৩০গৰাকী উদ্যোগী আৰু উদ্যোগ বিশেষজ্ঞৰ সৈতে শিক্ষা-কাৰিকৰী ক্ষেত্ৰত UpGradৰ বলিষ্ঠ খোজ

৩০গৰাকী উদ্যোগী আৰু উদ্যোগ বিশেষজ্ঞৰ সৈতে শিক্ষা-কাৰিকৰী ক্ষেত্ৰত UpGradৰ বলিষ্ঠ খোজ

Tuesday January 12, 2016,

4 min Read

ময়ংক কুমাৰ আৰু ৰণি স্ক্ৰুৱালাই ২০১৫চনৰ জুলাইত আৰম্ভ কৰিছিল UpGrad। ইয়াত তিনিটা মূল দিশ আছে। বিভিন্ন উদ্যোগৰ ধাৰণাৰ বিভিন্ন দিশৰ জ্ঞান, উদ্যোগশীলতাৰ বিশেষজ্ঞৰ পৰা এই ধাৰণাসমুহ সন্দৰ্ভত তেওঁলোকৰ অভিজ্ঞতাৰ পৰা জ্ঞান লাভ কৰা আৰু প্ৰকৃত ব্যৱসায়ীক জীৱনত এই ধাৰণাসমুহক ব্যৱহাৰ কৰাৰ দিহা।

বহল অৰ্থত চাবলৈ গলে উদ্যোগশীলতা হৈছে কামৰ মাজতে শিক্ষা গ্ৰহণ। এইক্ষেত্ৰত UpGradৰ সৈতে উদ্যোগশীলতাৰ বিশেষজ্ঞৰ পৰা উদ্যোগীয়ে যথেষ্ট কথা শিকিবলৈ সক্ষম হয়।

“আমি আপোনাক উদ্যোগশীলতা শিকাই দিম বুলি দাবী নকৰোঁ। কিন্তু আমি উদ্যোগশীলতাৰ ক্ষেত্ৰত আপুনি কৰিব পৰা ২০ বিভিন্ন ভুলৰ পৰা হাত সাৰি থকাৰ উপাই দি উদ্যোগশীলতাৰ বিভিন্ন দিশৰ আভাষ আপোনাক দিম।,” ৰণিয়ে কয়।

প্ৰশিক্ষকসকল হৈছে বিভিন্ন প্ৰতিস্থানৰ পৰা অহা। : IIT, IIM, UC Berkley and Birla Institute আদিৰ। ইয়াত ৩০গৰাকী উদ্যোগী আৰু ১০গৰাকী অতিথি উদ্যোগী বক্তাই শিক্ষণ প্ৰণালীটোত ভাগ লয়।


image


ভাৰষাম্য ৰক্ষা

ই হৈছে অভিজ্ঞতা , শিক্ষা আৰু কাৰ্যকুশলতাৰ সঠিক ভাৰষাম্যৰ এক কাৰ্য। সেইবাবেই প্ৰাৰম্ভিক পৰ্যায়ৰে পৰা ময়ংক আৰু ৰণিয়ে জানিছিল যে তেওঁলোকে বিষয়বস্তুৰ বিশেষজ্ঞ,শিক্ষাবিদ,উত্পাদন আৰু কাৰিকৰি বিশেষজ্ঞৰ সমাহাৰ ঘটাব লাগিব। আজি এই দলটো মুঠ ৪৫জন লোকেৰে গঢ় লৈ উঠিছে।

উদ্যোগশীলতাৰ ক্ষেত্ৰত বৰ্তমানৰ বিশেষজ্ঞ আৰু শ্ৰেষ্ঠ লোকসকলক একত্ৰিত কৰাটো প্ৰত্যাহ্বানৰ বিষয় নাছিল। ময়ংকৰ মতে তেওঁলোকে নিজৰ চিন্তাটো সৰোগত কৰিয়েই নৱাগত উদ্যোগীৰ বাবে কাম কৰিবলৈ ওলাইছিল। তেওঁলোকে আনকি অনলাইন মাধ্যমটোও ইয়াৰ গুৰুত্বক অনুধাৱন কৰি ব্যৱহাৰ কৰাত আগ্ৰহী আছিল।

“আপুনি ৪০জন উদ্যোগ বিশেষজ্ঞৰ দক্ষতা আৰু অভিজ্ঞতাক এজন ব্যক্তিৰ বাবে অনলাইন যোগে ব্যৱহাৰ কৰিব পাৰিব,” ময়ংকে কয়

