স্বাস্থ্য-সৌন্দৰ্যৰ ৰাণী, ভিএলচিচিৰ প্ৰতিষ্ঠাতা বন্দনা লুথৰাই কিদৰে এই সাম্ৰাজ্য গঢ়ি তুলিলে

স্বাস্থ্য-সৌন্দৰ্যৰ ৰাণী, ভিএলচিচিৰ প্ৰতিষ্ঠাতা বন্দনা লুথৰাই কিদৰে এই সাম্ৰাজ্য গঢ়ি তুলিলে

Thursday March 24, 2016,

5 min Read

এসময়ত তেওঁ সময়ে লোৱা প্ৰতিটো পৰীক্ষাতে অৱতীৰ্ণ হব লগীয়া হৈছিল। প্ৰতিযোগিতা, সমালোচনা আদি অতিক্ৰমী তেওঁ সুস্বাস্থ্যৰ এক ধাৰাৰ বাহক হৈ পৰিছিল। ৮০ৰ দশকত ষ্টাৰ্ট আপ হিচাপে অইন লোকে অদ্ভুত ধাৰণা বুলি ভবা কামটোৱেই তেওঁ কৰিছিল। ১৯৮৯চনত দিল্লীত বেংকৰ এটা সৰু লোন লৈ বন্দনা লুথৰাই আৰম্ভ কৰিছিল স্বাস্থ্য আৰু সৌন্দৰ্যৰ কেন্দ্ৰ ভিএলচিচি।


image


নতুন দিল্লীৰ ছফদৰজং অঞ্চলত আৰম্ভ হোৱা সেই প্ৰতিস্থান এতিয়া দক্ষিণ এছিয়া, দক্ষিণ পূৱ এছিয়া, জিচিচি অঞ্চল আৰু শেহতীয়াভাবে পূৱ আফ্ৰিকাকে ধৰি বিশ্বৰ ১১খন দেশতে বিয়পি পৰিছে। ভিএলচিচ ৱেলনেছ ছেন্টাৰৰ প্ৰথমটো বিদেশ শাখা মুকলি কৰা হৈছিল ২০০৫চনত ডুবাইত।

কোম্পানীটোৰ দুটা নিৰ্মাণ কেন্দ্ৰও আছে। এটা ভাৰতৰ হৰিদ্বাৰত আনটো ছিংগাপুৰত। শেহতীয়াভাবে এই ব্ৰেন্ডটোৱে আমেৰিকাতো ইয়াৰ শাখা মুকলি কৰিবলৈ অনুৰোধ লাভ কৰিছে। ২০১৩চনত ব্যৱসায় আৰু বাণিজ্যৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে পদ্মশ্ৰী সন্মানেৰে বিভূষিত বন্দনাই ২০১৩চনত ফৰচুন ইণ্ডিয়াত ব্যৱসায়িক ক্ষেত্ৰত ভাৰতৰ ৩৩তম প্ৰভাৱশালী মহিলা হিচাপে চিহ্নিত হৈছে। অতি সম্প্ৰতি স্বাস্থ্য-সৌন্দৰ্যৰ ক্ষেত্ৰখনত দেখুওৱা নিজৰ দক্ষতাৰ বাবে মোডী চৰকাৰে তেওঁক বিউটি এণ্ড ৱেলনেছ চেক্টৰ স্কিল কাউঞ্চিলৰ অধ্যক্ষ পদো প্ৰদান কৰিছে। তেওঁ তদুপৰি দিল্লীৰ মোৰাৰজী দেশাই নেশ্ব্যনেল ইনষ্টিটিউট অৱ যোগাৰ সাধাৰণ সদস্য। কেৱল ইমানেই নহয়, তেওঁ দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ, প্ৰধানমন্ত্ৰী কুশল বিকাশ যোজনাৰ তদৰ্থ কমিটি আৰু উপ-সমিতি দুয়োখনৰে সদস্য।

তেওঁৰ সফলতাৰ তালিকাখন যথেষ্ট দীঘল কিন্তু এই সফলতা তেওঁ লাভ কৰিছে বছৰজোৰা কঠোৰ পৰিশ্ৰম আৰু ত্যাগৰ বিনিময়ত। তেওঁৰ একাগ্ৰতা, নেৰানেপেৰা চেষ্টা আৰু আত্মবিশ্বাসে তেওঁক সফলতাৰ দিশলৈ লৈ গৈছে।

