পশ্চিমবংগৰ গ্ৰামীণ চিকিত্‍সাৰ ক্ষেত্ৰখনত সুজয়ৰ 'আইকিউৰ' হৈছে শেষ ভৰসা

পশ্চিমবংগৰ গ্ৰামীণ চিকিত্‍সাৰ ক্ষেত্ৰখনত সুজয়ৰ 'আইকিউৰ' হৈছে শেষ ভৰসা

Thursday December 24, 2015,

3 min Read

বহু গাঁৱত আজিও চিকিত্‍সক পাবলৈ নাই। চিকিত্‍সাৰ বন্দোবস্ত নাই। ঔষধ পাবলৈ নাই। আছে ৰাজনৈতিক নেতাৰ প্ৰতিশ্ৰুতি আৰু অনেক হতাশাৰ বোজা। কেনেবাকৈ মাজনিশা অসুখত পৰিলে গাড়ীত উঠি চৰকাৰী হস্পিটেল পাবলৈ প্ৰায় ১২-১৫ কি.মি. যাত্ৰা কৰিব লাগে। ভাৰতৰ বিভিন্ন স্থানত একেই ছৱি । ইমানখিনিৰ মাজতো পশ্চিমবঙ্গৰ এগৰাকী যুৱক অকলেই অসীম সাহস আৰু উদ্যমৰ সৈতে থিয় দি আছে। তেওঁ হৈছে সুজয় সাঁতৰা। তেওঁ গাঁৱৰ প্ৰতিজন মানুহক সুচিকিত্‍সা প্ৰদান কৰিবৰ বাবে আৰম্ভ কৰিছিল তেওঁৰ সংস্থা- আইকিউৰ।

image


আইকিউৰৰ যাত্ৰাৰ আৰম্ভণি

বেছিদিন আগৰ কাহিনী নহয়। পশ্চিমবংগৰ খৰগপুৰৰ ঘটনা। সুজয়ৰ দেউতাক হৃদৰোগত আক্ৰান্ত হৈছিল। স্থানীয় চিকিত্‍সকে তেওঁৰ চিকিত্‍সা কৰিলেও স্বাস্থ্যৰ অবনতি হে ঘটে। তেতিয়া সুজয়ে তেওঁক বাংগালোৰৰ এখন কাৰ্ডিঅ’লজি ক্লিনিকলৈ লৈ যায়। তাত চিকিত্‍সকে জনায় যে ৰোগীক ভুল ঔষধ দিয়া হৈছিল। তেওঁ চিন্তা কৰিবলৈ আৰম্ভ কৰে কেনেদৰে এই অশুদ্ধ চিকিত্‍সাৰ পৰা মুকলি হ’ব পৰা যাব। এনেদৰে চিন্তা কৰোঁতে কৰোঁতে জন্ম হয় আইকিউৰৰ।

image


উপায় সম্ভৱপৰ টেলিমেডিছিনৰ যোগেদি। আইকিউৰে ভিডিঅ’ কনফাৰেন্সৰ যোগেদি চিকিত্‍সাৰ ব্যৱস্থা কৰি দিয়ে। প্ৰয়োজনীয় ঔষধ ঠাইতে যোগান ধৰে। সুজয়ৰ আন্তৰিক ইচ্ছা- গাঁৱৰ মানুহখিনিয়ে কম খৰচতে সহজলভ্য চিকিত্‍সা লাভ কৰিব লাগে। তেওঁ সেইমতে বিনিয়োগকাৰীসকল আৰু ৰোগীৰ প্ৰত্যাশা পূৰণ কৰিবলৈকো সক্ষম হৈছে।

গাওঁ আৰু চহৰ হৈছে ক’লা-বগা ছবিৰ দৰে বিপৰীতমুখী তথা বিভক্ত। এফালে য’ত উন্নত চিকিত্‍সাৰ সুবিধা আছে, আনফালে প্ৰাথমিক চিকিত্‍সাৰো অভাৱ পৰিলক্ষিত হয়। 2013 চনৰ KPMG হেল্থ ৰিপ’ৰ্ট অনুসৰি দেশৰ মুঠ চিকিত্‍সা ব্যৱস্থাৰ কেৱল 30 শতাংশহে গাঁৱৰ মানুহে লাভ কৰিবলৈ সক্ষম হৈছে। 2012 চনৰ WHO ৰিপ’ৰ্টৰ মতে ভাৰতৰ কেৱল 43.5% গাঁৱত হে ডাক্তৰ আছে। চৰকাৰে অহৰহ চেষ্টা চলোৱাৰ পিছতো গাঁৱত আন্ত:গাঁথনিৰ সমস্যা থাকিয়েই গৈছে। চিকিত্‍সক, নাৰ্ছ, ঔষধৰ অভাৱ এই ঠাইবোৰত থাকিয়েই গৈছে। সেইকাৰণেই সুজয় আৰু তেওঁৰ দলে ৱায়াৰলেছ হেল্থ ইনচিডেন্ট মনিটৰিং চিষ্টেমৰ সহায়ত গাঁৱৰ প্ৰতিখন ঘৰলৈকে সুচিকিত্‍সা আগবঢ়াব খোজে। সেইকাৰণেই তেওঁলোকে “আইকিউৰ”ৰ প্ৰতিষ্ঠা কৰিছে।

image


WHIMS (ৱায়াৰলেছ হেল্থ ইনচিডেন্ট মনিটৰিং চিষ্টেম)