কিন্তু সমস্যা আছিল বিষয়সমুহ তুলনাত্মকভাবে উপস্থাপন কৰাতকৈ শিক্ষাগতভাবে আৰু শিক্ষাৰ প্ৰাসংগিকভাবে উপস্থাপন কৰাতহে।

ময়ংকৰ মতে,শিকাৰুসকলক এটা ধাৰণা বুজিবলৈ সময় দিয়া আৰু তাৰ কাৰ্যক্ষেত্ৰত ব্যৱহাৰ কৰাৰ কথা চিন্তা কৰাৰ শিক্ষা দিয়াটো এটা দিশ। দ্বিতীয়তে কেমেৰাৰ আগত এটা নিৰৱচ্ছিন্ন কাৰ্যকৰী ধাৰণা প্ৰদান কৰাটো অন্য এটা দিশ। এইকথা নিশ্চিত কৰিবলৈ আমাৰ দলৰে এজনে শিকাৰুজনক প্ৰশ্ন আৰু উত্তৰ যোগান ধৰি শিকনৰ গতিটো ৰক্ষা কৰে।

তদুপৰি যেতিয়া আপুনি শীৰ্ষ উদ্যোগী আৰু বিশেষজ্ঞৰ লগত কাম কৰিব তেতিয়া অদ্ভুত সময়ত কাম কৰিবলগীয়া হয়। অৰ্থাত যেতিয়া তেওঁলোকৰ আজৰি সময় থাকে। এনেকুৱা এটা সময় আছিল যেতিয়া আমাৰ কৰ্মচাৰীসকলে বিষয়টোৰ শ্বুটিঙ নিশা ১০বজাৰ পৰা পুৱতি নিশা ১বজালৈ কৰিবলগীয়া হৈছিল। ময়ংকে কয় যে তেওঁলোকে সমুখিন হবলগীয়া আন এক প্ৰত্যাহ্বান হৈছে সময় বঢ়াৰ লগেলগে তেওঁলোকে শিক্ষা গ্ৰহণ কৰিবলৈ ইচ্ছুক উদ্যোগীৰ সময় লাভ কৰাটো।

সঠিক শীতানৰ সৃষ্টি

দলটো এটা কথাত নিশ্চিত আছিল যে তেওঁলোকে পূৰ্ব সংৰক্ষিত উপাদান আৰু ভিডিঅসমুহেৰে আৰু এটা শিক্ষা-কাৰিকৰী সংস্থা গঠন কৰিব নিবিচাৰে। সেইবাবে তেওঁলোকে এনেকুৱা এক মঞ্চ গঠনৰ পৰিকল্পনা কৰিলে যত বিশেষজ্ঞ আৰু উদ্যোগীসকলৰ দক্ষতা আৰু অভিজ্ঞতা একত্ৰিত কৰিব পাৰে।

ৰণিয়ে লগতে কয় যে UpGradৰ জৰিয়তে দলটোৱে এক চাহিদা সৃষ্টি কৰি আছে। মানুহে প্ৰথমে ই প্ৰদান কৰা সেৱালৈ লক্ষ কৰে আৰু তাৰ প্ৰয়োজনীয়তা অনুধাৱন কৰে। বৰ্তমান গুণাগুণ আৰু দক্ষতা যথেষ্ট প্ৰয়োজনীয়। কিন্তু মানুহৰ ওচৰত থকা উপায়সমুহে পৰিৱৰ্তিত উদ্যোগশীলতাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব নোৱাৰে।

UpGradএ বিশ্বাস কৰে যে কিবা এটা প্ৰভাৱশালী সৃষ্টিৰ বাবে শিক্ষাৰ ক্ষেত্ৰত সম্পূৰ্ণ আৰু অতি শেহতীয়া দৃষ্টিভংগীৰ প্ৰয়োজন আছে। ই অনাগত বছৰটোত ১৫টা নতুন শিতান আৰম্ভ কৰাৰ লগতে বিভিন্ন স্থানলৈ সম্প্ৰসাৰণৰ পৰিকল্পনা কৰিছে।

“কোনো লোকৰ পেছাগত দিশত উত্তৰণৰ বাবে ই শিক্ষা আৰু জ্ঞানৰ ক্ষেত্ৰত সহযোগী হিচাপে কাম কৰে। এক ভিন্ন পেছা বাছি উলিওৱাত সহায় কৰায়ে নহয় প্ৰয়োজনত উত্তৰণতো সহায় কৰে। ,” ময়ংকে লগতে কয়।

