তুলাচনীত মোডীও উঠিব লাগিব

আশুতোষৰ বিশেষ প্ৰৱন্ধ 

তুলাচনীত মোডীও উঠিব লাগিব

Saturday May 28, 2016,

6 min Read

সিদিনা ৰাতিপুৱা বাতৰিকাকতত চকু ফুৰাই থাকোঁতে মই অনুভৱ কৰিলো যে আজি মোডীয়ে প্ৰধানমন্ত্ৰী হিচাপে দুবছৰ সম্পূৰ্ণ কৰিলে । মোৰ মনলৈ আহহিল যে সময় তীব্ৰ গতিৰে পাৰ হয়। ২০১৪ চনৰ নিৰ্বাচনটো যেন সৌ সিদিনাৰহে কথা ! মোৰ চকুৰ সন্মূখত ভাঁহি উঠিল নিৰ্বাচনৰ সময়ৰ বিশাল হৰ্ডিং সমূহ য'ত লিখা আছিল 'অব কি বাৰ মোডী চৰকাৰ' । লগতে মনলৈ আহিল তেওঁৰ প্ৰচাৰ অভিযানৰ টেগ লাইন 'অচ্ছে দিন' । 

আজি ৰাতিপুৱা মই বৰ বৰ হৰফেৰে লিখা 'অবকি বাৰ' কথাষাৰ প্ৰতিখন বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত দেখিলো । এয়া এটা বিশাল প্ৰচাৰ অভিযানৰ অংশ । মোডী পূজনক প্ৰসাৰতা দিবৰ বাবে বহু কোটি টকা খৰচ কৰা হৈছে যেন ভাৱ হয় । লগতে প্ৰসাৰতা দিবলৈ চেষ্টা কৰা হৈছে 'মোৰ দেশ বদল ৰহা হে, আগে বঢ় ৰহা হে' শ্লগানটোকো । এই অভিযানৰ লক্ষ্য হ'ল মোডীৰ বাবেই যে দেশখন আগবাঢ়িছে সেই কথা প্ৰতিষ্ঠা কৰা । নিজৰ সফলতা সমূহৰ কথা প্ৰচাৰ কৰাৰ অধিকাৰ প্ৰতিখন চৰকাৰৰে থাকে । মই সেই কথাটোক লৈ অযথা কাজিয়া কৰিবলৈ নিবিচাৰোঁ। কিন্তু দেশৰ এজন নাগৰিক হিচাপে মোৰ প্ৰশ্ন কৰাৰ অধিকাৰ আছে- সঁচাকৈয়ে দেশখন সলনি হৈছেনে ? 

image


আহক এটা বুনিয়াদী প্ৰশ্ন কৰোঁ - আমি 'দেশৰ জনতাই' ২০১৪ চনত মোডীক কিয় ভোট দি স্পষ্ট বহুমতেৰে জয়ী কৰিছিলো? কাৰণ আমি বিচাৰিছিলো দুৰ্নীতি, অনিশ্চয়তা, নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত স্থবিতাৰ পৰা মুক্তি আৰু অৰ্থনীতিক এক নতুন গতি প্ৰদানৰ আশাৰে ৰাইজে এই বহুমত দিছিল । কিন্তু চৰকাৰ এই ক্ষেত্ৰত সফল হৈছেনে ? সংবাদ মাধ্যমৰ প্ৰচাৰ আৰু বিভিন্ন আয়োজনৰ মাধ্যমেৰে মোডীক দেশক কৰিৱৰ্তনৰ পথত লৈ যোৱা এজন বিপ্লৱীৰ ৰূপত উপস্থাপন কৰা হৈছে । কিন্তু সত্য এয়েই নে ? 

