পাহাৰৰ প্ৰেমত চাকৰি এৰি ব্যৱসায়ী হোৱা সপ্তৰ্ষি

0

পাহাৰৰ প্ৰেমতে কৰ্পৰেট পৃথিৱীক চিৰবিদায় জনাইছিল সপ্তৰ্ষি ৰায়ে। যুৱকজনৰ ঘৰত মতা নাম সপ্ত।যাদৱপুৰ বিশ্ববিদ্যালয়ৰ প্ৰডাকশ্বন ইঞ্জিনিয়াৰিং বিভাগৰ এসময়ৰ ছাত্ৰ তেওঁ।পাহাৰে তেওঁক শৈশৱৰ পৰাই আকৰ্ষণ কৰি আহিছিল।৯০ৰ দশকত বিশ্ববিদ্যালয়ত অধ্যয়ন কৰাৰ সময়ত তেওঁ প্ৰথম ট্ৰেকিঙৰ সোৱাদ পাইছিল।বন্ধুসকলৰ সৈতে তেওঁ চান্দাকফু, জোংৰিলৈ ট্ৰেকিঙৰ বাবে গৈছিল।সেই যাত্ৰাৰ পিছৰে পৰা তেওঁৰ মন গহনত পাহাৰীয়া পথ, ৰড'ডেনড্ৰন আৰু বৰফত খেলাৰ সময়ে বাৰে বাৰে দোলা দিবলৈ ধৰে।

হিমালয়ক জনাৰ হেঁপাহৰ বাবেই তেওঁ ইয়াৰ পিছত ক্ৰমে কুমায়ুন, গাড়োৱাল, হিমাচল আৰু লাডাখত ইটোৰ পিছত সিটো ট্ৰেকিঙলৈ যাবলৈ লয়।ইয়াৰ মাজতে আৰম্ভ হ’ল চাকৰি জীৱন।উইপ্ৰ’,কগনিজেণ্টৰ দৰে বিভিন্ন সংস্থাত চফটৱেৰ ইঞ্জিনিয়াৰ হিচাপে কাম কৰিছিল সপ্তৰ্ষিয়ে। কিন্তু কৰ্মজীৱনৰ ব্যস্ততাই তেওঁক ট্ৰেকিঙৰ পৰা নিলগাই ৰাখিব পৰা ৰাখিব পৰা নাছিল।সময়-সুযোগ মিলিলেই তেওঁ হিমালয়ৰ বিভিন্ন প্ৰান্তলৈ ঢাপলি মেলিছিল। সেই সময়তে তেওঁ পিন পাৰ্বতী, ৰূপকুণ্ড-ৰণ্টি চাডেল, কালিন্দিত ট্ৰেকিঙৰ অভিজ্ঞতা আহৰণ কৰিছিল। যিমানবাৰ পাহাৰলৈ গৈছিল সিমানবাৰেই তেওঁৰ কৰ্পৰেট জীৱনৰ শ্বাসৰুদ্ধকৰ পৰিৱেশলৈ ঘুৰি অহাৰ ইচ্ছা সমূলি নোহোৱা হৈ পৰিছিল। সেইবাবে ট্ৰেকিঙকে নিজৰ পেছাৰূপে লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে সপ্তৰ্ষিয়ে।কৰ্পৰেট জীৱনৰ নিশ্চয়তা ত্যাগ কৰি নিজাববীয়াকৈ আৰম্ভ কৰে হিমালয়া ট্ৰেকাৰ্ছ নামৰ ট্ৰেকিং এজেন্সী।

বন্ধুৰ উৎসাহ আৰু সাহাৰ্যৰ লগতে সপ্তৰ্ষিৰ সম্পদ আছিল হিমালয়ৰ প্ৰতি ভালপোৱা আৰু কৰ্পৰেট জীৱনত টীমক নেতৃত্ব দিয়াৰ অভিজ্ঞতা।২০১০ চনৰ জুন মাহত হিমালয়ৰ গাড়োৱালৰ ৰুপকুণ্ড হ্ৰদত হিমালয়া ট্ৰেকাৰ্ছৰ প্ৰথম ট্ৰেকিং সম্পন্ন কৰা হয়।এইপৰ্যন্ত হিমালয়ান মাউণ্টেনিয়াৰিং ইন্সষ্টিটিউটৰ পৰা প্ৰশিক্ষণ সমাপ্ত কৰিছিল সপ্তৰ্ষিয়ে।

