অচিৰেই ডাষ্টবিনত জাবৰ পেলালে পাব ৱাই-ফাইৰ সুবিধা

অচিৰেই ডাষ্টবিনত জাবৰ পেলালে পাব ৱাই-ফাইৰ সুবিধা

Wednesday May 18, 2016,

3 min Read

ডাষ্টবিন ব্যৱহাৰ নকৰাটো আমাৰ বাবে যেন গৌৰৱৰহে কথা। আমি য'তে ত'তে জাবৰ পেলাই যি আনন্দ পাওঁ সেই আনন্দ হয়তো আমি আন কোনো বস্তুতে নাপাওঁ । সেয়েহে দেখা যায় ডাষ্টবিন মূখৰ আগত থাকিলেও আমি ডাষ্টবিনটোৰ কাষতে জাবৰ পেলোৱাত অভ্যস্ত । ভাৰতীয় মানুহৰ এই স্বভাৱৰ বিষয়ে পিছে অভিযোগ কৰি নাথাকি ইয়াৰ শুধৰণি কৰিবলৈ আগবাঢ়ি আহিছে দুই তৰুণ । এওঁলোকে পৰিকল্পনা কৰিছে এক অগতানুগতিক সেৱা প্ৰদান কৰাৰ কথা। ডাষ্টবিনৰ ব্যৱহাৰৰ বাবে মানুহক অাগ্ৰহী কৰিবলৈ তেওঁলোকে গ্ৰহণ কৰিছে এক ব্যতিক্ৰমী পদক্ষেপ । ডাষ্টবিন এটা ব্যৱহাৰ কৰাৰ লগে লগে ব্যৱহাৰকাৰীয়ে পাব ৱাই ফাইৰ সুবিধা । ভাৰতৰ বিভিন্ন স্থানৰ লগতে গুৱাহাটীতো তেওঁলোকে আগবঢ়াব এই সেৱা ।

কলকাতাৰ দুই তৰুণ জয় পানচাৰী আৰু অঙ্কিত অগৰৱাল । সততে বাটে পথে দেখি থকা আবৰ্জনাৰ দমে বিৰক্ত কৰা আন দহজন তৰুণৰ দৰেই । পিছে আন দহজনৰ দৰে এই কথাটোক লৈ বিৰক্তি প্ৰকাশ কৰিয়েই নিজৰ দায়িত্ব সামৰা ভকত নাছিল এওঁলোক । সদায় দেখি থকা সমস্যাৰ সমাধানৰ বাবে এওঁলোকে উদ্ভাৱন কৰিলে এক উপায় । স্বচ্ছতা আৰু উদ্যোগশীলতা - এই দুয়োটাৰ সংমিশ্ৰণত সৃষ্টি হ'ল - এডবিন্স । 

image


এক ব্যতিক্ৰম পদক্ষেপৰ আৰম্ভণী- এডবিন্স

বৰ্তমান কলকাতা মহানগৰীত উপলব্ধ এই এডবিন্স সমূহ হৈছে বিজ্ঞাপনযুক্ত ডাষ্টবিন । মহানগৰীখনৰ বিভিন্ন আবাসিক এলেকাত ইতিমধ্যে গ্ৰীণ ক্লীণ ইণ্ডিয়াই স্থাপন কৰিছে এনে বহু এডবিন্স । এই এডবিন্স সমূহ হৈছে আন সাধাৰণ ডাষ্টবিনৰ দৰেই । পিছে এই ডাষ্টবিনসমূহৰ ৰং উজ্বল হালধীয়া আৰু ইয়াক বহু দূৰৰ পৰা মণিব পাৰি । সততে চকুত পৰা বাবেই এই ডাষ্টবিনসমূহক বিজ্ঞাপনৰ আহিলা হিচাপে ব্যৱহাৰ কৰা হয় । এই ডাষ্টবিনসমূহৰ চোৱা-চিটাৰ দায়িত্ব সম্পূৰ্ণৰূপে গ্ৰীণ ক্লীণ ইণ্ডিয়াৰ । ইতিমধ্যে কলকাতাৰ ১৫ টা আবাসিক এলেকাত তেওঁলোকে স্থাপন কৰিছে এডবিন্স । 


জয় পানচাৰি

জয় পানচাৰি


সহ-প্ৰতিস্থাপক জয় পানচাৰীয়ে য়'ৰ ষ্ট'ৰী অসমীয়াক কয়, 'দুটা কথাই আমাক বিৰক্ত কৰিছিল। ঠায়ে ঠায়ে আৱৰ্জনা আৰু কিছুমান ঠাইত ব্যৱহাৰ কৰিবলৈ বিচাৰিলেও ডাষ্টবিনৰ অভাৱ। কিন্তু এই সমস্যাটোক লৈ কেৱল বিৰক্তি প্ৰকাশ কৰি থকাৰ সলনি আমি নিজাকৈ এক পদক্ষেপ গ্ৰহণ কৰাৰ কথা ভাবিলো। আনহাতে এই পদক্ষেপ সুচাৰুৰূপে চলাই নিবৰ বাবে ইয়াত আমি এটা ব্যাৱসায়িক দিশো সংযোজিত কৰিলো।'
অংকিত অগৰৱাল

অংকিত অগৰৱাল


এডবিন্সৰপৰা ৱাই-ফাই অন বিনলৈ

এডবিন্সৰ পৰৱৰ্তী পৰ্যায় হৈছে ৱাই-ফাই অন বিন । এই পৰিকল্পনাৰ বিষয়ে জয়ে কয়, 'আমি অতি শীঘ্ৰেই আমাৰ এডবিন সমূহত ৱাই ফাইৰ সুবিধা প্ৰদান কৰিম । যেতিয়াই কোনোবাই এই ডাষ্টবিন ব্যৱহাৰ কৰিব তেতিয়াই তেওঁৰ মবাইললৈ এটা অটিপি পাছৱৰ্ড যাব আৰু এই পাছৱৰ্ডৰ সহায়ত তেওঁ ৱাই-ফাই ইন্টাৰনেটৰ সুবিধা লাভ কৰিব পাৰিব দুঘণ্টা পৰ্যন্ত। আনকি এই ডাষ্টবিনসমূহত কিমান আৱৰ্জনা জমা হৈছে তাৰো হিচাপ ৰখা যাব যান্ত্ৰিক উপায়েৰে ।' জুন মাহৰপৰা এই ৱাই -ফাই ডাষ্টবিনসমূহ কলকাতাৰ বিভিন্ন ৰাজহুৱা স্থান যেনে বাছ আস্থান, ৰেল ষ্টেচন, মেত্ৰ, পাৰ্ক আদিত স্থাপন কৰা যাব। পৰৱৰ্তী সময়ত এই সেৱা অন্যান্য নগৰ-মহানগৰৰ লগতে গুৱাহাটীতো আৰম্ভ কৰাৰ পৰিকল্পনাৰ কথা জয়ে জানিবলৈ দিয়ে। 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

ৰ'লছ ৰয়ছ থকা এজন নাপিত

পেইন্টিঙৰ বজাৰত এক নতুন কনচেপ্টেৰে সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা এক পিতৃ-কন্যা যুটি

ডিজিটেল আক্ৰমণকাৰীৰ বিৰুদ্ধে যুঁজত ৰিয়াজ আহমেদ ৱালিকাৰ

অসমত প্ৰাকৃতিক চাহ উৎপাদনৰ পথপ্ৰদৰ্শক ধীৰেন ফুকন