মনমোহন সিং চৰকাৰখনক ইতিহাসে মনত ৰাখিব আটাইতকৈ দুৰ্নীতিপৰায়ণ এখন চৰকাৰ হিচাপে । পৰিৱৰ্তনৰ বাবে সকলো অধৈৰ্য হৈ পৰিছিল । মোডীক এছাটি মুক্ত বতাহৰ দৰে অনুভৱ হৈছিল যি এই শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰপৰা মুক্তি দিব । সকলোৱে ভাবিছিল তেওঁ দুৰ্নীতি নিৰ্মূল কৰিব । 'মই নিজেও নকৰোঁ আনকো কৰিবলৈ নিদিওঁ ।' এয়া আছিল তেওঁৰ ঘোষণা । কিন্তু তেওঁৰ কেবিনেটখনৰ গঠনেই সেই আশা মষিমূৰ কৰি দিলে । তেওঁৰ কেবিনেটত দুৰ্নীতি আৰু অপৰাধত অভিযুক্ত আধাডজনতকৈও অধিক ব্যক্তিয়ে স্থান পালে । তেওংলোকৰ নিযুক্তিয়ে তেওঁলোকৰ অপৰাধত স্বীকৃতি প্ৰদান কৰিলে আৰু দুৰ্নীতি নিৰ্মূল কৰাৰ মোডীৰ আশ্বাসক ভূৱা প্ৰতিপন্ন কৰিলে । 

ৰাইজে এইবুলিও প্ৰশ্ন কৰিছে যে যদিহে মোডী দূৰ্নীতিত লৈ সঁচাকৈয়ে চিন্তিত তেনেহলে যোৱা দুটা বছৰত লোকপাল কিয়া নিযুকিতি দিয়া হোৱা নাই । মনমোহন সিঙৰ সময়তে লোকপাল সংসদত গৃহীত হৈছিল কিন্তু সি আজিলৈকে কাৰ্যকৰী নহ'ল । অগুষ্টা ৱেষ্টলেণ্ডক লৈ মোডী চৰকাৰ যথেষ্ট আগ্ৰাসী আছিল আৰু গান্ধী নেহৰু পৰিয়ালক প্ৰৱল আক্ৰমণ কৰিছিল । কিন্তু বিজেপিয়ে এই প্ৰশ্নৰ উত্তৰ আজিলৈকে দিব পৰা নাই যে এই কেলেংকাৰীত জড়িত দুজনক ইটালীৰ উচ্চতম ন্যায়ালয়ে শাস্তি দিয়াৰ পাছতো দুবছৰে ভাৰত চৰকাৰে তদন্ত কিয় আৰম্ভ কৰিব পৰা নাই । ৰবাৰ্ট ৱদ্ৰাৰ বিৰুদ্ধেও ভূমি কেলেংকাৰী সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ হোৱা নাই । কেইবাটাও সমীক্ষাত প্ৰকাশ পাইছে যে যোৱা দুচা বছৰত দেশত দুৰ্নীতি বাঢ়িছেহে ।

মোডী চৰকাৰে প্ৰচাৰ চলাইছে যে ভাৰতে অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত চীনক পিছ পেলাইছে আৰু দ্ৰুততম বিকশিত অৰ্থনীতিত পৰিণত হৈছে । কিন্তু বাস্তবিকতে এই উৎসাহ ব্যৱসায়ী মহলত দেখইবলৈ পোৱা হোৱা নাই । পৰিসংক্ষ্যায়ো কয় আন এক কথা । বাতৰি কাকতক প্ৰকাশ পাইছে, চৰকাৰী তথ্যৰ মতে ২০১৫-১৬ চনত বিভিন্ন খণ্ডৰ বাৰ্ষিক বিকাশৰ হাৰ দশকটোৰ ভিতৰতে নিম্নতম হৈছেগৈ । ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ ৰঘূৰাম ৰাজনৰ অশেষ চেষ্টা স্বত্তেও ডলাৰ আৰু অন্যান্য বিদেশী মুদ্ৰাৰ তুলনাত টকা এতিয়াও যথেষ্ট দুৰ্বল । 

