বাঙ্গালুৰুৰ ‘কাল্ট’এ সলনি কৰিছে ভাৰতৰ ‘ফিটনেচ’ৰ দৃশ্যপট…

বাঙ্গালুৰুৰ ‘কাল্ট’এ সলনি কৰিছে ভাৰতৰ ‘ফিটনেচ’ৰ দৃশ্যপট…

Sunday January 17, 2016,

5 min Read

ধৰিলওক নতুন বছৰৰ আৰম্ভণীতে আপুনি আন বহু সংকল্পৰ লগতে স্বাস্থ্যৰো যত্ন লোৱাৰ মানসেৰে চহৰৰে অত্যাধুনিক ‘জিম’ এটাত এডমিশ্ব্যন ল’লেগৈ৷ তাৰপিছত প্ৰথম কেইদিনমান আপোনাৰ উদ্যম ঠিকেই থাকিল৷ কিন্তু দুমাহ বা তিনিমাহৰ পিছত কি হ’ব জানেনে? লাহে লাহে আপোনাৰ বিৰক্তি লাগিবলৈ আৰম্ভ কৰিব, ‘জিম’লৈ যোৱাটো এটা একঘেয়ামি কাম যেন লগা হ’ব আৰু শেষত বিভিন্ন অজুহাতত এদিন আপোনাৰ ‘জিম’লৈ যোৱাৰ নতুনকৈ গঢ়ি উঠা অভ্যাসটোৰ অন্ত পৰিব৷ ফলত কি হ’ব? আপোনাৰ ক্ৰমে বাঢ়ি অহা শৰীৰটোৰ সৈতে পেটটোও দ্ৰুত গতিত বাঢ়িবলৈ ল’ব আৰু আপুনি অসহায় হৈ এইসকলোবোৰ সহি থকাৰ বাহিৰে আৰু একো গত্যন্তৰ নাথাকিব৷ এয়া যে অকল আপোনাৰে ক্ষেত্ৰত হৈছে সেইটো নহয়৷ চহৰৰ আধুনিক জীৱন যাত্ৰাত অভ্যস্ত প্ৰায় সকলো মানুহেই এইটো সমস্যাত ভোগে৷ এই সমস্যাৰ পৰা আপোনাক, মোক আৰু আন বহুজনক সকাহ দিয়াৰ উদ্দেশ্যেই ২০১৫ ৰ ডিচেম্বৰ মাহত বাঙ্গালুৰুৰ দুই যুৱক ‘দিপক পডুৱেল’ আৰু ‘ৰিষভ টেলেঙ’ এ কোনো যন্ত্ৰপাতিৰ সহায় নোলোৱাকৈ শৰীৰচর্চা কৰাৰ ‘কাল্ট- দ্যা ৱর্ক ষ্টেচন’ নামেৰে এক অভিযানৰ সূচনা কৰিছে৷

কাল্টে আাপোনাক কি দিব? ই আপোনাক দিব ‘সমৰ কলা’, যোগ অভ্যাস আৰু শৰীৰ চর্চাৰ আন কিছু সামান্য জ্ঞান৷ ইয়াত কোনো ট্ৰেডমিল বা আন জাকজমকীয়া যন্ত্ৰপাতিৰ ব্যৱস্থা নাই আছে কেৱল এটা বক্সিং ৰিং, বক্সিং বেগ, স্কিপিং কৰাৰ বাবে এডাল ৰছী, টায়াৰ কেইটামান, পলিমেট্ৰক বাকচ আৰু আন কিছু সা-সজুলি৷

ৰিষভৰ মতে, “কাল্টত সাধাৰণতে ‘জিম’ত যোৱা মানুহৰ হ’ব পৰা বিভিন্ন আঘাত জনিত সমস্যাবোৰ হোৱাৰ সম্ভাৱনা একেবাৰেই নাথাকে৷ আমি কোনো ধৰণৰ চাপ্লিমেণ্ট, পাউডাৰ আৰু ঔষধো নিদিওঁ৷ বিপৰীতে আমি সদস্যসকলক চাফচিকুন পৰিবেশত এটা ৰুচিসম্পন্ন খাদ্য আৰু জীৱন প্ৰণালী গ্ৰহণ কৰাৰহে উপদেশ দিওঁ৷ তাৰউপৰিও আমি মাজে মাজে তেওঁলোকক, চাইকেল চলোৱা, সাঁতোৰা, দৌৰা আৰু বিভিন্ন খেলা ধুলাত অংশগ্ৰহন কৰিবলৈ লৈ যাওঁ৷

