শিশুক সাক্ষৰ আৰু মহিলাসকলক আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ আৰামী জীৱন ত্যাগ কৰা এগৰাকী অৰ্থনীতিবিদ

0

প্ৰায়ে কোৱা হয়, যিটো পৰিৱেশত আপুনি থাকে সেই পৰিৱেশৰ সৈতে আপুনি অভ্যস্ত হৈ পৰে আৰু দৈনন্দিন জীৱনতো তাৰ প্ৰভাৱ পৰিলক্ষিত হয়। সাধাৰণতে মানুহবোৰে নিজৰ স্বভাৱৰ সৈতে এনেদৰে আৱদ্ধ হৈ পৰে যে তাক ত্যাগ কৰাটো তেওঁলোকৰ বাবে অসম্ভৱ হৈ পৰে। কিন্তু এনে ব্যক্তিও আছে যিসকলে নিজৰ এনে আড়ম্বৰপূৰ্ণ অভ্যাস ত্যাগ কৰি এটা সুকীয়া জীৱনশৈলীক আঁকোৱালি লয়। এনে এজন ব্যক্তিৰ বিষয়ে আলোচনা কৰিম, যি নিজৰ জীৱনৰ বেছিভাগ সময় মুম্বাইৰ দৰে মহানগৰীত অতিবাহিত কৰিছে। কিন্তু তেওঁ সম্প্ৰতি এখন অখ্যাত গাঁৱত বসবাস কৰে। সেইগৰাকী ব্যক্তি জীৱনৰ ৪০ বছৰ বয়সলৈকে এগৰাকী প্ৰভাৱশালী অৰ্থনীতিবিদৰূপে খ্যাত আছিল। বৰ্তমান তেওঁ দৰিদ্ৰ আৰু নিৰক্ষৰ শিশুসকলক শিক্ষিত কৰাই নহয় মহিলাসকলকো আৰ্থিকভাৱে স্বাৱলম্বী কৰাৰ শিক্ষা প্ৰদান কৰে। গোপাল কৃষ্ণ স্বামী, এই নামটো এনে এজন ব্যক্তিৰ, যিগৰাকী ব্যক্তিয়ে উত্তৰাখণ্ডৰ ৰাজধানী ডেৰাডুন আৰু মচুৰীৰ মাজৰ পুৰকুল নামৰ এখন গাঁৱত বসবাস কৰি ‘পুৰকুল য়ুথ ডেভেলপমেণ্ট ছ’চাইটি’ আৰু ‘পুৰুকুল স্ত্ৰী শক্তি’ নামৰ দুটা সংস্থা গঠন কৰি সমাজখনক আগুৱাই নিয়াৰ চেষ্টা চলাই আহিছে।


গোপালকৃষ্ণ স্বামী পেছাত আছিল এগৰাকী অৰ্থনীতিবিদ। প্ৰায় ৪০ বছৰ মুম্বাইত থাকি বিদেশী মুদ্ৰা বিনিময়, আমদানি-ৰপ্তানিৰ সৈতে জড়িত লোকসকলৰ উপদেষ্টা হিচাপে কাম কৰিছিল। তেওঁ যেতিয়া অৱসৰ লোৱাৰ কথা চিন্তা কৰে, তেতিয়া তেওঁ নৱী মুম্বাইত থকা বাসভৱনটো বিক্ৰী কৰি হিমালয় অঞ্চলৰ বসবাস কৰাৰ লগতে সমাজৰ উন্নতিৰ অৰ্থে কাম কৰাৰ সিদ্ধান্ত লয়। তেওঁৰ এই চিন্তাক বাস্তৱ ৰূপ দিবলৈ পৰিয়ালসহ ডেৰাডুনত উপস্থিত হয় আৰু ২০টা বছৰ ধৰি তেওঁ ইয়াত বসবাস কৰি নিৰক্ষৰ শিশুসকলক সাক্ষৰ কৰাই নহয়, মহিলাসকলকো আত্মনিৰ্ভৰ হ’বলৈ পথ প্ৰদৰ্শন কৰিছে।