WHIMS হৈছে এনে ছফ্টৱেৰ যাৰ সহায়ত বাসস্থানৰ কাষত হস্পিটেল নাইবা ক্লিনিক নথকা ৰোগীসকলৰ চিকিত্‍সা কৰা হয়। এই ক্লাউড আধাৰিত Web এপ্লিকেশ্বন হৈছে চহৰ আৰু গাঁৱৰ মাজৰ যোগাযোগ মাধ্যম। এই ব্যৱস্থাৰ যোগেদি গাঁৱত চিকিত্‍সাৰত ডাক্তৰ আৰু সেৱাপ্ৰদানকাৰীৰ ওপৰত নজৰ ৰখা হয়।

ইয়াৰ যোগেদি ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমত চিকিৎসকক পৰামৰ্শ প্ৰদান কৰা হয়। ইয়াৰ ফলত মেডিকেল হিষ্টৰী ৰেকৰ্ড হৈ পৰে। সুজয়ে জনায় যে- এই প্ৰয়াসৰ মাধ্যমত ৰোগীৰ ৰোগ আৰু ৰোগৰ কাৰণো সহজতে জানিব পাৰি। সুজয়ে তেওঁলোকৰ সেৱাসমূহক অত্যাধুনিক কৰি তুলিব বিচাৰে। গাঁৱৰ অন্নহীন লোককো তেওঁ সেৱা প্ৰদান কৰিব খোজে। 2016 চনত তেওঁলোক হস্পিটেল আৰু চিকিত্‍সাকেন্দ্ৰৰ সতে জড়িত হ’ব খোজে।

image


যোৱাকেইবছৰত আইকিউৰৰ সতে 50 জন কৰ্মী সংযুক্ত হৈ পৰিছে। তাৰ লগতে আছে ডাক্তৰ, নাৰ্ছ আৰু পেৰা-মেডিকেল ষ্টাফৰ মানুহো। তেওঁলোকে 24 ঘন্টা সেৱাপ্ৰদান কৰি আহিছে।

ভাৰতত টেলিমেডিছিন এতিয়াও এক নতুন বিষয়। সুজয়ৰ মতে আইকিউৰেই হৈছে একমাত্ৰ সংস্থা যি WHIMSৰ সহায়ত দূৰ সঞ্চালিত সেৱাকো সম্ভৱপৰ কৰি তুলিব পাৰিছে। তেওঁলোকৰ সতে জড়িত হৈ আছে উন্নতমানৰ ছফ্টৱেৰ ইঞ্জিনীয়াৰ, চিকিৎসক, চিকিৎসাবিদ, হস্পিটেল পৰিচালনাকাৰীৰ দল আৰু দক্ষ আইনজ্ঞ। তেওঁলোকে গাঁৱত পৃথকভাৱে এডোখৰ ঠাই লৈ লৈছে। তেওঁলোকে একেবাৰে সুলভ মূল্যত গাঁৱত টেলিমেডিছিনৰ সেৱা প্ৰদান কৰে। এনে সেৱাৰ খৰচ মাত্ৰ 120-150 টকা।

image


ভৱিষ্যত্‍ পৰিকল্পনা

এই সংস্থাৰ আঠাইশটা আৰ.এইচ.চি. হাব কেৱল বীৰভূম আৰু মেদিনীপূৰতেই আছে। তেওঁলোকে অসম, বিহাৰ, উৰিষ্যা আৰু সমগ্ৰ পূৱ ভাৰততে আৰু এশটি আৰ.এইচ.চি খুলি বিয়পি পৰিব খোজে।

সুজয়ৰ মতে, “সেই ব্যক্তিজনে হে সফলতাৰ সোৱাদ ভালদৰে উপভোগ কৰিব পাৰে, যি জীৱনত ব্যৰ্থতাৰ গ্লানি অনুভৱ কৰি থৈছে।” এই শিক্ষাই তেওঁক শক্তিশালী হৈ থিয় দিবলৈ শিকাইছে।

তেওঁৰ বক্তব্য, “সংকটৰ আশংকাত ম্ৰিয়মান হোৱা অনুচিত।”

মূল: ঈশা গোস্বামী

অনুবাদ: শান্তনু চাংমাই