নিজৰ হাতৰ ২০লাখ টকা খৰচ কৰি কৰা প্ৰথমটো ষ্টাৰ্ট আপৰ বিফলতাই দিয়া পাঁচটা শিক্ষা

0

২০১৫চনত embibe.comএ আমাৰ ষ্টাৰ্ট আপ 100Marks ক অধিগ্ৰহণ কৰিলে। ইয়াৰ পিছত আমি(মই আৰু 100Marks সহ প্ৰতিস্থাপক আনুশ্ৰী) ৰাইজৰ বিপুল দাবীত পুনৰ কাম হাতত লবৰ বাবে উৎসাহী হৈ পৰিলো। আমি সৌন্দৰ্যৰ ক্ষেত্ৰখনত কাম আৰম্ভ কৰিবলৈ আগ্ৰহী হৈ পৰাৰ দুটা কাৰণ আছিল। --

• প্ৰতিটো লেন-দেনত উপাৰ্জনৰ পৰিমাণ

• সেই সময়ত এইক্ষেত্ৰখনত প্ৰতিযোগীৰ সংখ্যা কম আছিল।

আমি আৰু দুজন সহ প্ৰতিস্থাপক পালো। এজন হল নিজৰ অটো পাৰ্টছ নিৰ্মাণ প্ৰতিস্থান স্থাপন আৰু অপাৰেছন হেড হিচাপে ১০বছৰৰ অভিজ্ঞতা থকা হিমাংশু মালিক আৰু আনজন হল Amazon ৰ কৰ্মী। দেখিলো যে আমি সৌন্দৰ্যৰ জগতখনত প্ৰবেশ কৰিব পৰাকৈ সাজু হৈছো।


আমি ততাতৈয়াকৈ এজন সৌন্দৰ্যসেৱা পৰামৰ্শদাতা (beauty services consultant), সৌন্দৰ্য বিশেষজ্ঞৰ এটা দল আৰু এটা কাৰিকৰী দল নিযুক্তি দিলো। কিন্তু পাঁচ মাহৰ অন্তত প্ৰায় ৩কোটি টকাৰ ব্যৱসায় চলি থকাৰ মাজতে আমি ব্যৱসায়টো বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিলো।

এই সমষ্ট কৰ্মৰ পাছত আমি যি ৫টা শিক্ষা লাভ কৰিলো, সেয়া হৈছে --:

• ব্যৱসায়িক ৰক্ষণশীলতা অতিকৈ প্ৰয়োজনীয়: এটা কথা সচা যে এই সেৱা সমুহলৈ প্ৰৱেশ কৰাৰ ক্ষেত্ৰত কোনো বাধা নাই আৰু সেইটোৱেই মূল কাৰণ। হঠাৎ সেইবাবেই বাংগালুৰুৰ পৰা চণ্ডীগঢ়লৈ প্ৰায় সকলো চহৰতে পাঁচটাতকৈও অধিক সৌন্দৰ্য ক্ষেত্ৰৰ ষ্টাৰ্ট আপ আৰম্ভ হৈছে। যদিও এই কথাটো আম্ভণীতে আমাৰ বাবে কম গুৰুত্বপূৰ্ণ কথা আছিল, কিন্তু এইটো কথাৰ বাবেই আমি আমাৰ ব্যৱসায় ইমান ক্ষীপ্ৰতাৰে বন্ধ কৰিব পৰা নাছিলো। আৰম্ভণীতে হয়তো আপুনি পাৰ্থক্য আনিব পৰা কিবা উপাদানৰ প্ৰয়োজনবোধ নকৰিবও পাৰে, কিন্তু আমাৰ ব্যৱসায়ত পৰ্যায়ক্ৰমে পাৰ্থক্য আনি দিব পৰা কিবা থাকিব পাৰে বুলি আমিও ভবা নাছিলো।

• ৰেহাই নহয়, অৰ্থনৈতিক উত্তৰণত মন দিয়ক: এইটো কাৰণতেই আমি আমাৰ ধন যথেষ্ট ব্যয় কৰিবলগীয়া হৈছিল। বজাৰত উপলব্ধ আন প্ৰতিদ্বণ্ডীসকলৰ তুলনাত আমি আমাৰ ব্যৱসায় বঢ়োৱাৰ স্বাৰ্থত হ'ম চাৰ্ভিছৰ ক্ষেত্ৰত ৰেহাই দিবলৈ ধৰিলো। আমি যিহেতু সোনকালেই বজাৰ দখল কৰিব বিচাৰিছিলো আমি ৫০ শতাংশৰ দৰে বৰ বৰ ৰেহাই দিবলৈ ধৰিলো। ই আমাৰ ব্যৱসায়ত আৰু অৰ্থনীতিত বৰ বেয়াকৈ প্ৰভাৱ পেলালে।