“মই প্ৰথম ট্ৰেকিং আৰম্ভ কৰোতে দুইধৰণৰ ট্ৰেকাৰক লগ পাইছিলো। এচাম আছিল মোৰ দৰেই উৎসাহী আৰু নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰি ট্ৰেকিঙত গৈছিল বা স্থানীয় ক্লাৱৰ দ্বাৰা আয়োজিত ট্ৰেকিঙত নেতৃত্ব দিয়া প্ৰকৃতিৰ, এইসকলক কোৱা হৈছিল হাৰ্ডক’ৰ ট্ৰেকাৰ। যিকোানো পৰিস্থিতিতে ট্ৰেকাৰৰ বাবে এৰাব নোৱাৰা সমস্যা আছিল তম্বু আৰু শ্লিপিং বেগ কঢ়িওৱা, অলপীয়া তথা নিম্নমানৰ খাদ্য আৰু লগতে অদক্ষ গাইড।এনেক্ষেত্ৰত ট্ৰেকিঙৰ ভাললগা অভিজ্ঞতাও নষ্ট হৈ পৰে। ইয়াৰ লগতে আন একপ্ৰকাৰৰ ট্ৰেকিং আছিল যিসমূহ এজেন্সীৰ সহযোগত গ্ৰহণ কৰা হৈছিল।ইয়াত সকলো ব্যৱস্থা উন্নতমানৰ কিন্তু মূল্য বেছি। এনেধৰণৰ ট্ৰেকিঙত ৩০-৩৫জনীয়া দল নিয়া হয়, ইয়াত সহায়কাৰী ব্যক্তি নাথাকে যাৰ বাবে প্ৰত্যেকজন ট্ৰেকাৰৰ প্ৰতি চকু দিয়া সম্ভৱ নহয়, তদুপৰি প্ৰয়োজন আৰু সুবিধা অনুসৰি ট্ৰেকৰ পৰিৱৰ্তন কৰাও অসম্ভৱ। নিজৰ এজেন্সী খোলাৰ সময়ত মই এই সকলো বিষয়ৰ প্ৰতি লক্ষ্য ৰাখিছিলো।” সপ্তৰ্ষিয়ে কয়।

সপ্তৰ্ষিৰ মনত দোলা দিয়া আন এক বিষয় আছিল পাহাৰ আৰু প্ৰকৃতিৰ প্ৰতি ভালপোৱা। ট্ৰেকিঙৰ সময়ত বহুতেই প্লাষ্টিকৰ পেকেট,কাঁচৰ বটল, কেন আদি পাহাৰতে দলিয়াই থৈ যায়। সেইবাবে পৰিৱেশৰ যাতে কোনো হানি নকৰাটো আছিল হিমালয়া ট্ৰেকাৰৰ প্ৰথম লক্ষ্য।সংস্থাটোৱে ইয়াক নাম দিছিল গ্ৰীণ ট্ৰেক।প্লাষ্টিকৰ ব্যৱহাৰ নকৰা, জুই ধৰিবলৈ কাঠ ব্যৱহাৰ নকৰা, স্থানীয় খাদ্যৰ ওপৰত নিৰ্ভৰ কৰা, বায়’ডিগ্ৰেডেবল নোহোৱা পেলনীয়া সামগ্ৰী ঘুৰাই লৈ অহা আদি নিয়ম অতি কঠোৰভাৱে তেওঁলোকে পালন কৰে।

“ট্ৰেকিঙত সাধাৰণতে এক অদ্ভূত অনিশ্চয়তাৰ পৰিৱেশ গঢ়ি তোলা হয়, ট্ৰেকিং যেন এক সাংঘাটিক কঠিন কাম আৰু একাংশ মুষ্টিমেয় লোকৰ বাবেহে এয়া উপযোগী। কিন্তু মই এনেদৰে চিন্তা নকৰোঁ।চহৰীয়া জীৱন আৰু ম’বাইল নেটৱৰ্কৰ পৰা আঁতৰত থকাটো এক অদ্ভূত নিচা আৰু ইয়াক সহজে পাহৰিব নোৱাৰি।প্ৰকৃতিক ভালপোৱা অনেকৰ বাবে এয়া এৰাব নোৱাৰা সত্য।ট্ৰেকিং শিল বগোৱা বা পাহাৰ বগোৱাৰ পৰা পৃথক য’ত প্ৰশিক্ষণৰ প্ৰয়োজন হয়।ইয়াত আপুনি কেৱল খোজহে কাঢ়িব লাগে, নহয় জানো? সকলোৱে যাতে এই অসাধাৰণ অভিজ্ঞতাৰ সোৱাদ ল’ব পাৰে সেয়াই মোৰ লক্ষ্য।” সপ্তৰ্ষিয়ে জনায়।