বিদেশী বিনিয়োগৰ বাবে ভাৰত এতিয়াও আদৰ্শ লক্ষ্যস্থান নহয় । কিন্তু নিয়োগ সৃষ্টিৰ ক্ষেত্ৰতে আটাইতকৈ ডাঙৰ হতাশাই দেখা দিছে । ২০১৪ চনত যুৱ সমাজৰ নয়নৰ মণি হৈ উঠা মোডীয়ে তেওঁলোকক আকাশৰ তৰাটো আনি দিয়াৰ প্ৰতিশ্ৰুতু দিছিল । দুৰ্ভাগ্যজনকভাৱে আমি বাতৰি কাকতত দেখিছো যে ২০১৫ চনৰ প্ৰথম ছমাহত মাত্ৰ ১.৫৫ লাখ চাকৰি সৃষ্টিৰে নিয়োগ সৃষ্টিৰ হাৰ আছিল ছবছৰৰ ভিতৰত ন্যুনতম । বিকাশৰ হাৰ নিৰ্ধাৰণৰ নতুন সূচক সমূহৰ বৈধতা সম্পৰ্কে বিশেষজ্ঞ সকলে মুকলিকৈ প্ৰশ্ন কৰিছে আৰু চৰকাৰী বিভাগ সমূহে দিয়া তথ্য সমূহৰ বিশ্বাসযোগ্যতা সম্পৰ্কে গুৰুতৰ প্ৰশ্ন উত্থাপন হৈছে । সকলোতকৈ ডাঙৰ কথা কোনো লেখত ল'বলগীয়া সংস্কাৰ সাধন হোৱা নাই । জি এছ টি বিধেয়ক চৰকাৰৰ আঁকোৰগোজ মনোভাৱৰ কাৰণেই এতিয়াও অনিশ্চয়তাৰ গৰাহত । 

মোডীয়ো সহযোগিতামূলক ফেডাৰেল ব্যৱস্থাৰ কথা কয় যদিও অৰুণাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু দিল্লীৰ ঘটনাই তেওঁ যে বিৰোধীক মষিমূৰ কৰিবলৈ বিচৰা ইন্দিৰা গান্ধীৰ পৰ্যায়ৰেই মানুহ সেই কথা প্ৰমাণ । ন্যায়পালিকা ইমানেই ৰুষ্ট যে ভাৰতৰ মূখ্য ন্যায়াধীশ টি এছ ঠাকুৰে মোডীৰ উপস্থিতিতে ন্যায়পালিকাৰ উচ্চ পদ সমূহত নিযুক্তিৰ ক্ষেত্ৰত সহায় বিচাৰি ৰাজহুৱা স্থানত কানদিবলগীয়া হৈছে । 

বৈদেশিক পৰিক্ৰমাৰ ক্ষেত্ৰত মোডীৰ সাফল্যৰ কথা কৈ তেওঁৰ সমৰ্থক সকলে ঢোোল পিটি ফুৰিছে । এই কথা মানিবই লাগিব যে তেওঁ আটাইটকৈ বেছি বিদেশ ভ্ৰমণ কৰা প্ৰধান মন্ত্ৰী কিন্ত এই বিদেশ ভ্ৰমণ সমূহৰপৰা একো লাভ হোৱা নাই । বিদেশী প্ৰতিষ্ঠান সমূহ ভাৰতত বিনিয়োগৰ ক্ষেত্ৰত আগ্ৰহী নহয় । মোডীৰ অগতানুগতিক পদক্ষেপ স্বত্তেও পাকিস্তানৰ সৈতেও ভাৰতৰ সম্পৰ্ক বেছি বেয়াহে হৈছে । কাশ্মীৰ আৰু সীমান্তত উত্তেজনা বৃদ্ধি হৈছে আৰু কাশ্মীৰত আইছিছৰ পতাকা বেছিকৈহে দেখা গৈছে । 

ভাৰতৰ বাবে এটা অপ্ৰীতিকৰ কথা হ'ল যে পাকিস্তানৰ সৈতে চীনৰ সম্পৰ্ক ঘনিষ্ঠতৰ হৈ গৈ আছে আৰু পাকিস্তানে পাক ভাৰত সীমান্তত চীনক পথ নিৰ্মাণৰ বাবে অনুমতি দিছে । ভাৰতৰ সৈতে সদায় ভাল সম্পৰ্ক বজায় নেপাল আজি ভাৰতৰ ওপৰত ভীষণভাৱে ৰুষ্ট । মোডী চৰকাৰে অপ্ৰয়োজনীয়ভাৱে নেপালৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰি নেপালী সমাজক ভাৰত বিৰোধী কৰি পেলালে । শ্ৰীলংকাও চীনৰ বেছি কাষ চাপি গৈছে । চীনক ভাৰতৰ প্ৰতিদ্বন্দী হিচাপে দেখা যায় । মোডীয়ে চীনৰ জি জিনপিঙৰ সৈতে সম্পৰ্ক ভাল কৰিবলৈ বহু চেষেটা কৰা স্বত্ত্বেও কিন্তু জিনপিঙে ৰাষ্ট্ৰসংঘত পাকিস্তানৰ কথামতেই কাম কৰিলে আৰু জৈশ্ব নেতা আজহাৰ মাছুদক সন্ত্ৰাসবাদী ঘোষণা কৰাৰ বিৰোধিতা কৰিলে । আজি আমাৰ চুবুৰীয়াৰ সৈতে আমাৰ সম্পৰ্ক সৰ্বকালৰ নিকৃষ্টতম স্তৰত। 