‘কাল্ট’ৰ সদস্যবৃন্দ

‘কাল্ট’ৰ সদস্যবৃন্দ


আৰম্ভণী

৩৪ বছৰীয়া দিপকে ‘উইপ্ৰ’ৰ চাকৰিয়াল হিচাপে সদায় লগ পাই থকা বৃহৎ উদ্যোগী ব্যক্তিৰ পৰা প্ৰায়েই সফল আৰু ব্যর্থ উদ্যোগৰ বিষয়ে নতুন নতুন কথা শুনিছিল৷ এইবোৰ দেখি শুনিয়ে তেওঁ ২০১০ চনত জীৱনৰ প্ৰথমটো ষ্টার্টআপ ‘টেনজিৱল এক্সপেৰিয়েঞ্চ’ আৰম্ভ কৰিলে৷ ভাৰতৰ লগতে ইউৰোপ, আমেৰিকা আৰু মধ্যপ্ৰাচ্যৰ কেইবাখনো দেশত প্ৰযুক্তিবিদ্যা সম্পর্কীয় ষ্টার্টআপ ‘টেনজিৱল এক্সপেৰিয়েঞ্চ’এ ইয়াৰ ব্যৱসায়ৰ পৰিধি বিস্তৃত কৰিবলৈ সক্ষম হৈছিল৷ আৰু কিছুদিনৰ ভিতৰতে এওঁলোকে ‘লজিষ্টিক টেকন’লজি’ বিষয়ক অন এক ষ্টার্টআপৰ আৰম্ভনি কৰিবলৈ আগবাঢ়িছে৷

দিপকে কর্ণাটকৰ ভি.টি.ইউ.ৰ পৰা কম্পিউটাৰ চাইঞ্চত ইঞ্জিনিয়াৰিঙৰ স্নাতক ডিগ্ৰি লোৱাৰ পিছত চিমবায়চিচ, পুণাৰ পৰা এম.বি.এ. ৰ ডিগ্ৰি লয়৷ এণ্টাৰপ্ৰিনেয়িঅৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰাৰ আগতে তেওঁ উইপ্ৰ’ টেকন’লজিৰ, খুছুৰা আৰু উপভোক্তা সামগ্ৰীৰ বিপণন বিভাগৰ ‘গ্লৱেল হেড’ হিচাপে কার্যনির্বাহ কৰিছিল৷

আনহাতে দিপকৰ ভনীজোঁৱায়েক ৩০ বছৰ বয়সীয়া ৰিষভ আন্তঃৰাষ্ট্ৰীয় পর্যায়ৰ খেলুৱৈৰ সৈতে ট্ৰেইন কৰাৰ অভিজ্ঞতা থকা এগৰাকী শৰীৰচর্চাবিদ হোৱাৰ লগতে তেওঁ উইপ্ৰ’ টেকন’লজিৰ উপৰিও এফ.এম.চি.জি.ৰ এক বৃহৎ কম্পেনী ‘ৰেকিট বেনকাইজাৰ’ৰ সৈতে জড়িত আছিল৷ শিক্ষাগত অর্হতাৰ ফালৰ পৰা ৰিষভে পুণেৰ বি.আই.এম.এম. ৰ পৰা এম.বি.এ. ডিগ্ৰী গ্ৰহণ কৰিছিল৷

প্ৰাৰম্ভিক বাধাসমূহ

কোনো যন্ত্ৰ-পাতি অবিহনে মানুহক শৰীৰচর্চাৰ বিষয়ে বুজুৱা কথাটোৱেই তেওঁলোক দুজনৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আছিল৷ তাৰোপৰি বাঙ্গালুৰুৰ চর্জাপুৰ পথত অৱস্থিত তেওঁলোকৰ ৱেৰহাউচ সদৃশ জিমটো অগতানুগতিক সামগ্ৰী আদিৰে সজাই তোলাটোও প্ৰথমাৱস্থাত এটা প্ৰত্যাহ্বান আছিল৷