প্ৰাৰম্ভিকভাবে আমি আন প্ৰতিদ্বণ্ডিসকলৰ দৰে সৌন্দৰ্য বিশেষজ্ঞক গাড়ীৰে গ্ৰাহকৰ ঘৰলৈ পঠিয়াইছিলো। ৰেহাই দিয়াৰ পিছত আমাৰ সেৱাৰ মূল্য আছিল ৯০০টকা। এইক্ষেত্ৰত আমাৰ সৌন্দৰ্য বিশেষজ্ঞক অনা নিয়া কৰাৰ বিনিময়ত ৬০০টকা আৰু সা-সামগ্ৰীৰ খৰচ আছিল প্ৰায় ৪০০ টকা। তাৰ লগতে গুণগত মান অটুত ৰখাৰ স্বাৰ্থত বিশেষজ্ঞগৰাকীক প্ৰতিটো ফাইভ ষ্টাৰ ৰেটিঙৰ বিপৰীতে ইনচেন্টিভ হিচাৰে অতিৰিক্ত ২০০টকা দিছিলো। আমাৰ সামগ্ৰীক গড় খৰচ আছিল ৫০০টকা। ইয়ে প্ৰমাণ কৰে আমি ব্যৱসায়টোত কিমান বেয়াৰ দিশলৈ গৈ আছিলো।

• সময়ানুৱৰ্তিতাই মূল

আমি সৌন্দৰ্য বিশেষজ্ঞ নিযুক্তি দি সাধাৰণভাবে যদিও ব্যৱসায় আৰম্ভ কৰিছিলো আমি কিন্তু মাৰ্কেটিঙৰ বাবে বিনিয়োগকৰ্তা বিচৰাৰ ক্ষেত্ৰত আমাৰ এপটো মুকলি নকৰালৈকে গুৰুত্ব প্ৰদান কৰা নাছিলো। আমি উচ্চ ক্ষমতাসম্পন্ন বিনিয়োগকাৰীৰ ওচৰ চপাৰ ক্ষেত্ৰত পিছ পৰি ৰৈছিলো। পিছতহে বুজিছিলো যে তেওঁলোকে আমাৰ প্ৰতিদ্বণ্ডীসকলৰ আগতেই হয়তো আমাৰ তাত বিনিয়োগ কৰিলেহেতেন।

• উত্তৰণৰ পথ চিনাক্ত কৰাটো প্ৰয়োজনীয়

প্ৰতিটো ষ্টাৰ্ট আপেই উন্নতিত গুৰুত্ব দিব লাগে। উত্তৰণৰ পৰৱৰ্তী পৰ্যায়লৈ যোৱাত সহজ হোৱাকৈ আৰম্ভণীৰ সময়খিনিতেই উন্নতিৰ জখলাৰে বগাব পৰা উপায়সমুহ বাছি উলিয়াব পৰাটো বৰ দৰকাৰী। আমি পিছতহে জানিব পাৰিছিলো যে আন আন ষ্টাৰ্ট আপবোৰে এপৰ ব্যৱহাৰকাৰী একোজন আহৰণৰ বাবে অন্য এটা কম খৰচী উপায়েৰে ব্যৱসায় বঢ়াই গৈছে আৰু আমি খৰচ কৰি আছিলো প্ৰায় ৫০০টকাকৈ।


• বেংকত থকালৈকে ধন আপোনাৰ নহয়

আমি নিজে আমাৰ বিনিয়োগ বৃদ্ধিকৰাৰ পূৰ্বে আমি বিনিয়োগকাৰীৰ সহায় লবলৈ চেষ্টা কৰিছিলো। মৌখিক চুক্তিও হৈছিলগৈ। সেই মৌখিক চুক্তিৰ ভৰষাতেই আমি আমাৰ এপটো এজন ব্যয়বহুল ডিজাইনাৰৰ দ্বাৰা ডিজাইন কৰি পেছাদাৰী মডেলৰ দ্বাৰা ফটোশ্বুট পৰ্যন্ত অতি বিলাসী আৰু ব্যয়বহুলভাবে কৰি পেলাইছিলো। সেয়াও আছিল আৰম্ভণীতে বহু ধন খৰচ কৰি পেলোৱা এটা কাৰণ।

গতিকে মৌখিক চুক্তিৰ ওপৰত ভৰষা নকৰিব। মনত ৰাখিব,যেতিয়ালৈকে টকা আপোনাৰ হাতলৈ অহাৰ পৰিৱৰ্তে বেংকতেই আছে,তেতিয়ালৈকে সেই টকা আপোনাৰ হোৱাগৈ নাই।

লিখকৰ বিষয়ে:

প্ৰদীপ কুমাৰ - বৰ্তমান তেওঁৰ নতুন ষ্টাৰ্ট আপ ZopChatত ব্যস্ত। ই হৈছে এনেকুৱা এটা এপ যত গ্ৰাহকে চাটিঙৰ সহায়ত বিভিন্ন সামগ্ৰীৰ মান, গুণাগুণ, ব্যয় আদি জানি লৈ বজাৰ কৰাত সহায় কৰে।

(বিধিসন্মত ঘোষণা: ইয়াত প্ৰকাশ কৰা ধাৰণা আৰু মন্তব্যসমুহ লিখকৰ নিজা। ইয়াত YourStory কোনো মন্তব্য সন্নিৱিষ্ট হোৱা নাই )


অনুবাদ- প্ৰাঞ্জল শৰ্মা