বান্দৰ সেনাৰ সেতুবন্ধনৰ সাধুটো সকলোৱে জানে। সাধু-সন্যাসীসকলে পানীৰ ওপৰত খোজকঢ়াৰ ভেল্কীবাজীও বহুতে দেখিছে। মেজিক নহয়, দৈৱিক আশীৰ্বাদো নহয়, আশীৰ দশকত অৱলীলাক্ৰমে আৰৱ সাগৰত খোজকাঢ়িছিল উত্তৰ প্ৰদেশৰ মিৰ্জাপূৰৰ এজন পাণৱালাই। চলাইছিল চাইকেলো। দেখি বিস্ময়াভিভুত হৈ পৰিল সমগ্ৰ বিশ্ব। দেশী-বিদেশী সংবাদ মাধ্যম হৈছিল তেওঁৰ প্ৰশংসাত পঞ্চমুখ। নাম দ্বাৰকা প্ৰসাদ চৌৰাছিয়া। এজন প্ৰকৃত আৱিষ্কাৰক আৰু ভাল পাৰফৰ্মাৰ। আজিও গ্ৰামাঞ্চলত দলং ভাঙি পৰিলে বা বানৰ সময়ত তেওঁ আৱিষ্কাৰ কৰা পদ্ধতিয়ে ত্ৰাণকৰ্তাৰ ৰূপ লয়।
দৰিদ্ৰতাই তেওঁৰ চতুৰ্থ শ্ৰেণীৰ পাছত বেছি পঢ়িবলৈ নিদিলে। পৰিয়ালৰ ভৰণ-পোষণ দিবলৈ কৈশোৰতে চাইকেল ৰখা দোকান খুলিলে। উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত এখন পাণদোকানো আছিল। কিন্তু প্ৰায়েই তেওঁৰ এনে ভাৱ হয় তেওঁ যেন এটা নাদৰ ভেকুলী। সমূখত গোটেই বিশ্ব পৰি আছে আৰু তেওঁ আছে মিৰ্জাপুৰৰ গলীত। একোৱেই চোৱা হোৱা নাই। ১৯৭২ চনত তেওঁৰ বয়ত ৪০ বছৰ। ঠিক কৰিলে চাইকেল চলাই সমগ্ৰ দেশ পৰিভ্ৰমণ কৰিব। পঞ্জাৱৰ জগধাৰী যেতিয়া পালে তেতিয়া ভৰ বাৰিষা। ৰাস্তাত একঁকাল পৰ্যন্ত পানী। দ্বাৰকা ৰৈ গ’ল। সমস্যাই সমস্ত আৱিষ্কাৰৰ জন্ম দিয়ে। নিৰ্মাণ কৰি পেলালে এখন উভচৰ চাইকেল। ঘিউৰ চাৰিটা খালী টিন কিনি আনি তিনিমাহৰ ভিতৰত এনে এখন চাইকেল নিৰ্মাণ কৰি পেলালে যিখন পানীতো ওপঙে। ইয়াৰেই তেওঁৰ বাজী আৰম্ভ হ’ল।
আৰম্ভ হ’ল খেল। দ্বাৰকাৰ পানীত ওপঙা খেল। য’তেই খেল দেখুৱায়, তাতেই হাজাৰ হাজাৰ জনতাৰ সমাগম। আৰৱ সাগৰত তেওঁ পাঁচ কিলোমিটাৰ চাইকেল চলাইছিল। ১৯৮০ চনত তেওঁৰ খেল চাবলৈ আহমেদাবাদৰ কানকাৰিয়া লেকত ভিৰ কৰিছিল ১০,০০০ লোকে। মুম্বাইলৈ গৈ তেওঁ জুহুৰপৰা নাৰিমন পইণ্ট পৰ্যন্ত সমুদ্ৰত চাইকেল চলাইছিল। গেটৱে অব্ ইণ্ডিয়াৰপৰা এলিফেণ্টা কেভলৈ দ্বাৰকাই সমুদ্ৰৰ ঢৌৰ মাজত চাইকেল চলালে ১১ কিলোমিটাৰ। যিসকলে শুনিছে তেওঁলোকৰ চকু থৰ হৈ পৰিছে। যিসকলে দেখিছে তেওঁলোকে চাই ৰৈছে বিস্ফাৰিত নেত্ৰেৰে।
মাত্ৰ চাইকেলেইনে? এনে জোতাও প্ৰস্তুত কৰিলে যি জোতাৰে মানুহে বানপানীৰ সময়ত পানীৰ ওপৰেৰে খোজ কাঢ়িব পাৰে। ক্লাছ ফ’ৰৰ বিদ্যা লৈ অসাধ্য সাধন কৰি দেখুৱালে মীৰ্জাপুৰৰ এইগৰাকী পাণৱালাই। সেইসময়ত সাধাৰণতে থাৰ্ম’কল পোৱা নগৈছিল। এটা শীতলগৃহৰ মেনেজাৰে তেওঁক সহায় কৰিলে। জোতাৰ আকাৰ লৈ অনেক পৰীক্ষা-নীৰিক্ষাৰ অন্তত ৩ ফুট দৈৰ্ঘ, ১০ ফুট উচ্চ আৰু ৮ ইঞ্চি প্ৰস্থৰ জোতা প্ৰস্তুত কৰিলে তেওঁ। বিশেষ ডিজাইন। জোতাৰ ভিতৰত থাৰ্ম’কল। প্লাৱিতাৰ নিয়ম মানি পাতল জোতাযোৰ পিন্ধি পানীত উপঙি থাকিব পাৰি। এই অদ্ভুত জোতা আৱিষ্কাৰৰ পিছত গগণচুম্বী আত্মবিশ্বাসেৰে দ্বাৰকা প্ৰসাদে ঠিৰাং কৰিলে দিল্লীলৈ যাব। এছিয়াডত খেল দেখুৱাব। কিন্তু প্ৰট’কল ভাঙি ভিতৰলৈ যোৱাত অনুমতি নাই। তালৈ ভ্ৰূক্ষেপ নাই তেওঁৰ।
দিল্লী ব'ট ক্লাবত খেল দেখুৱাবলৈ আৰম্ভ কৰি দিলে তেওঁ। এছিয়াডৰ খেল চাবলৈ অহা দৰ্শকসকল দ্বাৰকাৰ খেল দেখি বিস্মিয়াভিভুত। পালে ব্যাপক সঁহাৰি। দুৰ্দান্ত মিডিয়া ক’ভাৰেজ। বিবিচিয়ে সাক্ষাৎকাৰ ল’লে উত্তৰ প্ৰদেশৰ অত্যন্ত ভিতৰুৱা গাঁৱৰ এই পাণ বেপাৰী। তাৰ পিছত দেশৰ পৰিসীমা ভেদি সাগৰৰ ওপৰত কিংবদন্তি হৈ উঠিল দ্বাৰকা। বিদেশত তেওঁৰ ষ্টাণ্ট নকল কৰাৰ ধুম উঠিল। এতিয়াও তেওঁ প্ৰস্তুত কৰা জোতা বান বিধ্বস্ত এলেকাৰ উদ্ধাৰকাৰ্যত ব্যৱহাৰ কৰা হয়।