১৯৮০ৰ দশকত ষ্টাৰ্ট আপ

“মই যেতিয়া আৰম্ভ কৰিছিলো, তেতিয়া মহিলা উদ্যমী বুলিবলৈ দুই এগৰাকীহে আছিল। এই জগতখনেই আছিল পুৰুষ শাসিত। মই যথেষ্ট সমালোচনাৰ সমুখিন হৈছিলো। যথেষ্ট সংখ্যক লোকেই মই যাতে সফল হব নোৱাৰে তাৰ বাবে চেষ্টা কৰিছিল। মই কেৱল বিশ্বাস কৰিছিলো যে মোৰ চিন্তাটো আছিল নতুন, অগতানুগতিক আৰু ভাৰতত প্ৰথম।,”তেওঁ কয়

যদিও আৰম্ভণীতে তেওঁৰ স্বামীয়ে তেওঁক আৰ্থিক সহায় কৰিব বিচাৰিছিল, তথপিও বন্দনাই তেওঁৰ ব্যৱসায় নিজেই আৰম্ভ কৰিব বিচাৰিছিল। “মোৰ স্বামী যথেষ্ট সহযোগী আৰু তেওঁ আৰম্ভণীতে মোৰ কল্পনাৰ ব্যৱসায়টোত বিনিয়োগ কৰিবও বিচাৰিছিল। কিন্তু মই কাৰো পৰা টকা নল'বৰ বাবে নাচোৰবান্দা আছিলো। মই এটা সৰু লোন লৈ মোৰ ব্যৱসায় আৰম্ভ কৰি দিছিলো,” তেওঁ কয়।

যিহেতু ব্ৰেণ্ড আৰু ধাৰণাটো অগতানুগতিক আছিল,গতিকে মানুহে ইয়াক আদৰি লৈছিল আৰু গ্ৰাহক অহা আৰম্ভ হৈছিল।ওচৰ পাজৰৰ তাৰকাসকলেও ইয়াক আদৰি লৈছিল। যেতিয়া গ্ৰাহক সকলে ইপ্সিত ফলাফল লাভ কৰিবলৈ আৰম্ভ কৰিছিল,বন্দনাৰ আত্মবিশ্বাসো বাঢ়ি গৈছিল। প্ৰথম মাহ এইদৰে চলাৰ পিছত তাৰ কেইমাহমান পিছৰে পৰা তেওঁ লাভ আহৰণ কৰিবলৈ আৰম্ভ কৰিছিল।

“মোৰ পদক্ষেপটো আছিল বিজ্ঞানসন্মত আৰু প্ৰথমটো দিনৰে পৰা মই চিকিৎসকক লগত লৈ কাম আৰম্ভ কৰিছিলো,”বন্দনাই বৰ্ণনা কৰে।আনটো দিশ আছিল যে বন্দনাই ব্ৰেণ্ডটোৰ প্ৰতিস্থাৰ বাবে কাম কৰি গৈছিল। “ মই প্ৰথম দিনৰ পৰাই কিন্তু গুৰুত্ব দিছিলো যে ব্ৰেণ্ডটো গ্লেমাৰাছ কিব এটা হোৱাতকৈ এটা ক্লিনিক হিচাপে বিবেচিত হওঁক আৰু সেই ধৰণেই কাম কৰি গৈছো,”তেওঁ লগতে কয়। এই ব্ৰেণ্ডটোৱে এতিয়াও সেই কথাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে।

প্ৰাৰম্ভিক প্ৰত্যাহ্বান

প্ৰাৰম্ভিক অৱস্থাত তেওঁ কঠোৰ সমালোচনাৰ সমুখিন হৈছিল। চিকিৎসক আৰু স্বাস্থ্যখণ্ডৰ লোকসকলক সৈমান কৰোৱাৰ ক্ষেত্ৰতো তেওঁ অসুবিধাৰ সমুখিন হৈছিল। নিউট্ৰিশ্বনিষ্ট আৰু কছমেটোলজিষ্টসকলক সৈমান কৰোৱাৰ ক্ষেত্ৰতো সমস্যা হৈছিল । “স্বাস্থ্যখণ্ডৰ লোকসকলক স্বাস্থ্য-সৌন্দৰ্যৰ বিশাল পৰিষৰৰ কথাটো বুজোৱাত মোক পাঁচ-ছয় বছৰ লাগি গৈছিল। এইক্ষেত্ৰত যে সৌন্দৰ্যচৰ্চা, স্বাস্থ্য আৰু ব্যায়ামৰ বিশেষজ্ঞসকলৰ সমন্বয়ৰ প্ৰয়োজন সেই কথা বুজাওতে বহুদিন লাগিছিল।; এক কথাত কবলৈ গ'লে এজন কছমেটলজিষ্ট, এজন নিউট্ৰিশ্বনিষ্ট আৰু এজন চিকিৎসকৰ সমাহাৰ এয়া। লাহে লাহে এই কথা লোকসকলে বুজিছিল,”বন্দনাই কয়।

