ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথৰ কাষৰ মদৰ দোকানৰ ওপৰত নিষেধাজ্ঞা উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথৰ কাষৰ মদৰ দোকানৰ ওপৰত নিষেধাজ্ঞা উচ্চতম ন্যায়ালয়ৰ

Saturday December 17, 2016,

2 min Read

এতিয়াৰ পৰা ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথৰ ওপৰত কাষত কোনো মদৰ দোকান থাকিব নোৱাৰিব । আনিক ইতিমধ্যে থকা দোকানবোৰৰো অনুজ্ঞাপত্ৰ মাৰ্চৰ ৩১ তাৰিখৰ পিছত নবীকৰণ কৰা নহ'ব । 

ন্যায়াধীশ টি এছ ঠাকুৰ নেতৃত্বাধীন তিনিজনীয়া বিচাৰপীঠে ঘাইপথ সমূহৰ ওপৰত মদৰ বিজ্ঞাপনৰ ওপৰচতো নিষেধাজ্ঞা জাৰি কৰে । অলপতে উচ্চতম ন্যায়ালয়ে দেশত প্ৰতি বছৰে পথ দুৰ্ঘটনাত ১.৫ লাখ লোকৰ মৃত্যু ঘটা কথাটোত উদ্বেগ প্ৰকাশ কৰিছিল ।

image


৭ ডিচেম্বৰত নিজৰ ৰায় সমৰক্ষিত ৰাখি উচ্চতম ন্যায়ালয়ে পঞ্জাব চৰকাৰক কঠোৰ সমালোচনা কৰি কৈছিল- 

"আপোনালোকে প্ৰদান কৰা মদৰ অনুজ্ঞাপত্ৰৰ সংখ্যা চাওক । মদ লবী অত্যন্ত শক্তিশালী । মদৰ ব্যৱসায়ক লৈ আবকাৰী বিভাগ, আবকাৰী মন্ত্ৰী, ৰাজ্য চৰকাৰ সকলো ধন ঘটিবলৈ পাই আনন্দিত । ইয়াৰ বাবে যদি কাৰোবাৰ মৃত্য হয় তেতিয়া তেওঁলোকৰ পৰিয়ালবৰ্গক এক বা ডেৰ লাখ টকা ক্ষতিপূৰণ দি দিয়া হয় কাৰণ মদ লবী যথেষ্ট শক্তিশালী ।"

ৰাজ্য চৰকাৰক নিজৰ সাংবিধানিক দায়িত্ব সোঁৱৰাই দি ৰাইজৰ সুৰক্ষাৰ কথা চিন্তা কৰিবলৈ আহ্বান জনায় আদালতে । লগতে বিভিন্ন ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত ব্যৱস্থা লোৱাৰ ক্ষেত্ৰত অনীহা প্ৰকাশ কৰাৰ বিষয়টোতো ক্ষোভ প্ৰকাশ কৰে ।

ন্যায়ালয়ে মত প্ৰকাশ কৰে যে ৰাজহ সংগ্ৰহৰ নামতে মদৰ প্ৰচলন বৃদ্ধি কৰাটো এটা বৈধ কাৰণ হ'ব নোৱাৰে । এই ক্ষেত্ৰত দহ বছৰ ধৰি কোনো পদক্ষেপ নোলোৱাৰ বাবে ন্যায়ালয়ে কেন্দ্ৰকো সমালোচনা কৰে । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

পথত বাতৰি কাকত বেচাৰপৰা আই আই টিলৈ শিৱাঙ্গীৰ প্ৰেৰণাদায়ী যাত্ৰা

উত্তৰ-পূবৰ বাবে অইল ইণ্ডিয়া লিমিটেডৰ ৫০ কোটি টকীয়া 'অইল ষ্টাৰ্টআপ পুঁজি'

১২ টা কৃত্ৰিম গ্লেচিয়াৰেৰে গোলকীয় উষ্ণতাৰ বিৰুদ্ধে যুঁজিছে লাডাখৰ চেৱাং নৰফেলে

ঘৰে ঘৰে ভিক্ষা মাগি দৈনিক ১০০০ লোকৰ ক্ষুধা নিবাৰণ কৰে এইজন প্ৰাক্তন সাংবাদিকে