম্পন্ন কৰিব পৰাকৈ জ্ঞান প্ৰদান কৰা হ’ব, যাতে তেওঁলোকে ই-মেল প্ৰেৰণ আৰু গ্ৰহণ, ইন্টাৰনেটৰ ব্যৱহাৰ, চৰকাৰী সেৱাসমূহ আহৰণ কৰা, তথ্য বিচৰা, নগদবিহীন লেনদেন ইত্যাদিৰ ক্ষেত্ৰত সক্ৰিয়ভাৱে জড়িত হৈ ৰাষ্ট্ৰ গঠন প্রক্রিয়াৰ সর্বস্তৰত নিশ্চিতভাৱে তথ্য প্রযুক্তিৰ প্রয়োগ সম্ভৱ কৰি তোলে, সেইটো আশা কৰা হৈছে।

বিভিন্ন ৰাজ্যৰ দায়িত্বশীল অভিকৰণ, জিলা ই-গভৰ্নেন্স ছ’চাইটিৰ সক্ৰিয় সহযোগত কেন্দ্রীয় বৈদ্যুতিন আৰু তথ্যপ্রযুক্তি মন্ত্রালয় এই আঁচনি কাৰ্যকৰীকৰণ তথা তত্বাৱধানৰ দায়িত্ব আছে।

পটভূমিঃ

উল্লেখ্য যে ২০১৪ চনত এনএছএছঅ’ৰ ৭১ সংখ্যক জৰীপ অনুসৰি দেশৰ ৬% গ্ৰামীণ পৰিয়ালত কম্পিউটাৰ আছে। ইপিনে প্ৰায় ১৫ কোটি গ্ৰামীণ পৰিয়ালত কম্পিউটাৰ নাই যদিও তেওঁলোকৰ প্ৰায় সংখ্যকেই ডিজিটেলভাৱে শিক্ষিত। এই প্রধানমন্ত্রী গ্রামীণ ডিজিটেল সাক্ষৰতা অভিযানৰ অধীনত দেশৰ ৬ কোটি গ্ৰামীণ পৰিয়ালক ডিজিটেল শিক্ষাৰে শিক্ষিত কৰি তোলা হ’ব।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

বিৰক্তি আৰু খঙৰ সৈতে মোকাবিলা কৰাৰ ৯টা কিটিপ

১২ টা কৃত্ৰিম গ্লেচিয়াৰেৰে গোলকীয় উষ্ণতাৰ বিৰুদ্ধে যুঁজিছে লাডাখৰ চেৱাং নৰফেলে

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত উদ্যোগশীলতাৰ বাৰ্ষিক অনুস্থান 'সম্পৰ্ক-২০১৭'