ষ্টাৰ্টআপ অনুকুল বেংক নীতি প্ৰৱৰ্তন কৰিব চৰকাৰে

ষ্টাৰ্টআপ অনুকুল বেংক নীতি প্ৰৱৰ্তন কৰিব চৰকাৰে

Saturday January 16, 2016,

1 min Read

অহা মাহত কেন্দ্ৰীয় বাজেটত ষ্টাৰ্টআপ অনুকুল পৰিবেশ স্থাপনৰ সহায়ক হোৱাকৈ বিশেষ কৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিব চৰকাৰে । ষ্টাৰ্টআপ ইণ্ডিয়া অনুস্থানত বিত্ত মন্ত্ৰী অৰুণ জেটলীয়ে এই ঘোষণা কৰে ।

তেওঁ কয়-

"আমি উদ্যোগশীলতা অনুকুল কৰ প্ৰণালীৰ এপৰত কাম কৰিছো। এনে ধৰণৰ কিছুমান ব্যৱস্থা গ্ৰহণ কৰা যাব যিবোৰ অধ্যাদেশ জাৰি কৰি প্ৰৱৰ্তন কৰিব পৰা যায় । ইয়াৰ উপৰি অন্যান্য কিছুমান ব্যৱস্থা বিত্ত বিধেয়কৰ অংশ হিচাপেও প্ৰৱৰ্তন কৰা যাব পাৰে । "

তেওঁ কয় যে ষ্টাৰ্টআপ অনুকুল পৰিবেশ স্থাপন কৰাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত যোৱা বছৰ বাজেটত এটা কোষৰ পৰামৰ্শ দিয়া হৈছিল।

image


জেটলীয়ে ষ্টাৰ্টআপ সকলক আশ্বস্ত কৰে যে বেঙ্কিং প্ৰথা আৰু চৰকাৰ দুয়ো তেওঁলোকক সহায় কৰিব কৰিব ।

তদুপৰি বিত্ত মন্ত্ৰীয়ে কয় যে চৰকাৰে বেংকসমূহে অনুসুচীত জাতি, জনজাতি আৰু মহিলা সকলৰ বাবে ঋণ প্ৰদান কৰিব পৰাকৈ ষ্টেণ্ডআপ ইণ্ডিয়া আঁচনি প্ৰৱৰ্তন কৰিব ।

তেওঁ কয়-

"স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰীয়ে ষ্টেণ্ডআপ ইণ্ডিয়া আঁচনিৰ ঘোষণা কৰিছিল । ইয়াৰ উদ্দেশ্য আছিল অনুসুচীত জাতি, জনজাতি আৰু মহিলা সকলক সহায় কৰা যাতে তেওঁলোকৰ মাজৰ পৰা নতুন উদ্যোগী ওলাই আহে। ’’

তেওঁ কয়, " ৰাজহুৱা আথবা ব্যক্তিগত খণ্ডৰ প্ৰতিটো বেংকৰ শাখাই অনুসুচীত জাতি, জনজাতিৰ এগৰাকী আৰু এগৰাকী মহিলা উদ্যোগীৰ দ্বাৰা স্থাপিত ষ্টাৰ্টআপসমূহক সহায় কৰিব । ’’

তেওঁ কয় যে অহা দুবছৰত তিনি লাখ উদ্যোগী তৈয়াৰ কৰা হ'ব ।