উত্তৰ প্ৰদেশৰ নিৰ্বাচনে নিৰ্ধাৰণ কৰিব মোডীৰ ভৱিষ্যৎ

আশুতোষৰ বিশেষ প্ৰৱন্ধ

উত্তৰ প্ৰদেশৰ নিৰ্বাচনে নিৰ্ধাৰণ কৰিব মোডীৰ ভৱিষ্যৎ

Friday February 10, 2017,

5 min Read

২০১৯ চনৰ পাছত মোডী প্ৰধান মন্ত্ৰী হবনে নহয় সেয়া উত্তৰ প্ৰদেশৰ নিৰ্বাচনে নিশ্চিত কৰিব । বহুতৰে বাবে ই এক আচহুৱা কথা যেন লাগিব পাৰে যে এখন ৰাজ্যই দেশখনৰ এনে এজন প্ৰধানমন্ত্ৰীৰ ভাগ্য নিৰ্ধাৰণ কৰিব পাৰে যিজন আজিৰ তাৰিখত তেওঁৰ সমৰ্থকৰ মাজত ভগৱানৰ দৰে । যদি আমি পঞ্জাব, গোৱা, উত্তৰাখণ্ডৰ ফলাফল একেলগে চাওঁ তেনেহলে ই যুক্তিসঙ্গত প্ৰমাণিত হয় । উত্তৰ প্ৰদেশৰ হাতত আছে সিংহভাগ লোকসভা আসন । উত্তৰ প্ৰদেশেই মোডীক ৮০ খনৰ ভিতৰত ৭৩ খন লোকসভা আসন প্ৰদান কৰিছিল । তেওঁ যদি আজি দেশৰ প্ৰধানমন্ত্ৰী হৈ আছে তেনেহলে সেয়া উত্তৰ প্ৰদেশৰ বাবে ।

image


২০১৪ চনৰ নিৰ্বাচনত মোডীক এক মেৰুকাৰক শক্তি হিচাপে গণ্য কৰা হৈছিল আৰু যদি বিজেপিয়ে ২৭২ খনতকৈ কম আসন পালেহেতেন তেনেহলে তেওঁলোকে সহযোগী বিচাৰি হাবাথুৰি খাব লাগিলেহেতেন । মিত্ৰ দলৰ সৈতে সহযোগ বৰ্তাই চলা অটল বিহাৰী বাজপেয়ীৰ দৰে নেতা তেওঁ নাছিল । বাজপেয়ী আছিল শত্ৰু-মিত্ৰ কাৰো মনত উগ্ৰ ভাৱ জগাই নোতোলা আৰু সকলোৰে সন্মান আদায় কৰিব পৰা ব্যক্তি । কিন্তু মোডীৰ দুবছৰীয়া কাৰ্যকালৰ পৰা এইটোৱেই প্ৰমাণিত হৈছে যে তেওঁ সহমত প্ৰতিস্থা কৰা মানুহ নহয় । তেওঁ হৈছে নিজকে সবজান্তা বুলি ভবা এজন মানুহ । কোনো ধৰণৰ পৰামৰ্শ নোলোৱাটো চৰকাৰ চলোৱাৰ এটা ভাল পদ্ধতি নহয় । 

গতিকে উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ ফলাফলে নিৰ্ধাৰণ কৰিব মোডীৰ যাদু এতিয়াও অক্ষত আছে নে নাই । যদিহে তেওঁ উত্তৰ প্ৰদেশত নিজৰ স্থান অক্ষুণ্ণ ৰাখিব পাৰে তেনেহলে ২০১৯ চনত তেওঁৰ জয় নিশ্চিত হ'ব পাৰে । দৰিদ্ৰতা থাকিলেও উত্তৰ প্ৰদেশ ৰাজনৈতিকভাৱে যথেষ্ট সচেতন । ই প্ৰায়েই দেশৰ ৰাজনীতি নিৰ্দ্ধাৰণ কৰে । মোডীয়ে এই কথা জানিয়েই লোকসভা নিৰ্বাচনৰ বাবে বাৰাণসী আসনখনৰপৰা প্ৰতিদ্বন্দিতা কৰাৰ সিদ্ধান্ত লৈছিল । ইয়াৰ দ্বাৰা তেওঁ ৰাজ্যখনত ঢৌ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল । আনকি বৰোদাত জয়লাভ কৰাৰ পাছতো তেওঁ বাৰণসী আসনখন এৰি দিয়া নাছিল । সেইবাবেই উত্তৰ প্ৰদেশৰ নিৰ্বাচনত জয়লাভ কৰাটো বিজেপিৰ বাবে দৰকাৰী । কিন্তু এই জয় আহিবনে ? ই এই সময়ৰ আটাইটকৈ ডাঙৰ প্ৰশ্ন। 