সদস্য ভর্তি

৭৫ লাখ টকা ব্যয়ৰে আৰম্ভ কৰা ‘কাল্ট’ৰ প্ৰথমজন সদস্য লেক এটাত দিপক আৰু ৰিচভৰ শশীৰচর্চাৰ ব্যৱস্থা দেখি আকর্ষিত হৈছিল আৰু এনেকৈয়ে তেওঁলোকৰ বিষয়ে কিছু লোকৰ মূখ বাগৰি ‘কাল্ট’ৰ কথা বাঙ্গালুৰু চহৰত বিয়পি পৰিছিল৷ সেইদৰেই কাল্টে এতিয়ালৈকে তেওঁলোকৰ সদস্যভর্তি কৰি আগবাঢ়ি যাব পাৰিছে৷ ৯ জন প্ৰশিক্ষকৰ সৈতে কাল্টে বিগত ছমাহত ইয়াৰ সদস্যসংখ্যা প্ৰায় ২০০ জনলৈ বঢ়াবলৈ সক্ষম হৈছে৷ উল্লেখযোগ্য যে কাল্টত বছৰেকীয়া আৰু ছমহীয়া সদস্যভুক্তিৰ ব্যৱস্থা আছে৷ আনহাতে কাল্টৰ ফেচবুকৰ পেজটোত লাইকৰ সংখ্যাই ইতিমধ্যে ২০০০০ ৰ সীমা অতিক্ৰম কৰি গৈছে৷ কাল্টৰ সদস্য সমূহৰ কিছুমানে নিজৰ শৰীৰটোৰ যত্ন ল’বলৈ সদস্যভুক্তি হোৱাৰ বিপৰীতে আন কিছুমানে আকৌ নিজকে এজন এথেলেট হিচাপে গঢ়ি তুলিবলৈ ইয়াৰ অন্তর্ভূক্ত হৈছে৷

ধন আহৰণৰ প্ৰক্ৰিয়া

কাল্টে ইয়াৰ বছৰেকীয়া গ্ৰাহকৰ পৰা বছৰি ৩০০০০ আৰু দুবছৰীয়া গ্ৰহকৰ পৰা দুবছৰৰ বাবে ৪৮০০০ টকা বৰঙণি লয়৷ সদস্য সকলে কাল্টে আগবঢ়োৱা বহুবোৰ ট্ৰেইনিং ক্লাছৰ ভিতৰৰে নিজৰ পছন্দ অনুযায়ী যিকোনো ক্লাছ এটা বাছি ল’ব পাৰে৷ ইয়াত মূখ্যতঃ ষ্ট্ৰেংথ এণ্ড কন্ডিশ্বনিং, মুৱাই থাই, বক্সিং, ব্ৰাজিলিয়ান জু-জিটচু, যোগ অভ্যাস, শক্তি বর্ধক বিভিন্ন ব্যায়াম আৰু মুকলিত বিভিন্ন শাৰিৰীক অনুশীলন কৰাৰ ব্যৱস্থা আছে৷

আনহাতে প্ৰতিযোগীতামূলক খেলা-ধূলাত অংশ ল’ব খোজা পেছাদাৰী শৰীৰ চর্চাৰ খেলুৱৈ সকলৰ বাবে কাল্টত বিশেষ ধৰণৰ প্ৰশিক্ষনৰ ব্যৱস্থা আছে৷

‘কাল্ট’ৰ প্ৰশিক্ষকমণ্ডলী

‘কাল্ট’ৰ প্ৰশিক্ষকমণ্ডলী


ৰিষভৰ মতে কাল্টৰ ব্যৱসায় যথেষ্ট ভালেই হৈছে কিয়নো তেওঁলোকে ইয়াৰ ৯ গৰাকী প্ৰশিক্ষকৰ বাহিৰে আন কোনো বিষয়ত ধন খৰচ কৰিব লগা নহয়৷ কিয়নো কাল্টে আজিলৈকে বিপণনৰ নামত এটকাও খৰচ কৰি পোৱা নাই অৰু ইয়াত যন্ত্ৰ-পাতিৰ মেৰামতিৰ নামতো এপইছাও খৰছ নাই৷

কর্পৰেট ৱর্কশ্বপ

কাল্টে কর্পৰেটৰ ব্যস্ত কর্মচাৰী সকলৰ বাবে সময়ে সময়ে বিভিন্ন স্বাস্থ্য বিষয়ক কর্মশালা আদি অনুষ্ঠিত কৰি অহাৰ লগতে শৰীৰ চর্চাৰ উপকাৰীতাৰ বিষয়েও এই লোকসকলক আন কিছু ব্যৱস্থাৰে সজাগ কৰি তোলাৰ প্ৰচেষ্টা হাতত লৈছে৷ এনেবোৰ কার্যৰ বাবে কাল্টে কর্পৰেটৰ সৈতে জড়িত লোকসকলৰ পৰা বিশেষভাৱে পূঁজি সংগ্ৰহ কৰে৷

ইয়াৰ উপৰিও কাল্টে ডেকাথলনৰ সহযোগত মাৰাথন এটাৰ আগত আৰু পিছত কৰিবলগা বিভিন্ন অনুশীলনৰ ব্যৱস্থা কৰে৷ লগতে বাঙ্গালুৰুৰ ৬০ বছৰ অতিক্ৰম কৰা ব্যক্তিৰ বাবে চহৰখনৰ বহু প্ৰতিষ্ঠিত ডাক্তৰ আৰু কাল্টৰ ফিটনেচ বিশেষজ্ঞ সকলৰ সহযোগত বিভিন্ন কেম্প অনুষ্ঠিত কৰি বয়সীয়াল লোকসকলৰ মাজতো শাৰিৰীক সক্ষমতাৰ বিষটোৰ প্ৰচাৰৰ লগতে নিজৰ ব্যৱসায়ৰো পৰিসৰ ক্ৰমাৎ বঢ়াই নিছে৷

