ফ্ৰান্সৰ বৃহত্তম সামজিক উদ্যোগ গঢ়ি তোলা উদ্যমীজন

ফ্ৰান্সৰ বৃহত্তম সামজিক উদ্যোগ গঢ়ি তোলা উদ্যমীজন

Wednesday November 23, 2016,

2 min Read

৫৯ বছৰীয়া জঁ মাৰ্ক বৰেল'ই স্থাপন কৰা ছ'চিয়েল এণ্ড ছলিডেৰিটি ইকনমি গ্ৰুপ (গ্ৰুপি এছ অ' এছ) খুব সম্ভৱ পৃথিৱীৰ বৃহত্তম সামাজিক সংস্থা । এই সংস্থাৰ অধীনত ৪০০ টাতকৈও অধিক কোম্পানী বৰ্তমান চলি আছে । এই আটাইবোৰ কোম্পানীৰ পৰিচালনা কৰে মাৰ্ক আৰু তেওঁৰ গোটে । 

Image : Liberation

Image : Liberation


১৯৮৪ চনত স্থাপিত এই সংস্থাৰ কৰ্মচাৰীৰ সংখ্যা বৰ্তমান ১৫,০০০ । এই সংস্থাই ৩৫ খন দেশৰ প্ৰায় ১০ লাখ লোকৰ জীৱন প্ৰভাৱিত কৰিছে । এই সংস্থাই শিক্ষা, স্বাস্থ্য, গৃহনিৰ্মাণ, নিয়োগ, যুৱ আৰু জ্যেষ্ঠ নাগৰিকৰ কল্যাণ আদি বিভিন্ন ক্ষেত্ৰত কাম কৰে ।

প্ৰায়েই সামাজিক ক্ষেত্ৰৰ বিল গেটছ আখ্যা পোৱা মাৰ্কে ১৯৮৪ চনত এই সংস্থা আৰম্ভ কৰাৰ সময়ত ই ফ্ৰান্সৰ একমাত্ৰ সংস্থা আছিল যি ড্ৰাগছৰ বিৰুদ্ধে কাম কৰিছিল । এজন সৈনিকৰ পুত্ৰ মাৰ্কে ড্ৰাগছ আসক্ত সকলৰ মাজৰ এইডছ আই ভি সম্পৰ্কে পৰীক্ষা কৰিবলৈ কেইবাটাও টেষ্টিং চেন্টাৰ স্থাপন কৰে । খুব সোনকালে তেওঁ কেইবাখনো ডাঙৰ হাস্পাতাল আৰু অৱসৰ কেন্দ্ৰ স্থাপন কৰে ।

সৰু সৰু একোটা পদক্ষেপেৰে লাহে লাহে তেওঁ সমগ্ৰ বিশবজুৰি নিজৰ সংস্থাটোক প্ৰসাৰিত কৰে । মাৰ্কৰ ঘনিষ্ঠ সহযোগী নিকোলাছ হাজাৰ্ডে কয়, "জঁ মাৰ্কে ২০ বছৰ ধৰি সংস্থাটোক প্ৰসাৰিত কৰিবলৈ বিশেষ কোনো কৌশল লোৱা নাই যদিও তেওঁৰ বিচক্ষণতা তেওঁৰ এই উন্নতিৰ মূল ।"

এই সংস্থাটোৰ বৰ্তমান টাৰ্ণঅভাৰ হৈছে ৬০ কোটি ইউৰ'তকৈও অধিক । এই ৰাশি ১০০ কোটি ইউৰ' স্পৰ্শ কৰাৰ লগে লগে তেওঁ অৱসৰ লোৱাৰ পৰিকল্পনা কৰিছে । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

পিছুৱালে আপষ্টাৰ্ট ২০১৬ ৰ তাৰিখ 

ভাৰত মহাসাগৰৰপৰা সংগৃহীত পেলনীয়া প্লাষ্টিকেৰে নিৰ্মাণ হৈছে ব্ৰেণ্ডেড জোতা

কোটিপতিসকলৰ ২০টা অভ্যাস

দীপা মালিকঃ শাৰীৰিক বাধাগ্ৰস্ততাক নেওচি অসম্ভৱক সম্ভৱ কৰি তোলা এগৰাকী মহিলা