বিজেপিৰ আৰম্ভণী ভালেই আছিল । ছাৰ্জিকেল ষ্ট্ৰাইক প্ৰসঙ্গই ৰাষ্ট্ৰীয়তাবাদৰ জুইকুৰা জলাই ৰাখিছিল । কিন্তু বিমুদ্ৰীকৰণে সকলোবোৰ খেলিমেলি লগাই দিলে । যুক্তি দিয়া হৈছিল যে ছাৰ্জিকেল ষ্ট্ৰাইকৰ দৰে বিমুদ্ৰীকৰণে জালনোট আৰু সন্ত্ৰাসবাদক সমুলঞ্চে নাশ কৰিব । কিন্তু এই কাম কৰিবলৈ যাওঁতে এইটো কথা ভবা নহ'ল যে এই সিদ্ধান্ত কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত হোৱা খেলিমেলিয়ে ৰাইজক জীয়াতু ভোগাব ।

এটিএমৰ শাৰীত থিয় দি এতিয়ালৈকে শতাধিক লোকৰ মৃত্যু ঘটিছে । ইয়াৰ ভিতৰত আছে খেতিয়ক, হাজিৰা কাম কৰা বনুৱা, সৰু-বৰ ব্যৱসায়ী । ইয়াৰ উপৰিও লাহে লাহে প্ৰকট হৈ আহিছে ভাৰতীয় অৰ্থনীতিৰ ওপৰত ইয়াৰ বিৰূপ প্ৰভাৱ । আৰ্থিক প্ৰগতিৰ হাৰ মন্থৰ হোৱাৰ লগতে ই অধিক নিবনুৱা সমস্যাৰো সৃষ্টিি কৰিব বুলি আশংকা কৰা হৈছে । অথচ িয়াৰ বাবে দুথ প্ৰকাশ কৰাৰ সলনি মোডীয়ে নিজকে বাহ-বহা দিয়াতে ব্যস্ত থাকিল । বিমুদ্ৰীকৰণ বিজেপিৰ বাবে ভালুকৰ সাঙীত পৰিণত হ'ব। ইতিমধ্যে ইয়াৰ বাবে বিজেপিৰ জনপ্ৰিয়তা যথেষ্ট হ্ৰাস পাইছে । উত্তৰ প্ৰদেশো ইয়াৰ ব্যতিক্ৰম নহয় । 

ৰাহুল গান্ধী আৰু অখিলেশৰ মিত্ৰতাই এই সমীকৰণক এক নতুন মাত্ৰা প্ৰদান কৰিছে । মাত্ৰ কেইদিনমান আগেয়ে বিধ্বস্ত হৈ থকা সমাজবাদী পাৰ্টি এতিয়া যথেষ্ট শক্তিশালী অৱস্থাত আছে । যাদৱ পৰিয়ালৰ বিবাদ স্বত্তেও অখিলেশৰ তুলনামূলকভাৱে নিকা ভাৱমুৰ্ত্তিৰ লগতে মিত্ৰতাৰ ক্ষেত্ৰত তেওঁৰ সফলতাই সমাজবাদী পাৰ্টীক নতুন জীৱন প্ৰদান কৰিছে । অখিলেশৰ সমৰ্থকৰ মতে মুলায়ম আৰু শিৱপালৰপৰা মুক্তিয়ে দলটোক অতীতৰ জংঘলৰাজ আৰু অপৰাধীকৰণৰ কলংকৰপৰা মুক্তি দিব । পিতৃৰ বিপৰীতে অখিলেশে নিজকে কেৱল জাত-পাতক লৈ ব্যস্ত নথকা এজন উন্নয়ন বিচৰা নেতা হিচাপে প্ৰক্ষেপ কৰাত সফল হৈছে । 