ফ্ৰেনচাইজি আর্হিৰ লৈ ব্যৱসায়ৰ পৰিসৰ বৃদ্ধিৰ চেষ্টা

কাল্টে এই বর্ষৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত ফ্ৰেনচাইজি আর্হি লৈ বাঙ্গালুৰুৰ আন দুঠাইত ইয়াৰ আন দুটা শাখা স্থাপন কৰিবলৈ আগবাঢ়িছে৷ তেওঁলোকে ফ্ৰেনচাইজি খুলিব খোজা বহুতৰ মাজৰ পৰা এই দুজনক বাছি লৈছে আৰু বাছি লোৱাৰ পিছত নিজাববীয়াকৈ তেওঁলোকে সেই দুঠাইৰ সমস্ত দিশৰ চোৱাচিতা কৰাৰ দ্বায়িত্ব লৈছে৷ ফ্ৰেনচাইজি প্ৰদান কৰাৰ ক্ষেত্ৰ কাল্টে যথেষ্ট সতর্কতাৰে আগবাঢ়িছে৷

২০১৫ চনৰ নবেম্বৰ মাহতে কাল্টক ‘কাল্ট ফিটনেচ প্ৰাইভেট লিমিটেড’ হিচাপে গঢ়ি তোলা হৈছিল৷ বাঙ্গালুৰুৰ পিছত তেওঁলোকে এতিয়া ভাৰতৰ আন আন টায়াৰ-দুই ৰ অন্তর্ভূক্ত চহৰসমূহত তেওঁলোকৰ শাখা খোলাৰ পৰিকল্পনা কৰিছে৷ ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত তেওঁলোকে ২০১৬ চনৰ শেষত ২.৫ কোটি টকা আর্জনৰ লক্ষ্য বান্ধি লৈছে৷

য়’ৰ ষ্ট’ৰীৰ পর্যবেক্ষণ

ভাৰতবর্ষৰ ক্ৰমবর্ধমান চহৰাঞ্চলৰ বিস্তৃতিলৈ চাই এই শৰীৰ চর্চাৰ উদ্যোগটোৰ ভবিষ্যৎ বহু উজ্জল বুলি ন দি ক’ব পাৰি৷ তাৰোপৰি আজিকালি মানুহৰ জীৱনপ্ৰণালী আৰু খাদ্যঅভ্যাসৰ সলনিৰ লগে লগে প্ৰায় সকলোৱে ইয়াৰ প্ৰয়োজনীয়তা অনুভৱ কৰিবলৈ লৈছে৷ পৰৱর্তী কেইবছৰ মানত ইয়াৰ বিকাশ ২০ ৰ পৰা ৩০ শতাংশ বাঢ়িব বুলি আমি নিশ্চিত ভাৱে ক’ব পাৰো৷

বর্তমানে মূলতঃ ওজন কমোৱা আৰু সৌন্দর্য চর্চাৰ দিশটোতে বছৰি প্ৰায় ভাৰতীয় টকাৰ হিচাপত ৪৯০ বিলিয়ন টকাৰ ব্যৱসায় হৈ আছে৷ এখন প্ৰতিবেদনে উনুকিয়াছে যে কেৱল মুম্বাই, দিল্লী আৰু বাঙ্গালুৰু চহৰত শাৰীৰিক অনুশীলনৰ প্ৰতি আগ্ৰহী অতি কমেও ৪.৮ মিলিয়ন লোক আছে৷

অনহাতে আমি আলোচনা কৰি থকা ‘কাল্ট’ৰ ব্যৱসায়টো মূলতঃ য্ন্ত্ৰ-পাতি অবিহনে শৰীৰ চর্চা কেন্দ্ৰিক হোৱা বাবে ই আন সকলো শৰীৰ চর্চাৰ ব্যৱসায়তকৈ একক আৰু অনন্য ৰূপত জিলিকি আছে৷ লগতে কাল্টৰ বিশ্ব মানত ট্ৰেইনাৰ সকলে ইয়াৰ প্ৰসাৰত অৰিহনা যোগাইছে৷

মূল কাহিনী – দিপ্তী নায়াৰ

অসমীয়া অনুবাদ – মণি ভট্টাচার্য্য