দৈনিক ৮ কি:মি: পাহাৰ বগাই এখন স্কুল জীয়াই ৰাখিছে এজন শিক্ষকে

দৈনিক ৮ কি:মি: পাহাৰ বগাই এখন স্কুল জীয়াই ৰাখিছে এজন শিক্ষকে

Friday July 01, 2016,

2 min Read

সুৰেশ বি চালাগিৰি নামৰ শিক্ষকজনে সদায় এখন পাহাৰ বগায় । হাতত কিতাপ আৰু খোৱাবস্তু লৈ আঠ কিলোমিটাৰ পথ অতিক্ৰম কৰি তেওঁ বায়ৰাপুৰা প্ৰাথমিক বিদ্যালয়লৈ যায় । এইদৰেই যোৱা আঠবছৰে এই স্কুলখন জীয়াই ৰাখিছে তেওঁ ।

Image: (L-R) The Times Of India ; India Live Today

Image: (L-R) The Times Of India ; India Live Today


কৰ্ণাটকৰ গাদাগৰ গজেন্দ্ৰগড় তালুকৰ বায়ৰাপুৰা পাহাৰত অৱস্থিত এই স্কুলখন । টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত বাতৰি অনুসৰি সুৰেশে যোগদান কৰিবৰ সময়ত এই স্কুলখন জৰাজীৰ্ণ অৱস্থাত আছিল । এই পাহাৰৰ নামনিত অৱস্থিত বিখ্যাত কালকালেশ্বৰ মন্দিৰ । এই পাহাৰৰ শিখৰত বসবাস কৰে ভেৰাপালক লাম্বানি জনজাতিৰ বহুসংখ্যক লোকে । এওঁলোকৰ পৰিয়ালৰ শিশুসকল এইখন স্কুললৈকে যায় ।

এই স্কুলখনলৈ বদলি হৈ আহিবৰ সময়ৰ কথা সুঁৱৰি ৫০ বছৰীয়া সুৰেশে কয়, 'এই স্কুলখন ক'ত আছে সেই সম্পৰ্কে মোৰ ধাৰণা নাছিল । মই মাত্ৰ ইমানেই জানিছিলো যে ই বিখ্যাত কালকালেশ্বৰ মন্দিৰৰ সমীপত । বাছৰপৰা নমাৰ পাছত মই স্কুলখনৰ কথা সোধোতে গম পালো যে তালৈ পাহাৰ বগাই যোৱাৰ বাহিৰে কোনো উপায় নাই ।'

প্ৰথমে যথেষ্ট কষ্টকৰ হ'লেও সোনকালেই এই যাত্ৰা তেওঁৰ জীৱনৰ অংশ হৈ পৰিল । দৈনিক পাহাৰ উঠা নমা কৰা সুৰেশে ছাত্ৰ-ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ খাদ্যও কঢ়িয়াই নিয়ে । মাত্ৰ কিছুদিন আগতেহে তেওঁক এখন দুচকীয়া বাহন দিয়া হৈছে । এই স্কুলখনত বছৰি ৬০ জন ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰে । 'এই সংখ্যা বজায় ৰখাটো মোৰ দায়িত্ব । স্কুলখনত তিনিজন শিক্ষক আছে যদিও একমাত্ৰ ময়েই ইয়াক চলাই ৰাখিছো । ময়েই প্ৰধান শিক্ষক, শিক্ষক, চাফাই-কৰ্মী আৰু প্লাম্বাৰ, ' তেওঁ কয় ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

উত্তৰ-পূৰ্বাঞ্চলত চিকিৎসা সেৱা সহজ কৰি তুলিছে অক্সিস্কোৱেৰে

মহিলাৰ স্বাস্থ্যৰ বাবে এজন পুৰুষৰ বিচিত্ৰ সংগ্ৰাম

ৰাজকোটৰ কলেজৰ ছাত্ৰই নিৰ্মাণ কৰিছে বায়ুচালিত গাড়ী

১০০৯ বাৰ বিফল হৈও 'কেএফচি'ৰে বিশ্বজয় কৰিছিল ৬৫ বছৰীয়া কৰ্ণেল ছেণ্ডাৰ্ছে