উত্তৰ প্ৰদেশৰ আন এক সমস্যা হৈছে মোডীয়ে তেওঁৰ স্বভাৱ অনুসৰি ৰাজ্যখনত কোনো নেতাক শক্তিশালী হবলৈ দিয়া নাই । ৰাজ্যখনত দলটো এনে এজন নেতাৰ নেতৃত্বত চলিছে যাৰ কিছুদিন আগলৈ কোনো অস্তিত্বই নাছিল । ইয়াক লৈ দলৰ জ্যেষ্ঠ নেতাও সুখী নহয় । দলটো মূখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰাটো বিফল হৈছে । ৰাজনাথ সিঙৰ দৰে নেতাৰ সলনি এতিয়া ৰাজ্যখনৰ তৃণমূল পৰ্যায়ৰ সৈতে সম্পৰ্ক নথকা অমিত শ্বাহেই ৰাজ্যখনত সৰ্বেসৰ্বা । সমাজবাদী পাৰ্টী বা বহুজন সমাজবাদী পাৰ্টী জয়ী হলে কোন মূখ্যমন্ত্ৰী হ'ব সেই কথা উত্তৰ প্ৰদেশৰ মানুহে জানে । কিন্তু বিজেপিৰ ক্ষেত্ৰত এই কথা এতিয়াও স্পষ্ট নহয় । এই কাৰণেই বিজেপিয়ে বিহাৰ আৰু দিল্লীত পৰাজয় বৰণ কৰিছিল আৰু অসমত মূখ্যমন্ত্ৰী প্ৰাৰ্থীজন স্পষ্ট হৈ থকাৰ বাবে জয়লাভ কৰিছিল । 

২০১৪ চনত দলিত আৰু পিছপৰা সম্প্ৰদায়ৰ সমৰ্থন লাভ কৰিছিল বিজেপিয়ে । সমাজবাদীয়ে পাইছিল মাত্ৰ ৫খন আসন আৰু বিএছপিয়ে এখনো আসন পোৱা নাছিল । কিন্তু হায়দৰাবাদৰ ৰোহিত ৱামূলা কাণ্ড আৰু গুজৰাটৰ দলিত প্ৰহাৰৰ ঘটনাৰ পাছত এই সমৰ্থন ঘুৰাই পেৱাৰ সম্ভাৱনা কম । অন্যান্য পিছপৰা জাতিৰো স্থিতি বহুধা বিভক্ত । হাৰিয়াণাত জাঠসকলক কৰা অৱজ্ঞাৰ বাবে তেওঁলোক দলটোৰ ওপৰত অসন্তুষ্ট আৰু ইয়াৰ প্ৰভাৱ পশ্চিম উত্তৰ প্ৰদেশত পৰিব । যোগী আদিত্যনাথৰ দৰে অগ্নিবৰ্ষী নেতাও উপেক্ষিত । তেওঁ ইতিমধ্যে অঞ্চলটোত আন এটা মঞ্চৰপৰা কেইজনমান প্ৰাৰ্থী ঠিয় কৰোৱাইছে । 

শেষত এটা কথাই কব পাৰি যে উত্তৰ প্ৰদেশ বিজেপিৰ বাবে সহজ নহ'ব । তেওঁৰ মেজিক বৰ্তমান নিস্তেজ হোৱাৰ পথত । কেইবাটাও ক্ষেত্ৰত তেওঁ বিফল হৈছে । ২০১৪ চনৰ নিৰ্বাচনত উন্নয়ণ এটা ডাঙৰ ইছ্যু আছিল যদিও উন্নয়ণ বৰ্তমান ধোঁৱা চাঙত । কেইটামান ব্ৰেণ্ডিং শ্লগানৰ বাহিৰে কাৰ্যক্ষেত্ৰত একো হোৱা নাই । বিশ্বৰ অৰ্থনীতিবিদসকলে ভাৰতৰ অৰ্থনীতিৰ পতনৰ ভৱিষ্যবাণী কৰিছে । এনে পৰিস্থিতিত উত্তৰ প্ৰদেশৰ নিৰ্বাচনে দেশৰ ৰাজনীতিত আৰু এটা সংকেত দিব পাৰে । এই নিৰ্বাচনৰ ফলাফলে নিশ্চিতভাৱে মোডী চৰকাৰৰ আয়ুষকাল নিৰ্দ্ধাৰণ কৰিব । 

( EDITORIAL DISCLAIMER- লেখক আই বি এন ৭ৰ প্ৰাক্তন পৰিচালন সম্পাদক আৰু বৰ্তমান আম আদমী পাৰ্টীৰ মূখপাত্ৰ । প্ৰকাশিত মতামত লেখকৰ নিজৰ আৰু ইয়াৰ লগত য়'ৰ ষ্ট'ৰীৰ সম্পাদকীয় নীতিৰ কোনো সম্পৰ্ক নাই )

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

ষ্টাৰ্ট-আপৰ অনুশাসনৰ সৈতে জড়িত ১০ টা নিয়মৰ প্ৰতি সদায় গুৰুত্ব দিয়াটো উচিত

কল্যাণী খ’নাৰ তিনিটাকৈ দুৰ্ঘটনাই ক’ব জীৱনৰ জয়গানৰ কথা

এটি শিশুৰ জন্মই গঢ় দিছিল এটা ষ্টাৰ্টআপৰ