এগৰাকী অতিথি প্ৰশিক্ষক, ব্লু ষ্ট'নৰ উপাধ্যক্ষ অঞ্চুল খাণ্ডেলৱালে কয় যে UpGradত এটা পাঠ প্ৰদান কৰাটো এক অনন্য অভিজ্ঞতা। তেওঁ লগতে কয় অভিজ্ঞতাই শিকন প্ৰণালীক আৰু অধিক প্ৰাসংগিক কৰি তোলে।

নিজৰ স্থান নিৰ্ধাৰণ

এইদলটোৱে মুঠ ২০খন দেশ আৰু ২০০খন চহৰৰ পৰা ২০০০খন আবেদন লাভ কৰিছে। UpGradএ ৰাজহৰ পৰিমাণ প্ৰকাশত অনিচ্ছা প্ৰকাশ কৰিছে। শ্বেজিন ৱেলায়ুধান নামৰ এজন ছাত্ৰই কয় , UpGradৰ সৈতে এক ভাল অভিজ্ঞতা হৈছে তেওঁৰ। “প্ৰথম কেইটামান পাঠ গ্ৰহণৰ পিছত বিভিন্ন ধৰণেৰে প্ৰদান কৰা জ্ঞানৰ সমতুল প্ৰদানে মোক উৎফুল্লিত কৰি তুলিছে। ইয়াৰ ভিতৰত ভিডিঅ, সাধাৰণ পাঠ, পিডিএফ আৰু প্ৰশ্ন-উত্তৰো আছে। মোৰ মতে ই যথেষ্ট ফলপ্ৰসূ,” তেওঁ লগতে কয়।

ময়ংকে কয় যে ১৮ৰ পৰা ২৪বছৰৰ ভিতৰত প্ৰায় ১৫০মিলিয়ন লোক আছে , কিন্তু তাৰে ভিতৰত ২৫মিলিয়নতকৈ কম লোকেহে উচ্চ শিক্ষা গ্ৰহণ কৰে। তাৰ অৰ্থ হৈছে প্ৰত্যেক পাঁচজনৰ ভিতৰত এজনৰ উচ্চ শিক্ষাৰ প্ৰয়োজন আছে কিন্তু আজিৰ তাৰিখত লোৱা নাই।

“ এতিয়াও অনলাইন শিক্ষা মূল শিক্ষাৰ সৈতে আনুসংগিক হে হৈ আছে। এইক্ষেত্ৰত ইয়াক উন্নতিৰ দিশলৈ লৈ যোৱাটো এক প্ৰত্যাহ্বান। আমি স্কুল,কলেজ বা ইউনিভাৰ্চিটীত আহৰণ কৰা শিক্ষাৰ সমান্তৰালভাবে ই ও এক মূল শিক্ষা হৈ উঠা উচিত। ,” তেওঁ লগতে কয়

YourStoryৰ মন্তব্য

৩৫,০০০উচ্চ শিক্ষা প্ৰতিস্থান, ১০৪মিলিয়ন স্কুলৰে সৈতে ভাৰতৰ আছে এক বৃহৎ কলেজীয়া ছাত্ৰৰ জনসংখ্যা।লগতে বিশ্বৰ সৰ্ববৃহত উচ্চ শিক্ষা ব্যৱস্থা। কিন্তু প্ৰতি পাঁচজনৰ ভিতৰত এজনতকৈও কম লোকে উচ্চতৰৰ পিছত শিক্ষা গ্ৰহণ কৰে। ভাৰতৰ ৩০শতাংশতকৈও কম স্নাতকক কৰ্মযোগ্য হিচাপে বিবেচনা কৰা হয়। তদুপৰি কেইবাটাও বিনিয়োজিত শিক্ষা-কাৰিকৰি ষ্টাৰ্ট আপ আছে। যেনে Vedantu, Simplilearn আৰু অন্যান্যবোৰ। UpGradৰ মতে তেওঁলোকে এক ভিন্ন পদ্ধতিত এইকাম কৰি আছে। ৰণিৰ মতে ইয়াত বিভিন্নজনৰ অভিজ্ঞতাৰ ভিত্তিত যি শিক্ষা ব্যৱস্থাৰ সূচনা কৰা হৈছে,সেয়া আন কতো অনলাইনযোপে পাবলৈ নাই।

এতিয়া কাৰ্ল মেহতাৰ Skill Up ৰ দৰে দক্ষতা শিক্ষাৰ অনলাইন ব্যৱস্থা থকাৰ পিছত UpGradএ কিদৰে সফলতা লাভ কৰে সেয়া নিশ্চিতভাবে লক্ষ্যনীয়।

মূল-সিন্ধু কাশ্যপ

অনুবাদ- প্ৰাঞ্জল শৰ্মা