এটায়েই লক্ষ্য

বন্দনাৰ জন্ম হৈছিল এক উচ্চ শিক্ষিত মধ্যবিত্ত পৰিয়ালত আৰু তেওঁৰ দৃষ্টিভংগী আছিল সৰল ।

তেওঁৰ পিতৃ আছিল এজন মেকানিকেল ইঞ্জিনিয়াৰ আৰু তেওঁৰ ভাইটি আছিল চেইন্ট ষ্টিফেন কলেজৰ শীৰ্ষস্থানৰ ছাত্ৰ। কিন্তু তেওঁলোকে যেতিয়া প্ৰথমটো টিভি কিনি আনিছিল তেওঁৰ পিতৃমাতৃয়ে ঘৰৰ কাষৰ বস্তি অঞ্চলৰ লৰা ছোৱালীবোৰকো মাতি আনি টিভি চাবলৈ দিছিল । বন্দনাৰ মাতৃ আছিল এগৰাকী আয়ুৰ্বেদিক চিকিৎসক আৰু অমৰ জ্যোতি নামৰ এটা সংস্থা তেওঁ চলাইছিল। মাতৃয়েও বন্দনাক প্ৰেৰণা দিছিল। “ কাৰোবাৰ জীৱনত প্ৰভাৱ পেলাই তেওঁৰ জীৱনটো উন্নত কৰি তোলা কামটো মোৰ ভাল লাগিছিল। মোৰ মায়ে যেতিয়া মানুহৰ কষ্ট দুৰ কৰিছিল, তেতিয়াই মই ভাবিছিলো, যে ইয়াৰ লগতে সৌন্দৰ্যৰ দিশটোও যদি জড়িত কৰি দিব পৰা যায়, তেনেহলে এই পদক্ষেপ অতি উত্তম হব।”

এই সপোনটোকে ধিয়াই তেওঁ স্বাস্থ্য-সৌন্দৰ্যৰ অধ্যয়ন কৰিবলৈ ইউৰোপলৈ গৈছিল।

তেওঁৰ লালন পালনৰ প্ৰক্ৰিয়াটোৱে তেওঁক সমস্যা,প্ৰত্যাহ্বান আৰু মনুহৰ প্ৰতি ধৰণাটো সলনি কৰি দিছিল । যেতিয়া তেওঁ ১৯৮০ চনত বিবাহপাশত আৱদ্ধ হৈছিল তেওঁৰ স্বামীৰ পৰিয়ালৰ সৈতে প্ৰাৰম্ভিক সময়খিনি অতি কঠিন আছিল। প্ৰেম বিবাহ হোৱাৰ বাবেই শাহু-শহুৰৰ পছন্দৰ বোৱাৰী তেওঁ নাছিল।

“মই মোৰ স্বামীৰ পৰিয়ালৰ পৰা আতৰত থাকিবলৈ সুবিধা পাইছিলো যদিও মই বিশ্বাস কৰিছিলো যে পৰিয়াল মানে সকলোৱে একেলগে বাস কৰা। মই পৰিয়ালৰ সমতাৰ বাবে মোৰ সমুখলৈ অহা প্ৰত্যহ্বানসমুহৰ মুখামুখি হবলৈ সাজু হৈছিলো। মোৰ শাহু-শহুৰৰ মনত স্থান পাবলৈ মোৰ তিনি বছৰৰ লাগি গৈছিল কিন্তু এবাৰ তেওঁলোকে মোক আদৰি লোৱাৰ পিছত মই অফুৰন্ত মৰম আৰু উৎসাহ লাভ কৰিছিলো।” অতীত সুঁৱৰি তেওঁ বৰ্ণনা কৰি কলে