পৰিৱেশ উপযোগী ট্ৰেকিং, ট্ৰেকিঙৰ সময়ত উন্নতমানৰ সামগ্ৰী ব্যৱহাৰ, প্ৰতিজন সদস্যৰ প্ৰতি যথাযথ চকু দিয়া আৰু সহায়ৰ বাবে প্ৰয়োজনীয় সংখ্যক কৰ্মীৰ উপস্থিতি নিশ্চিত কৰা,পুষ্টিকৰ আৰু ভাল খাদ্য প্ৰদান কৰা আদি বিষয়তে তেওঁলোকে মন দিয়ে।সহায়ক দল আৰু ট্ৰেকাৰৰ সংখ্যা সকলো সময়তে ১:৩ অথবা বহুসময়ত তাতোকৈ বেছি অনুপাতত ৰখা হয়।প্ৰত্যেকেই যাতে প্ৰয়োজনৰ সময়ত সহায় লাভ কৰে তাৰবাবে এই ব্যৱস্থা গ্ৰহণ কৰা হয়।তদুপৰি এবাৰত এটি সৰু দল নিয়াত গুৰুত্ব দিয়া হয়।

হিমালয় ট্ৰেকাৰ্ছৰ আৰম্ভণিৰ পৰাই সপ্তৰ্ষিৰ সৈতে আছে যাদৱপুৰ বিশ্ববিদ্যালয়ৰ ইঞ্জিনিয়াৰিঙৰ আন এক স্নাতক তথা বৰ্তমান দিল্লী নিবাসী কৃষ্ণেন্দু বেনাৰ্জী।ছাত্ৰজীৱনৰ পৰা সপ্তৰ্ষি আৰু কৃষ্ণেন্দুৱে একেলগে ট্ৰেকিং কৰিছিল।পেছাগতভাৱে এজন পি আৰ মেনেজাৰ কৃষ্ণেন্দুৰ আছে মাউণ্ট থেলু,মাউণ্ট কোটেশ্বৰ আৰু মাউণ্ট দেও টিব্বাৰ দৰে পৰ্বত অভিযানৰ অভিজ্ঞতা।এইচএমআইত প্ৰশিক্ষণো গ্ৰহণ কৰিছে কৃষ্ণেন্দুৱে। হিমালয়া ট্ৰেকাৰ্ছৰ ট্ৰেকৰ প্ৰস্তুতিৰ পৰা নতুন পথৰ সন্ধান চলোৱা সকলোতে তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।

মাৰ্কেটিঙৰ ক্ষেত্ৰত ৱেবছাইট (http://himalayatrekker.com) আৰু ছছিয়েল মিডিয়াৰ প্ৰচাৰৰ ওপৰতে তেওঁলোক নিৰ্ভৰশীল।“যিসকল আমাৰ সৈতে যায়, তেওঁলোকে উভটি আহি নিজৰ পৰিচিতসকলৰ আগত আমাৰ কথা কয় আৰু এনেদৰেই আমি নতুন ট্ৰেকাৰ লাভ কৰোঁ। ইয়াৰোপৰি যিসকলে এবাৰ ট্ৰেকিঙৰ সোৱাদ লাভ কৰিছে তেওঁলোক বাৰে বাৰে উভটি অহাটো নিশ্চিত।লগতে ফেচবুকতো বহুজনে আমাৰ সৈতে সংযোগ স্থাপন কৰে।” সপ্তৰ্ষিয়ে জনায়।

