উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটন আৰু বাণিজ্য প্ৰসাৰক লৈ শীৰ্ষ ঔদ্যোগিক নেতাৰ সৈতে আলোচনা ড০ জিতেন্দ্ৰ সিঙৰ

0

উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন দপ্তৰৰ ৰাজ্যিক(স্বতন্ত্ৰ)মন্ত্ৰী, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, ব্যক্তিগত-ৰাজহুৱা অভিযোগ, পেন্সন, আনৱিক শক্তি আৰু মহাকাশ বিভাগৰ মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে কালি উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটন আৰু বাণিজ্য প্ৰসাৰক লৈ কেইবাজনো শীৰ্ষ ঔদ্যোগিক নেতাৰ সৈতে আলোচনাত মিলিত হয়৷ বৈঠকত ইণ্ডিয়ান মাৰ্চেন্টছ চেম্বাৰ(আইএমচি)ৰ সদস্যসকলৰ লগতে মহাৰাষ্ট্ৰৰ ৰাজ্যিক পৰ্যটন মন্ত্ৰী জয়কুমাৰ ৰাৱল উপস্থিত থাকে৷

আইএমচিৰ সভাপতি দীপক প্ৰেমানাৰায়ণ, প্ৰাক্তন সভাপতি প্ৰদীপ চিনয়, মহাৰাষ্ট্ৰৰ পৰ্যটন মন্ত্ৰী জয়কুমাৰ ৰাৱল, মুম্বাইস্থিত আগশাৰীৰ ঔদ্যোগিক নেতা আৰু আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত মুম্বাইত এক নৰ্থ-ইষ্ট ডেস্ক স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ পৰ্যটন প্ৰসাৰিত কৰা আৰু মহাৰাষ্ট্ৰ তথা দেশৰ পশ্চিম প্ৰান্তৰ আন অংশৰ পৰা উত্তৰ-পূৰ্বাঞ্চলত বাণিজ্যিক বিনিয়োগ বিস্তাৰিত কৰাৰ লক্ষ্যৰে এই পদক্ষেপ লোৱা হয়৷

বৈঠকত ড০ জিতেন্দ্ৰ সিঙে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰসাৰৰ উদ্দ্যেশ্যে তেওঁ গ্ৰহণ কৰা পদক্ষেপলৈ সহাঁৰি জনোৱাৰ বাবে আইএমচি আৰু ঔদ্যোগিক নেতাসকলক ধন্যবাদ জ্ঞাপন কৰে৷ তেওঁ কয় যে, আঁচৰিত ধৰণে মুম্বাই, মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ যথেষ্ট সংখ্যক পৰ্যটকে চুবুৰীয়া ৰাষ্ট্ৰ বেংকক আৰু কাঠমাণ্ডু ভ্ৰমণলৈ যায় যদিও তেওঁলোকে ওচৰতে থকা শ্বিলং অথবা গেংটকলৈ নযায়৷ অথচ কম ব্যয়তে তেওঁলোকে ইয়াত অধিক আমোদ লাভ কৰিব পাৰে৷ দেশৰ আন প্ৰান্তৰ লোকৰ মাজত সজাগতাৰ অভাৱত ঘৰুৱা পৰ্যটকৰ তুলনাত ইউৰোপিয়ান আৰু বিদেশী পৰ্যটকক শ্বিলঙৰ দৰে নৈসৰ্গিক প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ স্থানে অধিক আকৰ্ষিত কৰি আহিছে বুলিও মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে৷

ড০ জিতেন্দ্ৰ সিঙে পুনৰ কয় যে, দেশৰ আগশাৰীৰ কৰ্প’ৰেট হস্পিতালসমূহে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত ক্লিনিক স্থাপন কৰিব পাৰে৷ ‘ষ্টাৰ্ট আপ ইণ্ডিয়া’ কাৰ্যসূচীৰ সৈতে পৰ্যটনক সাঙুৰি লোৱাৰ ধাৰণাক আদৰণি জনাই তেওঁ কয় যে, ইয়ে যুৱ-প্ৰজন্মক সংস্থাপন দিয়াৰ সমান্তৰালকৈ নিয়োগ সৃষ্টিত সহায় কৰিব৷ চৰকাৰৰ পৰ্যটন বিভাগ আৰু আইএমচিয়ে দেশৰ ভিন্ন প্ৰান্তৰ পৰা যুৱক-যুৱতীক উত্তৰ-পূৰ্বাঞ্চললৈ আনি দুঃসাহসিক পৰ্যটন, শৈলাৰোহন পৰ্যটনৰ প্ৰসাৰৰ ক্ষেত্ৰত একেলগে কাম কৰিব পাৰে৷ 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী 

মই নাজানো আৰু ইয়াক লৈ মোৰ কোনো অস্বস্তি নাই

পথত ভিক্ষা খোজা মহিলাৰ ভাগ্য সলনি কৰিছে সাত সাগৰৰ সিপাৰৰ দুগৰাকী ভগ্নীয়ে

অৰ্কিডৰ প্ৰতি থকা দুৰ্বাৰ প্ৰেমে ক্ষণজিৎ গগৈক দিলে আন্তৰ্জাতিক খ্যাতি

মেট্ৰ' চহৰ এৰি ভিতৰুৱা গাঁৱত জীৱন ধাৰণৰ মান উন্নত কৰিছে মনোজ বসুমতাৰীয়ে