স্বামীয়ে কয় তেওঁ ২০ বছৰ ধৰি উত্তৰাখণ্ডৰ ডেৰাডুনত বসবাস কৰি সমাজৰ হিতাৰ্থে চেষ্টা চলাই আহিছে। স্বামীয়ে ইয়াত ‘পুৰকল য়ুথ ডেভেলপমেণ্ট ছ’চাইটি’ৰ কাম কৰে। ‘পুৰকল য়ুথ ডেভেলপমেণ্ট ছ’চাইটি’য়ে শিক্ষাৰ সৈতে জড়িক কাম-কাজসমূহ কৰে। য’ত চাৰিশতকৈ অধিক শিশুৱে শিক্ষা গ্ৰহণ কৰি আহিছে আৰু এই বছৰ পাঁচশ অতিক্ৰম কৰাৰ আশা ৰাখিছে। প্ৰাক্-প্ৰাথমিকৰ পৰা দ্বাদশ শ্ৰেণীলৈকে চিবিএছই (CBSE)ৰ স্বীকৃতিপ্ৰাপ্ত। যদিও সংস্থাটোৱে বিদ্যালয়ৰ দৰেই শিক্ষা প্ৰদান কৰে কিন্তু ইয়াত শিশুসকলক পাঠ্যক্ৰমৰ সমান্তৰালভাৱে নীতি শিক্ষা আৰু আন কলা-কৌশলৰো জ্ঞান দিয়া হয়। ইয়াত নৃত্য, যোগাসন আৰু খেল আদিৰো শিক্ষা প্ৰদান কৰা হয়। শিশুসকলৰ বিকাশৰ বাবে সপত্নীক গোপালকৃষ্ণ স্বামীয়ে সেৱা আগবঢ়াই আহিছে।


গোপালকৃষ্ণ স্বামীয়ে যেতিয়া এই বিদ্যালয়খনৰ আৰম্ভণি কৰিছিল সেই সময়ত ইয়াত বিদ্যালয়ৰ সংখ্যা তেনেই নগন্য আছিল আৰু গাঁৱত বসবাস কৰা লোকৰ অৱস্থাও আছিল শোচনীয়। কিন্তু স্বামীয়ে বিদ্যালয় স্থাপন কৰাৰ পিছত ওচৰ-পাজৰৰ শিশুসকলক বিনামূলীয়া শিক্ষা দিয়াৰ উপৰি আহাৰ-বস্ত্ৰ আৰু যাতায়াতৰ সুবিধাও প্ৰদান কৰা হয়। স্বামীয়ে ‘য়’ৰ ষ্টৰী’ক কয়,

‘শিশুসকলে সপ্তাহটোৰ ছদিন আৰু দিনে ১০ ঘণ্টাকৈ আমাৰ সৈতে কটায়। সেয়ে আমি চেষ্টা কৰোঁ শিশুসকলক শিক্ষাৰ লগতে তেওঁলোকৰ স্বাস্থ্য, পুষ্টি আৰু প্ৰটিনৰ প্ৰতি লক্ষ্য ৰাখোঁ। সঠিক ৰূপত শিশুৰ বিকাশ সাধন কৰাই ইয়াৰ একমাত্ৰ উদ্দেশ্য।’

পোন্ধৰ-ষোল্ল বছৰ ধৰি শিশুসকল এওঁলোকৰ লগত থকাটোৱেই হৈছে ইয়াৰ একমাত্ৰ কাৰণ। স্বামীয়ে কয় যেতিয়া তেওঁ বিদ্যালয়খনৰ আৰম্ভণি কৰিছিল তেতিয়া কেৱল তেওঁ ১০-১২ বছৰতকৈ অধিক বয়সৰ শিশুসকলক ৰাখিছিল। কিন্তু এতিয়া তিনি-চাৰি বছৰীয়া কণ কণ শিশুসকলো অধ্যয়নৰ বাবে আহে। ইয়াৰ ভিতৰত বহুকেইটি শিশুৱে প্ৰশংসনীয় কাম কৰিছে। ইয়াত অধ্যয়ন কৰা শিশুসকলক হোষ্টেলৰ সুবিধা দিবলৈ চেষ্টা কৰা হয় যাতে সঠিক ৰূপত শিশুসকলৰ বিকাশ ঘটে।


