আলিবাবাই মুকলি কৰিলে প্ৰথমখন ব্যাৱসায়িক স্মাৰ্ট কাৰ

আলিবাবাই মুকলি কৰিলে প্ৰথমখন ব্যাৱসায়িক স্মাৰ্ট কাৰ

Friday July 08, 2016,

2 min Read

ই-কমাৰ্চ ক্ষেত্ৰখনত নিজৰ পাৰদৰ্শিতা দেখুউৱাৰ পিছত এইবাৰ গাড়ী নিৰ্মাণৰ ক্ষেত্ৰখনলৈ আগবাঢ়িছে আলিবাবা। চীনৰ হাংঝাউত শেহতীয়াকৈ এক অনুস্থানত আলিবাবাই মুকলি কৰে এখন স্মাৰ্ট কাৰ । আৰ এক্স ৫ নামৰ এই স্মাৰ্ট কাৰখন এবছৰ ধৰি নিৰ্মাণ কৰা হৈছে । আলিবাবাই চীনৰ বৃহত্তম গাড়ী নিৰ্মাতা SAIC মটৰ কৰ্প'ৰেচনৰ সৈতে সহযোগিতা কৰিছে এই ইন্টাৰনেট কাৰ নিৰ্মাণৰ বাবে ।

yourstory-alibaba-rx5

yourstory-alibaba-rx5


অট'ম'বিল খণ্ডৰ ভৱিষ্যৎ বুলি বহুতে গণ্য কৰা স্মাৰ্ট কাৰ সমূহত একোটা অপাৰেটিং চিষ্টেম সংযুক্ত থাকে আৰু ই গাড়ীখনৰ দ্বিতীয় ইঞ্জিনৰূপে কাম কৰে । এতিয়ালৈকে এই স্মাৰ্ট কাৰ সমূহ তৃতীয় পক্ষৰ দ্বাৰা নিৰ্মিত ছফটৱেৰ আৰু এপৰ জৰিয়তে ইন্টাৰনেটৰ লগত সংযুক্ত হৈছিল যদিও আৰ এক্স ৫ত ব্যৱহৃত হৈছে এটা নিজা অপাৰেটিং চিষ্টেম । YunOS নামৰ এই অপাৰেটিং চিষ্টেমটোৱে অন্যান্য কোম্পানীকো তেওঁলোকৰ সেৱাসমূহ প্ৰদান কৰাৰ সুবিধা দিব । ইন্টাৰনেট অৱ থিংছ বা আই অ' টিৰ ক্ষেত্ৰত ই এক বৃহৎ পদক্ষেপ হিচাপে বিবেচিত হৈছে । 

আলিবাবাৰ প্ৰযুক্তি বিভাগৰ মুৰব্বী ড° ৱাং জিয়ানে কয়, 

'আমাৰ উদ্ভাৱন এক যুগান্তকাৰী পদক্ষেপ । স্মাৰ্ট অপাৰেটিং চিষ্টেম গাড়ী এখনৰ দ্বিতীয় ইঞ্জিন হোৱাৰ লগতে তথ্য হ'ব নতুন ইন্ধন ।'


অপাৰেটিং চিষ্টেমৰ সহায়ত চালকে পোনপটীয়াকৈ ইন্টাৰনেটৰ লগত সংযোগ স্থাপন কৰিব পাৰিব । আলিবাবাই ইন্টাৰনেট ভিত্তিক সেৱাসমূহ আগবঢ়োৱাৰ নতুন মাধ্যম হিচাপে বাচি লৈছে গাড়ী সমূহক । Alipay ব্যৱস্থাৰ যোগেদি চালকসকলে গাড়ীখনৰ মাধ্যমেৰে ইন্ধনৰ ক্ৰয়, পাৰ্কিং সেৱা আদি ব্যৱহাৰ কৰিব পাৰিব ইন্টাৰনেট যোগে । ইয়াত প্ৰতিজন চালকৰে নিজা আই ডি থাকিব আৰু ইয়াৰ ভিত্তিত অপাৰেটিং চিষ্টেমটোৱে তেওঁক চিনি পাব আৰু আগৰ যাত্ৰা সমূৰ ভিত্তিত পৰামৰ্শও আগবঢ়াব । 

বিশেশত্ব

নিজা অপাৰেটিং চিষ্টেম – YunOS

360 ডিগ্ৰীত ঘূৰাব পৰা আৰু আঁতৰাব পৰা কেমেৰা যাৰ দ্বাৰা গাড়ীৰ ভিতৰত চেলফিও ল'ব পৰা যাব 

অপাৰেটিং চিষ্টেমৰ সৈতে সংযোজিত তিনিখন এল ই ডি স্ক্ৰীণ 

ইন্টাৰনেট সেৱা 

ভইচ কন্ট্ৰ'ল 

নেভিগেচন চিষ্টেম

গুগল আৰু অন্যান্য প্ৰতিষ্ঠানে ইতিমধ্যে স্মাৰ্ট কাৰ নিৰ্মাণ কৰিছে যদিও এইবোৰ ব্যাৱসায়িকভাৱে মুকলি কৰা নাই । আৰ এক্স ৫ হৈছে ব্যাৱসায়িকভাৱে প্ৰস্তুত আৰু মুকলি কৰা প্ৰথমখন স্মাৰ্ট কাৰ । যদিও ইয়াত কোনো ধৰণৰ অট'-পাইলট ব্যৱস্থা সংযোজিত হোৱা নাই তথাপিও ই চালকৰহিত গাড়ী নিৰ্মাণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ । আগষ্ট মাহৰপৰা গ্ৰাহকে লাভ কৰিবপৰা এই গাড়ীখনৰ দাম ২২,৩০০ মাৰ্কিন ডলাৰ ।

ই-কমাৰ্চেৰে আৰম্ভ হোৱা আলিবাবাই শেহতীয়াকৈ অনলাইন পেমেন্ট (Alipay), মেছেজিং (Aliwangwang), ছৱি নিৰ্মাণ (আলিবাবা পিকচাৰ্চ, ক্লাউড কম্পিউটিং (আলিবাবা ক্লাউড কম্পিউটিং), অনলাইন ক্লাছিফাইড (Taobao) আৰু এতিয়া অট'ম'বিল ক্ষেত্ৰখনত প্ৰবেশ কৰিছে । ২০১৪ চনত প্ৰতিষ্ঠানটোৱে AutoNavi অধিগ্ৰহণ কৰে । উবেৰৰ চীনা প্ৰতিদ্বন্দী Didi Chuxing প্ৰতিষ্ঠানৰো এক প্ৰধান শ্বেয়াৰহল্ডাৰ আলিবাবা। 

মূল- বিশ্ৰুত শ্বাহ

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

দেশৰ প্ৰথমখন আৱৰ্জনাৰে চলা বাছ

নিজৰ হাতৰ ২০লাখ টকা খৰচ কৰি কৰা প্ৰথমটো ষ্টাৰ্ট আপৰ বিফলতাই দিয়া পাঁচটা শিক্ষা

আলোকসন্ধানী যাত্ৰাত কাবাদীয়েই অস্ত্ৰ বন্দী ইলিয়াছৰ

আইছিছৰ বিৰুদ্ধে পাৰস্যৰ হাৰ্কিউলিছ