কিন্তু মোডীৰ আটাইতকৈ ডাঙৰ বিচ্যুতি হ'ল সাম্প্ৰদায়িক সম্প্ৰীতি সম্পৰ্কত তেওঁৰ নিৰৱতা । আজি সংখ্যালঘুসকল এক আশংকাত ভুগিছে যে তেওঁলোকৰ নাগৰিক অধিকাৰ আৰু সমতাৰ অধিকাৰৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে । আখলাক হত্যা আৰু সংখ্যালঘু অনুস্থান সমূহৰ ওপৰত হোৱা আক্ৰমণৰ ক্ষেত্ৰত মোডীৰ দিঘলীয়া নিৰৱতাই সংঘ্যালঘুক চিন্তাত পেলাইছে । ৰাষ্ট্ৰীয়তাবাদ বিতৰ্কক তেওলোকৰ দেশপ্ৰেমৰ ওপৰত প্ৰশ্ন উত্থাপনৰ এক চেষ্টা হিচাপে দেখা গৈছে । আমিৰ খান আৰু শ্বাহৰুখ খানৰ বিৰুদ্ধে চলা আক্ৰমণে এই নিৰাপত্তাহীনতাক আৰু গাঢ় কৰি তুলিছে ।

আজি দেশত ধৰ্মীয় মোৰুকৰণ অধিক প্ৰকট হৈ পৰিছে আৰু এই ধাৰণা দুৰ কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে কোনো চেষ্টা কৰা নাই । ভাৰতৰ জনসাধাৰণে তেওঁৰ ওপৰত বহুত আশা কৰিছিল কিন্তু সেই আশাত চেঁচা পানী পৰিল । ভাৰতৰ উদাৰ পৰম্পৰা আজি সংকটত আৰু প্ৰধান মন্ত্ৰীয়ে এই গুৰুতৰ অভিযওগ এৰাই চলিব নোৱাৰে । তেওঁৰ হাতত আৰু তিনিটা বছৰ আছে যদিও তেওঁ প্ৰমাণ কৰিব লাগিব যে ভাৰতৰ ইতিহাসক লৈ বিষাক্ত মনোভাৱ পোষণ কৰা আৰু অতীতৰ কেতবোৰ ঘটনাৰ বাবে প্ৰতিশোধ লবলৈ বিচৰা এটা মতবাদত তেওঁ বন্দী হৈ থকা নাই । এটা মতবাদ প্ৰাচীন কালত আবদ্ধ হব পাৰে কিন্তু গণতান্ত্ৰিকভাৱে নিৰ্বাচিত এজন প্ৰধানমন্ত্ৰীয়ে সেই কাম কৰিব নোৱাৰে । তেওঁ পাহৰা অনিচিত যে তেওঁ ২০১৯ চনতো ৰাইজৰ ভোট বিচাৰিব লাগিব ।

(আশুতোষ প্ৰাক্তন সাংবাদিক আৰু আইবিএন ছেভেনৰ মেনেজিং এডিটৰ তথা আম আদমী পাৰ্টিৰ মূখপাত্ৰ । ইয়াত প্ৰকাশিত মতামত লেখকৰ নিজৰ।) 


এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

উত্তৰ পূৱত কাঠফুলাৰ খেতিৰে বিপ্লৱ সুচনা কৰা উদ্যমীজন

শিশুক বিপথে নিয়াৰ অভিযোগত কাৰাবাস খটা সন্দীপ কৌৰ আজি বহু অনাথ ছোৱালীৰ মাকৰ দায়িত্বত

এসময়ত বালি, ইটা আৰু চিমেণ্টৰ কাম কৰা শ্ৰমিক এতিয়া ২০টাকৈ কোম্পানীৰ স্বত্ত্বাধিকাৰী

অসমৰ থলুৱা মাছ হ'ব পাৰে বৈদেশিক বাণিজ্যৰ এক অন্যতম উৎস