‘পুৰকল স্ত্ৰী শক্তি’ৰ জৰিয়তে মহিলাসকলৰ বুদ্ধিমত্তা আৰু কৌশল উদ্দীপ্ত কৰি তুলিবলৈ শিকোৱা হয়। মহিলাসকলে পেছৱৰ্কৰ সৈতে জড়িত কাম কৰে আৰু ৪৫তকৈ অধিক সামগ্ৰী প্ৰস্তুত কৰি উলিয়ায়। মহিলাসকলে প্ৰস্তুত কৰা সামগ্ৰীসমূহৰ অৰ্ডাৰ লাভ কৰিবলৈ এওঁলোকে সহায় কৰে, নতুন বজাৰৰো সৃষ্টি কৰে। বৰ্তমান ১৮০ গৰাকী মহিলা এই কৰ্মক্ষেত্ৰত জড়িত হৈ আছে। তেওঁলোকে বিনামূলীয়াকৈ কাম কৰাৰ সুবিধা প্ৰদান কৰাৰ সমান্তৰালভাৱে কিছুমান আনুসংগিক সা-সুবিধাও প্ৰদান কৰে যাতে তেওঁলোকে নিজৰ ভৰিত থিয় দিব পাৰে। ইয়াৰ বাহিৰেও মহিলাসকলে এওঁলোকৰ সহযোগত বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰিবলৈ আত্মসহায়ক গোট গঠন কৰিছে।


পুৰকলৰ প্ৰায় ১০ কিলোমিটাৰ নিলগত আন দুটা কেন্দ্ৰ আছে য’ত ৯০ গৰাকী মহিলাই কাম কৰে। মহিলাসকল যাতায়াতৰ বাবে বিনামূলীয়া বাছ সেৱা প্ৰদান কৰা হয়। লগতে ইয়ালৈ অহা নতুন মহিলাসকলক বিনামূলীয়াভাৱে প্ৰশিক্ষণ দিয়া হয়। মহিলাসকলক ৰেহাই মূল্যত আহাৰ আৰু চিকিৎসাৰ সুবিধা প্ৰদান কৰা হয়। ইয়ালৈ অহা মহিলাসকলৰ সন্তানক বিনামূলীয়াকৈ শিক্ষা দিয়াৰো ব্যৱস্থা কৰা হৈছে।


স্বামীয়ে অকল মহিলা আৰু শিক্ষাৰ ক্ষেত্ৰখনতে নহয়, যিসমূহ গাঁৱত অনাময়ৰ ব্যৱস্থা নাই তাত অনাময়ৰ ব্যৱস্থাৰ আৰম্ভণী কৰে। এতিয়ালৈ উত্তৰাখণ্ডৰ ৫০তকৈ অধিক গাঁৱত অনাময়ৰ সুবিধা প্ৰদান কৰিছে। এই বছৰ তেওঁলোকৰ লক্ষ্য হ’ল সমীপতে থকা শিৱলী গাঁৱত ১০তকৈও অধিক অনাময় ব্যৱস্থা প্ৰদান কৰাৰ।

ৱেবছাইট : www.purkal.org

মূল : হৰিশ

অনুবাদ : ৰুবুল দাস

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

ভোট জলকীয়াৰ সোৱাদ বিশ্বত বিলাই দিয়া উদ্যোগী লীনা শইকীয়া

নাৰিকল লাড়ুৰে ব্যৱসায় আৰম্ভ কৰি 'মেঘাজ ফুড প্ৰডাক্ট'ৰ জন্ম দিলে মেঘালী বৰাই

শিশুৰ সৃষ্টিশীলতাক বিশ্ববাসীৰ আগত ডাঙি ধৰাৰ প্ৰয়াসত ব্ৰতী এজন যুৱক

অসমীয়া ভাষা সংস্কৃতিক ই-বিশ্বলৈ নতুন ৰূপত লৈ যোৱা যুৱকজন-হিমজ্যোতি তালুকদাৰ

‘স্থানীয় ভাষাক উপেক্ষা কৰিব নোৱাৰি, বজাৰ যথেষ্ট বিশাল’