তেওঁৰ ব্যক্তিগত জীৱনৰ এই অভিজ্ঞতাকে তেওঁ তেওঁৰ ভিএলচিচ পৰিয়ালৰ ক্ষেত্ৰতো খটুৱাই আহিছে। তেওঁ তেওঁৰ প্ৰতিগৰাকী কৰ্মচাৰীৰে নাম মনত ৰখিবলৈ যত্ন কৰে, সকলো ভিএলচিচি চেন্টাৰলৈ গৈ কৰ্মচাৰী আৰু গ্ৰাহকৰ সৈতে কথা পাতিবলৈ যত্ন কৰে।


image


স্বাস্থ্য-সৌন্দৰ্য্যৰ ক্ৰমবিকাশ

যিহেতু সুস্বাস্থ্য আৰু সৌন্দৰ্যৰ ধাৰণাটো নতুন আছিল ,বন্দনাই বহুজনৰ প্ৰশ্নৰ সমুখিন হৈ আহিছিল। আজি এই ব্যৱসায়টোৱে বিকাশ লাভ কৰিছে। “ মানুহবোৰ আজিকালি অধিক শিক্ষিত হৈছে, মহিলাসকলে কাম কৰিবলৈ আৰম্ভ কৰিছে আৰু তেওঁলোকে শুৱনী হৈ থাকিব বিচাৰে, ভাল অনুভৱ কৰি থাকিব বিচাৰে , ইতিবাচক চিন্তা লৈ থাকিব বিচাৰে। প্ৰকৃততে মই এতিয়া চৰকাৰৰ সৈতে কাম কৰিবলৈ আৰম্ভ কৰিছো আৰু অহা বছৰৰ পৰা আপোনালোকে পৰিৱৰ্তনটো দেখা পাব। প্ৰায় ৬৫শতাংশ অসংগঠিত খণ্ডও সংগঠিত হৈ পৰিব । আমি সজাগতা, সৱলিকৰণ, প্ৰশিক্ষণ আদিৰ ব্যৱস্থা চৰকাৰৰ তৰফৰ পৰা কৰিছো।,” বন্দনাই বৰ্ননা কৰি কয়।

এটা সফল ব্যৱসায়ৰ গঠন

“মই বিচাৰিছিলো যে ভিএলচিচি হওঁক এগৰাকী ব্যক্তিৰ মুৰৰ পৰা ভৰিলৈকে সকলো সমিধানৰ এক নিৰ্ভৰযোগ্য প্ৰতিস্থান। ই মানুহৰ সময় আৰু শক্তি ৰাহি কৰে। গ্ৰাহকৰ প্ৰয়োজন আৰু দাবী মতে সকলো সেৱা আগবঢ়োৱা হয়। আমি সেৱাৰ সমান্তৰালকৈ সামগ্ৰীও মুকলি কৰি দিছো। আমি গ্ৰাহকে আমাৰ সামগ্ৰী ব্যৱহাৰ কৰাটো বিচাৰিছিলো আৰু সেয়া ফলপ্ৰসূও বিবেচিত হৈছে,”তেওঁ কয়।


কাৰিকৰী দিশত অগ্ৰগতি

ভিএলচিচিএ কাৰিকৰী আৰু শেহতীয়া গৱেষণাৰে আগবঢ়ি গৈ আছে। “ আমাৰ নিজৰ আৰ এণ্ড ডি চেন্টাৰ আছে। মই নিজেও শেহতীয়া সৌন্দৰ্য আৰু সুস্বাস্থ্যৰ নতুন ধৰণাসমুহৰ তথ্য আহৰণৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তলৈ প্ৰায়েই যাওঁ।,” বন্দনাই কয়।

প্ৰেৰণা

তিনিটাকৈ নাতিৰ আইতা বন্দনাই নিজৰ পৰিয়ালটো যাতে সুস্বাস্থ্যবান হৈ থাকে,তাক নিশ্চিত কৰি ৰাখে। তেওঁ কয় যে তেওঁৰ ভিএলচিচি পৰিয়াল,তেওঁৰ গ্ৰাহকসকল আৰু পৰিয়ালৰ সদস্যসকলৰ মৰমে তেওঁক আগুৱাই যোৱাৰ প্ৰেৰণা প্ৰদান কৰে। 

মূলঃতনভী ডুৱে

অনুবাদঃপ্ৰাঞ্জল শৰ্মা

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

সুকীয়া গায়ন শৈলী, হৃদয় জুৰোৱা কণ্ঠ আৰু সাধনাই যাৰ পৰিচয়-ৰূপম ভূঞা

ডিজাইনাৰ টি-চাৰ্টেৰে অসমত লক্ষ্মীনাথৰ ‘লটিঘটি’

গৃহিণীৰ পৰা জাহাজৰ নিৰ্মাতা আৰু ৰেষ্টুৰাঁ ব্যৱসায়ী : অঞ্জলী বৰাৰ কাহিনী

এটা ধানৰ পৰা ক’লা ধানৰ বিপ্লৱ অনা গোৱালপাৰাৰ কৃষক উপেন্দ্ৰ ৰাভা