স্থানীয় মানুহৰ মাজত সচেতনতা বৃদ্ধি কৰি ব্যৱসায়ত তেওঁলোকৰ সৰ্বাধিক অংশগ্ৰহণ নিশ্চিত কৰোৱাও হিমালয়া ট্ৰেকাৰ্ছৰ অন্যতম লক্ষ্য।এই উদ্দেশ্য আগত ৰাখিয়ে প্ৰতিটো ট্ৰেকত গাইড তথা সহায়কাৰী ব্যক্তিৰূপে স্থানীয় লোকক লগত নিয়া হয়।এনেদৰে স্থানীয় ব্যক্তিসকলৰ আয়ৰ বাট মুকলি হৈ স্থানীয় অৰ্থনীতি টনকীয়াল হোৱাৰ লগতে ট্ৰেকাৰকসকলৰ নিৰাপত্তাও নিশ্চিত হয় কাৰণ হিমালয়ৰ বিষয়ে আনৰ তুলনাত ইয়াৰ ভূমিপুত্ৰসকলহে ভালদৰে অৱগত। বতৰৰ পৰিৱৰ্তন আৰু পথৰ খুঁটিনাটি তেওঁলোকৰ আয়ত্বত থকাৰ বাবে জৰুৰীকালীন সময়ত তেওঁলোকে সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে।সপ্তৰ্ষি আৰু আনসকলৰ দীৰ্ঘদিনৰ পাহাৰৰ সৈতে অভিজ্ঞতাৰ ভিত্তিতে এই গাইড আৰু সহায়কসকলক নিৰ্বাচন কৰা হয়।

“এই এজেন্সী খোলাৰ প্ৰাথমিক কাৰণ আছিল পাহাৰ আৰু মানুহৰ প্ৰতি পাহাৰৰ ভালপোৱা।সেইবাবে ইয়াৰ ক্ষতিসাধন কৰাকৈ যাতে একো কৰা নহয় তাৰ প্ৰতি সকলো সময়তে চকু দিয়া হয়।” সপ্তৰ্ষিয়ে কয়।

সংস্থাটো বৰ্তমান পাঁচবছৰ সম্পূৰ্ণ হৈছে। প্ৰথম বছৰকেইটা এইপৰ্যন্ত পাৰ হৈছে লেহ-লাডাখ, গাড়োৱাল, কুমায়ুন, চিকিমৰ বিভিন্ন প্ৰান্তৰ মাজত, স্থানীয় গাইড আৰু সহায়ক কৰ্মীসকলৰ সৈতে যোগাযোগ স্থাপন কৰাত।প্ৰথমে সমীপৰ চিনাকী পথত নিয়াৰ পিছত লাহে লাহে কঠিন আৰু নতুন পথৰ সন্ধান উলিয়াই ইয়ালৈ ট্ৰেকাৰসকলক নিবলৈ লৈছে হিমালয়া ট্ৰেকাৰ্ছে।

বৰ্তমান ৰূপকুণ্ড, জোংৰি গোশালা, শিংগালীলা পাছ, কালিহেনি পাছ, হৰ কী দুন, সুন্দৰদোঙা আদি বিভিন্ন ঠাইত নিয়মীয়াকৈ ট্ৰেকিঙৰ ব্যৱস্থা কৰে হিমালয়া ট্ৰেকাৰ্ছে।ইয়াৰ বিভিন্ন ট্ৰেকত সপ্তৰ্ষি নিজে সংগী হয়। বৰ্তমালৈকে ৩০টাৰো অধিক ট্ৰেকিং অভিযানত ট্ৰেকাৰসকলক লগত নিছে সপ্তৰ্ষিয়ে।

ট্ৰেকিঙক মানুহৰ বাবে নিৰাপদ আৰু উপভোগ্য কৰি তোলাই সপ্তৰ্ষিৰ লক্ষ্য।সপ্তৰ্ষিৰ বাবে অন্যতম আগ্ৰহৰ বিষয় হৈছে হিমালয়ৰ চহকী প্ৰাণী আৰু উদ্ভিদ জগত।“প্ৰকৃতিৰ মাজত কিছুদিন কটাই অহা এজন ট্ৰেকাৰৰ দৈনন্দিন জীৱনত ইয়াৰ কিছু প্ৰভাৱ পৰিলেও আমাৰ এই প্ৰয়াস সফল হৈছে বুলি ধৰিম।”সপ্তৰ্ষিৰ ভাষ্য।পাহাৰৰ প্ৰতি নিজৰ ভালপোৱা আৰু পাহাৰৰ প্ৰতি থকা নিচাক আনৰ মাজতো বিয়পাই দিয়াৰ লগতে পাহাৰৰ স্থানীয় অৰ্থনৈতিক উন্নয়ন সাধন কৰাৰ বাবেই তেওঁৰ এই উদ্যোগ।

মূল-সানন্দা দাসগুপ্তা

অনুবাদ-তুলিকা দেৱী